বিশালতাৰ কাব্য
_____________________
_____________________
প্ৰাচীন ঘাঁহনি এটুকুৰাত আমন-জিমনকৈ বহি
শৰতৰ জোনাকক আলিংগন কৰোতে
চেঁচা পৰি যোৱা হৃদয়খন
তোমাৰ দখলত
কফিনত শুই আছে মোৰ দেহ
পলৰীয়া-ভগনীয়া ৰজা জয়ধ্বজ সিংহ
মুখবন্ধ জনতাৰ চকুপানী
পখৰা-চিতৰা ছিগা চোলাৰ ভিতৰৰ বুকুখন কৃত্ৰিমতাৰ চকাৰে দুছেও কৰি
ফুটুকী হৰিণী হৈ ক'লৈ যোৱা
আধুনিকতাৰ চকুযোৰ খুলি খিৰিকীৰে আকাশলৈ চোৱা
বিশাল হৈও উদাৰ
আকাশখন
অজৰ-অমৰ
পূৰ্ণতাৰ প্ৰতীক।
শৰতৰ জোনাকক আলিংগন কৰোতে
চেঁচা পৰি যোৱা হৃদয়খন
তোমাৰ দখলত
কফিনত শুই আছে মোৰ দেহ
পলৰীয়া-ভগনীয়া ৰজা জয়ধ্বজ সিংহ
মুখবন্ধ জনতাৰ চকুপানী
পখৰা-চিতৰা ছিগা চোলাৰ ভিতৰৰ বুকুখন কৃত্ৰিমতাৰ চকাৰে দুছেও কৰি
ফুটুকী হৰিণী হৈ ক'লৈ যোৱা
আধুনিকতাৰ চকুযোৰ খুলি খিৰিকীৰে আকাশলৈ চোৱা
বিশাল হৈও উদাৰ
আকাশখন
অজৰ-অমৰ
পূৰ্ণতাৰ প্ৰতীক।
No comments:
Post a Comment