বেলুন
@দীপ্তি দেউৰী বৰা
@দীপ্তি দেউৰী বৰা
কিছুমান মানুহ
কিছুমান বেলুনৰ দৰে ....
বেলুনবোৰ
কেতিয়াবা ফুলে কেতিয়াবা চেপেটা লাগে
কিছুমান ফুলি ফুলি ফুটি যায়
ফুলি ফুলি ফুটি ফুটিও কিছুমান জী উঠে আঙুলিৰ মুৰত...
সেইদৰে জী উঠাবোৰক লৈ এচামে চিকচিকি বজায়
কেতিয়াবা ফুলে কেতিয়াবা চেপেটা লাগে
কিছুমান ফুলি ফুলি ফুটি যায়
ফুলি ফুলি ফুটি ফুটিও কিছুমান জী উঠে আঙুলিৰ মুৰত...
সেইদৰে জী উঠাবোৰক লৈ এচামে চিকচিকি বজায়
কিছুমান বেলুনত
পানী থাকে
থপককৈ পৰি ফাটি যায়
পানীবোৰ দূৰলৈকে চিটিকে
চিটিকি পৰা মানেই শেষ
থপককৈ পৰি ফাটি যায়
পানীবোৰ দূৰলৈকে চিটিকে
চিটিকি পৰা মানেই শেষ
তাৰ মাজতো ৰঙা
হৃদয়ৰ বেলুনবোৰত বেপাৰীয়ে ৰচি বান্ধি ওলোমাই ৰাখে ...ওলমি থাকে
হৃদয় ভালপোৱা মানুহে সেইয়া কিনি লৈ হৃদয়ৰ গৰাকীক দিয়ে(মানুহৰ দেশত মানুহে মানুহ কিনে)
হৃদয় তেজৰঙা গোলাপ হৈ পৰে..
হৃদয় ভালপোৱা মানুহে সেইয়া কিনি লৈ হৃদয়ৰ গৰাকীক দিয়ে(মানুহৰ দেশত মানুহে মানুহ কিনে)
হৃদয় তেজৰঙা গোলাপ হৈ পৰে..
চুপে চাপে পেটত
বতাহ ভৰাই ৰঙা ,নীলা ,হালধীয়া বহুতো
বেলুন উৰে..
বেলুনেও জানে সিহঁতৰ ডিঙিত এডাল ৰচী থাকে
আৰু ৰচিডাল গৰাকীৰ হাতত থাকে
মূল্যৰ বিনিময়ত ৰচীডাল ইখন হাতৰ পৰা সিখন হাতলৈ যায়
...
বেলুনেও জানে সিহঁতৰ ডিঙিত এডাল ৰচী থাকে
আৰু ৰচিডাল গৰাকীৰ হাতত থাকে
মূল্যৰ বিনিময়ত ৰচীডাল ইখন হাতৰ পৰা সিখন হাতলৈ যায়
...
..
...ৰঙচঙীয়া বেলুনৰ হৃদয়ত কেৱল এজাক বতাহ থাকে
অলপ দুখ পালেই ফুটে |
...ৰঙচঙীয়া বেলুনৰ হৃদয়ত কেৱল এজাক বতাহ থাকে
অলপ দুখ পালেই ফুটে |
No comments:
Post a Comment