মৰমৰ
আশা কৰো ভালেই আছা | কুশলে থাকিবা | আচৰিত হৈছা নহয় চিঠিখন পাই | হয়তো হৈছা, নতুবা ই তোমাৰ প্ৰত্যাশাও আছিল | নাজানো, সঁচাকৈয়ে নাজানো মই তোমাৰ মনৰ বতৰা | মোৰ বাবে তুমি তেতিয়াও দূৰ্বোধ্য আছিলা, আজিও তোমাক বুজি উঠাটো মোৰ বোধ শক্তিৰ বাহিৰত | হওক দিয়া, জীৱনহে এনেকৈয়ে চলি থাকিব... বহুতো কিবাকিবিৰ সমাহাৰ হৈ ..
বন্ধু এজন আহিছিল | বহু পূৰণি বন্ধু | স্বভাৱটোও একেবাৰে পেটত একো এটা কথা নথকাৰ লেখিয়া | এবাৰ আৰম্ভ কৰিলে কথা ক’বলৈ, মুখখন জাপ খোৱাৰ নামেই নলয় | ভাত-পানী খাই আজৰি হ’লো | লেপটপত গান বজাই ৰাখিলো মৃদু সুৰৰ, খুব কম ভলিউমত | অল ইণ্ডিয়া ৰেডিঅ’ সদৃশ বান্ধৱৰ মুখ খোল খালে | শুনি আছো তাৰ ট্ৰেকৰ ভিতৰৰ-বাহিৰৰ কথাবোৰ | বুজিলো সহজে শেষ হোৱাৰ লক্ষণ নাই | গীতবোৰ বাজি আছে ইটোৰ পিছত সিটোকৈ |অকস্মাত্ সি ৰৈ গ’ল | চকু দুটা জপাই সোঁহাতখন দাঁতেৰে ¬কামুৰি মনোযোগেৰে গীত এটা শুনাত লাগিল | সাধাৰণ গীত |কথা-সুৰত মোৰ হিচাপত কোনো বিশেষত্ব নাই |তাৰ চকুৰ একোণত পানী জমা হৈ আহিছিল | সুধিলো কি হ’ল .... হাঁহি দিলে | একো নামাতিলে | দুনাই একো নুসুধিলো | পুনৰ তাৰ অল ইণ্ডিয়া ৰেডিঅ’ খোল খালে |........... বুজি উঠিলো আমি যিমানেই কথাবোৰ শ্বেয়াৰ নকৰো কিয়..... বা যিমানেই আমি ইজনে-সিজনক বুজি পাওঁ বুলি দাবী নকৰো কিয়, আমাৰ প্ৰত্যেকৰে এখন নিজা মনোজগত আছে য’ত আমি অহৰহ বিচৰণ কৰো আৰু য’ত আনৰ প্ৰবেশ নিষিদ্ধ.... সেইখন জগত একান্ত ব্যক্তিগত .............. তুমি কোৱা মই কথা লুকুৱাও.... কিন্তু কি জানা, কথা লুকুৱাই ৰখা আৰু নজনোৱা, এই দুটা পৰিঘটনাৰ মাজত পাৰ্থক্য আছে | জানো, তুমি বুজিবা |

সকলোৰে মুখে মুখে প্ৰচলিত অতি সহজে শুনিবলৈ পোৱা এক বাক্য, " সি/তাই অসুখী, কাৰণ সি/তাই/ তেওঁ/ তেখেতে সকলোকে সুখী কৰিব বিচাৰে, সন্তুষ্ট কৰিব খোজে |" সকলোৱে জানে একে সময়তে অথবা সকলো সময়তে সকলোকে সুখী কৰি ৰাখিব নোৱাৰি | যিয়ে হুংকাৰ দি মানুহজনৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰে, তেওঁ নিজেও জানে যে তেৱোঁ ব্যস্ত নিজৰ আপোনজনক সুখী কৰাৰ প্ৰচেষ্টাত...... হয়তো আমাৰ সহজাত প্ৰবৃত্তি নিজকে সৱল দেখুৱাই আনক হেয় প্ৰতিপন্ন কৰাটো............মাক হ’ল এজন মানুহৰ প্ৰথম শিক্ষয়িত্ৰী |অলপ জনা বুজা হোৱাৰে পৰা মানুহ এজনে শিকে পাপ-পূণ্যৰ গুণ-গান | ইটো নকৰিবি, সিটো নকৰিবি, বেয়া কথা নক’বি, ফাঁকি নিদিবি, বেয়া কাম নকৰিবি.............. নহ’লে........ নহ’লে পাপ লাগিব | সৰুতে শিকা কথাবোৰ মগজুত ভালকৈয়ে স্থাপিত হয় বাবেই নেকি পূৰ্ণাৱস্থা পোৱাৰ পিছতো পাপৰ ভয়ে পিছ নেৰে | সেয়ে হয়তো গংগা স্নান, বৈষ্ণ দেৱী দৰ্শন, কৰ সেৱা, কনফেচন আদি নিত্য নতুন কাৰুকাৰ্য্য | কিন্তু কথা হ’ল ঈশ্বৰৰ পাপ নালাগে নেকি ? প্ৰকৃতিয়ে হেনো কাৰো সৈতে বিদ্বেষ ভাৱ নাৰাখে | সকলো সমান | কিন্তু ঈশ্বৰ ? তেওঁ জানো হাজাৰ কাকুতি, প্ৰাৰ্থনাক শুনিও নুশুনাৰ ভাও নোজোৰে |পাপ নালাগেনে কেতিয়াও নেদেখাজনৰ ..................অকামিলা মগজুৰ কাম নোহোৱা চিন্তা..............................
কোনেনো নিবিচাৰে আপোনজনৰ বাবে এমুঠি সুখৰ পল..............সন্ধান নকৰে এমোকোৰা মিঠা হাঁহিৰ ..... হয়তো নিজৰ বাবে এটি সুখৰ পল বিচাৰি ফুৰোতেই লগ পাইছিলো তোমাক | সলনি হ’ব ধৰিছিল জীৱন | ইনডিপেণ্ডেণ্ট, কনফিডেণ্ট, লগতে গুড চেঞ্চ অফ হিউমাৰ থকা বাবেই চাগৈ আকৰ্ষিত হৈছিলো তোমাৰ দিশে | এয়া কি দোষ আছিল ? কোৱা.... কি কৰিব লাগিছিল ? সুন্দৰী, চকুত অযুত আকুলতা থকা পত্নীগৰাকীক এৰিব লাগিছিল নে এৰিব লাগিছিল হিয়াৰ আমঠু সন্তানটোক ? তোমাতকৈ মই ভালদৰে জানো তুমি কেতিয়াও তাৰ অনুমতি নিদিয়া..... ভুল হৈছিল ... কাৰ ? তোমাৰ নে মোৰ ? প্ৰেম জানো কাৰোবাৰ বৈবাহিক স্থিতি জানি কৰা যায় | নে তুমি ভাবা তুমি কোনোবা লম্পটৰ পাল্লাত কৰিছিলা ? বিশ্বাস কৰা, তোমাৰ অনুভৱৰ প্ৰতি এধানিমানো আভাস পোৱা হ’লে.... হয়তো তুমি এনেকৈ ভাগি নপৰিলাহেঁতেন | হয়তো মোৰ হাতখন বন্ধুত্বৰ নিচিনা নাছিল | সেই যে তোমাৰ অনৰ্গল কথাবোৰ, প্লিজ প্লিজ বুলি দোহাৰা বাক্যবোৰ.... হয়তো মই বুজি পাব লাগিছিল | চিনাকি মুখবোৰ যেতিয়া অচিনাকি হৈ পৰে..... তাতকৈ সপোনৰ পৃথিৱীখনেই ভাল..... চৰিত্ৰবোৰক নিজৰ মতে সজাই ল’ব পাৰি |
জীৱন হেৰোৱা ক্ষণতো থাকে ছন্দ
প্ৰতিধ্বনিত হয় কিছূ শুনা নুশুনা,
জনা-অজানা সুৰৰ ৰাগিনী ..... তুমি যে এদিন কৈছিলা লগ পালে এদিন সুধিম অপেক্ষা, তোমাৰ বাৰু সঁচাকৈয়ে ভাগৰ নালাগে নেকি? জানো লাগে নে নালাগে বাৰু ? অপেক্ষাৰ অন্তত কি থাকে ? এটা বৃহৎ শূণ্যতা অথবা স্থায়ী পূৰ্ণবিৰাম | কেৱল মাত্ৰ আকাশৰ বৰষুণতেই তিতে নেকি শৰীৰ ? অনুভৱৰ বৰষুণে জানো জঠৰ নকৰে শৰীৰ আৰু মন ? বৰফ হৈ গলি নাযায় জানো শিল হৈ পৰা একো একোটা সত্বা ? কিহৰ তাড়নাত নেওচা দিব নোৱাৰে এৰি অহা দিন ? মোহ নে মায়া ? অথবা অহংকাৰৰ এক ওখ পাহাৰে বাধা দিয়ে চকু মেলিবলৈ ?
"অতীকক যোৱাহে পাহৰি"......... কবিয়ে পাহৰিব পাৰিছিলনে অতীতক ? যদি পাৰিছিলেই কিয় দোহাৰিছিল, " অতীকক নাযাবা পাহৰি"..... হয়তো অতীতক কেন্দ্ৰ কৰিয়েই ঘূৰে বৰ্তমান .... কিছূ নষ্টালজিয়া, কিছূ নিয়তি !
"নদীৰএপাৰ কহে ছাড়িয়া নিশ্বাস
ওপাৰেতে সৰ্ব্সুখ আমাৰ বিশ্বাস"............... কভী কভী মেৰে দিল মে খেয়াল আতা হ্যে, তুম হোতে তো এইচা হোতা, তুম হোতী তো ৱেইছা হোতা... ব্লা ব্লা ..... নোপোৱাখিনিৰ প্ৰতি হা-হুমুনিয়াহ লাগী সন্তানৰ লেখিয়া, থকাখিনিৰ কদৰ নাই, এলাগী... কিন্তু ৰৈ তো নাযায় সময় | গৈ থাকে.... গৈয়েই থাকে.... শুদ্ধবোৰৰ সমষ্টি... জীৱন যাপন.....
"যাহা চাই ভুল কৰে চাই...." ভুল, ভুল আৰু ভুল... ৰবৰেৰে ঘঁহি ঘঁহি মছিব নোৱাৰা ভুলৰ সমষ্টি = জীৱন উদযাপন..
কাৰ ভাবনাক কোনে বাধা দিয়ে..

এদিন তুমি লিখিছিলা কাৰোবাৰ বাবে পৃথিৱী মানে মহাসাগৰ, সাগৰ, নদ নদী, দেশ মহাদেশ, সমভূমি, মালভূমি, উপত্যকা, অক্ষৰেখা, দ্ৰাঘিমা ৰেখা, বিষুৱ ৰেখাৰ সমষ্টি.................. অথচ কোনোবাৰ বাবে মাথোঁ এটিয়েই শব্দ...... "প্ৰিয়জন" | কেনে অনুভৱ হয় বাৰু যেতিয়া গম পোৱা যায় কাৰোবাৰ বাবে কোনোবা হৈ পৰে সংজ্ঞা পৃথিৱীৰ | কেনে অনুভৱ হয় যেতিয়া উপেক্ষা কৰা যায় ভাললগাখিনিক | কিয় জানেনে ? কাৰো আসক্তিত কাৰো জোৰ নাথাকে | অনুৰাগ সদায়েই অনুৰাগ |বৈধতাৰ পৰিসীমাৰ পৰা বহু যোজন নিলগত .. হয় পৃথিৱীৰ সংজ্ঞা সকলোৰে বাবে ভিন্ন হয় | দুজন ব্যক্তিৰ সংজ্ঞা কেতিয়াও একে নহয় | তোমাৰ আসক্তিত মোৰ জোৰ নাই, মোৰ আসক্তিতো মোৰ জোৰ নাই |
সাধু এটা কও শুনা | এজনী ছোৱালীৰ কাহিনী | দেখিবলৈ অসুন্দৰ, অকলশৰীয়া ছোৱালী | পৃথিৱীখন নিজৰ মাজতেই সীমাবদ্ধ | শামুকৰ খোলাৰ পৃথিৱী | কাৰো আহৰি নাছিল ছোৱালীজনীৰ মনৰ বতৰা ল’বলৈ, নতুবা তায়ো কেতিয়াও আগ্ৰহ নকৰিছিল নিজকে কাৰো আগত প্ৰকাশ কৰিবলৈ | সহজ সৰল জীৱন | ভীৰৰ মাজৰ এজন, অভিনৱত্ববিহীন |এদিন অকলশৰীয়া, অসুন্দৰ ছোৱালীজনীয়ে এজন সাধু কোৱা মানুহক লগ পালে | মানুহজনে অনৰ্গল সাধু কৈ যায়, তাই একান্তমনে শুনি যায় | মানুহজনে স্মৃতিৰ পেৰা খুলি কিমান তৰহৰ যে সাধু কৈ যায় ! তেওঁ কৈ কৈ ভাগৰি যায়, তাইৰ শুনি শুনি হেঁপাহ নপলায় | কেতিয়াবা এনে লাগে একেটা সাধু তাই শুনি থাকিব, শুনিয়েই থাকিব, শেষ উশাহলৈকে | সাধুৰ শেষ থাকে জানো? নিজকে প্ৰশ্ন কৰে তাই | থাকে, ওহোঁ, নাথাকে | সাধু কোৱা মানুহজনৰ জোলোঙাত সাধু শূণ্য হয় | বিৰক্ত হয় তেওঁ | তাই কুটুৰি থাকে তেওঁক | কেতিয়া শুনিছিল বাৰু তাই শেষৰটো সাধু ? কোনে শুনাইছিল ? মাকে নে দেউতাকে ? মনত পেলাবলৈ যত্ন কৰে |
সাধু কোৱা মানুহজন গুছি যায়, কোনোবা অচিন বাটেৰে | তাইক শুনাবলৈ তেওঁৰ একো নাই | ছোৱালীজনীয়ে জানে, তাই আৰু কোনোদিনে সাধু নুশুনে | আজিকালি তাই ঘনাই আইনা চায় | ক’ত লুকাই আছিল এই সুন্দৰ আৰু আত্মবিশ্বাসী ৰূপ | মানুহে কয় ছোৱালীজনী বলিয়া হ’ল | তাই হাঁহে | আগতে তাইৰ কোনো লক্ষ্য নাছিল.....এতিয়া তাই বিচাৰিব সাধু কোৱা মানুহজনক.... সুধি চাব লাগিব এদিন ছোৱালীজনীক .... কিয় এনে হয়, যাহা চাই ভুল করে চাই, যাহা পাই তাহা চাইনি ? কিহৰ সূত্ৰ এয়া ?
মোৰ খবৰ ? আগৰ দৰেই | ঠিক তুমি শেষবাৰত যেনে দেখিছিলা | দুখ ? ওঁহো, মুঠেই নাই | বাৰু বাদ দিয়া সেইবোৰ কথা |সিদিনা ক’ৰবাত পঢ়িলো, " কেতিয়াও কাকো নুসুধিবা, তেওঁ কিয় তোমাক অকাৰণতে দুখ দিছে, যাতনা দিছে | নিজক সোধা তুমি কিয় তেওঁ কিয় তুমি দুখ দিবলৈ, তোমাক যাতনা দিবলৈ অনুমতি দিছা |" কথাষাৰ মিছাতো নহয় | আমি গৰল নিজে জানি বুজি পিও, কোনোৱে আমাক বাধ্য নকৰায় গৰল পিবলৈ | জীৱনটো আমি নিজে পৰিচালিত কৰো, আপুনি বা মই ভবাৰ দৰে জীৱনে আমাক পৰিচালিত নকৰে | অহ... সাধু এটা মনত পৰিল | শুনাও ৰ’বা | শুনিবানে ? শুনিবই লাগিব ..... এবাৰ সন্ত পুৰুষ এজন এখন গাঁওলৈ আহিল | ৰাইজে তেওঁক যথাবিধি আদৰ-যত্ন কৰিলে | এপাকত সাধুজনে ওখ গম্বুজ এটা জোৰেৰে ধৰি চিঞঁৰিবলৈ ধৰিলে, " এৰি দিয়া, মোক এৰি দিয়া |" উপস্থিত ৰাইজ আচৰিত হ’ল | এজনে ক’লে , " বাবা আপুনি কি কয়, গম্বুজটোৱে আপোনাক ধৰি ৰখা নাই, আপুনিহে সেইটোক জোৰেৰে খামোছ মাৰি ধৰি আছে |" সাধুজনে তেতিয়া ধীৰ স্বৰৰে ক’লে, " ঠিক কৈছা বাছা, মইহে গম্বুজটোক ধৰি আছো | আমাৰ দুখবোৰো ঠিক গম্বুজটোৰ নিচিনা | আমিহে দুখবোৰক ধৰি থাকো, দুখবোৰে আমাক আৱৰি নাথাকে........ বাহিৰলৈ ওলাই চোৱা, পৃথিৱীখন বহুত ধুনীয়া...... " দুখবোৰক ধৰি নাৰাখিবা সহনশীলতা এক প্ৰকাৰৰ জেদেই চাগৈ ... কাৰোবাৰ আত্ম গৌৰৱ আৰু অহংকাৰৰ বিপৰীতে সদম্ভে মূৰ দাঙি থিয় হোৱা জেদ .... সহিব পৰা জেদ... অহংকাৰক নস্যাৎ কৰি দিয়াৰ প্ৰৱণতাৰে জাগি উঠা বাসনা হ’ল সহনশীলতা | কিন্তু অহংকাৰ জেদ আৰু সহনশীলতাৰ মাজৰ যুঁজখনত বৰ বেয়াকৈ পৰাস্ত হয় সহিষ্ণুতা আৰু সময়ে অদূৰত ৰৈ বিদ্ৰুপৰ হাঁহি মাৰে...
নিজক প্ৰবোধ দিয়াৰ কৌশল বুলি নাভাবিবা | ভুল বুলি কোনো বস্তু নাই | নিজৰ দৃষ্টিত সকলো শুদ্ধ | বহুতো কথা আমাৰ ধৰা চোৱাৰ বাহিৰত | তোমাৰ প্ৰতি মৰমতকৈ , ভালপোৱাতকৈ সন্মান বহু ওপৰত , কাৰণ তুমি নিজক সন্মান কৰিব জানা | তোমাৰ কথাৰেই কও "প্ৰেম নাই ? প্ৰেমহীনতা? কাৰণ আপুনি চুই চোৱা নাই তেওঁৰ হাতখন...... তেওঁৰ চকুৰ লুণীয়া তপত পানীখিনি.....তেওঁৰ হাঁহিখিনি........... কিন্তু যেতিয়া আপুনি কাৰোবাৰ আত্মা স্পৰ্শ কৰে...... তেতিয়া....... সেয়াও নেকি প্ৰেমহীনতা........."...

বিশেষ নাই | না লিখিবলৈ না ক’বলৈ | কুশলে থাকিবা | শেষত কওঁ জীৱনতকৈও ডাঙৰ শিক্ষক কোনো নহয় |
প্ৰান্তত
..............................
..............................
No comments:
Post a Comment