@ জিতা ফুকন
(এক)
আকাশখনে ফটফটীয়া জোনাক ছটিয়াই দিছে মালিনীৰ খিৰিকিখনত ৷ তাই আজি জোনাকৰ সতে কথোপকথনত ব্যস্ত ৷ ভাৱৰ মৃদু আৰোহণ আৰু অৱৰোহন, উত্থান আৰু পতন, মৃদু বাৰ্তালাপ . . . ৷ এই বতাহ তাইৰ, এই জোনাক তাইৰ, এই উশাসৰ অৱগাহন তাইৰ . . . আজিৰ সকলো তাইৰ ৷ সকলো সামৰি লবলৈ বিশাল হৃদয়ৰ দুৱাৰ খিৰিকি খুলি দিছে মালিনীয়ে ৷ দিন আৰু ৰাতি সামৰি ইতিহাস ৰচা সময়বোৰ তাই যেন মুঠি মুঠি বুটলি ভৰাব কৰণিত ৷ শৰতৰ শেৱালীৰ দৰে আমোল মোল কৰিব তাইৰ সময়বোৰে ৷ তাকে সাৱটি জীৱনৰ শক্তি সঞ্চাৰ কৰিব বাকী ৰোৱা দিনবিলাকলৈ ৷ নাই, তাই আৰু পিছলৈ ঘূৰি নাচায় ৷ আগলৈ চাবলৈ শিকাইছিল তাইৰ দেউতাকে ৷ সেই শিক্ষাৰ মূল তাই ৰাখিছে আৰু ৰাখিব ৷
পংখীৰ উত্থানে মাকৰ হৃদয়ত জোৱাৰ ভাটা তুলিছে ৷ সেয়া অতি স্বাভাৱিক, কাৰণ এনে এটা দিনৰ সংকল্পতেই তাই ৰোপন কৰিছিল আশাৰ বীজ ! অন্য এক কাৰণ হল, তাই যি কৰিলে, সেয়া সহজ আৰু সাধাৰণ নহয় ৷ একক মাতৃত্বৰ গৰ্বৰে ওফন্দি থকা মালিনীৰ শুভাকাংশীৰ বাবে এয়া সহজেই অনুমেয় ৷
দিনটোৰ শুভকামনা বিলাক লৈ ভাগৰি শুই পৰা পংখীৰ মুখখনিলৈ ঘুৰি জুমি চালে মালিনীয়ে ৷ দিম লাইটৰ পোহৰেও স্তিমিত কৰিব পৰা নাই তাইৰ মুখৰ উজ্জলতা ৷ সহজ সৰল আলফুলীয়া ছোৱালীজনীয়ে আজি মেট্ৰিকৰ দেওনা পাৰ কৰিলে অসমৰ ভিতৰত প্ৰথম স্হানটি সগৌৰৱেৰে অধিকাৰ কৰি ৷ মালিনীৰ বুকুৰ ঢৌ এই অহংকাৰ নহয়, যে জীয়েকে প্ৰথম স্হান অধিকাৰ কৰিছে ৷ এই ঢৌ তুলিছে এক অনামী সৰলতাই, যি সৰলতা আৰু শিশুসুলভ আচৰণে পংখীৰ সন্মুখৰ হাজাৰ হাজাৰ পথৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিছে ৷ এই হাজাৰ প্ৰতিশ্ৰুতিৰ তিৰবিৰণিয়ে মাকৰ চাৰিওফালে নিৰৱ উৎসৱৰ মুখৰিত পৰিবেশ সৃষ্টি কৰিছে ৷ বিশ্বাসৰ উদ্গিৰণ হৈছে মাকৰ মনত ৷ কাৰণ মালিনীয়ে জানে, যিয়ে সুখত উটি নাযায় আৰু দুখত ভাগি নপৰে সেই মানুহহে বৰগছ হব পাৰে ৷ পংখী আজিৰ দৰে দিনটোত লালকাল টোপনি গৈছে, মাকৰ হৃদয়ে বিচাৰে তাই আজিৰ দৰে সদায় ৰাতিৰ টোপনি যাওক৷ কোনো ধুমুহাই কেতিয়াও তাইক বিচলিত নকৰক, আনকি প্ৰেমৰ আগমনেও !
আজি শুবলৈ মন নাই মালিনীৰ ৷ ৰাতিৰ এক বাজিছে ৷ মোবাইল আৰু টিভিৰ অভিবাদন সামৰি খিৰিকিৰ মুখত মালিনী বৰুৱাৰ একান্ত ব্যক্তিগত সময় ৷ এয়া এগৰাকী মাকৰ প্ৰকৃত উদযাপন !

(দুই)
"নাই নাই ! তই আকৌ এবাৰ ভাৱি চা . . ."
আৰু কিবা কিবি কবলৈ বিচাৰিও ৰৈ গৈছিল সাগৰ বৰুৱা ৷ পিতৃৰ অপ্ৰকাশিত কথাখিনিৰ অৰ্থ বিচাৰি জীয়েক মালিনীও স্তব্ধ হৈ ৰৈছিল ৷ সামাজিকভাৱে প্ৰতিষ্ঠিত এজন ব্যক্তিৰ দুহিতাই দেউতাকৰ সমাজব্যৱস্হাক বুঢ়া আঙুলী দেখুৱাব আৰু উজাই যোৱা নদীৰ পানীত ভটিয়নী নাঁও মেলিব, সেয়া কেনেকৈ সম্ভৱ ? বুজিছিল মালিনীয়ে ৷ বুজা নাছিল দেউতাকেহে ৷ তাই সুস্হ অৱস্হাত সম্পূৰ্ণ সজ্ঞানে এটা সিদ্ধান্ত এনেয়ে বা এদিনতে লোৱা নাই ৷ দেউতাকৰ প্ৰতিক্ৰিয়াই বিচলিত কৰিব পৰা নাছিল মালিনীক ৷
এষাৰ মাত্ৰ কথা শেষবাৰৰ বাবে কৈ তাই ঘৰ এৰিছিল, "দেউতা, মোক সময় দিয়া ৷ মই এদিন প্ৰমাণ কৰি দিম যে, মই শুদ্ধ মানে তুমি ভূল হোৱাটো নুবুজায় বা তুমি শুদ্ধ মানে মই ভূল হোৱাটো নুবুজায় ৷" অদেখা জনৰ আৰ্শিবাদ লৈ সদম্ভে নিজক প্ৰতিপণ্ন কৰাৰ যাত্ৰাত বাট বুলিছিল দেউতাকৰ শিক্ষাৰে উচ্চশিক্ষিত মালিনী বৰুৱাই ৷ তাই জানে মাক আৰু দেউতাকে বিচাৰে তাইৰ পুণৰ বিবাহ ৷ এজন ব্যক্তিৰ মপকাঠিৰে সকলোকে জুখিব নোৱাৰি, তেওঁলোকে আপত্তি দৰ্শায় ৷
পৃথিৱীৰ হাজাৰ ষঢ়যন্ৰ নেওচি মালিনীৰ গাড়ীখন ৰৈছিল "সংকল্প অনাথগৃহ"ত ৷ অনাথগৃহটোৰ বিষয়াজনে একেই সন্দেহৰ চকু নিক্ষেপ কৰিছিল মালিনী বৰুৱাৰ ব্যক্তিত্ব তথা সামাজিক অৱস্হানৰ উপৰত ৷ এই কটাক্ষ চাৱনিয়ে ভাঙি টুকুৰা টুকুৰ কৰি দিছিল তাইৰ স্বৰচিত দূৰ্গৰ ওখ দেৱাল ৷ তথাপি তাই ভাঙি পৰা নাছিল কিম্বা উভটি চোৱাৰ প্ৰয়াস কৰা নাছিল ৷ তাইৰ দেউতাকৰ বৰগছ জোপা থিয় দি আছিল অটল হৈ ৷ সদম্ভে কোলাত পংখীক লৈ ৰাজাক নিৰ্দেশ দিছিল তাইৰ কোৱাৰ্টাৰ ফালে গাড়ী আগবঢ়াই নিবলৈ ৷ মাতৃত্বৰ বেদনাৰে মহীয়ান হৈ সন্মুখৰ সুদীৰ্ঘ পথত যাত্ৰা আৰম্ভ কৰিছিল এগৰাকী একৈকী মাতৃয়ে ৷ তাই জানিছিল, ফুলৰ সলনি শিলৰ বৰষুনে প্ৰতিটো খোজক সম্ভাষন জনাব ৷ তথাপি এয়া আৰ্শিবাদ হিচাপে লৈ আগুৱাই যাব লাগিব, নিজকে প্ৰমাণ কৰিব লাগিব ৷

(তিনি)
কাজিৰঙাৰ 'বহৰি' ৰেঞ্জৰ ৰেঞ্জাৰ মালিনী বৰুৱা ৷ 'কাজিৰঙা শংকৰদেৱ শিশুনিকেতন' বিদ্যালয়ৰ পৰা সুখ্যাতিৰে অসমৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰিছে বৰুৱাৰ একমাত্ৰ জী পংখী বৰুৱাই ৷ উখল মাখল পৰিবেশ চাৰিওফালে ৷ কেতিয়াও মাতবোল নকৰা মানুহবোৰোও শুভাকাংক্ষী হৈ আজি প্ৰথমবাৰৰ বাবে গিজগিজাই ৰাখিছে গোটেই আৱাসগৃহটি ৷ সাধ্যমতে আপ্যয়ন কৰিছে অকলশৰীয়া মাতৃ গৰাকীয়ে ৷ আজি শুভদিনটোত দুই একে চিন্তা প্ৰকাশ কৰিছে দেউতাক পৰিচয় বিহীন সন্তানটিৰ কাৰণে, কি হব তাইৰ সামাজিক পৰিচয় !! টিপ্পনি বোৰত থকা কটাক্ষৰ বিষ পাণ কৰি গল সদম্ভ মাতৃ গৰাকীয়ে ৷ সৎ শুভকাংক্ষী সকলে সাৱধানেৰে কথাটি আওকান কৰিলে ৷ লুকুৱাই ৰাখিলেও এখন ছবিয়ে এবাৰলৈ হলেও জোকাৰি গল মালিনী বৰুৱাৰ মন মগজু ৷ সেই ছবি হল প্ৰকাশ বৰদলৈৰ ৷ তিনিমাহৰ এখন অসফল বৈবাহিক জীৱনৰ ছবি ৷ স্মৃতিৰ জোকাৰণিয়ে কিন্তু মালিনীৰ সুখ আৰু আনন্দত আউল লগাব নোৱাৰিলে ৷ কাৰণ তাই সাগৰ বৰুৱাৰ সৃষ্ট বৰগছ ! ধুমুহায়ো লৰাব নোৱাৰা এই গছক বতাহে কি জোকাব ?
দুজনমান আলহিৰ সঁতে কথা পাতি থাকোতে দুৱাৰৰ সন্মুখত মালিনীৰ চকুত অবিশ্বাসৰ ফাকু সানি থিয় হল পোন্ধৰ বছৰ আগতে এৰি অহা মাক আৰ দেউতাক ৷ ৰৈ গল মালিনী ৷ ৰৈ গল সাগৰ বৰুৱা আৰু দিপাঞ্জলী বৰুৱা৷ ৰৈ গল সময় ৷ ৰৈ গল সকলোবোৰ নিজৰ নিজৰ স্হানত ৷ মনে মনে আশা কৰিলে মালিনীয়ে, ইয়াতে যেন ৰৈ যাওক সময় ! চিৰকালৰ বাবে !
মাকৰ কিংকৰ্তৱ্য বিমূঢ় অৱস্হাই পংখীকো বিমূঢ়ত পেলালে ৷ তাই চাই ৰল মাকলৈ ৷ চকুৰ পানীৰে পুৰণা মান অভিমানবোৰ ধোৱাই মাকে মালিনী আৰু সফল নাতিনীয়েকক সাৱটি ধৰিলে ৷ বাৰ্ধক্যই চুই যোৱা মাক দেউতাকৰ উপস্হিতিয়ে মালিনীৰ অন্তৰত সাগৰৰ ঢৌয়ে উখল মাখল লগালে ৷

(চাৰি)
এই বতাহ তাইৰ, এই জোনাক তাইৰ, এই উশাসৰ অৱগাহন তাইৰ ! আজিৰ দিনটোৰ প্ৰতিটো অণু-পৰমাণু মালিনী বৰুৱাৰ নামত ৷ জোনবাইটিয়ে বিদায় নোলোৱালৈকে চলিল এই উদযাপন !

★ ★ ★
No comments:
Post a Comment