শব্দ-সন্ধান (৩৩) :
-আখৰুৱাৰ 'শব্দ-সন্ধান' শিতানত
আনকেইবাৰৰ দৰে এইবাৰো ভাষা বিষয়ক এটি মূল্যৱান লেখা প্ৰকাশ কৰা হৈছে। আমাৰ অনুৰোধমৰ্মে এই
লেখাটি আগবঢ়াইছে 'শব্দ-
সন্ধান'ৰ মুখ্য
উপদেষ্টা ড° খগেশ সেন
ডেকা মহোদয়ে। ভাষা সম্পৰ্কীয় এই লেখাটোৰ জৰিয়তে ভাষা চৰ্চাকাৰীসকল উপকৃত হ'ব বুলি আমি আশা কৰিলোঁ।
'আখৰুৱা' গোটৰ 'শব্দ-সন্ধান' শিতানৰ
তৰফৰপৰা ধন্যবাদেৰে-
ড° দীপালী বৰা
(মুখ্য ব্যৱস্থাপক )
সূৰ্য্য বৰা (সহযোগী ব্যৱস্থাপক)
____________________________
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
সূৰ্য্য বৰা (সহযোগী ব্যৱস্থাপক)
____________________________
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
০০শূন্য বিভক্তি আৰু স্বভাৱসিদ্ধ স্ত্ৰীলিংগ:
~~~~~~~~~~~~~~
- ড° খগেশ সেন ডেকা
~~~~~~~~~~~~~~
- ড° খগেশ সেন ডেকা
(মোৰ ছাত্ৰ
স্থানীয় দুগৰাকী বন্ধুৱে মোলৈ দুটা প্ৰশ্ন পঠিয়াইছিল ৷ প্ৰশ্ন দুটাৰ
প্ৰথমটো হ'ল অসমীয়াত
শূন্য বিভক্তি বা শূন্য প্ৰাকৃতি (Zero morpheme)-ৰ ধাৰণা আৰু দ্বিতীয়টো
স্বভাৱসিদ্ধ স্ত্ৰীবাচক অসমীয়া শব্দ ৷ ঘৰৰ পৰা আঁতৰত থকা বাবে মোৰ হাতত বৰ্তমান কিতাপ-পত্ৰ
নাই ৷ তথাপি তেওঁলোকক নিৰাশ নকৰি সামান্য জ্ঞান আৰু স্মৃতিৰ ওপৰতে ভিত্তি কৰি প্ৰশ্ন দুটাৰ উত্তৰ দিবলৈ লৈছোঁ
৷ ভুল থাকি যাব পাৰে, সেয়ে সকলোৰে
সহযোগিতা আশা কৰিছোঁ ৷)
০শূন্য বিভক্তি :
••••••••••••••
••••••••••••••
-প্ৰাচীন
ভাৰতীয় ব্যাকৰণকাৰসকলৰ মতে, "বিভক্তিযুক্ত
শব্দই পদ ৷" অৰ্থাৎ, পদ হ'বলৈ শব্দত বিভক্তিৰ সংযোগ
অপৰিহাৰ্য আৰু পদেহে বাক্য ৰচনা কৰিব পাৰে ৷ সেই কাৰণে ভাষা একোটাৰ
বিভক্তিসমূহক সেই ভাষাৰ "ব্যাকৰণগত বিষয়" (Grammatical category) বোলা হয় ৷
পদৰ এই সংজ্ঞা আজিকোপতি মানি অহা হৈছে ৷ কিন্তু কোনো কোনো ক্ষেত্ৰত বিভক্তিৰ সংযোগ অবিহনেই
শব্দ একোটা পদৰূপে বাক্যত
ব্যৱহাৰ হোৱা দেখা যায় ৷ এনে শব্দক পদৰ মৰ্যাদা দিবলৈ তাৰ সৈতে ০- বিভক্তি লগ
লগা বুলি ধৰি লোৱা হয় ৷ অৰ্থাৎ, য'ত একো যোগ
হোৱা নাই, তাত '০' যোগ হৈছে ৷
কথাখিনি দুটিমান উদাহৰণেৰে স্পষ্ট কৰা যাওক :
"বাস্তৱে ভাত খাইছে ৷"
এই বাক্যটোত কৰ্তাপদত থকা বাস্তৱ শব্দটোত অপৰিহাৰ্যভাৱে কৰ্তাকাৰকৰ -এ বিভক্তি লগ লাগিছে ৷ এই -এ বিভক্তিটো গুচাই দিলে (বাস্তৱ ভাত খাইছে) বাক্যটো ভুল হ'ব আৰু তাৰ অভিপ্ৰেত অৰ্থ প্ৰকাশ নাপাব ৷
এতিয়া আন এটা বাক্য লোৱা যাওক :
"বাস্তৱ ঘৰলৈ গ'ল ৷"
এইবাৰ দেখা গ'ল বাস্তৱৰ লগত কোনো বিভক্তি যোগ হোৱা নাই ৷ অথচ বাক্যটোৰ অভিপ্ৰেত অৰ্থ ঠিকেই প্ৰকাশ পাইছে ৷ অৰ্থাৎ 'বাস্তৱ' এটা শব্দ মাত্ৰ হৈ থকা নাই ৷ বৰং সি এটা পদলৈ ৰূপান্তৰিত হৈছে ৷ এনে ক্ষেত্ৰত কৰ্তাৰ স্থানত থকা 'বাস্তৱ' শব্দটোত শূন্য বিভক্তি যোগ হোৱা বুলি ধৰিব লাগে ৷ অৰ্থাৎ বাস্তৱ (নাম শব্দ) + ০ = বাস্তৱ (নামপদ) ৷
অসমীয়া ভাষাৰ নিয়ম অনুসাৰে ক্ৰিয়াটো অকৰ্মক হ'লে কৰ্তা কাৰকত -এ/-ই বিভক্তি যোগ নহয় ৷ অৱশ্যে তাৰ কেইটামান ব্যতিক্ৰমো আছে ৷ উদাহৰণ স্বৰূপে, ওপৰৰ উদাহৰণটোৰ যা ধাতুৰ পৰা হোৱা 'গ'ল' ক্ৰিয়া অকৰ্মক ৷ সেইবাবে কৰ্তাপদত কাৰক বিভক্তি যোগ হোৱা নাই, মানে শূন্য বিভক্তি যোগ হৈছে ৷ আনহাতে হাঁহ্, কান্দ্ আদি ধাতুও অকৰ্মক ৷ কিন্তু তেনে হোৱা সত্ত্বেও অসমীয়াত 'ৰামে হাঁহে', 'হৰিয়ে কান্দে' এনে প্ৰয়োগহে সিদ্ধ ৷
এইবাৰ কৰ্ম কাৰকৰ এটা উদাহৰণ লোৱা যাওক ৷ উল্লেখনীয় যে বিশেষভাৱে উল্লেখ নহ'লে অসমীয়া ভাষাত কৰ্ম কাৰকৰ বিভক্তি লগ নালাগিব পাৰে :
"ৰামে ভাত খালে ৷"
এই বাক্যটোৰ কৰ্মৰ স্থানত থকা 'ভাত' পদটোত কৰ্মকাৰকৰ -অক/-ক বিভক্তি লগ লগা নাই ৷ আচলতে বাক্যটোৱে বুজোৱা অৰ্থটো হ'ল 'ৰামে ভাতক খালে' ৷ কিন্তু অসমীয়াত তেনে প্ৰয়োগ শুদ্ধ নহয় ৷ এই ক্ষেত্ৰত কৰ্মপদ 'ভাত'-ৰ লগত শূন্য বিভক্তি লগ লগা বুলি ধৰি ল'ব লাগে ৷ অৰ্থাৎ, ভাত (শব্দ) + ০ = ভাত (পদ) ৷ কিন্তু "ৰামে পঁইতা ভাতকে খালে" বাক্যটোত বিশেষভাৱে বুজোৱা বাবে -ক বিভক্তি লগ লাগিছে ৷ মুঠতে বাক্যত পদৰূপে চিহ্নিত হ'বলৈ বিভক্তিৰ সংযোগ অপৰিহাৰ্য ৷ সেইবাবে য'ত বিভক্তিৰ সংযোগ ঘটা নাই তেনে পদত শূন্য বিভক্তি যোগ হোৱা বুলি ধৰিব লাগে ৷
~~~~×~~~~
অসমীয়া স্বভাৱসিদ্ধ স্ত্ৰীলিংগ
•••••••••••••••••••••••••
অসমীয়া ভাষাত এনে কিছুমান শব্দ আছে যাৰ পুংলিংগবাচক ৰূপ নাই ৷ মনত থকা তেনে কেইটামান শব্দ হ'ল—
লচপচী, ৰচকী, নাচনী, আয়তী, নামতী, ৰান্ধনী, শিপিনী, বোৱনী, ৰোৱনী, দাৱনী/দাউনী, দাংকাটী, সখী আদি ৷ ইয়াৰে ৰান্ধনী আৰু সখী শব্দ দুটাৰ পুংলিংগসূচক ৰূপ উলিয়াবৰ বাবে শব্দ দুটাৰ ী-কাৰ গুচাই ি-কাৰ কৰিবলৈ তাহানিতে হেমচন্দ্ৰ বৰুৱাই উপায় দি থৈ গৈছে ৷ অৰ্থাৎ 'ৰান্ধনি' আৰু 'সখি' ৰূপ দুটাই পুংলিংগ বুজাব ৷ তাৰ লগতে শিপিনীৰ পুংলিংগ 'শিপিনি' কৰিবও পাৰি ৷ কাৰণ শুৱালকুছিৰ বয়ন-শিল্পৰ সৈতে জড়িত সৰহভাগেই 'শিপিনি'-হে, 'শিপিনী' নহয় ৷ 'সখী'-ৰ বিপৰীতে 'সখা' শব্দ এটা আছে ৷ জ্যোতিপ্ৰসাদ আগৰৱালায়ো "মোৰে জীৱনৰে সখা কৃষ্ণ" বুলি গীত এটি লিখি থৈ গৈছে ৷ পিছে 'সখা'-ৰ প্ৰচলন আমাৰ ভাষাত বৰকৈ পাবলৈ নাই ৷ পুৰুষ-মহিলা উভয়ে সখী পাতে, সখী বান্ধে ৷
অসমীয়া ভাষাত অকল পুৰুষক বুজোৱা দুটামান শব্দ আছে—বৰলা, দাং বৰলা, ডঙুৱা—মানে অবিবাহিত পুৰুষ আৰু তপা ৷ অবিবাহিতাক বুজাবলৈ সংস্কৃতত 'অনূঢ়া' বুলি শব্দ এটা আছে ৷ অসমীয়া সাহিত্যত কোনোবাই ব্যৱহাৰ কৰিলেও, কথিত ৰূপত শব্দটোৰ প্ৰয়োগ নাই যেন লাগে ৷ আনহাতে অবিবাহিতাৰ বিপৰীতে অবিবাহিত আছেই ৷ আবিয়ৈ বুলি স্ত্ৰীবাচক ৰূপ এটা আছে যদিও তাৰ প্ৰয়োগ বিশেষণৰূপেহে হোৱা দেখা যায় ৷ আবিয়ৈ ছোৱালী, আবিয়ৈ গাভৰু আদি ৰূপহে সিদ্ধ ৷ আকৌ দাংকাটীক যিদৰে দাংকটা কৰিব নোৱাৰি, তেনেদৰে তপাকো তাপী কৰিব নোৱাৰি ৷
মোৰ মনলৈ অহা ধাৰণা ব্যক্ত কৰিলোঁ ৷ বাকী পাঠকৰ হাতত ৷
•••••ו••••
© খগেশ সেন ডেকা

No comments:
Post a Comment