★★শিল আৰু
শেলুৱৈ★★
জীৱনৰঙী এচটা শিল
তাৰ বুকুত গজিল সেউজীয়া শেলুৱৈ
ক্ৰমে ভালপোৱাৰ দৰে
শিলৰ বুকুৰ গভীৰলৈ সোমাল শেলুৱৈৰ লংগৰ
লংগৰৰ খোঁচ বুকুত লৈ
শিলে শেলুৱৈক ক'লে
জুমি চা-চোন বুকুৰ গভীৰলৈ----
তাৰ বুকুত গজিল সেউজীয়া শেলুৱৈ
ক্ৰমে ভালপোৱাৰ দৰে
শিলৰ বুকুৰ গভীৰলৈ সোমাল শেলুৱৈৰ লংগৰ
লংগৰৰ খোঁচ বুকুত লৈ
শিলে শেলুৱৈক ক'লে
জুমি চা-চোন বুকুৰ গভীৰলৈ----
ৰুক্ষ শিলৰ
বুকুত
শেলুৱৈ পালে পৃথিৱীৰ আদিম উত্তাপ আৰু কিছু উন্মাদনা
শেলুৱৈৰ কেঁচেলুৱা আচ্ছাদনত
শিল গলি মাটি হল
সেই মাটিৰ সাধু এটি ককাৰ ওঁঠে
চুলে নাতিৰ কৰ্ণকুহৰ
নাতিয়ে কলে
শিল এটি প্ৰেমিক হল---
শেলুৱৈ পালে পৃথিৱীৰ আদিম উত্তাপ আৰু কিছু উন্মাদনা
শেলুৱৈৰ কেঁচেলুৱা আচ্ছাদনত
শিল গলি মাটি হল
সেই মাটিৰ সাধু এটি ককাৰ ওঁঠে
চুলে নাতিৰ কৰ্ণকুহৰ
নাতিয়ে কলে
শিল এটি প্ৰেমিক হল---
শিলৰ কৰ্কশ হৃদয়
আৰু আয়েখোৱা চাইৰঙী চাল
শেলুৱৈ শিলক দিলে
সেউজীয়া ঢাল
আত্মহাৰা শিলে নুশুনিলে
ক্ষণভংগুৰ বুকুৰ কৰ্ফাল---
আৰু আয়েখোৱা চাইৰঙী চাল
শেলুৱৈ শিলক দিলে
সেউজীয়া ঢাল
আত্মহাৰা শিলে নুশুনিলে
ক্ষণভংগুৰ বুকুৰ কৰ্ফাল---
™☞অনুৰাগ কাশ্যপ
No comments:
Post a Comment