খেল(১)
যিহেতু মই ভাল
খেলুৱৈ নহয়
সেয়েহে মই খেলাৰ পৰিবৰ্তে
খেলখন উপভোগ হে কৰিছো
সেয়েহে মই খেলাৰ পৰিবৰ্তে
খেলখন উপভোগ হে কৰিছো
খেলপথাৰ খনৰ দুটা
মূৰত দুটা দল
হঠাতে বাজি উঠিল
খেল আৰম্ভৰ সংকেত
দুয়োটা দল গোট খালে
খেলপথাৰৰ মাজত
নিয়ম অনুসৰি খেল খেলিছে
পাৰে মানে দুয়োটা দলে চেষ্টা কৰিছে
বিজয়ী হোৱাই সকলোৰে সপোন
হঠাতে বাজি উঠিল
খেল আৰম্ভৰ সংকেত
দুয়োটা দল গোট খালে
খেলপথাৰৰ মাজত
নিয়ম অনুসৰি খেল খেলিছে
পাৰে মানে দুয়োটা দলে চেষ্টা কৰিছে
বিজয়ী হোৱাই সকলোৰে সপোন
পিচে খেলৰ নিয়ম
সকলো একে সময়তে জয়ী হ'ব নোৱাৰে
সকলো একে সময়তে জয়ী হ'ব নোৱাৰে
খেল সমাপ্তিৰ
সংকেত বজিল
এটা দল জয়ী আনটোৰ পৰাজয়
এটা দল জয়ী আনটোৰ পৰাজয়
মোৰেই ভাগ্য
মোৰ সমৰ্থিত দল জিকিল
যদিও মই ভাল খেলুৱৈ নহয়
মোৰ মনত জয় লাভৰ একেই আনন্দ
যি আনন্দ খেলুৱৈৰ মাজত
উলাহত চিঞৰিছো, নাচিছো
মোৰ সমৰ্থিত দল জিকিল
যদিও মই ভাল খেলুৱৈ নহয়
মোৰ মনত জয় লাভৰ একেই আনন্দ
যি আনন্দ খেলুৱৈৰ মাজত
উলাহত চিঞৰিছো, নাচিছো
পিচে খেলপথাৰৰ
সিটো মূৰটো এটা দল
যি পৰাজয়ৰ বেদনাত ম্ৰিয়মান
মই দেখিছোঁ সিহঁতক
কিন্তু সিহঁতৰ লগত দুখী হ'ব পৰা নাই
কিয়নো মই আজি বিজয়ীৰ পক্ষত
দুখ পৰাজয়ৰহে চিন
মই কিয় দুখী হ'ম
যি পৰাজয়ৰ বেদনাত ম্ৰিয়মান
মই দেখিছোঁ সিহঁতক
কিন্তু সিহঁতৰ লগত দুখী হ'ব পৰা নাই
কিয়নো মই আজি বিজয়ীৰ পক্ষত
দুখ পৰাজয়ৰহে চিন
মই কিয় দুখী হ'ম
যদিও মই আনন্দত
আত্মহাৰা
মই দেখিছোঁ সিহঁতৰ চকুত এটাই লক্ষ্য
কিদৰে এদিন হৰুৱাব আজিৰ বিজয়ী দলক
মই দেখিছোঁ সিহঁতৰ চকুত
নতুন ৰণনীতি নতুন কৌশল
বিজয়ী দলৰ মুখৰ হাঁহি এদিন কাঢ়ি আনিব
মই দেখিছোঁ সিহঁতৰ চকুত এটাই লক্ষ্য
কিদৰে এদিন হৰুৱাব আজিৰ বিজয়ী দলক
মই দেখিছোঁ সিহঁতৰ চকুত
নতুন ৰণনীতি নতুন কৌশল
বিজয়ী দলৰ মুখৰ হাঁহি এদিন কাঢ়ি আনিব
মই লাহে লাহে বুজি
উঠিছোঁ
কিদৰে এখন খেলৰ বুকুত
অংকুৰিত হ'ব পাৰে শত্ৰুতাৰ বীজ
কিদৰে এখন খেলৰ বুকুত
অংকুৰিত হ'ব পাৰে শত্ৰুতাৰ বীজ
খেল(২)
আহক এইবাৰ আন এখন
খেল খেলো
আমি সকলোৱে পৰ্বত বগাবলৈ শিকোঁ
আৰু সপোন দেখোঁ
এদিন বগাই পাৰ হ'ম
পৃথিৱীৰ উচ্চতম শিখৰ
আমি সকলোৱে পৰ্বত বগাবলৈ শিকোঁ
আৰু সপোন দেখোঁ
এদিন বগাই পাৰ হ'ম
পৃথিৱীৰ উচ্চতম শিখৰ
আহক আমি
প্ৰতিদিনেই অভ্যাস কৰো
আৰু এটা দিন বাচি লওঁ
খেলৰ বাবে
খেল খেলাৰ সুবিধা
সেইদিনা সকলোৱে নাপাবও পাৰে
যিহেতু সকলো সমানে আত্মবিশ্বাসী
আৰু সমানে কৌশলী নহয়
যি সকল সমানে আত্মবিশ্বাসী
তেওঁলোক সেইদিনা খেলিব
যাৰ বিশ্বাস কম তেওঁ আন এদিন বগাব
কিন্তু অভ্যাস সকলোৱে অব্যাহত ৰাখিব
আৰু এটা দিন বাচি লওঁ
খেলৰ বাবে
খেল খেলাৰ সুবিধা
সেইদিনা সকলোৱে নাপাবও পাৰে
যিহেতু সকলো সমানে আত্মবিশ্বাসী
আৰু সমানে কৌশলী নহয়
যি সকল সমানে আত্মবিশ্বাসী
তেওঁলোক সেইদিনা খেলিব
যাৰ বিশ্বাস কম তেওঁ আন এদিন বগাব
কিন্তু অভ্যাস সকলোৱে অব্যাহত ৰাখিব
সেইদিনা আমি
সকলোৱে
পৰ্বতটোৰ পাদ দেশত থিয় হ'ম
তেওঁলোকৰ খেল উপভোগ কৰিম
আৰু তেওঁলোকক উৎসাহিত কৰিম
পৰ্বতটোৰ পাদ দেশত থিয় হ'ম
তেওঁলোকৰ খেল উপভোগ কৰিম
আৰু তেওঁলোকক উৎসাহিত কৰিম
তেওঁলোক সকলো সমান
আত্মবিশ্বাসী
যদিও কৌশলৰ অভাৱত
কোনো পৰাজয়
আৰু কোনো কৌশল খটুৱাই জয়ী হ'ব
যদিও কৌশলৰ অভাৱত
কোনো পৰাজয়
আৰু কোনো কৌশল খটুৱাই জয়ী হ'ব
যিদৰে বিজয়ী সকলৰ
মুখৰ হাঁহি
আমাৰ মুখ টো জিলিকিব
সেইদৰে পৰাজয়ী সকলৰো বেদনাত
আমি ম্ৰিয়মান হম
আমাৰ মুখ টো জিলিকিব
সেইদৰে পৰাজয়ী সকলৰো বেদনাত
আমি ম্ৰিয়মান হম
যিহেতু খেলুৱৈ
সকলও কোনো পক্ষত বিভক্ত নহ'ব
সেয়ে বিজয়ী সকলৰো সমবেদনা
পৰাজয়ী সকলৰ লগত থাকিব
সেয়ে বিজয়ী সকলৰো সমবেদনা
পৰাজয়ী সকলৰ লগত থাকিব
জয়ী সকল পৰাজয়ী
সকলৰ শত্ৰুও নহ'ব
কিয়নো সকলোৰে সাধাৰণ প্ৰতিদ্বন্দী
এইবাৰ ওখ পৰ্বতটো হ'ব
কিয়নো সকলোৰে সাধাৰণ প্ৰতিদ্বন্দী
এইবাৰ ওখ পৰ্বতটো হ'ব
যি সেইদিনা হাৰিব
তেওঁলোক আকৌ আহিব
পৰ্বতৰ ওখ শিখৰটো পাৰ হব
বিজয়ীৰ মুখৰ হাঁহি
আমাৰ মুখ টো জিলিকি উঠিব
কিন্তু আমাৰ অভ্যাস অব্যাহত থাকিবতেওঁলোক আকৌ আহিব
পৰ্বতৰ ওখ শিখৰটো পাৰ হব
বিজয়ীৰ মুখৰ হাঁহি
আমাৰ মুখ টো জিলিকি উঠিব
No comments:
Post a Comment