Saturday, 6 February 2016

'কবিৰ মনৰ কথা' (অন্তিম ভাগ) : কবি- নিশাংক মিলন

আখৰুৱাঃ এইখিনিতে ক'ব বিচাৰিছো যে- চীনা কবিতা পৃথিৱী জুৰি সমাদৃত বা বিখ্যাত। পশ্চিমীয়া দেশ সমূহো চীনা কবিতাৰ প্ৰতি আগ্ৰহী আৰু ইয়াক সুখকৰ অধ্যয়নৰ ক্ষেত্ৰ হিচাপে ল'ব বিচাৰে। অসমীয়া কবিতাত তেনে ধৰণৰ বৈশিষ্ট আছে নেকি?

নিশাংক মিলনঃ সামগ্ৰিকভাৱে সম্প্ৰতি অসমীয়া কবিতাৰ তেনে কোনো বৈশিষ্ট্য আছে বুলি বা ক'ব পৰা যায় বুলি ভাব নহয়। কবিসকলৰ কবিতা নিজস্ব বৈশিষ্টৰে অলংকৃত। কিন্তু সকলো কবিতাকে সাঙুৰি ল'ব পৰা তেনে কোনো বৈশিষ্ট্য নাই যেন লাগে।

আখৰুৱাঃ হয়। ডঃ নগেন শইকীয়াই অসমীয়া সাহিত্যত সংযোজন কৰা এবিধ নতুন শ্ৰেণীৰ সৃষ্টিশীল লিখনি হ'ল- মিতভাষ। গদ্য আৰু কবিতাৰ (কথা কবিতাৰ দৰে) সংমিশ্ৰিত,অসমীয়া সাহিত্যৰ এটি নতুন ধাৰা হিচাপে ই চিহ্নিত। সাহিত্য সমালোচক সকলে মিতভাষক গদ্য আৰু পদ্য কোনোটো শ্ৰেণীতেই অন্তৰ্ভুক্ত কৰা নাই। চিত্ৰকল্পৰ সঘন প্ৰয়োগ আৰু শব্দৰ মিতব্যয়ী ব্যৱহাৰেৰে মানুহৰ মনোজগতৰ বৰ্ণন এই শ্ৰেণীৰ সৃষ্টিশীল লিখনিৰ বৈশিষ্ট্য বুলি জনা যায়। 

শইকীয়াৰ মিতভাষৰ দ্বাৰা তুমি নিজে বা নতুন চাম কবি প্ৰভাৱিত হৈছে বুলি ভাবা নেকি?

নিশাংক মিলনঃ মিতভাষৰ বেছি কবিতা মই পঢ়া নাই। গতিকে প্ৰভাৱ পৰিছে বুলি ঠিক ক'ব নোৱাৰিম। কিন্তু ইয়াৰ একক আৰু শক্তিশালী প্ৰকাশশৈলীৰ প্ৰতি লক্ষ্য ৰাখি, আন আন কবিসকল প্ৰভাৱিত হ'ব বুলি নিশ্চয়কৈ ক'ব পাৰি।

আখৰুৱাঃ হ'ব পাৰে। যদি কোৱা হয় কবিতা আচলতে এনেকুৱা যে নাৰীক যিদৰে প্ৰয়োজনীয় অলংকাৰেহে শুৱনি কৰে, ঠিক তেনেকৈ অত্যধিকতাই কবিতাৰ সৌন্দৰ্য হ্ৰাস কৰে আৰু সি কবিতা হৈ নুঠে। এই ক্ষেত্ৰত তোমাৰ ধাৰণা কি?

নিশাংক মিলনঃ হয় সম্পূৰ্ণ শুদ্ধ কথা এয়া। যেনেকৈ too much is always bad...বেছি চেনি দিলে চাহো খাব নোৱাৰা হয় বা তিতা হয়।

আখৰুৱাঃ কবি হিচাপে তোমাৰ কবিতাৰে কেনে ধৰণৰ সামাজিক অৱদান তুমি আগবঢ়াব বিচৰা। আনপিনে আখৰুৱাৰ কবি হিচাপে, ইয়াৰ কাব্য-চৰ্চাৰ দিশটোৰ আঁসোৱাহ, দুৰ্বলতা, সৱলতা আদিৰ ক্ষেত্ৰত তুমি কিবা ক'বা নেকি?

নিশাংক মিলনঃ সমাজৰ নানা দিশৰ লগতে মানুহৰ চিন্তা, মানসিকতা আৰু মনস্তত্বৰ কিছু দিশ প্ৰতিফলিত কৰিব খোজো কবিতাৰ মাধ্যমেৰে।
আখৰুৱাত তেনে কোনো আঁসোৱাহ চকুত পৰা নাইচোন।

আখৰুৱাঃ 'কবিৰ মনৰ কথা' যুগুতাবলৈ আখৰুৱাই যি প্ৰয়াস কৰিছে তালৈ তুমি আগবঢ়োৱা সহযোগিতাই আমাক উৎসাহ দিলে। 'কবিৰ মনৰ কথা'ত অংশ গ্ৰহণ কৰি তোমাৰ কেনে লাগিল ক'বা নেকি।

নিশাংক মিলনঃ ইয়াত ভাগ ল'বলৈ পাই মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। ই আখৰুৱাৰ এক সুন্দৰ প্ৰচেষ্টা

আখৰুৱাঃ আমাৰো ভাল লাগিল তোমাৰ সংগ। এইখিনিতে তোমাৰ ভাল লগা স্বৰচিত এটি কবিতা আখৰুৱাৰ পাঠকলৈ আগবঢ়াবা নেকি।

নিশাংক মিলনঃ নিশ্চয় আগবঢ়াম। মোৰ ভাল লগা স্বৰচিত এটি কবিতা হ'ল- 'ফুলশয্যা'।

ফুলশয্যা
========

ৰাতি ফুলা ফুলৰ গোন্ধ এটা
শুই আছেহি তোমাৰ নাভিত
দেহ নহয় এয়া যেন
কোনো প্ৰাৰ্থনাৰ নিৰল নীৰৱতা ;
তোমাৰ প্ৰাণৰ পাৰিজাত
নিৰ্যাতিত এই আত্মাক চুব দিয়া;
ম‍ই তোমাৰ আন্ধাৰৰ অচিন পৰিব্ৰাজক,
হে মোৰ পোহৰৰ প্ৰথম প্ৰান্তিক
বোলাই যাব পৰাকে মোহময় নিদ্ৰা
ইমান আকুলতা ক’ত থও কোৱা ?
উশাহৰ সেওঁতাত সামৰি ল'লো ম‍ই
অনাদিৰ কপালৰ প্ৰথম স্পৰ্শ
আৰু কোনো শব্দ‍ই চুব নোৱৰেহি মোক,

এই অনন্ত তোমাৰ মৌনতাত মোহাচ্ছন্ন !

(ৰচনা: ২০১৪, ২ এপ্ৰিল)
***************

আখৰুৱাঃ সঁচাকৈ 'ফুলশয্যা' এটি সুন্দৰ কবিতা। এই কবিতাটো তোমাৰ কিয় প্ৰিয়?

নিশাংক মিলনঃ আচলতে কবিতা লিখা মানুহৰ কাৰণে ভালে-বেয়াই নিজৰ সকলো কবিতাই প্ৰিয়। মাকৰ যিদৰে পংগু সন্তানৰ প্ৰতিও মৰম থাকে, ইও ঠিক তেনেকুৱা।

আখৰুৱাঃ তথাপি ঠিক যেনেকৈ কোনোটো সন্তানৰ বিশেষ কোনো গুণে মাতৃকো আকৰ্ষিত কৰে, তেনেকৈ 'ফুলশয্যা'ই তোমাক কোনো ধৰণে বিশেষ ভাবে আকৰ্ষিত কৰে নেকি?

নিশাংক মিলনঃ ভালপোৱাৰ এক সমৰ্পনৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি কবিতাটো লিখিবলৈ চেষ্টা কৰিছিলো। কম কথাতে সেইখিনি কথা কোৱা হৈছিল যেন বোধ হৈছিল। যি ক'ব খুজিছিলো তাক ক'ব পাৰিছিলো যেন লাগিছিল। হয়তো সেয়ে 'ফুলশয্যা' ভাল লাগে।

আখৰুৱাঃ ফুলশয্যা- মানুহৰ বিবাহিত জীৱনৰ এটি অনন্য দিন, অনন্য উপলব্ধি যদিও তাক কবিতালৈ অনাটো খুবেই কঠিন। নহয়জানো। 

নিশাংক মিলনঃ হয়, ই এক কঠিন কাম। 

আখৰুৱাঃ বাৰু। কবি যদিহে বিবাহিত তেন্তে কথাটো সুকীয়া। যদিহে অবিবাহিত 'ফুলশয্যা'ৰ বিষয়ে কবিতা লিখিবলৈ কবিয়ে নিশ্চয় ৰহস্যৰ মাজেৰে সেই অনুভৱৰ সন্ধান কৰে। তেনে ক্ষেত্ৰত 'ফুলশয্যা' ৰহস্যবাদৰ বিষয় হৈ পৰে বুলি ক'ব পাৰি নেকি?

নিশাংক মিলনঃ সেয়া আচলতে কবিজনৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁ কি কথা ক'ব খুজিছে কবিতাটোত আৰু তাৰ ওপৰতেই কবিতাটোৰ গতি প্ৰকৃতি নিৰ্ভৰ কৰিব। ই ৰহস্যবাদো হ'ব পাৰে বা বেলেগো হ'ব পাৰে।

আখৰুৱাঃ জীৱনক জনাৰ, বুজাৰ যি তাড়ণা সিয়েই হয়তো কবিৰ মনত নানা লহৰ তোলে। তেন্তে কবিৰ অনুভৱ, জীৱনলৈ কবিৰ কৌতুহল আৰু কবিৰ দৰ্শনৰ মাজত কি প্ৰভেদ বা সামঞ্জস্য থাকে?

নিশাংক মিলনঃ কবিৰ অনুভৱ বা জীৱন জিজ্ঞাসাক আচলতে পাঠকে নিজৰ দৃষ্টিৰে বা অনুভৱেৰে অনুভৱ কৰে। কোনো কোনো সময়ত পাঠকৰ এই অনুভৱ কবিৰ অনুভৱতকৈ বেলেগো হ'ব পাৰে। কবিৰ অনুভৱৰ ওপৰতে ভিত্তি কৰি কবিৰ দৰ্শন গঢ় লৈ উঠে।

আখৰুৱাঃ তোমাৰ প্ৰিয় কবিৰ বিষয়ে তুমি কৈছিলা। তেখেতসকলৰ ভিতৰত কোন গৰাকী কবিৰ কোনোটো কবিতা তোমাৰ খুবেই প্ৰিয় বুলি সুধিলে, তুমি কি ক'বা।

নিশাংক মিলনঃ বহুত কবিতা আছে। তেনেকে নাম ক'বলৈ অসুবিধা হ'ব।

আখৰুৱাঃ আখৰুৱাৰ গোটৰ এটি শিতান হ'ল 'মোৰ প্ৰিয় কবিতা'। 
এই শিতানটো সজাবলৈ হ'লে কোনটো কবিতাৰে তুমি সজাবলৈ ভাল পাবা, ক'বা নেকি।

নিশাংক মিলনঃ এই মুহুৰ্তত সমীৰ তাঁতিৰ "পঞ্চম ৰাতিৰ দহ নম্বৰ কবিতাটো" ৰ কথা মনলে আহিছে আৰু এইটো কবিতাৰেই আখৰুৱাৰ 'মোৰ প্ৰিয় কবিতা' শিতানটো যুগুতাব বিচাৰিম। 

আখৰুৱাঃ আখৰুৱাৰ আন এটি শিতান হ'ল 'পুনৰীক্ষণ'। শিতানটোৰ বিষয়ে কিবা ক'বা নেকি।

নিশাংক মিলনঃ 'পুনৰীক্ষণ' এক সুন্দৰ প্ৰচেষ্টা। কিন্তু 'পুনৰীক্ষণ' কৰোঁতে কবিতাটোৰ অৰ্থ বিচাৰিব যোৱাতকৈ, তাৰ সৌন্দৰ্যৰ বিচাৰ কৰাটোহে মোৰ হিচাপত বেছি ভাল হ'ব যেন লাগে।

আখৰুৱাঃ মতামত ভাল লাগিল আৰু আমি 'পুনৰীক্ষণ' শিতানটোৰ পৰ্যালোচক সকলৰ দ্বাৰা, তুমি কোৱা ধৰণে আগুৱাই নিবলৈ যত্ন কৰিম।

নিশাংক মিলনঃ আচলতে সেয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত মত। তাৰ কাৰণে 'পুনৰীক্ষণ'ত কোনো সালসলনি নকৰাই ভাল হ'ব। কবিতাৰ অৰ্থ বিচৰাটো কাৰোবাৰ কাৰণে প্ৰয়োজনীয়ও হ'ব পাৰে।

আখৰুৱাঃ ঠিক সালসলনি নহয়। আমি পৰ্যালোচক সকলক কোনো প্ৰকাৰে 'পুনৰীক্ষণ'ৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰোঁ। তোমাৰ ধাৰণাখিনি সামৰি ল'বলৈ আমি জনামহে। সেই অৰ্থত পৰ্যালোচক সকল স্বাধীন।

নিশাংক মিলনঃ সেইটো এটা সুন্দৰ কথা হ'ব।

আখৰুৱাঃ হয়। বৃত্তিগতভাৱে তুমি এগৰাকী চিকিৎসক। চিকিৎসাৰ দৰে কঠিন বৃত্তি এটাত যুক্ত হৈ থাকি, কবিতা চৰ্চাৰ প্ৰতি তুমি কিদৰে আকৃষ্ট হোৱা।

নিশাংক মিলনঃ কবিতা এক কলা, এক সাধনা আৰু কলাই মানুহক বোধ হোৱাৰ দিন ধৰি আকৰ্ষণ কৰি আহিছে। মোকো ই ইয়াৰ অন্তৰ্নিহিত সৌন্দৰ্যৰে একেদৰেই আকৰ্ষিত কৰি আহিছে।

আখৰুৱাঃ কোৱা হয় যে কবি সকল ভাবুক আৰু খেয়ালি। সেয়ে বৃত্তিগত জটিলতাই কবিতাৰ চৰ্চাত সমস্যাৰ সৃষ্টি নকৰে জানো?

নিশাংক মিলনঃ নাই তেনে কোনো সমস্যাৰ সমুখীন হোৱা নাইচোন।

আখৰুৱাঃ এনেদৰে আমি কবিতাৰ বিষয়ে কথা পাতি থাকিলে হয়তো শেষেই নহ'ব। বিশেষকৈ তৰুণ প্ৰজন্মৰ মননশীল এগৰাকী কবিৰ সৈতে। আশা ৰাখিম আকৌ কেতিয়াবা আমি এনেদৰে কথা পাতিম 'কবিৰ মনৰ কথা' জানিবলৈ, বুজিবলৈ। তোমাৰ কাব্য-চৰ্চা আগুৱাই নিয়া, যাতে অসমীয়া কবিতালৈ বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হ'ব পাৰা। তোমাৰ কাব্য যাত্ৰা অক্ষুণ্ণ থাকক আৰু তোমাৰ কবিতাৰে আখৰুৱাৰ মজিয়া সুবাসিত হওক। সৰ্বোপৰি তোমাৰ কবিতাই অসমীয়া কাব্যলৈ এক নতুন উপলব্ধি, নতুন চিন্তন আনক আৰু ৰহস্যময়তাৰ পূৰ্ণ বিকাশেৰে তোমাৰ কাব্য পৈণত, সমৃদ্ধ হওক, উজলি উঠক। তাৰ বাবে 'আখৰুৱা : literati' গোটৰ পৰা তোমালৈ আন্তৰিক শুভেচ্ছা আৰু আশিস থাকিল।

নিশাংক মিলনঃ আন্তৰিক ধন্যবাদ জনালো। এই কথাবতৰাত অংশ ল'বলৈ পাই মোৰ সঁচাকৈ ভাল লাগিল। ই মোৰ বাবে এক সুকীয়া অনুভৱ তথা অভিজ্ঞতা। আখৰুৱা দীৰ্ঘজীৱি হওঁক। অসমীয়া কবিতাৰ ই এক উৎকৃষ্ট মঞ্চ হিচাপে গঢ় লৈ উঠক, সেয়া অন্তৰেৰে কামনা কৰিলোঁ। শেষত মোক এই সুযোগ দিয়া বাবে আপোনাক আৰু আখৰুৱাৰ সমূহ কৰ্মকৰ্তাক, পুনৰ ধন্যবাদ জনালোঁ।

___________________________সমাপ্ত______________

No comments:

Post a Comment