Sunday, 7 February 2016

প্ৰশাসকৰ কুঠলীঃ 'কবিৰ মনৰ কথা' (২) / তৃতীয় ভাগ / কবিঃ নৱাকাশ

আখৰুৱাঃ সদ্যহতে নতুন কবিতা লিখিছা নেকি বা নতুন ছবি আঁকিছা নেকি?

নৱাকাশঃ নাই, নতুন একো কৰিব পৰা নাই। মৰিবৰ দিনাহে ইবোৰ শেষ হ'ব।

আখৰুৱাঃ পিছে মানুহ মৰাৰ দিনাও একোৱেই শেষ নহয়। আচলতে সকলো এৰি থৈ আমি গুছি যাম। সেয়াই সত্য।

নৱাকাশঃ কোনে জানে?

আখৰুৱাঃ বাৰু। প্ৰতিভাই মানুহক কিমানলৈ নিব পাৰে বুলি ভাবা?

নৱাকাশঃ এই বিষয়ে মই বিশেষ নাজানো। অৱশ্যে এটা বিশ্বাস ওলোমাই ল'ব পাৰি। অৱশ্যে আজি এটা বিশেষ কাম কৰিছো আৰু সেয়ে এতিয়া অলপ ভাগৰুৱা। আচলতে একেৰাহে মানে nonstop বাঁহী বজালোঁ আজি, পুৱা ১১ বজাৰ পৰা সম্পূৰ্ণ ৬ ঘণ্টা। তথাপি কথাপাতিম, কিন্তু টান কথা নুশুধিব। মই সিমান বুজি নাপাওঁ।

আখৰুৱাঃ হ'ব বাৰু। পিছে তুমি কেতিয়াৰ পৰা বাঁহী বজাবলৈ লৈছা?

নৱাকাশঃ শান্তিনিকেতনত বিহু মাৰিবলৈ বুলি শিকিছিলো আৰু তেতিয়াৰ পৰাই বজাইছো। শান্তিনিকেতনত বিহু আৰু মণিপুৰী নৃত্যত বজাইছিলো। এতিয়া প্ৰায় এবছৰ হ'ল ভাৰতীয় শাস্ত্ৰীয় পদ্ধতিত বাঁহী শিকি আছো। অৱশ্যে সেয়াও নিয়মীয়া নহয়।

আখৰুৱাঃ কবিতা, ছবি আৰু বাঁহী- কি বাটেৰে তোমাৰ কাষলৈ আহিল?
তিনিটা কলা কেনেকৈ চম্ভালি ৰাখিব পাৰা তুমি?

নৱাকাশঃ আচলতে সিহঁতেহে চম্ভালে মোক। বাঁহীৰ সলনি সংগীত শিকা বুলি ক'ব পাৰে।

আখৰুৱাঃ হয়। কবিতা, ছবি আৰু সংগীত কি বাটেৰে তোমাৰ কাষলৈ আহিল?

নৱাকাশঃ মইতো নিমিত্ত মাত্ৰ। সকলোৱে আহি নিজে নিজে ধৰা দিয়ে।

আখৰুৱাঃ এইযে 'নিমিত্ত মাত্ৰ' বুলি ক'লা, সেই কথা কিমান গভীৰ তোমাৰ মনত?

নৱাকাশঃ মই ভাবোঁ, বিশ্বব্ৰহ্মাণ্ডত যিবিলাক ঘটে সকলোৰে কিবা এটা সামগ্ৰিক পৰিকল্পনা আছে। যাক ৰূপায়িত কৰাৰ বাবে হাজাৰ, হাজাৰ বছৰ ধৰি কোনোবাই গুৰি ধৰি আহিছে। তাকেই হয়তো মানুহে ভগৱান, আল্লা বা গড বোলে। সকলো বস্তুৱেই এক নিয়মৰ হাতোৰাত বন্দী। যি হৈ আছে ভাল, বেয়া, প্ৰেম, বিষাদ, হিংসা বা অহিংসা সকলো যিদৰে হয় বা ঘটে মইও তেনেকৈয়ে কবিতা লিখো। আচলতে মই নিলিখো, কোনোবাই লিখাই আছে মোক। কাৰণ কবিতাটো লিখাৰ আগতে বা ছবিখন অঁকাৰ আগতে মই নাজানো সি গৈ ক'ত আৰু কেতিয়া শেষ হ'ব। নতুবা বহু সময়ত মই নিজেই নাজানো কি লিখিম বা আঁকিম। নিজে নিজেই সকলো হৈ যায়।
.
আখৰুৱাঃ এই কথাবোৰ তুমি শান্তিনিকেতনত শিকিছা চাগে।

নৱাকাশঃ জীৱনে শিকাইছে। সংঘাত, সংঘৰ্ষই শিকাইছে।

আখৰুৱাঃ হ'ব পাৰে। যদি কও- ছবি আৰু সংগীত তুমি আয়ত্ব কৰিছা, কিন্তু কবিতা তোমাৰ ক্ষেত্ৰত স্বভাৱজাত বা তুমি স্বভাৱ কবি- তুমি কি ক'বা?

নৱাকাশঃ আচলতে সকলো শিশুৰ ভিতৰতে এক কবি বা শিল্পী বিৰাজমান। সময়ৰ লগে লগে কিছু প্ৰয়োজনীয় সাৰ-পানী পায় আৰু কবি বা শিল্পী হৈ উঠে। কিন্তু পৰিপক্কতাৰ বাবে প্ৰয়োজন হয় অধ্যয়ন, অনুশীলন, সাধনাৰ। কবিতা, ছবি, সংগীত একেই ধৰণৰ, একেই প্ৰকাৰৰ সংবেদনশীল। কিন্তু আচল কথাটো হ'ল পৰিপক্কতা, যাৰ অবিহনে কবি বা শিল্পী হৈ উঠা খুবেই কঠিন।

আখৰুৱাঃ কবিতা তোমাৰ স্বভাৱৰ অন্য প্ৰকাশ হয় বুলি ভাবা নেকি? যেনেকৈ স্বভাৱগত ভাবে কিছু গায়ক, শিল্পী থাকে তেনেকৈ স্বভাৱগত ভাবে কিছু কবিৰ জন্ম হয়। সেইসকল কবিয়ে কবিতাক স্বভাৱত যাপন কৰে।

নৱাকাশঃ নিশ্চয় হয় বুলি ভাবোঁ। স্বভাগতভাবে কিছু কবি নিশ্চয় হৈ যায়, কিন্তু অনুশীলন অবিহনে পৰিপক্কতা নাহে।

আখৰুৱাঃ আচলতে আমি এটা বুনিয়াদী কথাৰ সন্ধান কৰিব বিচাৰিছো। মানুহ ভেদে স্বভাৱ বেলেগ, বেলেগ হয়। কোনোবাই মানুহৰ সংগ বিচাৰি ভালপায়। সেয়া তেওঁৰ স্বভাৱ। কোনোবাই সংগীততেই জীৱন বিচাৰি পায়, সেয়া তেওঁৰ স্বভাৱ। সাধাৰণতে বেছিভাগ মানুহে অৰ্থৰ (ধন) মাজতেই জীৱন বিচাৰি পায়, সেয়া তেওঁলোকৰ স্বভাৱ। কোনোবাই কবিতাক বিচাৰে দিবা-ৰাত্ৰি, সেয়া তেওঁৰ স্বভাৱ আৰু সেই অৰ্থত তেওঁক স্বভাৱ কবি বুলিব পাৰি।

নৱাকাশঃ হয়, তেনেকৈ ক'ব পাৰে। তেনেদৰে কলা মোৰ সিৰা-উপসিৰাত প্ৰৱাহিত হয়।

আখৰুৱাঃ বাৰু, কবিতা কাৰ বাবে?

নৱাকাশঃ সাধাৰণতে মানুহৰ বাবে কবিতা, কিন্তু মই ভাবোঁ যে- যাৰ বোধশক্তি আছে তেওঁলোকৰ বাবেহে কবিতা। কবিতাই পাষাণ হৃদয়কো মৌৰ দৰে কৰি তুলিব পাৰে।

আখৰুৱাঃ কেনেকৈ?

নৱাকাশঃ কেনেকৈ বুলি সুধিলে সেয়া যান্ত্ৰিক প্ৰশ্ন হ'ল। ক'ব বিচাৰিছো- কবিতাৰ শব্দত সেই শক্তি আছে, কেৱল মানুহে হৃদয়েৰে তাক পঢ়িব লাগিব।

আখৰুৱাঃ পাষানে জানো কবিতা পঢ়ে বা পঢ়িব।

নৱাকাশঃ জীৱন ৰহস্যময়। পাষান হৃদয়ৰ মানুহেও কবিতা পঢ়িব পাৰে। উদাহৰণ অংগুলিমলৰ (Angulimal) দৰে হত্যাকাৰীলৈ আঙুলিয়াব পাৰি।

আখৰুৱাঃ বাৰু। তুমি জনা কোনো পাষান লোকে তোমাৰ কবিতা পঢ়িছেনে।

নৱাকাশঃ মোৰ কবিতা সিমান শক্তিশালী নহয় যে কাৰোবাৰ পাষান হৃদয় বিগলিত হ'ব।

আখৰুৱাঃ এনেকৈও ক'ব পাৰা যে- তেনে পাষান হৃদয়ৰ মানুহে তোমাৰ কবিতা পঢ়িছে নে নাই সেইটো তুমি নাজানা। বাৰু, কবিতা কাৰ বাবে বুলিলে সাধাৰণতে মানুহৰ কল্যাণৰ বাবে বুলি ধৰা হ'ল। তেনেধৰণে তুমি ভাবা নেকি?

নৱাকাশঃ যিকোনো সৃষ্টিতেই সচেতন বা অসচেতন ভাবে কল্যাণ শব্দটো লুকায় থাকে। কবিতাৰে মানুহৰ কল্যাণ নিশ্চয় হয়।

আখৰুৱাঃ এইখিনিতে হীৰুদাৰ এটি কবিতা মনলৈ আহিছে। 'মোৰ আৰু পৃথিৱীৰ' শীৰ্ষক কবিতাৰ প্ৰথমটো কবিতাত কৈছে-

'কাৰ কাৰণে কবিতা, সূৰ্যৰ শুদ্ধতা ? সমুখৰ বাট জলকতবক ,
বাওঁহাতৰ টিপত মৰে কুশীলব, জননীৰ বুকুত কাল যমুনা।
কাৰ কাৰণে কবিতা, সূৰ্যৰ তেজস্বিতা ? ছহীদৰ হাড়
শিয়াল-কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপন্ন মুখ।

কাৰ কাৰণে কবিতা, তাপস কবিৰ তেজৰ শলিতা?'

নৱাকশঃ লাজৰ কথা যে মই এতিয়ালৈ সম্ভৱতঃ ত্ৰিশটামান কবিতাহে পঢ়িছো, পাঠ্যক্ৰমৰ বাহিৰে।

আখৰুৱাঃ সেইটো লাজৰ কথা ঠিক নহয়। কবিতা পঢ়া আৰু কবিতাক হৃদয়ঙ্গম কৰা দুটা পৃথক বিষয়। তথাপি হীৰুদাৰ এই কবিতাটোৱে এই মুহুৰ্তত তোমাৰ মনত কোনো ভাবৰ সৃষ্টি কৰিছে নেকি?

নৱাকশঃ তেখেতৰ 'সুগন্ধি পখিলা'খন কিনিছিলো পঢ়িম বুলি আৰু কেইটামান কবিতা পঢ়ি বুজাৰ চেষ্টা কৰিছিলো। তেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ত আইন বিষয়টোৰ ছাত্ৰ আছিলো। এজনীৰ প্ৰেমত পৰি 'সুগন্ধি পখিলা'খন প্ৰেমিকাক উপহাৰ দিছিলো, প্ৰভাৱিত কৰিবলৈ আৰু সেয়ে সেইখন আৰু পঢ়া নহ'ল। আনপিনে কবিতা বা ছবি বুজিবলৈ মই বৰ বেছি চেষ্টা নকৰোঁ। কেৱল লিখি যাওঁ, আঁকি যাওঁ। এটা ভয় আছে মোৰ......বেছিকৈ এইবোৰৰ ভিতৰলৈ সোমালে জানোচা মোৰ সংবেদনশীলতা নোহোৱা হৈ যায়। জানোচা কবিতাই ধৰা নিদিয়া হয়। মই ভাবোঁ কবিতাৰে মানুহক সজাগ কৰিব পাৰি......আৰ্তজনক সাহস দিব পাৰি। বিপ্লৱ গঢ়িব পাৰি। আনকি শোষকৰ মন গলাব পাৰি, আয়না দেখুৱাব পাৰি।

আখৰুৱাঃ তোমাৰ কথাখিনি বুজিব পাৰিছো। পিছে কবিতাৰে বিপ্লৱ ঘটাব পাৰি নে বিপ্লৱে বিল্পৱী কবিতাৰ সৃষ্টি কৰে?

নৱাকশঃ কবিতাই বিপ্লৱৰ জুইত ঘি ঢলাৰ কাম কৰে। বিপ্লৱে বিপ্লৱী কবিতাৰ সৃষ্টি কৰে। হয়তো কেতিয়াবা একোটা ইমান শক্তিশালী কবিতাৰ সৃষ্টি হ'ব পাৰে যিয়ে একোটা বিপ্লৱৰ সূচনা কৰিব।

আখৰুৱাঃ তেনে প্ৰয়াস যেন আজিৰ কবি সকলে কৰিবলৈ চেষ্টা কৰে।
বাৰু, সাধাৰণতে কবিয়ে তেওঁৰ কবিতাৰে মানুহক কি দিব খোজে? নতুবা তুমি কবি হিচাপে তোমাৰ পাঠকক কি দিব বা ক'ব খোজা।

নৱাকশঃ ভবা নাই। নিজৰ কবিতাকলৈ মোৰ সন্দেহ আছে। মোৰ কবিতাবোৰ প্ৰকৃততে কবিতা হয় নে নহয় মই নাজানো। ভাল কবিতা লিখাৰ বাসনাও সীমিত। মই কেৱল যেতিয়াই যি, যি কৰিবলৈ মন যায় তাকেই কৰোঁ। ভাল বা বেয়া হোৱাৰ কথা বেছিকৈ নাভাবোঁ। মন গ'লে কবিতা লিখো, মন গ'লে একেৰাহে ছবি আঁকো, মন গ'লে একেৰাহে গান গাও, বাঁহীৰ অনুশীলন কৰোঁ।

আখৰুৱাঃ তোমাৰ শিল্পী আৰু কবি সত্বাৰ কিছু আভাস পাইছো। কথা হ'ল তোমাৰ কবিতা কবিতা হয় নে নহয়- সেয়া পাঠকে আৰু সময়ে ক'ব। কিন্তু সাধাৰণতে তুমি তোমাৰ কবিতাৰে পাঠকক কি দিব খোজা।

নৱাকশঃ আগতেই কৈছো মই কাৰো বাবে নিলিখো। কেৱল লিখো, কবিতাই মোৰ আঙুলিৰে লিখায়। গতিকে কবিতাৰে কাৰোবাক কিবা দিব বা ল'ব খোজাৰ প্ৰশ্নই নাই।

আখৰুৱাঃ হয়, আগতেও কৈছা। তেন্তে তোমাৰ কবিতা পাঠকে গ্ৰহণ কৰিছে বা কৰা নাই, সিয়ে তোমাৰ কাব্য-চৰ্চাত একো প্ৰভাৱ নেপেলায় বুলি ভাবা নেকি?

নৱাকশঃ হয়তো সচেতন ভাবে মোৰ কবিতাত কিবা প্ৰভাৱ পেলায় বুলি নাভাবোঁ। কিন্তু আজি প্ৰায় তিনিমাহ ধৰি কবিতা বুলিয়েই দৈনিক কিবা কিবি লিখি আছো একমাত্ৰ ফেচবুকৰ তাগিদাত। তাত পোৱা পাঠকৰ সঁহাৰিয়েও হয়তো পৰোক্ষ ভাবে প্ৰভাৱ পেলাইছে মোৰ কবিতাত। যেতিয়া মই ২০০৫ চনত অসম এৰি আহিছিলো, তেতিয়াৰ পৰা প্ৰায় দহ বছৰ অসমীয়া সাহিত্য বা কবিতাৰ সৈতে মোৰ সংযোগ নাছিলেই। কিন্তু ফেচবুকৰ কৃপাত এতিয়া প্ৰায় প্ৰতিদিনেই মোৰ অসমীয়া কবিতা বা সাহিত্যৰ চৰ্চা হয়।

আখৰুৱাঃ যি সময়ত ফেচবুকৰ ব্যৱহাৰৰ নেতিবাচক দিশৰ কথা কোৱা হৈছে, সেই সময়ত তোমাৰ এই কথাই ইয়াৰ ইতিবাচক দিশৰ সংবাদ দিছে।

নৱাকশঃ সম্পূৰ্ণ নেতিবাচক বা ইতিবাচক বুলি একো কথা নাথাকে। আচলতে নঞৰ্থকৰ মাজতেই যোগাত্মক লুকাই থাকে বা তাৰ ওলোটা আৰু সমাজত নেতিবাচক, ইতিবাচক দুয়োটাই প্ৰয়োজন- যিদৰে দিন-ৰাতি। আচলতে নেতিবাচক, ইতিবাচক কথা বা ধাৰণাবোৰ আমাৰ মনৰহে সৃষ্টি।

___________________________আগলৈ____________________
 — 
Comment

No comments:

Post a Comment