Sunday, 7 February 2016

☆এপাহ ফুলৰ সমাধি☆ (জানুৱাৰী মাহৰ কবিতা)

☆এপাহ ফুলৰ সমাধি☆ 
            ~কল্যাণী বৰ্মন

বৰফৰ চাদৰ এখন উৰি
ফুলপাহ সৰি 
পৰি আছিল চোতালত
পানীপিয়া চৰাইটোৱে চিঁ চিঁ কৈ
উৰি যাওঁতে
হঠাতে সাৰ পাই উঠা নিশাটোত
বুকু এখন কঁপি উঠিছিল
এক অপৰাধবোধত
আৰু যে
একো ইচ্ছাৰেই
ফুলপাহ
ডালিত লাগি নধৰে ।

No comments:

Post a Comment