"মূৰ্চ্ছিত সপোনত আধালেখা গান"
.
.
.
.
কথাবোৰ আছিল কলেজৰ প্ৰথম দিনবোৰৰ।যন্ত্ৰ নাছিলো তেতিয়া।মানুহৰ মনবোৰ পঢ়ি ভাল পাইছিলো।অনুভৱী মনটোক জোকাৰি মই প্ৰতিদিনেই কছৰৎ কৰিছিলো জীয়াই থাকিবলৈ ; নিজৰ স'তে,প্ৰিয় মানুহবোৰৰ স'তে।সেই দিনবোৰত কলেজখনত বেছিভাগেই আছিল অচিনাকী মুখ।চিনাকী মুখৰ সংখ্যা আছিল তেনেই তাকৰ।তথাপি খাপ খুৱাইছিলোঁ নিজকে।হয়তো নিজকেই সলনি কৰাৰ সেয়াই আছিল প্ৰয়াস।যি প্ৰয়াসত বাৰে বাৰে বিফল হৈছিলো।আন দহজনৰ লেখীয়া হ'ব নোৱাৰি মই চিন্তাত পৰিছিলো।ভৱিষ্যতৰ শংকাই মোক খেদি ফুৰিছিল।সেই দিনবোৰত,যেতিয়া কলেজৰ উকা খিৰিকিৰে অকলে বাহিৰলৈ চাই ৰৈছিলো,নভৱাকৈয়ে পিছফালৰপৰা সঁহাৰি দিছিল চিনাকী মুখএখনে।আজি সেই দিনবোৰ ধূৱলি-কুঁৱলী।কিন্তু আজি আকৌ মনত পেলাইছো বহু কথা…পাগুলি পাগুলি আজিও যে গিলিব পৰা নাই মই নিজেই বহু কথা।তেন্তে !! সেয়ে হয়তো আজিও মই হৈ আছোঁ মই।বান্ধৱী এজনীৰ হোৱাট্ছ এপ্ ৰ ষ্টেটাছটো পঢ়ি অলপ সময়ৰ বাবে থমকি ৰৈছোঁ মই।পলম নকৰি তাইলৈ মেছেজ পঠিয়ালো।
-আকৌ এবাৰ "মূৰ্চ্ছিত সপোনত আধালেখা গান" ?
-মূৰ্চ্ছিত সপোনত গানটো আধালেখা হৈ ৰ'ল।
-গানটো আধালেখা হোৱাৰ আঁৰতো জানো একো কথা নাই?
-আছে।কিন্তু সকলো দোমোজা।
.
-আকৌ এবাৰ "মূৰ্চ্ছিত সপোনত আধালেখা গান" ?
-মূৰ্চ্ছিত সপোনত গানটো আধালেখা হৈ ৰ'ল।
-গানটো আধালেখা হোৱাৰ আঁৰতো জানো একো কথা নাই?
-আছে।কিন্তু সকলো দোমোজা।
.
সেই দিনবোৰত মই খেলিবলৈ লৈছিলো শব্দবোৰৰ সৈতে।শব্দসন্ধানী বন্ধুবোৰৰ স'তে আমি বহু সময়ত আলোচনাত বহিছিলো।একাপ চাহ,চিনাকী কেইখনমান মুখ।আৰু ঘূৰণীয়া মেজখনত বাঢ়ি গৈছিল চকীৰ সংখ্যা।এদিনাখনৰ কথা।প্ৰেকটিকেলৰ ক্লাছৰুমত সোমাই আমিও বুৰ গৈছোঁ।হঠাৎ প্ৰেকটিকেলৰ টেবুলখনত লিখি থোৱা এটা শাৰী চকুত পৰিল "মূৰ্চ্ছিত সপোনত আধালেখা গান"।বাৰে বাৰে চকু গৈছিল শব্দকেইটালৈ।কোনে লিখিছে,কাৰ অন্তৰত থাকিব পাৰে ইমান হাহাকাৰ।মই নাজানিলো।সেই মানুহজন কোন মই উলিয়াব নোৱাৰিলো।মনতে মাথো কৈছিলো,সপোনবোৰ মূৰ্চ্ছা নগৈ গানবোৰ সম্পূৰ্ণ হৈ উঠক।দিনবোৰ গৈ থাকিল।কলেজখনত আমি দুটা বছৰ অতিক্ৰম কৰিছিলো।অচিনাকী মুখবোৰ চিনাকী হৈ পৰিছিল লাহে লাহে।সমীকৰণবোৰ সমতুল কৰাৰ লেখীয়া আমিও খাপ খাই পৰিছিলো পৰিৱেশৰ স'তে।
.
.
তাই মোৰ ভাল বান্ধৱীৰ শাৰীত নপৰিলেও তাইক লগ পালেই মই বিচাৰি পাইছিলো আত্মীয়তা।তাইৰ সজল চকুত কি আছিল ! তাইৰ ডাঠ ক'লা ৰঙৰ চচমাৰ ফ্ৰেম'ৰ আঁৰত শব্দসন্ধানী মনটোৱে উকমুকাই থকাটো মই দেখিছিলো।ডাঙৰ টেবুলখনত কাগজ,পেঞ্চিল,ৰঙ ইত্যাদি গোটাই লৈ আমি কলেজৰ দেৱাল মেগাজিনৰ কাম কৰি আছিলো।কামৰ অন্তত যেতিয়াই কিছু সময় বিৰতি পাইছিলো,আমি নকৈ বুজিব চেষ্ঠা কৰিছিলো ইজনে আনজনক।বন্ধুবৰ্গৰ আড্ডাত বহু কথাই স্থান পাইছিল।মই আকৌ এবাৰ উলিয়াইছিলো,সেই অচিনাকী যেন লগা কলেজৰ প্ৰথম দিনবোৰৰ কথা।"মূৰ্চ্ছিত সপোনত আধালেখা গান" এই বাক্যটো যেন সেইদিনা আকৌ এবাৰ আহিছিল মোৰ দুচকলৈ।সম্পূৰ্ণ দুটা বছৰৰ অন্তত লাজৰ পৰ্দা আতঁৰাই ডাঠ ক'লা ৰঙৰ চচমাৰ ফ্ৰেম'ৰ আঁৰত থকা সম্ভাৱনাময় ছোৱালীজনীয়ে কৈছিল কলেজৰ সেই অচিনাকী যেন লগা দিনবোৰৰ কথা।সেই দিনবোৰত মনলৈ অহা বহু শব্দই তাই ডেক্সত কলম ঘঁহাই ঘঁহাই লিখিছিল।মই সেইদিনা তাইলৈ পুনৰাই চাইছিলো।হয়তো নতুনকৈ আৱিস্কাৰ কৰিছিলো তাইক সেইদিনটোতে।
(ভাতৃপ্ৰতিম বন্ধু মৌচুমৰ হাতত)
.
.
-সুব্ৰতা
৭/১/১৬ ইং
(ভাতৃপ্ৰতিম বন্ধু মৌচুমৰ হাতত)
.
.
-সুব্ৰতা
৭/১/১৬ ইং
No comments:
Post a Comment