Sunday, 7 February 2016

"ফেহুঁ" (গল্প) : পল্লৱী গগৈ ৰামচিয়াৰী

"ফেহুঁ"
কাউৰীয়ে কা কৰোঁতেই খকমককৈ সাৰ পাই উঠিল উৰ্মিলা । মনৰ মাজত চিন্তা এটা ৰি ৰিয়াঁই বাজি আছে। গাইজনী গাভিনী হৈ আছে , আজি জগো কাইলৈ জগো।
বিচনাৰ পৰা উঠি মুখখন ধুইয়েই তাই গোহালি পালেগৈ । চব ঠিকেই আছে। কাজলী গাইজনীক তাই মৰমেৰে হাত ফুৰাই দি পাকঘৰলৈ আহি চৌকাত জুই ধৰি চাহৰ কেটলিটো তুলি দিলে । গিৰিয়েক তোলাৰামও উঠি আহি মুখখন ধুই জুহালতে পীৰা এখন পাৰি বহি ল'লে। সৰু সৰুকৈ টুকুৰা কৰি কাটি থোৱা গুড় এডুখৰি টেমাৰ পৰা উলিয়াই ৰঙাচাহ এবাতি তোলাৰামলৈ আগবঢ়াই দিলে তাই । লগতে নিজেও এবাতি খালে। কাণসমনীয়া ল'ৰা ছোৱালী তিনিওটাই বিচনাৰ পৰা উঠি আহি মাক দেউতাকৰ লগত শাৰী পোনাই বহিলেহি। মুখ ধুগৈ যা বুলি মাকে ধমক দিয়াত আটাইকেইটা উঠি গ'ল। তোলাৰামও গৰুকেইটা মেলি দিওঁগৈ বুলি গোহালিৰ ফালে গুচি গ'ল।
পকা আঙঠা কেইডোখৰ খৰি এডালেৰে আঁতৰাই ফুটচাই অকণ উকটি লৈ বাহী কাঁহি বাতি জাপ লৈ উৰ্মিলা পুখুৰীৰ পাৰ পালেগৈ । পুখুৰীৰ পৰা পানী এবাল্টি তুলিবলৈ লওঁতেই তোলাৰামে চিঞৰা শুনি তাই দৌৰ মাৰিলে গোহালিলৈ। ল'ৰা ছোৱালী কেইটাও মাকৰ পিছে পিছে গ'ল। ফেঁহু খাবলৈ এনেও সিহঁতে মুখ টপালিয়েই আছে । গাইজনীৰ পেটৰ পৰা পোৱালি ওলাই অহা সিহঁতে ভেবা লাগি চাই থকা দেখি মাকে ধমক দিয়াত সিহঁত আঁতৰি গ'ল।
কাতিমহীয়া ৰাতিপুৱা , পোৱালিটোৰ ঠাণ্ডা গুচাবৰ কাৰণে উৰ্মিলাই খেৰৰ গঁড়ালৰ পৰা খেৰ এমুঠি আনিবলৈ যোৱা দেখি বাঘৰ মুখত হাত থোৱা ল'ৰা ছোৱালী কেইটা আকৌ আহিল । ঐ জহনিমৰা হঁত গৈছনে বুলি হেকাদন পাৰি উঠিলে উৰ্মিলাই। মাকৰ গালিলৈ কেৰেপ নকৰি সিহঁতে চাইয়েই থাকিল । ইতিমধ্যে গৰু পোৱালিটো জগিলে। গাইজনীয়ে পোৱালিটো চেলেকি চেলেকি চাফা কৰি পেলালে । খেৰৰ জুইৰ উমত পোৱালিটো টনটনীয়া হৈ থিয় হৈ খোজকাঢ়িবলৈ উঠি দুবাৰমান লুটি খাই পৰি পিছবাৰতে খোজকাঢ়িলে।
উৰ্মিলাই ফেঁহুকণ খীৰাই ভিতৰলৈ আহি তোলাৰামে কাটি অনা বাঁহৰ চুঙাকেইটাত ভৰাই জুইত দিলে । আগলি কলপাত এখন কাটি আনি ধুই মচি ফেঁহু কাটি লৈ পাঁচটুকুৰা দি ডাঙৰ ল'ৰাটোক ক'লে - যা গছৰ তলত দি আহগৈ, ডাঙৰীয়াই যেন আমাৰ গৰুপোৱালিটো ভালে কুশলে ৰাখে বুলি ক'বি। টঙাল এডাল বাঁহৰ চুঙা এটাৰ পৰা এৰুৱাই লৈ তাতো পাঁচটুকুৰা গুজি মালা কৰি ছোৱালীজনীক দিলে গাইজনীৰ ডিঙিত পিন্ধাই দিবলৈ ।
এক দুই হিচাপ কৰিবলৈ শিকা সৰু ছোৱালীজনীয়ে মনতে হিচাপ কৰি পেলালে দহটুকুৰা গুচিয়ে গ'ল আমালৈনো থাকিল কি। তাই মাকক সুধিলে - অ' মা , ডাঙৰীয়াকনো কিয় দিব লাগে। মাকে বোলে নাপায় এইজনী এনেকৈ ক'ব। তাই দুখ মনেৰে গছতললৈ চাই পঠিয়ালে যেন বুটলি আনি খাব পৰা হ'লে । ডাঙৰীয়া বা কোন তাই ভাবি থাকোঁতেই কাউৰী কেইজনীমানে ঢপঢপাই চাঁউতকৈ থপিয়াথপি কৰি ফেঁহু কেইটুকুৰা লৈ গ'ল।

No comments:

Post a Comment