ৰঙা ৰুমাল
---------------
গায়ত্ৰী ফুকন
চহৰখন মোৰ
একেবাৰে ভাল লগা নাই
চহৰখনত মোৰ এইবাৰ
প্ৰিয় মানুহবোৰ নাই
চহৰখনৰ বৰষুণজাকত
তিতি বুৰি গা ধুবলৈ
শালিকা চৰাইবোৰো
দেখা নাই।
তই আহ এখন ৰঙা
ৰুমালহৈ
তোক মই ৰঙা ৰিহাৰ
আঁচলত লুকুৱাই থম
আলফুলে তোৰ উশাহত
ফুল ফুলিব।
মই কাগজৰ ফুল
ভাল নাপাও
সেউজীয়াৰ মানুহ মই
কথা দিলো তোক
এবুকু সেউজীয়া দিম।
তোক মই ৰঙা ৰিহাৰ
আঁচলত লুকুৱাই থম
আলফুলে তোৰ উশাহত
ফুল ফুলিব।
মই কাগজৰ ফুল
ভাল নাপাও
সেউজীয়াৰ মানুহ মই
কথা দিলো তোক
এবুকু সেউজীয়া দিম।
--------------'-----গায়ত্ৰী ফুকন
No comments:
Post a Comment