Saturday, 6 February 2016

কবি, লেখক তথা আখৰুৱাৰ সদস্য প্ৰয়াত হাৰুণ অল ৰচিদৰ স্মৃতিতঃ




কবিতা কাননৰ কথাবাৰ্তাঃ ১৯৯১ চনত প্ৰকাশিত কবিতা সম্পৰ্কীয় সম্পাদকীয় এটিৰ কিয়দাংশ...

সামাজিক শিল্প কবিতাঃ____________লেখকঃ হাৰুণ অল ৰচিদ
$$$$$$$$$$$$$$$

(১)
সৃষ্টিৰ সহজাত প্ৰবৃতিৰেই মানৱ মনৰ ভাৱৰ সুক্ষ্মতা আৰু সজীৱতা কল্পনাৰ সম্ভাৰ লৈ বিভিন্ন ৰুপত প্ৰকাশ পায়।সামগ্ৰীক জীৱনৰ জটিলতাৰ মাজত আদৰ্শৰ,প্ৰমূল্যৰ
যি সংঘাত ঘটিছে, কবিতাই সত্য আনন্দৰ হিৰন্বয় আবেদনৰে মানুহক আছন্ন কৰি ৰাখিছে। প্ৰাত্যহিক জীৱনৰ সুখ, দুখ, নৈৰাশ্য, শুন্যতা, হতাশা, আনন্দ- উল্লাস, শোক, প্ৰেম, আধ্যাত্মিক চিন্তা কবিতাৰ মাজেদি প্ৰকাশ পাইছে। মানৱ জীৱনৰ অমোঘ তথা অনিৰ্বচনীয় উপলব্ধি আৰু অভিজ্ঞতা কবিতাৰ মাজেৰে প্ৰকাশ পায়।
কবিতাক "এডগাৰ এলান পো"ই যেনেকৈ লয়যুক্ত সৌৰ্ন্দয্যৰ সৃষ্টি বুলি কৈছে 'শ্বেলী'য়ে ইয়াক কল্পনাৰ মুৰ্ত আকৃতি বুলি কৈছে। কিন্তু কবিতা সচেতন হাতেৰে নিৰ্মিত এক সামাজিক শিল্প বুলিলেও ভুল নহ'ব।

কবিতা সমাজৰ বৃহত্তৰ স্বাৰ্থত সৃষ্টি হ'ব লাগিব নে কেৱল মানসিক আনন্দৰ বিষয়হে হ'ব লাগিব এই বিষয়ে ভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰা দেখা যায়। কোনো কোনো পণ্ডিতৰ মতে কবিতা যিহেতু সমাজৰেই অন্তৰ্ভূক্ত ব্যক্তিৰ সৃষ্টি, গতিকে কবি সমাজৰে এজন হিচাপে সামাজিক ভাৱে দায়বদ্ধ থাকিবলৈ বাধ্য।

আনহাতে আন কিছুমানৰ মতে কবিতাক এনে ঠেক গণ্ডীৰ ভিতৰলৈ আনিব নোৱাৰি। এওঁলোকৰ মতে কবি স্ৰষ্টা আৰু দ্ৰষ্টা ৰূপে জীৱনৰ বিশাল অভিজ্ঞতাক ৰস সমৃদ্ধ কাব্যিক অভিজ্ঞতালৈ পৰিবৰ্তিত কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা উচিত।

কবিতাৰ উদ্দশ্যধৰ্মীতাক এক আষাৰে নুই কৰিব নোৱাৰি। কোনো কলাকেই আমি অকল বিলাসিতাৰ সামগ্ৰী ৰূপে গণ্য কৰিব নোৱাৰো। উদ্দেশ্যবিহীন সাহিত্য সৃষ্টি মানৱীয় উপাদান তথা মহান আৱেদন ৰহিত, ই সমাজৰ পৰোক্ষ ভাৱে হ'লেও উপকাৰত নাহে। কবি সমাজ সচেতন হোৱা উচিত। কবিৰ ভাববোধ, উপলব্ধি তথা অভিজ্ঞতাৰ গভীৰতা, বৈচিত্ৰতাৰে যিমানেই সম্পদশালী হ'ব সিমানেই কবিতা বাঙ্ময় হৈ উঠিব।

সমাজ অবিহনে যেনেকৈ সাৰ্থক কাব্য সৃষ্টি হ'ব নোৱাৰে, তেনেকৈ সাৰ্থক কাব্য অবিহনে সমাজৰ উত্তৰণ আশা কৰিব নোৱাৰি। কবি অৱণী চক্ৰৱৰ্তীৰ মতে ".... কবি সাহিত্যিক সকল সামাজিক ভাৱে দায়বদ্ধ থাকিবই লাগিব....।" আনহাতে সাহিত্যক শীলভদ্ৰৰ মতে " ......সাহিত্যিকে নিজে সমাজৰ গুৰি ধৰিব নোৱাৰে। তেওঁলোকে মাথোন সমসাময়িক ঘটনাৱলী, পৰিবৰ্তনৰ ধাৰা ভৱিষ্যতৰ ৰেকৰ্ডৰ বাবে ধৰি ৰখাতেই দায়িত্ব পালন কৰিব পাৰে..."।

ইয়াত দুজন কবিৰ বক্তব্য ভিন্নসুৰি হলেও এইটো প্ৰতীয়মান যে সাহিত্য পৰোক্ষ ভাৱে হ'লেও সমাজৰ উপকাৰ সাধন প্ৰচেষ্টাৰ সহায়ক হ'ব পাৰে।



------------------------------------------------------------------------------------------------------------------
কবিতা কাননৰ কথাবাৰ্তা::

১৯৯১ চনত প্ৰকাশিত কবিতা সম্পৰ্কীয় এটি সম্পাদকীয়ৰ কিয়দাংশ..

সামাজিক শিল্প কবিতা (দ্বিতীয় ভাগ)________লেখকঃ হাৰুণ অল ৰছিদ

আমি প্ৰথম ভাগত আলোচনা কৰিছিলো যে সাহিত্যিক সকল পৰোক্ষ ভাৱে হ'লেও সমাজৰ উপকাৰ সাধনৰ সহায়ক হ'ব পাৰে। কবিৰ ব্যাক্তিগত আবেগ অনুভুতি আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বা সচেতনতাৰ মাজত সু-সামঞ্জস্য থাকিলেহে সাহিত্যকৰ্ম মহৎ কৰ্মলৈ পৰ্যবসিত হ'ব।

কিন্ত এইটো কথাত কাৰো দ্বিমত থকা উচিত নহয় যে সমাজ সংগঠনত কবিৰ ভূমিকা প্ৰধানতঃ পৰোক্ষহে। প্ৰত্যক্ষভাৱে সমাজ বিৱৰ্তনৰ বাহক হ'বলৈ গ'লে কলাৰ সৌন্দৰ্যৰ হানি ঘটিব পাৰে অথবা কলাৰ সংবেদনশীলতা লোপ পাব। কবিৰ স্থুল অভিজ্ঞতাখিনি মানৱীয় সংবেদনশীল তথা ৰস সংশ্লেষিত কাব্যিক অভিজ্ঞতালৈ পৰিবৰ্তিত কৰাটোহে প্ৰথম কথা।

আনহাতে কবি সমাজৰ দুখত দুখী, সুখত সমভাগী হ'ব লাগিব। উদাহৰণ স্বৰূপে মানুহ যেতিয়াই মানুহৰ বিৰুদ্ধে হিংসাত লিপ্ত হৈছে, তেতিয়াই কবিয়ে উদাত্ত কন্ঠেৰে আহ্বান কৰিছে--"

" ...মানুহে পাহৰি যক নিৰৰ্থক ৰক্তঋণ
মানুহে পাহৰি যক হিংসাৰ প্ৰলাপ
আকৌ আহক ঘুৰি মানুহৰ ভাষা
ক'লা সময়ৰ মেঘ আঁতৰাই
আকৌ আহক প্ৰীতিৰ পূৰ্বাশা।
অস্তিত্বৰ নহয় মাথো ইতিহাস ভূগোলৰ পাঠ
মানুহৰ সেয়া শাস্বত ইতিহাস
সকলো মানুহ
তলত পৃথিৱী আৰু ওপৰত আকাশ... "
(নৱকান্ত বৰুৱা)

কবিৰ কাব্যিক সত্বা সদা সচেতন। মানুহৰ প্ৰাত্যহিক জীৱনৰ গতি যেতিয়াই অবাটে বাট বুলিছে, তেতিয়াই কবিয়ে সঁকিয়াই দিছে। শোষণৰ অন্ত পেলাই সাধাৰণ মানুহৰ মৌলিক অধিকাৰ সাব্যস্তকৰণৰ স্বাৰ্থত জনতাৰ একত্ৰিত শকতিৰ আভাষ দিছে কবি সনন্ত তাঁতিয়ে--

".... যদি পাৰে কাঢ়ি ল'ব উজ্জ্বল দিনৰ বাবে বন্দুক অকাস্মাত
মনত ৰাখিব কথাষাৰ জনগণেই শক্তিৰ উৎস বহুলাংশে বন্দুকৰ গুলি
যদি পাৰে হত্যা কৰিব অন্ধকাৰ মেধাহীন কালক
যুদ্ধ কৰিব নিজৰ স'তে প্ৰতিবাৰ তাৰ পিছত সময়ৰ স'তে
তাৰ পাছত যদি পাৰে কাঢ়ি লব বিপ্লৱ অধিকাৰ
মনত ৰাখিব জনগণেই শক্তিৰ উৎস বহুলাংশে বন্দুকৰ গুলি..."
(সনন্ত তাঁতি)

বৰ্তমান জীৱজগতৰ জটিল কৰ্মকাণ্ডৰ মাজতো কবিয়ে মানুহৰ দুখত দুখী হৈছে। যুদ্ধ, সন্ত্ৰাস, নিষ্পেষণ আদিৰ চাকনৈয়াত পৰি নাইকিয়া হ'বলৈ ধৰিছে আকাশৰ ৰং, ফুলৰ কোমলতা, কল্যাণ, আকাংক্ষা। সেয়ে এক ৰাতিৰ বাবে হ'লেও কবিয়ে পেশীৰ প্ৰাৰ্থনাৰ আহ্বান জনাইছে--

"--অন্ততঃ আজি ৰাতিটোৰ বাবে আন্দোলিত হওক বতাহ,
আলোড়িত হওক পেশীৰ প্ৰাৰ্থনা
তেজৰ নিজস্বতাত উজ্জ্বল হওক
মানুহৰ আহত হৃদয়
আৰু সেয়ে নিহিত কল্ল্যাণ..."
(বিপুলজ্যোতি শইকীয়া)

সফল সমাজ সচেতন কবিসকলে সমাজত তেওঁলোকৰ অস্তিত্বৰ কথা ঘোষণাও কৰা দেখা যায়,---

"...কোনেও গম নেপায়, এই চহৰত
এজন কবি আছে বুলিয়েই
মানুহ আজিও মানুহ হৈ আছে...."
(ৰবীন্দ্ৰ চৰকাৰ)

এতেকে দেখা যায় ভিন্ন আদৰ্শৰ ভিত্তিত সমাজৰ পৰিবৰ্তিত আচাৰ ব্যৱহাৰ, আশা আকাংক্ষা, দুখ-বেদনা, কল্পনা, ৰুচিবোধ আদি কাব্যৰ মাজেদি প্ৰকাশ পায়।

[বি:দ্ৰ: বিভিন্ন গ্ৰন্থৰ সহায়ত।]

____
Comment
C

No comments:

Post a Comment