' নীলাচলত
তেজপিয়া '
তাহানিৰ পৰা কাঠনি বাৰীত গা ঘঁহাই-ঘঁহাই তেজপিয়াই একেথৰে বেলিলৈ চাই জিভা সিঁয়াই আছিল ।
ধোঁৱা খোৱা পষেকীয়াত ফেৰ মাৰিবলৈ মানুহৰ
মুখাগ্নিয়ে বাহবোৰ জ্বলাই পেলালে ,
এতিয়া বাহ গুচি সাঁফৰ মৰা বৈয়াম ।
মুখাগ্নিয়ে বাহবোৰ জ্বলাই পেলালে ,
এতিয়া বাহ গুচি সাঁফৰ মৰা বৈয়াম ।
ফাতোৱা জাৰী কৰি হাবি কাটি তহিলং কৰিলি চাপৰি , পিটনি, খেৰণি, কাঠনি বাৰীত মূছকঁছ গৈছে যৌন অংগ ।
মানুহে নিলাজৰ দৰে নীলাচলত টিকাফটা ৰ'দত
কিয় জিভাৰ তৃপ্তি বিচাৰি কুলি-কাউৰীক
বাটলু-গুটিৰে - থকা সৰকা কৰিছ ?
কিয় জিভাৰ তৃপ্তি বিচাৰি কুলি-কাউৰীক
বাটলু-গুটিৰে - থকা সৰকা কৰিছ ?
বাঘৰ আগ তেল খোৱা একাচেকা
নীলাচলৰ সেউজীয়াত পিয়াপি দি
পিয়াহৰ উপত্যকাত এধানমান বিচাৰি
যত কূটৰ ঘাই মানুহ এতিয়া বাকচে বৈয়ামে ।
নীলাচলৰ সেউজীয়াত পিয়াপি দি
পিয়াহৰ উপত্যকাত এধানমান বিচাৰি
যত কূটৰ ঘাই মানুহ এতিয়া বাকচে বৈয়ামে ।
নৰ নীলাচলৰ দেৱালয় তিতাবলৈ
নীৰদা নামি আহিবনে ?
সাত লগা শিঙা মাটিত জীপ পাব নশ্বৰ দেহে ।
সাত লগা শিঙা মাটিত জীপ পাব নশ্বৰ দেহে ।
প্ৰশান্ত কলিতা
No comments:
Post a Comment