সাত বৰণৰ ৰামধেনু
--------
মনোহৰ দত্ত
ভাববোৰ মনলৈ অহাৰ পৰত
অনুমতি লৈ প্ৰৱেশ নকৰে।
অনুমতি লৈ প্ৰৱেশ নকৰে।
বতাহৰ দৰে সংগোপনে সোমাই আহে
আমি নাম দিওঁ আনন্দ, বিষাদ, অপেক্ষা...
আমি নাম দিওঁ আনন্দ, বিষাদ, অপেক্ষা...
ভাববোৰ মনলৈ অহাৰ পৰত
তাৰ সৈতে বাট বুলি নৈ, সাগৰ
কি পাম সোধা নহয়।
তাৰ সৈতে বাট বুলি নৈ, সাগৰ
কি পাম সোধা নহয়।
আমি গৈ থাকোঁ পাহাৰ বগায়
হাবি কাটি, নৈত সাঁতুৰি
কেতিয়াবা চৰাইৰ দৰে উৰি উৰি।
হাবি কাটি, নৈত সাঁতুৰি
কেতিয়াবা চৰাইৰ দৰে উৰি উৰি।
ভাববোৰ মনলৈ অহাৰ পৰত
নাগৰিক পত্ৰ, পাছপ'ৰ্ট, ভিছা
একোৱেই বিচৰা নহয়।
নাগৰিক পত্ৰ, পাছপ'ৰ্ট, ভিছা
একোৱেই বিচৰা নহয়।
অনুমতি নোলোৱাকৈয়ে সিহঁতে
মনৰ মাজত ঘৰ বান্ধে
আলফুলকৈ।
মনৰ মাজত ঘৰ বান্ধে
আলফুলকৈ।
ভাববোৰ মনলৈ অহাৰ পৰত
সকলো কথাই উজু যেন লাগে
সকলো কথাকেই আপোন যেন লাগে।
সকলো কথাই উজু যেন লাগে
সকলো কথাকেই আপোন যেন লাগে।
সময় গৈ থাকে আৰু কাঢ়ি নিয়ে
আশা ভৰা শুকুলা মেঘ
ভৰি পৰে ক'লীয়া ডাৱৰ।
আশা ভৰা শুকুলা মেঘ
ভৰি পৰে ক'লীয়া ডাৱৰ।
ভাববোৰ মনলৈ অহাৰ পৰত
বতৰৰ ফুল ফুলে, ৰ'দ উপচে নিয়ৰ সৰে
আকাশত জিলিকে সাত বৰণৰ ৰামধেনু।
বতৰৰ ফুল ফুলে, ৰ'দ উপচে নিয়ৰ সৰে
আকাশত জিলিকে সাত বৰণৰ ৰামধেনু।
মনোহৰ দত্ত
৫ অক্টোবৰ, ২০১৭
৫ অক্টোবৰ, ২০১৭
No comments:
Post a Comment