Sunday, 7 February 2016

"চন্দ্ৰবিন্দুটো মোৰ নামৰ আগতে দিবা"

চন্দ্ৰবিন্দুটো মোৰ নামৰ আগতে দিবা 
                    -- দীপালী বৰা 



অসমৰ এজন প্ৰথিতযশা পণ্ডিত প্ৰয়াত ড° মহেশ্বৰ নেওগদেৱৰ কথা এইষাৰ ৷ তেখেতৰ নামটো লিখোঁতে বহুতে "নেওগ" শব্দটো "নেওঁগ" বুলি লিখিছিল ৷ বহুতক তেখেতে শুধৰাই দিছিল ৷ কিন্তু লেখোঁতাসকলে প্ৰায়ে ভুল কৰিয়ে লিখিছিল ৷ অতিষ্ঠ হৈ চাৰে কৈছিল বোলে চন্দ্ৰবিন্দুটো নেওগৰ ওপৰত দিয়াতকৈ মোৰ নামৰ আগতে দি দিবা ৷
ঁ( চন্দ্ৰবিন্দু) হ'ল আনুনাসিক ধ্বনি, অৰ্থাৎ নাকেৰে উচ্চাৰণ হোৱা ধ্বনি ৷ এই ধ্বনিৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰায়ে লেখকসকলে খেলিমেলি কৰা দেখা যায় ৷ বহুতৰ লেখাত নাসিক্য ম,ন,ঙ ধ্বনিৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা দেখা যায় ৷যেনে -- মাঁ, শুনোঁ, গুণোঁ, বনাওঁ আদি ৷ কিন্তু চন্দ্ৰবিন্দুৰ এনে প্ৰয়োগ ভুল ৷ কাৰণ ম বা ন যিহেতু নিজেই নাসিক্য ধ্বনি তাৰ ওপৰত চন্দ্ৰবিন্দু প্ৰয়োগ নিৰৰ্থক ৷ ঠিক একেদৰে শুনোতে, জানোতে, মানোতে আদি শব্দবোৰত ঁ দিয়াৰ প্ৰয়োজন নহয় ৷ কাৰণ ইহঁতৰ উচ্চাৰণ এনেয়ে অনুনাসিক ৷ নেওগ, নেওতা, নেওচা আদি শব্দবোৰতো ঁৰ প্ৰয়োজন নাই ৷ কাৰণ আদিস্থানৰ নাসিক্য ধ্বনিৰ উচ্চাৰণ পাচৰ স্বৰবৰ্ণ পৰ্যন্ত বিস্তৃত হৈ পৰি এনেও আনুনাসিক হৈ পৰে ৷ সেয়ে দিওঁতা লওঁতা, কওঁতা হয় কিন্তু নিওঁতা নহয় ৷
বহুতে শব্দত ঁৰ স্থান সম্পৰ্কেও বিভ্ৰান্তিত পৰা দেক্ষা যায় ৷ উদাহৰণ স্বৰূপে 'গাঁও' শব্দৰ ঁ কোনটো বৰ্ণৰ ওপৰত হ'ব, 'গোসাঁই ' হ'ব নে 'গোঁসাই ' হ'ব, ইত্যাদি ৷ এইক্ষেত্ৰত মনত ৰাখিব লাগিব যে অসমীয়া শব্দ ভাণ্ডাৰৰ অধিকাংশ শব্দই সংস্কৃতমূলীয় ৷ যেতিয়া মূলৰ অৰ্থাৎ সংস্কৃত শব্দৰ নাসিক্য ধ্বনি অসমীয়াত লোপ হয়, তেতিয়া তাৰ ঠাইত ঁ উচ্চাৰিত হয় ৷ আৰু এই ঁ মূলত লুপ্ত নাসিক্য ধ্বনিটোৰ আগৰ স্বৰধ্বনিৰ ওপৰত বহে ৷ গতিকে গ্ৰামৰ পৰা ওলোৱা শব্দটো গাঁও হ'ব ৷ গোস্বামীৰ পৰা ওলোৱা শব্দটো হ'ব গোসাঁই ইত্যাদি ৷
ভাষা এটাৰ শুদ্ধতা ব্যৱহাৰকাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে ৷ কওঁতা, লিখোঁতাসকল সাৱধান নহলে ভাষাৰ শুদ্ধতা ৰক্ষা নপৰে ৷ গতিকে প্ৰতিজন লেখকৰ কৰ্তব্য ভাষা শুদ্ধকৈ ব্যৱহাৰ কৰাটো ৷ কিন্তু পৰিতাপৰ বিষয় কবিয়ে কবিতা লিখে, গল্পকাৰে গল্প , য'ত বাৰেবুৰি ভুলে সুন্দৰ লেখা এটাৰো পঠনযোগ্যতা বিনষ্ট কৰে ৷

No comments:

Post a Comment