Thursday, 5 October 2017

ধান ফুলাৰ আলাপ




মইঃ
গেৰধৰা পথাৰখনত
নিয়ৰৰ টোপালবোৰ 
কেনেকৈ জিলিকিছে চোৱা
তোমাৰ অনামিকা আঙুলিৰে
মোৰ শিৰত কেতিয়াকৈ আঁকিবা
এপাহ ৰক্তজবা
তেওঁ ঃ
যিদিনা গেৰধৰা পথাৰখন
সোনোৱালী হব
নিচলা মানুহবোৰৰ দুই ওঁঠত
হাঁহি বিৰিঙিব
সেইদিনা পূব আকাশৰ ৰঙা বেলিটি
থপিয়াই আনি জিলিকাম
তোমাৰ সেওঁতাৰ মাজত
মইঃ
তুমি নৈ খনৰ সিপাৰত
মই এই পাৰত
মাজতে বৈ থকা নৈখনৰ
পাৰলৈ মই প্ৰায়ে যাওঁ
কিজানি সাঁতুৰি সাঁতুৰি
তোমাক লগ পাওঁ
সেইদিনটোৰ বাবেই
এসোঁতা অপেক্ষা
তেওঁ ঃ
তুমি আৰু মই
মাজতে বোঁৱতী নৈ
সেই নৈৰ ওপৰত আছে এখন
নেদেখা সাঁকো
প্ৰেম, ভালপোৱা, বিশ্বাসৰ
যি সাঁকোৰ হেঙুলীয়া বেলিটো পিঠিত লৈ
বোৱাৰী কৰি
আনিমগৈ তোমাক মোৰ ঘৰলে ।
বিঃদ্ৰ- কবিতাটো পষ্ট কৰা হৈছিল যদিও ভুল ক্ৰমে হাত লাগি দিলেট হোৱা বাবে মনোহৰ দত্ত দাদাই আকৌ পষ্ট কৰি দিবলৈ দিলে..
ধন্যবাদ দাদা ...।

উপাসনা বৰা

No comments:

Post a Comment