আখৰুৱাঃ ইতিমধ্যে তুমি কোৱা ৰহস্যবাদৰ কথা আমি পিছত আকৌ পাতিম।
সদ্যহতে অন্য এটা কথা পাতিব বিচাৰিছো। সাধাৰণতে এইটো দেখা যায় যে ছপা মাধ্যমত প্ৰকাশিত কবিতাৰ কেতিয়াবা, কেতিয়াবা কাকত বা আলোচনীয়ে সম্পাদনা কৰে। কবিতাৰ সম্পাদনা কৰাটো উচিত নে?
নিশাংক মিলনঃ কবিতা সম্পাদনা কৰাটো মোৰ মতে শুদ্ধ কথা নহয়। প্ৰতিটো শব্দৰে কবিতাত এক সুকীয়া ঠাই থাকে, যি কবিজনৰ অনুভৱক প্ৰতিনিধিত্ব কৰে। সম্পাদনাই ইয়াৰ মাধূৰ্য নষ্ট কৰি পেলায়।
আখৰুৱাঃ এগৰাকী কবিৰ একেটি কবিতা কোনো কাৰণত দুখন আলোচনীত প্ৰকাশ হোৱাত দেখা গ'ল যে- এখনে হুবহু কবিতাটো প্ৰকাশ কৰাৰ বিপৰীতে, আনখনে দুটি শাৰী কাটি কবিতাটো প্ৰকাশ কৰে। এনে পৰিস্থিতিত স্বাভাৱিকতে কবি গৰাকীৰ মনত হোৱা প্ৰতিক্ৰিয়া সহজে অনুমান কৰিব পাৰি। কিন্তু কবিতাৰ সম্পাদনা প্ৰচলিত কথা। সেয়ে কোনো কাকত, আলোচনীয়ে কবিতাৰ সম্পাদনা কৰিলে কবিয়ে বিষয়টো কিদৰে লোৱা ভাল।
নিশাংক মিলনঃ সকলো কবিয়ে যদি ইয়াৰ বিৰোধিতা কৰিবলৈ লয়, তেন্তে নিশ্চয় সম্পাদকে সম্পাদনা কৰা বাদ দিবলৈ বাধ্য হব
আখৰুৱাঃ কিন্ত সম্পাদনাৰ বিৰোধিতা কৰাৰ মানসিকতা থকা কবি ওলাব জানো?
নিশাংক মিলনঃ নিশ্চয় ওলাব
আখৰুৱাঃ নতুন চাম কবিৰ ক্ষেত্ৰত, বিশেষকৈ ফেচবুকৰ কবিৰ কবিতাৰ সম্পাদনা সম্ভৱ হ'ব পাৰেনে? নতুবা প্ৰয়োজনীয়নে?
নিশাংক মিলনঃ কোনো অভিজ্ঞজনে আঙুলিয়াই নিশ্চয় দিব পাৰে যে- এনেকৈ নহয় এনেকৈ হ'লে হয়তো অলপ বেছি মনোগ্ৰাহী হল হয়। কিন্তু তাক মানা নামানা কবিজনৰ ওপৰত।
আখৰুৱাঃ কিন্তু কবিতাৰ সম্পাদনা যদিহে কবি এগৰাকীয়ে কৰে, তেতিয়া কবিতাৰ উত্তৰণ নহ'ব জানো?
নিশাংক মিলনঃ সকলো কবিৰে অনুভৱৰ ক্ষেত্ৰ একে নহয়। গতিকে সম্পাদনা কৰিবলৈ গ'লে এজনে নিজৰ দৃষ্টিভংগী, চিন্তা, অনুভৱ আদি আনজনৰ ওপৰত জাপি দিয়াহে হ'ব। আৰু যি উত্তৰণৰ কথা কৈছে আপুনি, মোৰ বোধেৰে সেই উত্তৰণ কবিজনৰ নিজৰ ভিতৰৰ পৰাই হোৱা উচিত।
আখৰুৱাঃ বুজিছো। তেন্তে কবিয়ে নিজৰ কবিতাৰ সম্পাদনা নিজেই কৰাটো প্ৰয়োজনীয় বুলি ভাবানে?
নিশাংক মিলনঃ হয়, ভাবোঁ।
আখৰুৱাঃ মই জনা মতে ইংৰাজী ভাষাৰ খ্যাতি সম্পন্ন কবি সকলৰ কবি সম্পাদক আছিল। টি, এছ, এলিয়টৰ বাবে আছিল এজৰা পাউণ্ড। তেনে এক প্ৰয়োগ ইংৰাজী সাহিত্যত হয় বুলি শুনিছো। এই বিষয়ে তুমি শুনিছা নেকি?
নিশাংক মিলনঃ নাই শুনা। পৰীক্ষামূলক ভাৱে কৰি চোৱাটো এক বেলেগ কথা হ'ব নিশ্চয়, আৰু যদি কবিয়ে নিজেই বিচাৰে তেতিতো ইয়াত ক'বলগীয়া একো নাথাকে।
আখৰুৱাঃ অলপ গভীৰলৈ যাব বিচাৰিছো। এলিয়টৰ 'The Waste Land'-ৰ বিষয়ে উইকিপেডিয়াত কৈছে-
"The drafts of the poem reveal that it originally contained almost twice as much material as the final published version. The significant cuts are in part due to Ezra Pound's suggested changes, although Eliot himself is also responsible for removing large sections.
Although there are several signs of similar adjustments made by Eliot, and a number of significant comments by Vivienne, the most significant editorial input is clearly that of Pound, who recommended many cuts to the poem."
নিশাংক মিলনঃ ইয়াত শেষৰ পিনে recommended আৰু প্ৰথমতে suggested শব্দটো মন কৰিছেনে। ইয়াৰ পৰা ভাৱ নহয়নে যে পাউণ্ডে আচলতে প্ৰত্যক্ষ ভাবে সম্পাদনা কৰা হয়তো নাছিল, বৰঞ্চ এলিয়টক suggest হে কৰিছিল যে এনেকৈ এইখিনি বাদ দিলে ভাল হ'ব বা তেনেকুৱা কিবা। এই কথাখিনিৰ ময়ো সমৰ্থক। অলপ আগতেই মইও তাকেই ক'ব খুজিছিলো।
আখৰুৱাঃ কিন্তু এনে ধৰণৰ recommended বা suggested সম্পাদনাৰ প্ৰতি আমি আগ্ৰহী জানো?
নিশাংক মিলনঃ মই ভাবো এনে ধৰণৰ suggestion আমি গুৰুত্ব সহকাৰে লোৱা উচিত। ই আমাৰ দূৰ্বলতাবোৰ চিনি পোৱাত সহায়ক হয়। কোনো এটা কবিতাই পাঠকক স্পৰ্শ কৰিবলৈ হ'লে। কবিতাটোৰ প্ৰতি পাঠকৰ মনৰ প্ৰতিক্ৰিয়া কেনে বা কবিতাটোৰ লগত পাঠক একাত্ম হ'ব পাৰিছেনে নাই এই কথাবোৰ নিশ্চয় খেয়াল ৰাখিব লাগিব। আৰু Suggestion বোৰে আমাক পাঠকৰ মনৰ কথা পৰোক্ষ ভাবে জনাত সহায় কৰে। গতিকে আমি ইয়াক গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত বুলি ভাবোঁ।
(আগলৈ)
—সদ্যহতে অন্য এটা কথা পাতিব বিচাৰিছো। সাধাৰণতে এইটো দেখা যায় যে ছপা মাধ্যমত প্ৰকাশিত কবিতাৰ কেতিয়াবা, কেতিয়াবা কাকত বা আলোচনীয়ে সম্পাদনা কৰে। কবিতাৰ সম্পাদনা কৰাটো উচিত নে?

No comments:
Post a Comment