আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ পুনৰীক্ষণ-৩১
চতুৰ্থ খণ্ডঃ (দ্বিতীয় ভাগ) / ২৩ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্ব্বৰ ২০১৫
পৰ্যালোচকঃ অনিতা গগৈ
চতুৰ্থ খণ্ডঃ (দ্বিতীয় ভাগ) / ২৩ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্ব্বৰ ২০১৫
পৰ্যালোচকঃ অনিতা গগৈ
ইতিমধ্যে ৩১ সংখ্যক 'পুনৰীক্ষণ'ৰ চতুৰ্থ খণ্ডৰ প্ৰথম ভাগ প্ৰকাশিত হৈছে। এইবাৰ আগবঢ়াবলৈ লৈছো উক্ত 'পুনৰীক্ষণ'ৰ দ্বিতীয় ভাগ। উল্লেখ্য যে কবিতাৰ ক্রমাংক পুনৰীক্ষকৰ সুবিৰ্থেহে ব্যৱহাৰ কৰা হৈছে।
৬) নদীৰ প্ৰতিচ্ছবি________________ কবিঃ দিব্যজিত বনিক্য্
শেষ হোৱা দৰৱৰ বটল কেইটা
পুৰণি মেজখনত থিয় হৈ আছিল
ঠিক তাৰ পৰাই এটা দৃশ্যৰ আৰম্ভ হৈছিল
আকাশৰ পৰা সৰে
মৃত নৈৰ পানী
দুচকুৰ পথাৰ উপচি
মৰুময় ছাউনী
পোৰা যোৱা সাধুটোৰ পৰা
ধোৱা উৰি আছিল
তাত জুই জ্বলা নাছিল
বুকুত হাত থৈ ক্ষণিক
এইয়া বতাহত
কিহৰ ৰু-ৰুঁৱনি
জন্ম মৃত্যু দুই দিন
নাই কাৰো চিনা-চিন
পুৰণি আটালখনৰ ফেঁচাৰ মাতটো
মুধাৰ ওপৰত বহি তললৈ চাই আছিল
নদীৰ পানীখিনি
ইমান চেঁচা যে
তাৰ ধাৰটোৱে
ৰাতিৰ নৈশব্দতা কঁপাইছে
উথপথপ জাকৈয়া মেঠনিত
কেনেকৈনো সম্ভৱ
মৎস্যহীন চাৱনি
পুৰণি মেজখনত থিয় হৈ আছিল
ঠিক তাৰ পৰাই এটা দৃশ্যৰ আৰম্ভ হৈছিল
আকাশৰ পৰা সৰে
মৃত নৈৰ পানী
দুচকুৰ পথাৰ উপচি
মৰুময় ছাউনী
পোৰা যোৱা সাধুটোৰ পৰা
ধোৱা উৰি আছিল
তাত জুই জ্বলা নাছিল
বুকুত হাত থৈ ক্ষণিক
এইয়া বতাহত
কিহৰ ৰু-ৰুঁৱনি
জন্ম মৃত্যু দুই দিন
নাই কাৰো চিনা-চিন
পুৰণি আটালখনৰ ফেঁচাৰ মাতটো
মুধাৰ ওপৰত বহি তললৈ চাই আছিল
নদীৰ পানীখিনি
ইমান চেঁচা যে
তাৰ ধাৰটোৱে
ৰাতিৰ নৈশব্দতা কঁপাইছে
উথপথপ জাকৈয়া মেঠনিত
কেনেকৈনো সম্ভৱ
মৎস্যহীন চাৱনি
নদী- জীৱনৰ প্রতীক। বৈ যোৱাই নদীৰ ধৰ্ম, জীৱনৰ চিৰ প্ৰবাহমান। সেই নদীৰ বুকুত জিলিকে জীৱনৰ উথ্বান-পতনৰ ইতিহাস।। ‘শেষ হোৱা দৰৱৰ বটল’, ‘পুৰণি মেজ’ আদি ক্রমাৎ নিৰ্বাপিত জীৱনৰ দ্যোতক, যি কঢ়িয়াইছে মৃত্যুৰ আৱেশ-- ‘আকাশৰ পৰা সৰে/মৃত নৈৰ পানী/দুচকুৰ পথাৰ উপচি মৰুময় ছাউনী/পোৰা যোৱা সাধুটোৰ পৰা/ধোৱা উৰি আছিল/তাত জুই জ্বলা নাছিল’। ‘বুকুত হাত থৈ ক্ষণিক/এইয়া বতাহত/কিহৰ ৰু-ৰুঁৱনি/জন্ম মৃত্যু দুই দিন/নাই কাৰো চিনা-চিন’—এই স্তৱকটিৰ জৰিয়তে বাঙ্ময় হৈছে। অধিবাস্তৱবাদৰ সূত্র অনুসাৰে.. মননৰ এক গভীৰ পৰ্যায়ত জীৱন মৃত্যু, অতীত বৰ্তমান, বাস্তৱ কল্পনা এই সকলোবোৰ একাকাৰ হৈ যায়। ‘ফেঁচাৰ মাত’ প্রতীকৰ জৰিয়তে আসন্ন মৃত্যু-চেতনা মূৰ্ত হৈছে। কবিতাটোত ‘নদীৰ চেঁচা পানী’, ‘ৰাতিৰ নৈশব্দত’ আদি অনুষংগৰ জৰিয়তে যন্ত্রণাৰ অভিব্যক্তি মূৰ্ত হৈছে। প্রতীকী প্রকাশেৰে কবিতাটোৰ ভাৱ-ভাষা আৰু উপস্থাপন যথাযথ। কিন্তু ‘উথপথপ জাকৈয়া মেঠনি’, ‘মৎস্যহীন চাৱনি’ আদি বাক্যাংশৰে কিছু অনৰ্থক দূৰ্বোধ্যতা তথা ভাৱৰ প্রকাশৰ দূৰ্বল অভিব্যক্তিৰে কবিতাৰ সামৰণি কিছু অসামঞ্জস্যমূলক হৈছে।
_________________________________________________________
_________________________________________________________
৭) এই মুহূৰ্ত মই নিৰ্বাক স্তব্ধ_________________কবিঃ ভাৰ্গৱ জ্যোতি বৰা
.
অতলস্পৰ্শ অন্ধকাৰত হঠাৎ এক বিস্ফোৰণ
দৌৰ মাৰি দি যোৱাহি
দুখৰ অলপ নিক'টিন.
পাখি কোবাই আছেনে চৰাই
দেওলগা চৰাইৰ পাখিৰ তলত
চেপ্তেম্বৰৰ ১০
আৰু ডিচেম্বৰৰ ২৮
ছোৱালীজনী কিয় ইয়াত ৰৈ আছেহি
তাইৰ চকুপানীৰ হ্ৰদেৰে
জিৰ্ জিৰ্ জিৰ্ জিৰ্
চিঞঁৰ এটি গৈ গৈ নোহোৱা হৈছিল
সেই শীতৰ ৰাতিটোত
মই মৰি যোৱা হ'লেই ভাল আছিল
সেই দিনটোলৈ তোমাৰ মনত নপৰে ?
তোমাক চাবলৈকে বৰষুণ জাক পঠাইছিলো
-মেঘদূত
অক্টোবৰৰ ২৫
. তোমাৰ চুলিয়ে অঁকা পেইন্টিংখন
হঠাৎ কবিতা হৈ গ'ল
কবিতা তোমাৰ চুলিত - চকুত
মইটো লিখা নাই কবিতা
কঁপি কঁপি তোমাৰ বুকুত
ডিলানৰ গান এটা শুনিলো
নদী এখনেৰে চৈ দি
নোহোৱা হ'লো
.
অতলস্পৰ্শ অন্ধকাৰত হঠাৎ এক বিস্ফোৰণ
দৌৰ মাৰি দি যোৱাহি
দুখৰ অলপ নিক'টিন.
পাখি কোবাই আছেনে চৰাই
দেওলগা চৰাইৰ পাখিৰ তলত
চেপ্তেম্বৰৰ ১০
আৰু ডিচেম্বৰৰ ২৮
ছোৱালীজনী কিয় ইয়াত ৰৈ আছেহি
তাইৰ চকুপানীৰ হ্ৰদেৰে
জিৰ্ জিৰ্ জিৰ্ জিৰ্
চিঞঁৰ এটি গৈ গৈ নোহোৱা হৈছিল
সেই শীতৰ ৰাতিটোত
মই মৰি যোৱা হ'লেই ভাল আছিল
সেই দিনটোলৈ তোমাৰ মনত নপৰে ?
তোমাক চাবলৈকে বৰষুণ জাক পঠাইছিলো
-মেঘদূত
অক্টোবৰৰ ২৫
. তোমাৰ চুলিয়ে অঁকা পেইন্টিংখন
হঠাৎ কবিতা হৈ গ'ল
কবিতা তোমাৰ চুলিত - চকুত
মইটো লিখা নাই কবিতা
কঁপি কঁপি তোমাৰ বুকুত
ডিলানৰ গান এটা শুনিলো
নদী এখনেৰে চৈ দি
নোহোৱা হ'লো
‘অতলাস্পৰ্শ অন্ধকাৰ’ৰ দ্যোতনাৰে বিমূৰ্ত ধাৰণাৰ ওপৰত কবিয়ে অস্তিত্ববাদী চেতনাৰ আৰোপ ব্যঞ্জিত কৰিছে.. কোনো আকস্মিক সংঘটনৰ অভিঘাতেৰে। সেই আকষ্মিক সংঘাতজনিত যন্ত্রণাৰ দূৰুহতাত কবিয়ে নিজক পাহৰিবৰ বাবে বাস্তৱৰ পৰা পলায়নৰ বাট বিচাৰিছে। ‘দৌৰ মাৰি দি যোৱাহি/ অলপ দুখৰ নিক’টিন’-ইচ্ছাকৃত গদ্যময়তা তথা কথনৰ পোনপটীয়া শৈলীৰে কবিতাটিৰ প্রকাশভংগীলৈ কাব্যিকতা আৰু অকাব্যিকতাৰ সংযোগ সাধনৰ হেতু কিছু বিৰুপাত্মক প্রতিক্রিয়াৰ সূচনা কৰিছে। কিন্তু পুনৰ কাব্যিকতা আহিছে--‘পাখি কোবাই আছেনে চৰাই’- বাক্যাংশৰে.. যি বিপন্ন সময় তথা পৰিবেশৰ এটা অনুষংগ কঢ়িয়াইছে আৰু সেই অনুভূতিৰ আতংক গভীৰ হৈছে ‘চেপ্তেম্বৰ১০‘ আৰু ‘ডিচেম্বৰ ২৮’ তাৰিখ সম্বলিত শাৰীকেইটাৰ জৰিয়তে।
‘ছোৱালীজনী কিয় ইয়াত ৰৈ আছেহি/তাইৰ চকুপানীৰ হ্ৰদেৰে/জিৰ্ জিৰ্ জিৰ্ জিৰ্/চিঞঁৰ এটি গৈ গৈ নোহোৱা হৈছিল/’ এই স্মৃতি চিত্রকল্পৰ জৰিয়তে ব্যঞ্জিত হৈছে কাৰুণ্য। ‘তোমাৰ চুলিয়ে অঁকা পেইন্টিংখন/হঠাৎ কবিতা হৈ গ'ল’-শাৰীটোৰে ধ্বনিত হৈছে ৰোমান্তিকতা, সাৰপাই উঠিছে স্বপ্নাতুৰ অতীত কথকৰ সোঁৱৰণিত। মাথোঁ খন্তেকীয়া সেই সুখ-স্মৃতিৰ অনুৰণনে আমেৰিকান গায়ক, কবি ‘বব ডিলান’ (যিজনক এসময়ত আমেৰিকান অস্থিৰতাৰ বাহক হিচাপে গণ্য কৰা হৈছিল) এটি গীত যি কবিতাটিত অস্থিৰ মানসিকতাৰ প্রতীক হিচাপে ব্যৱহৃত হৈছে। সেই অস্থিৰতাৰ আৱহেৰে কথকৰ বিলীন হোৱাৰ ব্যঞ্জনাৰে কবিতাটিৰ সামৰণি ঘটিছে। প্রচেষ্টামূলকভাবে ভাৱৰ প্রকাশভংগীত আৰোপিত কিছু আচহুৱাকৰণৰ ফলশ্রুতিৰে নিৰূপিত দুৰুহতা, নাটকীয় উপস্থাপন, প্রতীকধৰ্মীতা, অসামঞ্জস্যহীন ভাষা শৈলীৰে কবিতাটিত আমি অসমৰ কাব্যঋষি ‘নীলমণি ফুকনদেৱ’ৰ কিছু চাঁপ দেখা পাওঁ যদিও নীলমণি ফুকনদেৱৰ কবিতাৰ দূৰ্বোধ্যতাৰে ঘেৰা ৰহস্যময়তাৰ আৱহসম্বলিত লালিত্য এই কবিতাটিৰ ক্ষেত্রত পৰিলক্ষিত নহয়।
________________________________________________________
________________________________________________________
৮) বাটবোৰ____________________কবিঃ সুব্রত মহন্ত
বাটবোৰ বাটেই
হৈ থাকিল ..
দুৱৰিৰ চুপতিক
সঁচাবুলি ভাবি
বাট চালে
উৰণীয়া পখিলাজাকলৈ ..
.
ৰ'দত শুকালে ,
বৰষুণত তিতিলে ,
শীতৰ সেমেকা বতাহক
কঁপি কঁপি সুধিলে
আহিবনে সিহঁত
ফুলিবনে ফুল !!
.
সেউজীয়া উপত্যকাবোৰ
এতিয়া চহৰ হ'ল
দুৱৰিবোৰ গচকত শুকাল
আৰু পখিলাবোৰ ...
বন্দী সিহঁত
চহৰৰ ভিৰত!!
.
মাথোন বাটবোৰ...
বাটেই
হৈ থাকিল ...
‘বাটবোৰ বাটেই হৈ থাকিল’
হৈ থাকিল ..
দুৱৰিৰ চুপতিক
সঁচাবুলি ভাবি
বাট চালে
উৰণীয়া পখিলাজাকলৈ ..
.
ৰ'দত শুকালে ,
বৰষুণত তিতিলে ,
শীতৰ সেমেকা বতাহক
কঁপি কঁপি সুধিলে
আহিবনে সিহঁত
ফুলিবনে ফুল !!
.
সেউজীয়া উপত্যকাবোৰ
এতিয়া চহৰ হ'ল
দুৱৰিবোৰ গচকত শুকাল
আৰু পখিলাবোৰ ...
বন্দী সিহঁত
চহৰৰ ভিৰত!!
.
মাথোন বাটবোৰ...
বাটেই
হৈ থাকিল ...
‘বাটবোৰ বাটেই হৈ থাকিল’
‘বাট’ –সভ্যতাৰ প্রগতিৰ প্রতীক তথা যোগাযোগ বা যাতায়াত ব্যৱস্থাৰ মাধ্যম। ‘দুৱৰিৰ চুপতিক/সঁচা বুলি ভাবি/বাট চালে/উৰণীয়া পখিলাজাকলৈ’ -দৰ্পণ কল্পচিত্রৰে কবিতাৰ অন্তৰ্ভাগলৈ পাঠকক আমন্ত্রণ জনায় কবিয়ে। সমাজজীৱনৰ উন্নতিৰ বাৰ্তাবাহক বাটেও বাট চাই প্রগতিৰ ধামখুমীয়াত ব্যস্ত হ’বৰ মানসেৰে । কিন্তু ক্রমবৰ্ধমান যান্ত্রিক সভ্যতাৰ আগ্রাসনত যেন বাটেও হেৰুৱাই নিজৰ স্বকীয়তা। দুয়োকাষৰ সেউজ শোভা, নৈসৰ্গিক নান্দনিকতাৰ বিপৰীতে বাট হৈ উঠে সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ হোতা। কিয়নো প্রগতিৰ হাত ধৰি মানুহে আহৰণ কৰে যান্ত্রিকতা হেৰুৱাই আত্মিক উদাৰতা।
‘সেউজীয়া উপত্যকাবোৰ
এতিয়া চহৰ হ'ল
দুৱৰিবোৰ গচকত শুকাল
আৰু পখিলাবোৰ ...
বন্দী সিহঁত
চহৰৰ ভিৰত!!’ -তথাপিও পৰিচয়হীনতাত নোভোগে বাটবোৰে। কাৰণ বাট এটা সদায়েই বাটেই হৈ থাকে, মানুহৰ প্রয়োজন পূৰোৱাৰ স্বাৰ্থত। ‘বাটবোৰ-বাটেই/হৈ থাকিল .../‘বাটবোৰ বাটেই হৈ থাকিল’ শাৰীকেইটাৰ পুনৰুক্তিৰে ‘ভৱিষ্যতে একো অভিনৱত্বৰ সূচনা নকৰে’ শীৰ্ষক এলিয়টীয় চিন্তাৰ প্রকাশ ঘটিছে। কবিতাটিৰ সীমিত পৰিসৰৰ পৰিধিতে শব্দ আৰু চিন্তাৰ পৰিমিতিবোধসম্পন্ন ‘মেটাফিজিকেল কবিতা’ (হাৰ্বাট-১৫৯৩-১৬৩৬)ৰ ধূসৰ ৰূপ য'ত বৈপৰীত্যৰ মাজত তুলনা- যেনে ‘সেউজীয়া উপত্যকা –চহৰ’ ‘ বাট-পখিলা’ আদি পৰিলক্ষিত হয়।

৯) জীৱন নদীৰ কোবাল সোঁত______________কবিঃ বিনু ফুকন
কোন খিনিত ভুল হল
কোন খিনিত থাকি গল
কোন খিনিত ৰৈ গল খুঁত
তুলিকাৰ বুলনিত
কোন খিনিত নালাগিল বোল
এৰি অহা দিনে ৰিঙিয়াই কলে
আকৌ বোলোৱা যিখিনিত নালাগিল বোল
ওঁহো, নোৱাৰি
জীৱন নদীৰ কোবাল সোঁত |
কোন খিনিত ভুল হল
কোন খিনিত থাকি গল
কোন খিনিত ৰৈ গল খুঁত
তুলিকাৰ বুলনিত
কোন খিনিত নালাগিল বোল
এৰি অহা দিনে ৰিঙিয়াই কলে
আকৌ বোলোৱা যিখিনিত নালাগিল বোল
ওঁহো, নোৱাৰি
জীৱন নদীৰ কোবাল সোঁত |
সময়ৰ সোঁতে সোঁতে উঁটি যোৱা জীৱন নদী। ভুল শুদ্ধৰ সমষ্টিৰে ঘেৰা মানৱ জীৱন। কিছু পাহৰণি ..কিছু সোঁৱৰণিৰ মাজেৰে স্মৃতিকাতৰতাত নিৰলে কৰা হয় জীৱনৰ অৱমূল্যায়ন। মিলাব বিচৰা হয় ভুল হিচাপ নিকাচ। তাৰেই যেন সহজ খতিয়ান কবি বিনু ফুকনৰ কবিতা ‘ জীৱন নদীৰ কোবাল সোঁত’। জীৱনৰ প্রতি সহজাত সহানুভূতিৰে সিক্ত এটি সৰল কিন্তু গভীৰভাৱ সম্বলিত কবিতা। নিৰলত নিজৰ সৈতে কথোপকথনৰ সুৰ কবিতাৰ আবহ.. কিছু পৰিমাণে ৰহস্যবাদী ধাৰাৰ কবি নলিনীবালা দেৱীৰ কবিতাৰ কাৰুণ্যৰ উপস্থিতিৰে এটি প্রাৰ্থনাৰ দৰে কবিতা।
‘এৰি অহা দিনে ৰিঙিয়াই ক'লে/আকৌ বোলোৱা যিখিনিত নালাগিল বোল/ওঁহো, নোৱাৰি/জীৱন নদীৰ কোবাল সোঁত |’ –পংক্তিকেইটাৰ জৰিয়তে কবিমনৰ দ্বণ্ড প্রকাশ হৈছে মনগহনৰ কিছু হতাশাজনিত বিষাদৰ অনুভূতিৰ জৰিয়তে। শিৰোনামত দিয়া ‘ ...’ বোৰ নিষ্প্রয়োজন। কাব্যিকতা বা ‘কবিতাৰ ভাষা’ আৰু আংগিকৰ অনুপস্থিতিৰে কবিতাৰ উপস্থাপনত দূৰ্বলতা পৰিলক্ষিত হয়।
_____________________________________________________

১০) প্ৰতিজ্ঞা____________________কবিঃ প্রভাকৰ শৰ্মা নেওগ
প্ৰতিজ্ঞা কৰিলোঁ আজি তোমাৰ আগত
আৰু কেতিয়াও নলওঁ উশাহ কোনো ছলনাময় বীৰৰ বাবে
নলওঁ ধৰি আৰু কোনোদিন নিৰ্লিপ্ত ৰথৰ ৰক্তস্নাত চকাৰ ৰঞ্জিত বল্গা
প্ৰতিজ্ঞা কৰিলোঁ আজি মোৰ পুলিন পুথাওৰ বিহ্বল দৃষ্টিৰ আগত।
নাভাবিবাঁ তোমাক সৰু কৰি মই দিম বুলি ওভোটাই
তেওঁলোকে মোক দিয়া উপহাৰবোৰ
আজি মই জ্ঞাত ইয়াৰ প্ৰকৃত ওজনৰ বিষয়ে
তিলে তিলে মই কঢ়ি্যাই লৈ যাম এই দেহক্ষয়ী ৰঞ্জনযুক্ত ওজনৰ ভাৰ।
প্ৰতিজ্ঞা কৰিলোঁ আজি মই
মোৰ আই মোৰ মাতৃ সৰস্বতীৰ আগত।

বীৰত্বব্যঞ্জক ভাৱ প্রধান এটি কবিতা। কবিৰ মনোজগতত ক্রিয়া কৰিছে সামাজিক প্রমূল্যবোধৰ অৱক্ষয়। যি তেওঁৰ মননত দীপ্ততা প্রদান কৰিছে সেই অৱক্ষয়ক জুকিয়াই চোৱাৰ। আবেগ আৰু কল্পনাৰ বিপৰীতে বাস্তৱৰ অবলোকন কবিতাৰ সমল। তেওঁ প্রত্যক্ষ কৰিছে ক্রমাৎ ধ্বংসৰ মুখলৈ আগবঢ়া স্বদেশৰ সামাজিক বাতাবৰণ আৰু প্রতিবাদকল্পে তুলি লৈছে কলম-
‘আৰু কেতিয়াও নলওঁ উশাহ কোনো ছলনাময় বীৰৰ বাবে/নলওঁ ধৰি আৰু কোনোদিন নিৰ্লিপ্ত ৰথৰ ৰক্তস্নাত চকাৰ ৰঞ্জিত বল্গা/প্ৰতিজ্ঞা কৰিলোঁ আজি মোৰ পুলিন পুথাওৰ বিহ্বল দৃষ্টিৰ আগত।‘ -কিছু উপহাস কিছু শ্লেষ কবিতাৰ নেপথ্যত অনুৰণিত হৈছে আৰু ফলশ্রুতিত প্রজ্বলিত আত্ম প্রজ্ঞাৰ আলোকেৰে প্রভাসিত হৈছে কথকৰ চৈতন্য, য’ত উদ্ভাসিত হৈছে দেশপ্রেমৰ অগ্নিবৰ্ষী সুৰ। প্রকাশভংগী, ভাষা, ছন্দ, অন্তৰ্লীন সুৰ বা বাচ্যৰ সমন্বয়েৰে এটি সুখপাঠ্য তথা সুখশ্রুত কবিতা- য’ত কিছু পৰিমাণে আমি অম্বিকাগিৰি ৰায়চৌধুৰীৰ এক ধূসৰ অৱস্থিতি লক্ষ্য কৰোঁ। কিন্তু আত্মিক ভাৱপ্রৱাহৰ ব্যাপ্তিৰ ক্ষেত্রত কিছু অধিক মগ্নতা তথা ওজস্বী সুৰৰ অভাৱে কবিতাটিক সম্পূৰ্ণতা প্রদানৰ ক্ষেত্রত সম্পূৰ্ন সফল বুলি ক’ব পৰা নাযায়।
*****
কিছু অসুবিধাবশতঃ ৩১ সংখ্যক পুনৰীক্ষণ যথেষ্ট খৰধৰকৈ যুগুতাবলগীয়া হোৱাত তথা আমাৰ জ্ঞানৰ সীমাবদ্ধতাৰ হেতু আলোচনাটিত অনেকখিনি খুঁত স্বাভাৱিকতে ৰৈ যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। স্ব-কৰ্ষণেৰে লব্ধ প্রজ্ঞাৰ উজ্বলতাৰে নিত্য নতুন সৃষ্টিৰে, সম্পৰীক্ষাৰে কবিসকল উজ্বলি উঠক। প্রতিজন কবিলৈ আমাৰ আন্তৰিক শুভকামনা। সহৃদয় পাঠকৰ ওচৰত সম্ভাব্য ক্রুটিৰ মাৰ্জনা বিচাৰি আলোচনাটি সামৰিছোঁ।
ধন্যবাদেৰে—
অনিতা গগৈ।৬।২।১৬।।
___________________________সমাপ্ত_________________________
ধন্যবাদেৰে—
অনিতা গগৈ।৬।২।১৬।।
___________________________সমাপ্ত_________________________
'পুনৰীক্ষণ' শিতানৰ ব্যৱস্থাপকৰ টোকাঃ
আখৰুৱা গোটৰ ৩১ সংখ্যক 'পুনৰীক্ষণ' শিতানৰ চতুৰ্থ খণ্ডৰ দ্বিতীয় ভাগত পৰ্যালোচক অনিতা গগৈয়ে সামৰি লোৱা কবি সকলৰ কবিতাৰ যি আলোচনা আগবঢ়ালে, সেয়া তেখেতসকলে কিদৰে লৈছে তাৰ ওপৰতেই এই শিতানৰ সাৰ্থকতা বা দুৰ্বলতা নিৰ্ভৰ কৰিব। সেয়ে 'পুনৰীক্ষণ' শিতানৰ দোষ-ত্ৰুটি সমূহ আঙুলিয়াই দিবলৈ মাননীয় কবি তথা গোটৰ সদস্যসকললৈ বিনম্ৰ অনুৰোধ কৰিলোঁ।
উল্লেখ্য যে- 'পুনৰীক্ষণ' শিতানত সন্নিৱিষ্ট কবিতাসমূহৰ বানান আদি পৰ্যবেক্ষক বা ব্যৱস্থাপকৰ দ্বাৰা শুধৰণি কৰা নহয়। সিবোৰ শুধৰোৱাৰ দায়িত্ব কবিসকলৰ ওপৰত ন্যস্ত থাকিব। পৰ্যালোচনাৰ ক্ষেত্ৰত থকা যিকোনো বানানৰ ভুল মাননীয় পাঠকসকলে দেখুৱাই দিলে, সিবোৰৰ শুধৰণি পৰ্যবেক্ষক বা ব্যৱস্থাপকে কৰিব। সেয়ে বানানৰ ভুল সমূহ উনুকিয়াই দিবলৈ মাননীয় পাঠকসকললৈ বিনম্ৰভাৱে অনুৰোধ কৰা হ'ল।
শেষত ৩১ সংখ্যক 'পুনৰীক্ষণ' শিতানৰ চতুৰ্থ খণ্ডটোৰ দুটা ভাগত যুগুতাই আখৰুৱা গোটৰ সৈতে সহযোগিতা আগবঢ়োৱা বাবে পৰ্যলোচক অনিতা গগৈলৈ আন্তৰিক ধন্যবাদ জনালোঁ আৰু আগলৈও 'পুনৰীক্ষণ' শিতানলৈ তেখেতৰ সহযোগিতা পোৱাৰ আশা ৰাখিলোঁ। অনিতা গগৈৰ সাহিত্য-চৰ্চাৰ উত্তৰণ হওঁক, আখৰুৱা গোটৰ পৰা কামনা তাকেই কৰিলোঁ।
আশা ৰাখিম আখৰুৱাৰ 'পুনৰীক্ষণ' শিতানে কবি আৰু পাঠকৰ ওচৰ সম্বন্ধ গঢ়ি তোলাত সহায় কৰিব।
ধন্যবাদ,
মনোহৰ দত্ত
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান।
আখৰুৱা : literati গোট।
৭ ফেব্ৰুৱাৰী ২০১৬

ধন্যবাদ ... পুনৰীক্ষণ পঢ়ি লিখিবলৈ সাহ পালো ...
ReplyDelete