Friday, 6 October 2017

পুনৰীক্ষণ (৫২) : 'আখৰুৱা : literati' গোটৰ কবিতাৰ পৰ্যালোচনা প্ৰথম খণ্ড : ১ - ৭ ছেপ্টেম্বৰ, ২০১৭ : (দ্বিতীয় তথা শেষ অংশ) পৰ্যালোচক : সমুদ্ৰ কাজল শইকীয়া

পুনৰীক্ষণ (৫২) : 'আখৰুৱা : literati' গোটৰ কবিতাৰ পৰ্যালোচনা
প্ৰথম খণ্ড : ১ - ৭ ছেপ্টেম্বৰ, ২০১৭ : (দ্বিতীয় তথা শেষ অংশ)
পৰ্যালোচক : সমুদ্ৰ কাজল শইকীয়া


সমসাময়িক ধাৰাভাষ্যকাৰ : অসমীয়া কবিতাত সময়ৰ কণ্ঠস্বৰ
আখৰুৱাৰ মজিয়াত এই সময়

-সুখৰ কথা যে এই সময়ত আখৰুৱাৰ কবিসকলে এটা ৰাজনৈতিক স্থিতি গ্ৰহণ কৰিছে। এই মুহূৰ্তত আমাৰ চৌপাশে ঘটি থকা ৰাজনৈতিক আৰু সামাজিক অস্থিৰতাৰ কেন্দ্ৰীয় বিষয় গেৰুৱাকৰণ, ৰাজনীতিৰ ধৰ্মীয়কৰণ আৰু লিংগ-বৈষম্যজনিত কথাবোৰ এইখিনি কবিতাই সম্বোধন কৰিছে।


বিদ্যুৎ ৰঞ্জন দাসৰ কথানদী-১৫আচলতেপ্ৰতিবাদ”, “ধ্বজাবাহক”, “অস্তিত্বআৰু আইনানামেৰে চাৰিটা কবিতাৰ সমষ্টি। ভাবে ভাষাই সবল আৰু স্পষ্ট বাকশৈলীৰে সৈতে ই এক পঠনযোগ্য ৰচনা। উপমা হিচাপেও ইয়াত যিখিনি প্ৰয়োগ ঘটিছে সেইসমূহো প্ৰচলিত একো একোটা ধাৰণাৰ পৰাই সংগৃহীত। অন্য বহুতো সমসাময়িক কবিতাৰ ক্ষেত্ৰত আমি যিটোক ক্লিচে বুলি কৈ আহিছিলোঁ, সেইটোকো ইয়াত সদৰ্থক দৃষ্টিৰে চাব পৰা যাব। শিলাদিত‍্যৰ শিলৰ চোলাতকৈ / কোনো গুণে কম নহ‌ওক / আপোনাৰ মুখেৰে নিগৰা যুক্তিৰ বানবোলোঁ‌তে আমি জানো যে শিলৰ চোলাৰ কাহিনীৰ এটা অনুষংগ জন-মানসত আছেই, যি সাধাৰণ পাঠকৰ ওচৰত কবিতাটোক অধিক গ্ৰহণযোগ্য কৰি তোলাত সহায়ক হব। একেদৰে শব্দৰ ওজনৰ প্ৰতিও কবিয়ে ধ্যান ৰাখিছে। কবিতাৰ ইপ্সিত বক্তব্যৰ সৈতে সংগতি ৰাখিয়েই আমি শুনিবলৈ পাইছোঁ ধ্বনিময় শব্দৰ চয়ন- 

চিতাৰ লেলিহান শিখাই উন্মোচিত কৰিব
গহ্বৰ ভেদী স্খলিত বীৰ্যৰ মূল‍্য…”

মধু মণি কলিতাৰ "সৰল মানুহৰ কবিতা"ৰ মাজত মানৱতাবোধৰ আটাইতকৈ সৰল অথচ একেসময়তে আটাইতকৈ জটিল কথা এষাৰ উন্মোচিত হৈছে। ধৰ্ম আৰু ধৰ্মৰ সৈতে জড়িত মানুহৰ পৰিচয় যে মানুহৰ নিজা সৃষ্টি আৰু ইয়েই মানৱতাৰ পৰিপন্থী এই বোধৰ স্পষ্টতা এই কবিতাৰ উপজীৱ্য। আজিৰ সময়ত, যেতিয়া ৰাজনীতিৰ ধৰ্মীয়কৰণে নতুন নতুন মোৰ লৈছে, জীৱনৰ প্ৰমূল্য বাৰে বাৰে ধূলিসাৎ হোৱাৰ উপক্ৰম হৈছে তেনে এক সময়ত এই কবিতাৰ মাজৰ এনে স্পষ্টবাকৰ বাবে কবি ধন্যবাদৰ পাত্ৰ। 

তুমি জানানে মোৰ জন্মৰ লগে লগেই
পৃথিৱীত আৰু এজন মানুহৰ মৃত্যু হৈছেবোলা কথাষাৰেই কবিতাটিৰ আটাইতকৈ শক্তিশালী অংশ।

হিমাংশু ভাগৱতীৰ কাঁইটৰ মাজেৰেও চলতি সময়ত চৌদিশে ঘটি থকা ঘটনাৰাজিৰ প্ৰতি কবিৰ উদ্বিগ্নতা আৰু এটা নৈৰাশ্যৰ ভাবনা প্ৰকাশ পাইছে। কাঁইটৰ খোঁচত বুদ্ধৰ তেজ সৰেকথাষাৰে তৎক্ষণাত পাঠকক এই সময়ত বৌদ্ধ ধৰ্মৰ দেশ ম্যানমাৰত ৰহিংগীয়াসকলৰ বিৰুদ্ধে ঘটি থকা চূড়ান্ত অমানৱীয় ঘটনাৰাজিলৈ মনত পেলাই দিয়াটো স্বাভাৱিক। যদিহে কবিয়ে সচেতনভাৱে তালৈকে দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছে তেনেহলে কবিৰ সূক্ষ্মতাৰ (Subtle) ব্যৱহাৰৰ ক্ষেত্ৰতো চমৎকাৰিতা মানিব লাগিব। বাস্তৱ মৰাণৰ উছনকবিতাটোতো একে ধৰণৰ এটা প্ৰশ্নৰেই উত্থান ঘটিছে – “বৌদ্ধ বিহাৰত কাৰ বাবে ঘণ্টা বজোৱা হৈছে”? নিজৰ বক্তব্যৰ ক্ষেত্ৰত যদিও কবি স্পষ্ট, মানুহ শব্দটোৰ বাৰম্বাৰ প্ৰয়োগেৰে কবিতাটোৱে মানুহক অলপ ৰোমাণ্টিক অৱস্থান এটালৈকো ঠেলি লৈ যায় যিটো কবিতাটোৰ এটা দুৰ্বল দিশ। কবিয়ে হয়তো আনুপ্ৰাসিক প্ৰয়োগ হিচাপেই ইয়াক প্ৰয়োগ কৰিছে, কিন্তু সেয়া সাৰ্থকভাৱে সিজি উঠা নাই। কবি আৰু অলপ সংযমী লে জীয়া পৃথিৱীৰ কথা কৈ মানুহৰ মাজত / ফটা ঢোল এটা বাজি থাকে উচ্চস্বৰতকথাখিনিৰ আঁৰত থকা নৈৰাশ্য আৰু এই সময়ে আনি দিয়া সামগ্ৰিক হতাশাখিনিয়ে পাঠকক আৰু ভালকৈ চুই যাব পাৰিলেহেঁ‌তেন। ধৰ্মীয় উন্মাদনা আৰু মূৰ্খতাৰ সময়ত বিজ্ঞান মনস্কতা আৰু যুক্তিবাদী চিন্তাৰ প্ৰতি হাবিয়াস প্ৰদান কৰা আন এটা কবিতা হল উইল চিদ্দিকুৰ ৰহমানৰ সূর্য হেৰোৱা দেশ। ধৰ্মবিশ্বাস নিৰ্ভৰ সমাজখন যে যুক্তিৰ বাহিৰত সেই কথা স্পষ্টকৈ কবলৈ কবিয়ে অলপো শংকাবোধ কৰা নাই। তাতোকৈ ডাঙৰ কথা এই ধৰ্মৰ ক্ষেত্ৰখনো যে আচলতে ৰাজনীতিৰ পৃষ্ঠপোষকতাতেইহে লালিত-পালিত হৈ আহিছে সেই কথাও কবিয়ে স্পষ্টকৈ কৈছে – 

ৰজা যাৰ, দেশ তাৰ
ৰজাৰ আদেশত গঢ়ে
মনে সজা যীচু,
ঈশ্বৰ অথবা আল্লা

অশ্বিনী কলিতাই নিলাজ মানুহৰ সংজ্ঞাৰ মাজেৰে নিলাজ মানুহৰ যিটো সংজ্ঞা দাঙি ধৰিছে তাৰ আটাইতকৈ বেছিকৈ মন কৰিবলগীয়া দিশটো হল যে তেওঁ পোনপটীয়াকৈ নকৈ আওপকীয়াকৈ হলেও ৰাষ্ট্ৰ বা দেশৰ সৈতে পিতৃতন্ত্ৰ আৰু নাৰী বিদ্বেষৰ ওতপ্ৰোত সম্পৰ্কটোক উন্মোচন কৰিছে। স্বাৰ্থান্বেষীৰ ৰাজনৈতিক স্থিতিহীনতা আৰু সততাৰ অভাৱে কবিক নিলাজ মানুহৰ সংজ্ঞা নিৰূপণ কৰিবলৈ বাধ্য কৰি তুলিছে।

বৰ বিচিত্ৰ এই নিলাজ মানুহবোৰ
ইহঁতে নিজ পত্নীক বেশ্যা সজাইও
টেঁটু ফালি গাব পাৰে নাৰী মুকুতিৰ গান
কেঁকোৰা পোৱালিৰ দৰে আপোন মাতৃক
খুলি খুলি খায়ো নিসংশয়ে চিয়ঁৰিব পাৰে
ভাৰত মাতাৰ জয়

মাধূৰ্য্য ফুকনৰ কবিতা নাৰী শক্তিহে নাৰী শক্তি কৌটি কৌটি নমনবুলি বন্দনা আগবঢ়াইছে যদিও আচলতে প্ৰথমৰে পৰাই কবিতাটোত নাৰী বোলে শক্তিৰ স্বৰূপবুলি কৈ সমাজত নাৰীৰ ধাৰণাগত অৱস্থান আৰু যথাৰ্থ স্থিতিৰ মাজত থকা বৈসাদৃশ্যখিনিক লৈ উপহাসহে কৰা হৈছে। কবিতাটোত কবিৰ বক্তব্যখিনিলৈ সন্মান জনায়ো কব লাগিব যে ভাব প্ৰকাশৰ ক্ষেত্ৰত কবিয়ে আৰু বহু কচৰৎ কৰিলেহে সাৰ্থক কবিতাৰ সৃষ্টি কৰিব পাৰিব। তুলনাৰ বিচাৰত একেদৰেই নাৰী বিষয়ক আন এটা কবিতা বাস্তৱ মৰাণৰ নাৰী বনাম পুৰুষত কাব্যিকতা মন কৰিবলগীয়া

“…দায়িত্ববোধ এখিনি লৈ
নাৰী নিজ কক্ষত জী থাকে
নাৰীয়ে ঘৰ তৰে
নাৰীয়ে সমাজ সাজে
নাৰীয়ে আন্ধাৰ মাজি জোনাক কৰে
সেয়ে কোনোদিন খবৰ কাকতত নোলায়
পুৰুষ ধৰ্ষিত হোৱাৰ কথা়
ধৰ্ষণৰ নামত নাৰী কাৰাবন্দী হোৱাৰ কথা…”

বিমান শইকীয়াৰ নীলা তিমিয়ে আমাক আকৌ এবাৰ সোঁৱৰাই দিব খোজে যে সমাজখনত বহুখিনি বস্তুৱেই ভুল দিশেৰে গতি কৰি গৈ আছে ক্ৰমশঃ । এটা কাহিনীৰ দৰে বৰ্ণনা কৰি গৈ থকা কবিতাটোৰ মাজত পাঠকে এক অনন্য হাস্যৰসৰো সন্ধান পাব।নীলা তিমিৰ পঞ্চাছটা ঢাপৰ কথাত / মঙ্গল গ্ৰহৰ মাটি কিনা কথাবোৰ তল পৰেবুলি কওঁ‌তে আমি বুজি পাওঁ কেনেকৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰসাৰে মানৱ সভ্যতাক প্ৰগতিৰ অন্য এটা স্তৰত উপনীত কৰিবৰ বেলিকাও কেনেকৈ আনফালে যুক্তিহীনতা মানুহৰ মাজত শিপাই আছে।
অসমীয়া কবিতা আৰু মানৱতাবোধৰ বাট এই কেইজন অসমীয়া কবিয়ে নতুনকৈ উন্মোচন কৰিব বুলি আশা কৰিলোঁ। ভাব আৰু ভাষাৰ তাল-মিল আৰু তাক ৰসোত্তীৰ্ণ কৰাৰ পথত তেওঁলোকে কিছু কষ্ট কৰিব লাগিব। এই উদ্দেশ্যৰেই আমি আৰম্ভণিৰ ফালে কিছু বাছকবনীয়া অসমীয়া কবিৰ নাম আৰু কৰ্মৰ কথা উল্লেখ কৰিলোঁ যাতে তেওঁলোকে তাৰ আধাৰত কিছু কথা ভাবিবলৈ সুযোগ পায়। অন্যহাতে আমি অমুকবাদী তমুকবাদী নহয় আমি মানৱতাবাদীহে, অথবা, হৃদয়-আৱেগ-চকুপানী বোৱাই এনেয়ে মানৱতা মানৱতা বুলি আস্ফালন কৰি থকা স্থিতিহীনসকলৰ হাতত আমাৰ কোনো ভৱিষ্যৎ নাই।
*

সম্পূৰ্ণ কবিতা কেইটা তলত দিয়া হল - 

কথানদী-১৫
বিদ্যুৎ ৰঞ্জন দাস

(প্ৰতিবাদ)
দয়া কৰি নিজৰ মাজতে সোমাই নাথাকিব
কিমাননো আৰু সহি থাকিব
সদলবলে ওলাই আহক
মিচিলত চামিল হৈ মূকবধিৰ শব্দবোৰ
স্বপ্নদ্ৰষ্টা জনতাৰ তেজে তেজে সী দিয়ক
আকাশ কঁপাই বতাহ বেগে নামি আহিব
ৰূপালী সূতাৰ সজল ধাৰা
তাৰপিছত-
আঁউসীৰ তিমিৰ ফালি সূৰ্যমুখী ফুলিব

(ধ্বজাবাহক)
কন্দুৱা গেছৰ ৰাসায়নিক বিক্ৰিয়াত
এখোজো পিছ হুঁ‌হকি নাহিব
পাহৰি নাযাব দুচকুৰ পাৰ ভাঙি
শুকাই যোৱা কল্লোলিনী নৈৰ শব্দ
পাহৰি নাযাব অনাহাৰে অনিদ্ৰাই
সমাধিস্থ হোৱা বানে ধোৱা হাঁহিৰ শব্দ
দুভৰিৰ খোজত সিঁচি যাওক
মানুহে শুনিব বিচৰা গানৰ শব্দ

(অস্তিত্ব)

শিলাদিত‍্যৰ শিলৰ চোলাতকৈ
কোনো গুণে কম নহ‌ওক
আপোনাৰ মুখেৰে নিগৰা যুক্তিৰ বান
সংগ্ৰামী সংবাহকৰ ৰূপত
ৰাহজানি ৰিষ্ট কাটি আপুনি হৈ পৰক
মাহুদি গছ এজোপাৰ টুবুকা-টুবুকি ছাঁ
কিয়নো-
ঘৰ ভাঙি মানুহ বেদুইনৰ নাম ল'লে
গছেই হৈ পৰে মানুহৰ আপোন ঘৰ

(আইনা)
যিদিনাই সূৰ্যৰ চকুত চকু থ'বলৈ শিকিব মানুহে
বিবেক দংশনত মানুহ হৈ ওপজাৰ ধিক্কাৰ জন্মিব
আনৰ পিঠিত খোজ দি
বৈতৰণী পাৰ হোৱাৰ বাট হেৰুৱাব
অপৰাধীৰ বেশত জহন্নামৰ কুঠৰীত
নিজকে নিজে আৱিষ্কাৰ কৰিব
চিতাৰ লেলিহান শিখাই উন্মোচিত কৰিব
গহ্বৰ ভেদী স্খলিত বীৰ্যৰ মূল‍্য
*


সৰল মানুহৰ কবিতা
মধু মণি কলিতা
.
জন্মৰ আগলৈকে মই জনা নাছিলোঁ
মোৰ ধৰ্ম কি ?
.
জন্মৰ আগলৈকে মোক কোনেও
সোধা নাছিল বা
মোৰ নাম শুনি
কোনেও অনুমান কৰা নাছিল
মই হিন্দু নে মুছলমান?
.
জন্মৰ আগলৈকে মোক
তুমি কোৱা নাছিলা
আজিৰ পৰা কাক পূজিব লাগিব,
আল্লাক নে ঈশ্বৰক?
'লৈ যাব লাগিব
মন্দিৰ নে মছজিদলৈ?
.
জন্মৰ আগলৈকে মোৰ পৰিচয়
কেৱল মানুহ আছিল
অচিন আশংকাত আই-পিতাই গৈছিল
কেতিয়াবা চিকিৎসালয়
কেতিয়াবা মন্দিৰ নতুবা মছজিদলৈ
.
জন্মৰ পাছতেই মোৰ এটা নাম হ'
পিন্ধাই দিয়া হ'ল ধৰ্মৰ এটা সাজ
আৰু আৰম্ভ কৰি দিয়া হ'
হিন্দু বা মুছলমান বনোৱাৰ
কুটিল কুচ-কাৱাজ
.
তুমি জানানে মোৰ জন্মৰ লগে লগেই
পৃথিৱীত আৰু এজন মানুহৰ মৃত্যু হৈছে ।।


*
কাঁইট
হিমাংশু ভাগৱতী


বিষ বিয়পোৱাত
কাঁইটবোৰ যথেষ্ট নিপুণ
কাঁইটৰ খোঁচত বুদ্ধৰ তেজ সৰে
কাঁইটৰ খোঁচত কপৌ এহালো মৰে
আপুনি শুই থকা পৰত
কাঁইটৰ জোংবোৰ ধৰাল হৈ পৰে,
নখ বঢ়া দি বাঢ়ি থাকে
ৰাতিৰ বতাহত
জাতি, ধৰ্ম , দেশ অথবা ভালপোৱা
সকলোতে থাকে কাঁইট
সুবিধা বুজি ৰক্তাক্ত কৰে
সৰলতাৰ স্বাধীন দুহাত
দুখলগাকৈ
কাঁইটৰ জীৱন ফুলতকৈ দীঘল।
*


সূর্য হেৰোৱা দেশ
উইল চিদ্দিকুৰ ৰহমান,


সূর্য হেৰোৱা দেশ,
বিলুপ্ত
সময়ৰ পাটীগণিত।
মন্দিৰৰ বাটত বিষাক্ত সৰীসৃপ
আদিমতম মানসিকতা কিম্বা
প্রাচীন চেতনাৰে উদ্বুদ্ধ ধর্মৰ ফেৰিৱালা
ফেৰি কৰে নিষিদ্ধ সময়,
বোৱাওঁ‌ বুলিলেই ওভতাই বোৱাব পাৰে
এৰাসুঁতিয়েদি নৈ
বন্ধ্যা সময়ৰ গতিশীলতাত
সঘনে সলনি হয় বিশ্বাসৰ সংজ্ঞা ,
গছ-লতিকা নদ নদী সাগৰ;
শত-সহস্র যাৰ ধর্মৰ নাম
বলে নোৱৰা শিলকো
শতকোটি প্রণাম।
ধর্মান্ধতাত মৰে
জৰৌৰৱা প্রজা
ডাইনী হত্যাত মানুহ,
মৰে বিজ্ঞান মনস্কতা
মৰে যৌক্তিকতা
ৰজা যাৰ, দেশ তাৰ
ৰজাৰ আদেশত গঢ়ে
মনে সজা যীচু,
ঈশ্বৰ অথবা আল্লা
সপোন বিলাসী ৰজাৰ দা-ধৰা,
প্রাচীন চেতনাৰে উদ্বুদ্ধ তেওঁ ধর্মৰ ফেৰিৱালা ।
বলিশালত
বিপন্ন মানৱতা


*
উছন
বাস্তৱ মৰাণ


তেওঁলোকৰ ভুল হৈছে
মছজিদ জ্বলাই ছাই কৰিছে
তেওঁলোকৰ ভুল হৈছে
মন্দিৰ জ্বলাই ছাৰখাৰ কৰিছে
মানুহৰ মাজৰ এখন সাংঘাতিক দ্বন্দ্ব
মানুহে মানুহ মৰম কৰি ওপৰলৈ যায়
মানুহে মানুহ নিপাত কৰি তললৈ যায়
সকলোতকৈ শেষত এটা পৰিচয়ে ঠাই লয়
ইতিহাসৰ যুগমীয়া পৃষ্ঠাত
মানুহে সাজে নিজৰ সুবিধা হোৱাকৈ নিজৰ ঘৰ
মানুহৰ বাবেই এখন পৃথিৱী সকলোতকৈ ঊৰ্ধ্বত
মানুহেই মানুহৰ সঞ্জীৱনী গীত গায়
মানুহেই মানুহৰ উশাহৰ শিপা উভালে
মানুহ গৈ মানুহ হৈ থাকিল ক'
জীয়া পৃথিৱীৰ কথা কৈ মানুহৰ মাজত
ফটা ঢোল এটা বাজি থাকে উচ্চস্বৰত
সময় আৰু সমতা কোনোবাখিনিত গৈ
উচুপি থাকে দৰদহীনতাত
তেওঁলোকৰ ভুল হৈছে
বৌদ্ধ বিহাৰত কাৰ বাবে ঘণ্টা বজোৱা হৈছে
*
নিলাজ মানুহৰ সংজ্ঞা
অশ্বিনী কলিতা
মূৰ্খবোৰ গছত নলগাৰ দৰে
নিলাজ মানুহবোৰো গছত নালাগে
মানুহৰ অৰণ্যত নিজেই গজি উঠে
নিলাজবোৰ
গোপনে গোপনে
যেনেদৰে বাঁহনিৰ চেঁচুকত গজি উঠে
এডৰা লহপহীয়া ডেম-ডেউকা
গোপনে গোপনে ৷
নিলাজ মানুহবোৰে হেলাৰঙে খুলিব পাৰে শৰীৰৰ শেষতম আভৰণ ৷
বৰ বিচিত্ৰ এই নিলাজ মানুহবোৰ
ইহঁতে নিজ পত্নীক বেশ্যা সজাইও
টেঁটু ফালি গাব পাৰে নাৰী মুকুতিৰ গান
কেঁকোৰা পোৱালিৰ দৰে আপোন মাতৃক
খুলি খুলি খায়ো নিসংশয়ে চিয়ঁৰিব পাৰে
ভাৰত মাতাৰ জয়,
দেশত কৈ আপোন কোনো নাই বুলি
কেমিলিয়নতকৈও পাকৈত
এই নিলাজ মানুহবোৰ
ৰং সলোৱাত
আপুনি পোনচাতেই কৈ দিব নোৱাৰে
নিলাজ মানুহৰ প্ৰিয় ৰং
নীলা নে হালধীয়া
খাকী নে খাদী
গেৰুৱা নে সেউজীয়া ৷
'লা ৰঙো ইহঁতৰ অপ্ৰিয় নহয় ৷
মুখাৰ আঁৰত মুখ ৰাখি নিলাজবোৰ এতিয়া
ঘূৰি ফুৰে য'তে ত'তে
-
নগৰ চহৰ গাঁ‌ও-ভূঁই জুৰি
নিলাজ মানুহৰ অবাধ বিচৰণ ৷
সিহঁতৰ ৰহস্যময় হাঁহিৰ আঁৰত
বাসুকীতকৈও বিষাক্ত ঘৃণাৰ বিষদাঁত,
চঁপাকলীয়া আঙুলিৰ আঁৰত
ঈগলতকৈও সুতীক্ষ্ণ বেঁকা নখ,
সুযোগ পালেই সিহঁতে হায়েনাৰ দৰে নেফানেফ কৰে
শিশু যুৱক কিম্বা বৃদ্ধৰ শৰীৰ ,
কচাই খানাৰ পশুৰ দৰে বখলিয়াই পেলায়
অসহায় নাৰীৰ শৰীৰৰ ছাল ৷
নিলাজ মানুহৰ বোৰৰ নিলাজ দৰ্শনত
জীৱন নৈৰ সেউজীয়া মোহনাত
গঢ়ি উঠে ক্ৰমশঃ ৰংহীন এখনি মৰু প্ৰান্তৰ ৷
নিলাজ মানুহ বোৰৰ লাজবোৰ গজাবলৈ
সাধুৰ কুঁকিত বহি বুঢ়ী আয়ে এতিয়াও গায় সেই গান
-'
কটা যোৱা নাক
খাৰনীৰে ঢাক'......
*


নাৰী শক্তি
মাধূৰ্য্য ফুকন


তথাকথিত সমাজে কয়
নাৰী বুলে শক্তি স্বৰূপ।
নাৰী বিনে সংসাৰ হেনো আধৰুৱা ।
অথচ সেই সমাজতেই সদায় কিয়
লাঞ্ছিত , নিৰ্যাতিত হয় নাৰী !
তথাকথিত সমাজে কয়
নাৰী বোলে শক্তি স্বৰূপ।
এইখন সমাজতেই স্বামীয়ে স্ত্ৰীৰ
দুখ - কষ্ট স্বীকাৰ নকৰি,
সুৰাসক্ত হৈ স্ত্ৰীৰ ওপৰত চলায়
নিৰ্মম নিৰ্যাতন ।
উস্ কি.... বেদনা !
নিঃশব্দে সহি যায় লাঞ্ছনা ,নিৰ্যাতন ।
নিঃশ্চুপ হৈ ৰয় মমতাৰ মায়াত ।
পোনাৰ কথা ভাবিয়ে !
এই যন্ত্ৰণাৰ মাজতো এটাই ভাবনা
তেওঁযে মোৰ পৰমেশ্বৰ স্বামীদেৱতা ।
কাক ক'ম মোৰ বিড়ম্বনা ?
কোনে শুনিব মোৰ বিড়ম্বনাৰ শোক গাথা !
নিজে দুখ -যন্ত্ৰণাত দগ্ধ হৈও
সন্তান ,স্বামী ,পৰিয়ালক
সুখী কৰাৰ অবিৰাম চেষ্টা ।
ইয়াতে আজীৱন ব্ৰতী হৈ ৰয় ।
অথচ স্বীকৃতি বা প্ৰতিফলৰ নামত লাভ কৰে ,
এক অসহনীয় যান্ত্ৰণা মাথোঁ‌ ।
তথাপি সুখী তেওঁ !
এয়াই নেকি নাৰী হৈ ওপজাৰ পুৰস্কাৰ ?
এয়াই নেকি নাৰী শক্তিৰ ৰূপ ?
যি আবদ্ধ হৈ ৰয় ঘৰৰ চাৰিবেৰৰ মাজত ,
ব্যস্ত সু-গৃহিণী হৈ !
নিজক বিলীন কৰি দিয়ে ,
সন্তান ,স্বামী ,আৰু পৰিয়ালৰ নামত ।
ধন্য এই নাৰী শক্তি ।
হে নাৰী শক্তি কৌটি কৌটি নমন ।।
*


নাৰী বনাম পুৰুষ
বাস্তৱ মৰাণ


নিৰাপত্তাহীনতাত ভুগি
মোৰ প্ৰদেশৰ নাৰীয়ে কয়
ইয়াৰ পাছত কোন
এজন ধুনীয়া পুৰুষ হ'ব পাৰেনে
ইয়াৰ পাছত
সমস্বৰে সৱে নোৱাৰে বুলিয়ে ক'
নাৰীয়ে জানে নাৰী এটা সভ্যতাৰ বিবেক
এনে বোধ নাৰীৰ জাগতিক সৰলতা
আৰু সৰলতাক দুৰ্বলতা বুলি কোন কপৌৱে
বাঁহগছৰ টিকনিত গৈ চিঞৰি থাকিল
চাওঁ যদি নাৰীয়েও বাট ভেটি পুৰুষক
বলাৎকাৰ কৰিব পাৰে ৷
দায়িত্ববোধ এখিনি লৈ
নাৰী নিজ কক্ষত জী থাকে
নাৰীয়ে ঘৰ তৰে
নাৰীয়ে সমাজ সাজে
নাৰীয়ে আন্ধাৰ মাজি জোনাক কৰে
সেয়ে কোনোদিন খবৰ কাকতত নোলায়
পুৰুষ ধৰ্ষিত হোৱাৰ কথা়
ধৰ্ষণৰ নামত নাৰী কাৰাবন্দী হোৱাৰ কথা
*
নীলা তিমি
বিমান শইকীয়া
সাগৰৰ নীলাবোৰৰ প্ৰতি মোহ জাগে
মানুহবোৰ সাগৰ পাৰলৈ ঢপলিয়াই যায়
নীলাৰ ঢৌবোৰে হৃদয়ত প্ৰশান্তি দিয়ে
সাগৰখনৰ দৰে গভীৰ হয় ঢৌবোৰৰ দৰে উন্মনা
-
নীলা তিমিয়ে কৈ যায় কথাবোৰ
হাতখনত মোৰ ছবি এখন আঁক
ছিঙি দে তোৰ হাতৰ শিৰ এডাল
ঘৰৰ মূধচৰ পৰা চাচোন জঁ‌পিয়াই এবাৰ
-
সাগৰৰ দৰে প্ৰশান্তি নীলা তিমিয়ে দিব খোজে
সিপাৰ নেদেখা সাগৰতে তিমি মাছৰ ঘৰ
তিমিয়ে কয় প্ৰশান্তি ৰ মাজতে থাকে চিৰশান্তি
নিজকে সমৰ্পণ কৰি তোমালোক উদ্মাদ হোৱা
ইফাল-সিফাল কথাবোৰ ৰৌজাল-বৌজাল হয়
-
নীলা তিমিৰ পঞ্চাছটা ঢাপৰ কথাত
মঙ্গল গ্ৰহৰ মাটি কিনা কথাবোৰ তল পৰে
চাদৰ ওপৰত ওপঙি ফুৰে এসোপা যৌৱন
কোনোৱে হেৰুৱায় জী খেনোৱে হেৰুৱায় পো
-
সাগৰৰপৰা তিমিবোৰ বৰ নদীলৈ উজাই আহে
সৰু সৰু নদীবোৰতো এসোপা তিমি সোমাই
গো-গ্ৰাসে গিলি থয় এসোপা তৰুণ জীৱন
ৰক্তবীজৰ দৰে বাঢ়ে নীলা তিমিৰ সাম্ৰাজ্য॥
সমুদ্ৰ কাজল শইকীয়া
নতুন দিল্লী,
সদস্য, আখৰুৱা
২০ ছেপ্টেম্বৰ, ২০১৭
[সমাপ্ত]
========================


প্ৰথম অংশৰ সংযোগ:


=========================
০০ ব্যৱস্থাপকৰ মন্তব্য:-


১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল জোঁটনি কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে, মন্তব্যত মুকলিকৈ জনায় যেন।
২) 'আখৰুৱা''পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। তদুপৰি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩) এই সংখ্যাৰ কবিতাত থকা ভুল জোঁটনিসমূহ এনেদৰে শুধৰাই দিয়া হৈছে:
'কথানদী'- হুহুকি> হুঁ‌হকি।
'সৰল মানুহৰ কবিতা'- সুধা> সোধা (প্ৰশ্ন কৰা অৰ্থত)।
'সূৰ্য হেৰোৱা দেশ'- পাটিগণিত> পাটীগণিত, বোৱাও> বোৱাওঁ‌, নোৱাৰা> নোৱৰা (দ্বিতীয় পুৰুষত 'নোৱাৰা' কিন্তু "কৰিব নোৱৰা কাম"), ছাঁ‌ই> ছাই, সাংঘাটিক> সাংঘাতিক, দ্বন্দ> দ্বন্দ্ব, সঞ্জীৱনি> সঞ্জীৱনী, হীণ> হীন, ঘন্টা> ঘণ্টা।
'নিলাজ মানুহৰ সংজ্ঞা'- নৰী> নাৰী, পোৱালী> পোৱালি, গাওঁ‌> গাঁ‌ও (village), চাল> ছাল (ত্বক), আঙুলী> আঙুলি।
'নাৰী শক্তি'- বুলে> বোলে, উসঃ> উস্, যন্ত্ৰনা> যন্ত্ৰণা, ভৱনা> ভাবনা, শোঁ‌ক> শোক, মাথো> মাথোঁ‌, পুৰষ্কাৰ> পুৰস্কাৰ, গৃহিনী> গৃহিণী, বিলিন> বিলীন।
'নাৰী বনাম পুৰুষ'- হীণতা> হীনতা, ভূগি > ভুগি, পাচত> পাছত।
'নীলা তিমি'- চিঙি> ছিঙি, এদাল> এডাল, মুধচ> মূধচ,চা ছোন> চাচোন, জপিয়াই> জঁ‌পিয়াই, হেৰোওৱাই> হেৰোৱায় (সমাপিকা) ইত্যাদি।

--শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত, উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়ায় যেন।
ধন্যবাদেৰে


--
দেৱকৃষ্ণ বৰুৱা, সূৰ্য্য বৰা, মৃণালি মেধি, কমল দাস, কিশোৰ দাস
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
৪ অক্টোবৰ, ২০১৭

No comments:

Post a Comment