আখৰুৱাঃ শিল্প আৰু কাব্য- ভিতৰত কোনটোৱে তোমাক বেছি আকৃষ্ট কৰে।
নৱাকাশঃ শিল্প।
আখৰুৱাঃ অনুমান কৰিছিলো। কবিতাৰ মাজত তুমি কি পোৱা।
নৱাকাশঃ শূন্যতাৰ সন্ধান কৰোঁ।
আখৰুৱাঃ কবিতাৰ প্ৰতি তুমি কেতিয়াৰ পৰা আকৰ্ষিত হৈছিলা।
নৱাকাশ: প্ৰথম যেতিয়া প্ৰেমত পৰিছিলো।
আখৰুৱা:- কেতিয়া, মানে কিমান চনত।
নৱাকাশঃ চন, তাৰিখ মনত নাই কিন্তূ ৯৬ বা ৯৭ মানত হ'ব চাগে।
আখৰুৱাঃ প্ৰেম কিয় হৈছিল। কবিতা নিজেই ওচৰলৈ আহিছিল নে তুমি আগুৱাই গৈছিলা।
নৱাকাশঃ প্ৰেম কিয় হৈছিল নাজানো। কিন্তু কবিতা নিজেই আহিছিল কাষলৈ, এতিয়াও নিজেই আহে। সিফালে কোন নাজানোঁ এথোপা ফুলৰ সতে কথা পাতি ভালেই লাগিছে।
আখৰুৱাঃ হয় নেকি। একো নাই মোৰ প্ৰ'ফাইল ছবিখনৰ ফুলটোৰ লগতেই কথা পাতিব পাৰা। আমি লক্ষ্য কৰিছো যে তুমি প্ৰায় প্ৰতিদিনে কবিতা লিখা আৰু সিবোৰৰ বিষয়বস্তু বেলেগ বেলেগ হয়। ইমান সঘনাই কবিতা তোমাৰ কাষলৈ কেনেকৈ আহে।
নৱাকাশঃ প্ৰতিপল মানুহৰ জন্ম হয়, মৃত্যু হয় প্ৰতিপল। জন্ম হয় এক বেলেগ স্থান আৰু কালত। মই কবিতাৰ প্ৰেমিক, কবিতাই মোক ভালপায়। সি বা তাই মোৰ স্থিৰ চঞ্চল মনৰ খবৰ জানে বাবেই, প্ৰতিটো পলতেই নতুন ৰূপত আহে।
আখৰুৱাঃ এইযে এইদৰে কবিতাৰ অহা-যোৱা তাত তোমাৰ নিজৰ উপস্থিতি কেনেকুৱা।
নৱাকাশঃ ধন্যবাদ, আপোনাৰ নাটকীয় প্ৰশ্নবোৰ ভাল লাগিল।
আখৰুৱাঃ নাটকীয় নহয়, স্বাভাৱিক। বাৰু, আমাৰ এই বাৰ্তালাপৰ খবৰ ল'বলৈ কবিতা আহিবনে?
নৱাকাশঃ আহিলে গম পাব।
আখৰুৱাঃ হয়, আহে যদি ক'বা। আখৰুৱা কেনে পাইছা?
নৱাকাশঃ 'আখৰুৱা' বা 'স্পন্দন' গোটৰ বাবেই এতিয়া কবিতাই লগ নেৰা হৈছে। আখৰুৱা আৰু স্পন্দন গোটত প্ৰায় একে সময়তেই মই যুক্ত হৈছিলো। তাৰ আগতে বহু কম লিখিছিলো। মোৰ কবিতাৰ কিতাপখন ওলাইছে ২০০৫ চনত। তাৰ পিছতেই master degree কৰিবলৈ শান্তিনিকেতনত ভৰ্তি হৈছিলো। তাৰ পিছত মুম্বাই, পুনে আৰু এতিয়া দিল্লী মোৰ কৰ্মস্থান। বিগত এই সময়খিনিত কবিতা বোধহয় পোন্ধৰটা মানহে লিখিছো। এতিয়া আকৌ আৰম্ভ হৈছে কবিতা। আখৰুৱাই এটা ভাল পৰিৱেশ দিছে কবিতা লিখাৰ বা কাব্য-চৰ্চাৰ। পিছে কবিতা লিখিলে, ছবি অঁকা নহয়। আজি দুমাহ হৈ গ'ল মই ছবি অঁকা নাই।
আখৰুৱাঃ বুজিছো। আখৰুৱাৰ জৰিয়তে তোমাৰ কবিতালৈ কোনো প্ৰকাৰে নতুন উপলব্ধি বা আগ্ৰহ সৃষ্টি হৈছে বুলি তুমি ভাবা নেকি?
নৱাকাশঃ আখৰুৱাৰ জৰিয়তে সৃষ্টি নিশ্চয় হৈছে। ভাল লাগে যেতিয়া আনে মোৰ কবিতা পঢ়ি চোৱা বুলি গম পাও। আত্ম বিশ্বাস বাঢ়ে। মোৰ বাবে আটাইতকৈ লাভজনক কথাটো হ'ল মোৰ বানান প্ৰায়েই ভুল হৈছিল, কিন্তু আখৰুৱাৰ জনা সদস্যসকলে শুধৰাই দিয়াৰ ফলত এতিয়া কমকৈ ভুল হয়।
আখৰুৱাঃ বানান সম্পৰ্কীয় কথাটো জনোৱা বাবে ভাল লাগিল। বাৰু, তোমাক প্ৰথমে সুধিছিলো শিল্প আৰু কবিতাৰ কথা। কবিতাই কেনেকৈ শিল্প সৃষ্টিত বাধা দিয়ে বুলি ভাবা?
নৱাকাশঃ কবিতা নিজেই শিল্প গতিকে ইয়াত বাধা দিয়াৰ কথা ক'ৰ পৰা আহিল?
আখৰুৱাঃ তুমি কৈছিলা যে কবিতা লিখি থকা বাবে দুমাহমান তুমি ছবি আঁকিব পৰা নাই।
নৱাকাশঃ অ' তেতিয়া সেই দুটি মাহত কবিতা লিখাৰ এক সাংঘাতিক নিচা হৈ গৈছিল। আন একো কৰিবৰ মন যোৱা নাছিল। সেই ক্ষেত্ৰত ক'ব পাৰি যে কবিতা লিখাৰ সেই দিন কেইটাত ছবি অঁকাৰ মন যোৱা নাছিল। আকৌ যেতিয়া ছবি আঁকিম, তেতিয়া কবিতা লিখা কম হৈ যাব হয়তো। এনেকৈ চলি থাকে অহা-যোৱা।
আখৰুৱাঃ আখৰুৱাত তুমি অলপতে দিয়া ছবিখন ভাল লাগিল। কিন্তু চিত্ৰ-শিল্প ভাল ধৰণে বুজিব নোৱাৰিলে ছবিৰ অৰ্থ উলিয়াব পৰা নাযায়। আনপিনে ছবি বা ফটোৰ লগত প্ৰাসংগিক কিছু কথা, কবিতা বা গল্প আদিৰ সৈতে দিয়াটো আখৰুৱাই বিচাৰে। গতিকে ছবিখনৰ সৈতে তেনে কোনো কথা বা কবিতা দিব পাৰি নেকি। এইক্ষেত্ৰত সুবিধা বা অসুবিধা কি জনাবা নেকি।
নৱাকাশঃ যিদৰে কবিতা বুজিবৰ বাবে কবিতা অধ্যয়ন কৰাৰ দৰকাৰ, সেইদৰে ছবিৰ কথাও একেই। অলপ ছবি চোৱাৰ অভ্যাস কৰিলেই সকলোৱে নিশ্চয় বুজি পাব। আগলৈ নিশ্চয় ছবিৰ সৈতে কিবা লিখা দিয়াৰ চেষ্টা কৰিম। অৱশ্যে ছবি আৰু কবিতা একেই।
আখৰুৱাঃ তোমাৰ কথাখিনি বুজিছো। ছবিৰ কথা পাতিম কেতিয়াবা। তোমাৰ এটা কবিতাত লিখিছা- 'তেতিয়াৰ পৰা মোৰ গা ভাৰি'। ইয়াত 'গা ভাৰি' মানে কি?
নৱাকাশঃ 'গা ভাৰি' নহয় 'গা -ভাৰী' বুলি লিখিছো।
আখৰুৱাঃ তেতিয়া বেছি বিপদ হ'ব নেকি?
নৱাকাশঃ কিয়বা?
আখৰুৱাঃ 'গা-ভাৰী' মানে নাৰীৰ গৰ্ভধাৰণ অৱস্থা নহয় জানো?
নৱাকাশঃ পুৰুষৰো হ'ব পাৰে।
আখৰুৱাঃ হয় নেকি? পিছে হৈছে জানো?
নৱাকাশঃ আজি যিটো হোৱা নাই সেইটো কাইলৈও যে নহ'ব তাৰ কি মানে আছে। যেনেকৈ আগতে যক্ষ্মা (T.B) হ'লেই মানুহ মৰিছিল, এতিয়া উচিত চিকিৎসা পালে যক্ষ্মা ৰোগীৰ মৃত্যু নহয়। সম্প্ৰতি সকলো মানে অনেক কথাই সম্ভৱ হ'ব পাৰে বুলি ক'ব পাৰি। পিছে মোৰ কবিতাৰ অৰ্থ পুৰুষে গৰ্ভধাৰণ কৰাটো নহয়।
আখৰুৱাঃ কি বাৰু।
নৱাকাশঃ নাজানো।
আখৰুৱাঃ কেতিয়াবা হৈ যায় তেনেকুৱা। পিছে 'গা-ভাৰী' কথাটো তোমাৰ মনলৈ কিয় আহিল?
নৱাকাশঃ চাওক, মই হ'লো তৃতীয় বিভাগত মেট্ৰিক পাছ কৰা ল'ৰা। ইমান টান টান কথাৰ উত্তৰ কেনেকৈ দিম? অৱশ্যে দিম যেনে তেনে।
আখৰুৱাঃ মইও তৃতীয় বিভাগতেই উত্তীৰ্ণ। সেয়ে চিন্তা নাই, আমি আৰু বেছি ওচৰৰ বন্ধু হ'ব পাৰিম। পৃথিৱীৰ সকলো কথাই টান বা কঠিন। আৰু মানুহেই তাক সহজ কৰি তোলে। মই জানিব খুজিছো 'গা-ভাৰী' কথাটোৱে তোমাৰ কবি মনক কিদৰে আকৃষ্ট কৰিলে। ক'বলৈ কিবা মনলৈ আহে যদি ক'ব পাৰা, আন ধৰণে নল'বা।
নৱাকাশঃ আন ধৰণে লোৱা নাই। 'গা-ভাৰী' কথাটো স্বতঃস্ফুৰ্ত ভাবেই আহিছে।
আখৰুৱাঃ সেইটোৱেই জানিব বিচাৰিছিলোঁ।
নৱাকাশঃ ধন্যবাদ।
আখৰুৱাঃ ধন্যবাদ বুলি নক'লেও কিছু কথা বুজাটো- ভাল বুলি ভাবোঁ। বাৰু, তোমাৰ অন্য এটা কবিতা হ'ল-
"নক'বা মোক মোৰ কবিতা আৰু ছবিৰ সাঁথৰ ভাঙিব"
মন কৰিবা এই কবিতাটোত কিছু বানানৰ ভুল আছিল। যেনে নকবা > নক'বা, আচুটিয়া > আছুতীয়া আদি। ইয়াৰে ক'বা বা নক'বা শব্দ জানিও আমি ভুল কৰোঁ যেন লাগে। বাকী ঠিকেই আছে। সেয়ে কবি বা লেখক-লেখিকাই প্ৰয়োজনত অভিধান চাই লোৱা ভাল বুলি ভাবোঁ।
নৱাকাশঃ ধন্যবাদ।
আখৰুৱাঃ তুমি কৈ থকাৰ দৰে 'ধন্যবাদ' বুলি কৈ নাথাকিবাচোন।
নৱাকাশঃ ইয়াত, মানে দিল্লীত কৈ কৈ অভ্যাস হৈ গৈছে।
আখৰুৱাঃ হয় চাগে। কিন্তু তোমাৰ দৰে বহুতেই এই 'ধন্যবাদ' শব্দটো কয়। সেয়ে হয়তো তোমাৰ পৰা 'ধন্যবাদ'ৰ বৰষুণ হোৱাত মনলৈ এটা ভাব আহিল আৰু 'ধন্যবাদ' শিৰোনামৰ কবিতা এটাকে লিখিলোঁ।
নৱাকাশঃ সুন্দৰ।
আখৰুৱাঃ আখৰুৱাত অলপতে বিশেষ কবিতা এটাৰ বিষয়ে বহুত হুলস্থুল হ'ল।
নৱাকাশঃ ঠিক হৈ যাব দিয়ক।
আখৰুৱাঃ জানো। কিন্তু বতাহবোৰ ইমান বিষাক্ত হৈ পৰে যে উশাহ ল'বলৈও উপায় নাথাকে। আচলতে কবিতাক যেন তাৰ কক্ষৰ পৰা বিচ্ছিন্ন কৰাৰ অপচেষ্টাহে চলিছে।
নৱাকাশঃ বেছি চিন্তা নকৰিব। সময়তকৈ ভাল বিচাৰক কোনো হ'ব নোৱাৰে। ভালৰ কেতিয়াও মৃত্যু নহয়। অৱশ্যে আখৰুৱাত কি হৈছে মই গম পোৱা নাই।
আখৰুৱাঃ গম পোৱা নাই যদি নালাগে বাৰু জানিব। কেৱল এটা কথা কোৱা- যৌনতাক কবিতাত উপস্থাপন কৰাটো প্ৰয়োজনীয় নেকি?
নৱাকাশঃ অপ্ৰয়োজনীয়ও নহয়, যদিহে সি কলাত্মক হয়। যিদৰে porno movie আৰু art movie আছে। যৌনতাক মানুহে কিয় ভয় কৰে বুজি নাপাওঁ। যিটো মানুহৰ অপৰিহাৰ্য্য সম্পদ।
আখৰুৱাঃ ৰুনাল্দো টাইড আৰু নীলিম কুমাৰৰ শেহতীয়া কবিতা পঢ়িছানে?
নৱাকাশঃ ৰুণাল্দোৰ কবিতাটো কবিতা হোৱা নাই। তেওঁ মাত্ৰ কেইটামান শাৰী লিখিছে। অৱশ্যে প্ৰথমৰ কেইটামান শাৰী মোৰ ভাল লাগিল। তাৰ পিছত কবিতাটোৰ গতি ধৰি ৰাখিব নোৱাৰিলে। নীলিম কুমাৰৰ 'প্ৰজনন' কবিতাটোত কাব্যিকতা আছে। প্ৰথমবাৰ পঢ়ি মই শিঁয়ৰি উঠিছিলো। এনে ভয়ানক কথা এটা কিমান সুন্দৰ ভাবে তেওঁ প্ৰকাশ কৰিছে। অৱশ্যে মই নীলিমৰ 'এদিন কৃষ্ণ মই' কবিতাটো পঢ়া নাই, পঢ়িম।
আখৰুৱাঃ 'প্ৰজনন' কবিতাটোত কেনেকৈ কলা আছে বা ই কিদৰে কলাত্মক? প্ৰজনন এটা জৈৱিক প্ৰক্ৰিয়া, মানুহে যিদৰে দৈনন্দিন কৰ্ম কৰে। নহয় জানো?
নৱাকাশঃ প্ৰজননক কেনেকৈ দৈনন্দিনতাৰ লগত তুলনা কৰিব।
আখৰুৱাঃ চোৱা, এইটো কাৰো অবিদিত নহয়- প্ৰজনন কি? তাৰ ৰীতি কি? তাক কিদৰে প্ৰয়োগ কৰা হয়। সেই বিষয়ে কবিতাৰে বা ছবিৰে নতুনকৈ ক'বলৈ কি আছে?
নৱাকাশঃ যদি অবিদিত নহয়েই তাক কাব্যিকতাৰে প্ৰকাশ কৰাত আপত্তি ক'ত? সেইবুলি কবিতা পৰ্ণগ্ৰাফী হ'ব নোৱাৰে। আচলতে সৃষ্টিশীল মানুহবিলাক যুগতকৈ আগুৱাই থাকে। নীলিম কুমাৰৰ দুগৰাকী কন্যা সন্তান আছে। যদি কিবা বেয়া কথা হ'ল হয়, তেওঁ নিশ্চয় 'প্ৰজনন' কবিতাটো নিলিখিলেহেঁতেন। কোনো কলাত্মক সৃষ্টিকেই নৈতিক ভাবে ঘঁহিব নালাগে।
আখৰুৱাঃ নীলিমৰ 'প্ৰজনন' মই পঢ়া নাই। কিন্তু "এদিন কৃষ্ণ মই..." কবিতাটো পঢ়িছো।
নৱাকাশঃ হয়, অলপ আগতে মইও নেটতেই পঢ়িলোঁ। বৰ সুন্দৰ কবিতা। শেষৰ তিনিটা শাৰীৰ বাবে কবিতাটোৱে অন্য মাত্ৰা লাভ কৰিছে।
আখৰুৱাঃ আকৌ কৈছো, এয়া সুন্দৰ বা কলাত্মক কবিতা কিদৰে হ'ব পাৰে?
নৱাকাশঃ ইয়াত কবিৰ একপ্ৰকাৰ ইৰ্ষা, অপ্ৰাপ্তিৰ বেদনা সোমায় আছে। যিটো সম্ভৱতঃ প্ৰতিজন পুৰুষৰে মনত উকমুকাই থাকে। সাধাৰণ মানুহে বন্ধ কোঠাত এইবিলাক আলোচনা কৰে। সাহস থাকিলে কবিয়ে মুকলিকৈ তাক ব্যক্ত কৰে কবিতাৰে। এতিয়া এইটো অস্বাভাৱিক যেন লাগিছে, এটা সময়ত স্বাভাৱিক হৈ যাব পাৰে। সেই কথা এতিয়াই ক'ব নোৱাৰি।
আখৰুৱাঃ এনে কবিতাৰে কবিয়ে নাৰীৰ সংগ সুখৰ বাট বিচাৰি ফুৰে বুলি অভিযোগ শুনা যায়।
নৱাকাশঃ কিছুমান কথাত উদাহৰণ দিয়াৰ প্ৰয়োজন নাথাকে। সময়ে কিছুমান বস্তু, প্ৰমূল্য সলনি কৰে। চাওক, আমি আনকি কলেজত পঢ়ি থাকোঁতে 'I love you' বুলি কোৱাটো বেয়া কথা যেন আছিল। এতিয়াৰ বিলাকে জন্ম গ্ৰহণ কৰিয়েই 'I love you' বুলি ক'বলৈ শিকে। মেট্ৰিক উত্তীৰ্ণ হোৱা, নোহোৱাতেই তথ্য প্ৰযুক্তিৰ সহায়ত যৌনতা (sex) কি জনা হয়। তাতনো ক'ত লেঠা লাগিল। যদি বুজাবুজিৰে জোৰ্-জবৰদস্তি নকৰাকৈ যৌন সম্পৰ্ক কৰে তাত কাৰ কি আহে বা কি যায়। তাৰ উদাহৰণ সমাজত আছে আৰু সেইসকলৰ মাজত সমাজৰ বৰেণ্য লোকৰ কথাও কোৱা হয়। যৌন তৃপ্তিৰ প্ৰতি সকলো পুৰুষ-নাৰীৰেই জন্মগত ভাবে এক আকৰ্ষণ থাকে, যিটো স্বাভাৱিক। কেৱল সেই আকৰ্ষণৰ কথা মুকলিকৈ প্ৰকাশ কৰাৰ সাহস সকলোৰে নাথাকে।
আখৰুৱাঃ বিষয়টো হ'ল কাব্য বা শিল্পৰ। পুৰুষ নাৰী উভয়ৰে উভয়লৈ আকৰ্ষণ থাকে, তাত অস্বাভাৱিকতা একো নাই। কিন্তু সেই তাড়ণাক কবিতাত উপস্থাপনে মানুহৰ কিবা প্ৰকাৰে হিত সাধিব পাৰিব জানো? যদিহে নোৱাৰে, তেনে ক্ষেত্ৰত কবিতা লিখা বা পঢ়াতকৈ পৰ্ণ চিনেমা নিৰ্মাণ কৰা বা চোৱাই ভাল?
নৱাকাশঃ আপুনি কেতিয়াবা এখন পৰ্ণ চিনেমা চাব আৰু লগতে এখন যৌন দৃশ্য থকা কলাত্মক চিনেমা চাব। তেনে এখন হিন্দী চিনেমা 'B.A PASS', যিয়ে ৰাষ্ট্ৰীয় বঁটাও পাইছে। তাত দেখিব কলা আৰু পৰ্ণৰ পাৰ্থক্য। পৰিচালকক নমস্কাৰ জনাইছো যে ভাৰতৰ দৰে তথাকথিত ৰক্ষণশীল সমাজত এনেকৈ সত্যক উদঙাই দেখুৱাইছে। মনত ৰাখিব এটা সময়ত আমাৰ সমাজে ছোৱালীক অভিনয় কৰাৰ বাবে এঘৰীয়া কৰিছিল। কাৰণ মানুহবোৰ সময়তকৈ পিছত আছিল আৰু জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰগতিশীল চিন্তাৰ ব্যক্তি আছিল। সময়তকৈ আগতেই তেখেতে কথাবোৰ ভাবিছিল বাবেই নাৰীক চিনেমাত যুক্ত কৰি 'জয়মতী'ৰ দৰে চিনেমা নিৰ্মাণ কৰিছিল। প্ৰচণ্ড সহসেৰে চিনেমাক অসমত, অসমীয়া মাধ্যমত তাহানিতেই প্ৰতিষ্ঠা কৰিছিল।
আখৰুৱাঃ চোৱা, চিনেমা আৰু কবিতাৰ মাজত দূৰত্ব আছে। সেইটো মানি লোৱানে?
নৱাকাশঃ কবিতা সাধাৰণতে পৰিপক্ক (mature) মানুহখিনিয়েই পঢ়ে, যিয়ে যৌনতা কি বুজি পায়। সৰু ল'ৰা-ছোৱালীবোৰৰ কবিতা সৰু বোৰেই পঢ়ে। অনুৰাধা শৰ্মা পুজাৰীয়ে মেট্ৰিক পৰীক্ষা দি থাকোঁতেই লুকাই, চুৰকৈ প্ৰাপ্তবয়স্কৰ চিনেমা, কিতাপ পঢ়িছিল। তেওঁ নিজেই লিখিছে। সমাজৰ হিচাপত তেওঁ নষ্ট নাৰী হ'ব লাগিছিল। আমি যৌৱন পাওঁতেই শুনিছিলো স্বমেহন (masturbation) পাপ, শৰীৰৰ ক্ষতি হয়। এতিয়া চিকিৎসা শাস্ত্ৰ মতে এইটো স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু অতিমাত্ৰা সকলোৰে বেয়া।
আখৰুৱাঃ মানে সামাজিক কথাবোৰ অপ্ৰয়োজনীয় নেকি? সামাজিক বান্ধোন মানি চলা সমাজ আৰু সম্পূৰ্ণ মুক্ত হৈ চলা সমাজৰ পাৰ্থক্য বুজিবলৈ আজিৰ উভৈনদী মদৰ দোকানবোৰলৈ চালেই নুবুজি জানো? সকলোকে প্ৰতিভাধৰ বুলি ভাবিলে, ভাল কথা হ'ব জানো?
নৱাকাশঃ এটা কথা মই বিশ্বাস কৰোঁ যে, সদায় পিছৰ প্ৰজন্মতকৈ আগৰ প্ৰজন্ম বেছি বুধিয়ক, চিন্তাশীল আৰু শক্তিশালী হয়। ভাল বেয়াৰ বিচাৰ কৰিব জানে। বিজ্ঞানেও তাকেই কয়। মোৰ বোধেৰে মানুহ সদায় আশাবাদী হোৱাটোহে কাম্য বা উচিত।
চামচুল হক: নীলিম কুমাৰৰ কোনো "প্রজনন " নামৰ কবিতা নাই ৷ আজিৰ তাৰিখৰ পৰা প্ৰায় ডেৰ দশক কাল আগতে " শ্ৰীময়ী " নামৰ মহিলা আলোচনীখনৰ পাতত "অপ্ৰজনন" নামৰ বিতৰ্কিত কবিতাটো ওলাইছিল ৷ তেতিয়া হয়তো তেওঁৰ কন্যা সন্তান দুজনীৰ জন্মই হোৱা নাছিল ৷ কথাখিনি ময়ো স্মৃতিৰ পৰাই ক'লো ৷

No comments:
Post a Comment