Friday, 6 October 2017

কাঁইট ----- নৱজ্যোতি বৈশ্য

কাঁইট
-----
নৱজ্যোতি বৈশ্য


স্মৃতিত কি সাঁচি ৰাখো আমি
কাঁইটৰ আঁচোৰ 
নে ফুলৰ সুগন্ধি
কিহে আমাক শিকায় জীৱন
কাঁইটে নে ফুলে
ফুললৈ হাত মেলোতে
কাঁইটৰ আঁচোৰ নাখালে
কিহৰ বাবে জীৱন
কিহৰ বাবে ফুল
কাঁইট নাথাকিলে
আন্ধাৰত ফুলে
কেনেকৈ গাব জীৱনৰ গান

কাঁইট
জীৱনৰ তাল-মান-লয়

No comments:

Post a Comment