সঠিক কৈ মনত নাই
ঠিক কেতিয়াৰপৰা
অচিন বাটটোত
বিচাৰি ফুৰিছিলোঁ ঠিকনাটো৷
ধৰিবই পৰা নাছিলোঁ
বহুদিনলৈ
আচলতে ঠিকনাটো হেৰাইছিল কাৰ?
মোৰ নে তোমাৰ?
আচলতে ঠিকনাটো হেৰাইছিল কাৰ?
মোৰ নে তোমাৰ?
ৰামধেনুৰ ৰঙবোৰ মই
দেখা নাছিলোঁ৷
কেতিয়াওঁ শুনা নাছিলোঁ শব্দবোৰ৷
অনুভূত হোৱা নাছিল ভালপোৱাৰ স্পৰ্শও৷
কেতিয়াওঁ শুনা নাছিলোঁ শব্দবোৰ৷
অনুভূত হোৱা নাছিল ভালপোৱাৰ স্পৰ্শও৷
অথচ ঠিকনাটোৱে মোৰ
ঠিকনাত
ঠিকেই টোকৰ মাৰিছিল৷
ঠিকেই টোকৰ মাৰিছিল৷
শিলৰ হৃদয়ত খোপনি
নাপাই
হেৰাই গৈছিল ঠিকনাটো৷
হেৰাই গৈছিল ঠিকনাটো৷
ৰামধেনুৰ ৰঙবোৰে
মনত ৰাখিছিল প্ৰতিশ্ৰুতিৰ৷
ফলশ্ৰুতিতপৰুৱাই পোৱা বাটটোত
ঠিকনাই বিচাৰি ফুৰে ঠিকনাক৷
ইন্দিৰা দিগন্ত
No comments:
Post a Comment