Saturday, 6 February 2016

'আলাপ' শিতানঃ কবিৰ মনৰ কথাঃ (দ্বিতীয় খণ্ড)ঃ কবি- চামচুল হক

আখৰুৱাঃ 'কবিৰ মনৰ কথা'ৰ প্ৰথম খণ্ডত আমি কবিতাৰে সমাজ পৰিবৰ্তনৰ কথা পাতিছিলো। সেই আলোচনাত আপুনি কোৱাৰ দৰে কবিতাৰে সমাজ পৰিবৰ্তন কৰা কথাষাৰ পোনে পোনে মানি ল'বলৈ কঠিন।

আৱশ্যে আমি আগতেই উল্লেখ কৰিছিলো যে- কোৱা হয় কবিতাই সমাজ পৰিৱৰ্তনত ভূমিকা লয়। সেই অৰ্থত পৃথিৱীৰ কোনোবা কবিৰ কবিতাই সমাজ পৰিবৰ্তনৰ ভূমিকা লৈছে বুলি ক'ব পাৰি নেকি? নতুবা অসমীয়া কবিতাত তেনে উদাহৰণ আছে নেকি?

চামচুল হকঃ মই আগতে ক'লোৱেই নহয় - অকল কবিতাই সমাজ পৰিবৰ্তন কৰিব নোৱাৰে৷ কিন্তু সমাজ পৰিবৰ্তনত সহায় কৰিব পাৰে ৷ যদিও সমাজত ইয়াৰ প্ৰভাৱ নিচেই কম৷

ওপৰত উল্লেখ কৰা প্ৰসিদ্ধ কবিসকলে নিজ দেশত সমাজ পৰিবৰ্তনত অৰিহণা যোগাইছিল৷ অসমতো ভিন ভিন সময়ত ভিন ভিন কবিতাৰ ধাৰা আহিছে৷ সেইবোৰ সাহিত্য ক্ষেত্ৰতহে ৷ সমাজ পৰিবৰ্তনত সেইবোৰে কেনেধৰণৰ ভূমিকা লৈছে ভাবি চাবলগীয়া৷ একেবাৰে শংকৰদেৱ - মাধৱদেৱৰ বৰগীত, আজান ফকীৰৰ জিকিৰ আৰু জাৰী আদিলৈ যদি ঘূৰি চোৱা যায়, সেইসমূহে সেই সময়ৰ অসমীয়া সমাজখনৰ প্ৰাণ চুই গৈছিল বা আজিও মানুহে ভকতি ভাবেৰে স্মৰণ কৰে৷ তাততো ধৰ্মীয় গোড়ামীৰ কথা ক'তো কোৱা নাই৷ তেন্তে একৈশ শতিকাতো সমাজখন কিয় একে ঠাইতে স্থবিৰ হৈ থাকিল৷ ধৰ্মৰ নামত সাম্প্ৰদায়িক সংঘৰ্ষ কিয়? অকল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আনি দিয়া উন্নতিৰে আমি সভ্যতাৰ চৰম শিখৰত আৰোহণ কৰা বুলি ক'ব নোৱাৰোঁ ৷ কোনোবাই কম্পিউটাৰ, ইন্টাৰনেট আবিস্কাৰ কৰিছে, আমি মাথোঁ বুটামকেইটা টিপিব পাৰিলেই সমাজখনৰ পৰিবৰ্তন হোৱা বুলি মানি ল'বলৈ টান লাগে ৷

যোৱা কেইবছৰত অসমত জিঘাংসা, নৰসংহাৰ, ডাইনী হত্যা যিটো হাৰত বাঢ়ি আহিছে, সি সমাজখন আগলৈ যোৱাৰ সলনি আদিম অৱস্থালৈ ঘূৰি যোৱাৰহে ইংগিত দিয়ে ৷

ভিন্ন সময়ত কবিতাৰে প্ৰতিবাদ কৰিছে বিভিন্নজন কবিয়ে৷ চল্লিশ-পঞ্চাশ দশকতে প্ৰগতিবাদী-সমাজবাদী ধাৰাৰ কবিতা লিখে ভবানন্দ দত্ত, অজিৎ বৰুৱা, অমূল্য বৰুৱা, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য আদিয়ে৷ এইসকল গণমুখী-মাৰ্ক্সবাদী কবিও সমালোচনাৰ উৰ্দ্ধত নাছিল৷ তাৰ পাছত হেম বৰুৱা, নৱকান্ত বৰুৱা, বীৰেশ্বৰ বৰুৱা, প্ৰফুল্ল ভূঞা, হীৰেন ভট্টাচাৰ্য, নীলমণি ফুকন প্ৰভৃতি কবিয়ে সমাজ জীৱনত অৰিহণা যোগাইছে৷ (এইখন এখন অসম্পূৰ্ণ তালিকা৷ মনত অহা কেইজনৰ নামোল্লেখ কৰিলো)৷ অৱশ্যে কবিতা সমাজ পৰিবৰ্তনৰ এবিধ আহিলা বুলি ক'ব পাৰি ৷

আখৰুৱাঃ বাৰু। এটা অন্য বিষয়লৈ যাব বিচাৰিছো। আপোনাৰ স্ব-ৰচিত কবিতাৰ মাজৰ, আপোনাৰ প্ৰিয় কবিতা বুলিলে কোনোবাটো কবিতাৰ কথা বিশেষ ভাৱে আপোনাৰ মনলৈ আহে নেকি।

চামচুল হকঃ মোৰ প্ৰিয় স্বৰচিত কবিতা বুলিলে কোনটো এৰিম কোনটো ধৰিম এনে লাগে ৷ তথাপি এই মুহূৰ্তত আনন্দ বৰমুদৈয়ে সম্পাদনা কৰা " উত্তৰ স্বাধীনতা যুগৰ শ্ৰেষ্ঠ অসমীয়া কবিতা " বুলি বিবেচিত "সপ্ত দশকৰ কণ্ঠস্বৰ " সংকলনখনিত স্থান পোৱা কবিতাটোৰ নাম ল'ব খোজোঁ ৷

কবিতাৰ শিৰোনাম :

কোন কালিন্দীৰ ধলে মাতে ৷

আখৰুৱাঃ 'কোন কালিন্দীৰ ধলে মাতে' শিৰোনামৰ আপোনাৰ কবিতাটোৱে আনন্দ বৰমুদৈয়ে সম্পাদনা কৰা "সপ্ত দশকৰ কণ্ঠস্বৰ" সংকলনখনিত স্থান পোৱাটো নিশ্চয় এক উল্লেখযোগ্য কথা। পিছে বৰমুদৈয়ে গ্ৰন্থখনিত স্থান দিয়া বাবেই কবিতাটোৰ কথা বিশেষ ভাৱে আপোনাৰ মনলৈ আহে নেকি? নে তাৰ অন্য কোনো বৈশিষ্টই আপোনাক কবিতাটোৰ প্ৰতি আকৰ্ষিত কৰে, ক'ব নেকি?

চামচুল হকঃ প্ৰত্যেকটো সৃষ্টিৰ আঁৰত কবিৰ প্ৰসৱ বেদনা থাকে ৷ নিজৰ সৃষ্টিক আনে প্ৰশংসা কৰিলে ভাল লগা কথাই৷ প্ৰথমতে "প্ৰান্তিক" আলোচনীত প্ৰকাশ হৈ যোৱাৰ পাছত বিভিন্নজনে ফোন কৰি ভাল হোৱা বুলি ক'লে৷ মানে অলপ ব্যতিক্ৰমধৰ্মী হোৱা বুলি ক'লে৷ তাৰ পাছৰ পৰাই কবিতাটো ভাল লগা হ'ল৷ " সপ্ত দশকৰ কণ্ঠস্বৰ " ত কবিতাটো ওলাইছে বুলি পাঁচ বছৰমান পাছতহে গম পাওঁ৷

আখৰুৱাঃ আপোনাৰ কথাখিনি স্বাভাৱিক। আনপিনে পাঠকেও জানিব বিচাৰে কবিৰ স্বৰচিত কবিতাৰ ভিতৰত কোনটো কবিতা প্ৰিয়।

যিহওক, অসমীয়া কবিসকলৰ ভিতৰত দহগৰাকী প্ৰিয় কবিৰ নাম সুধিলে আপুনি কোন কেইগৰাকী কবিৰ নাম ল'ব বিচাৰিব।

চামচুল হকঃ অসমীয়া কবিৰ সংখ্যাটো সৰহ৷ তালৈ চাই দহগৰাকী কবিৰ নাম ল'লে আন বহুতো প্ৰিয় কবিৰ নাম বাদ পৰি যোৱাটো স্বাভাৱিক৷ তথাপি প্ৰথম দহগৰাকী হ'ব-

১) নৱকান্ত বৰুৱা
২) নিৰ্ম্মলপ্ৰভা বৰদলৈ
৩) নীলমণি ফুকন
৪) হীৰেন ভট্টাচাৰ্য
৫) সনন্ত তাঁতি
৬) সমীৰ তাঁতী
৭) ৰফিকুল হোছেইন
৮) নীলিম কুমাৰ
৯) লুটফা হানুম ছেলিমা বেগম
১০) অজিৎ গগৈ ৷

আখৰুৱাঃ আপোনাৰ প্ৰিয় কবিৰ তালিকাখন ভাল লাগিল। আপোনাৰ এই তালিকাৰ কবিসকলৰ কবিতাৰ মাজৰ পৰা, আপোনাৰ প্ৰিয় এটি কবিতাৰ কথা সুধিলে, এই মুহূৰ্তত কোনটো কবিতা আপোনাৰ মনলৈ আহে, ক'ব নেকি ?

চামচুল হকঃ নীলমণি ফুকনৰ " অলপ আগতে আমি কি কথা পাতি আছিলোঁ " কাব্যগ্ৰন্থখনৰ প্ৰথম কবিতাটো :

এজন কবিয়ে কৈছিল

এজন কবিয়ে কৈছিল
যিসকলে কবিতা নপঢ়ে
কবিতা তেওঁলোকৰ কাৰণেই
তেওঁলোকৰ বুকুৰ ঘা আৰু কাঁইট সোমাই থকা
আঙুলিবোৰৰ কাৰণে
মৰা আৰু জীয়া মানুহবোৰৰ
আৰ্ত আনন্দৰ কাৰণে
আলিবাটেৰে অহৰ্নিশে অহা-যোৱা কৰি থকা
চিয়ঁৰটোৰ কাৰণে
মৰুভূমিৰ সূৰ্যটোৰ কাৰণে
মৃত্যুৰ অৰ্থ আৰু জীৱনৰ শূন্যতাখিনিৰ কাৰণে ……( আগলৈ)

আখৰুৱাঃ আপুনি এটা উৎকৃষ্ট কবিতাৰ প্ৰসংগ আনিলে। কবিতাটোৰ বিষয়ে পিছত পাতিম। বাৰু, কোৱা হয় কাব্য-চৰ্চাৰ ক্ষেত্ৰত প্ৰতিগৰাকী কবিৰ একোটা দৰ্শন থাকে। কবি হিচাপে কি ধৰণৰ দৰ্শনৰ ওপৰত আপুনি বিশ্বাসী।

চামচুল হকঃ বহুতে মোক ধৰ্মীয় আচাৰ-অনুষ্ঠানবোৰ বৰকৈ পালন কৰাৰ কথা কয় ৷ তেতিয়া মই কওঁ - কবিতাই মোৰ বাবে আধ্যাত্মিক চৰ্চা ৷ কবিতাই মোৰ বাবে সত্যানুসন্ধান আৰু আত্মোপলব্ধিৰ মাৰ্গ ৷ বিজ্ঞান যিদৰে সত্যৰ ওপৰত আধাৰিত , কবিতায়ো সত্যকেই সন্ধান কৰে ৷ সিফালৰ পৰা বিজ্ঞান আৰু কবিতাৰ লক্ষ্য একেটাই - সত্যানুসন্ধান ৷

কবিতাই মোক মানুহৰ ওচৰলৈ লৈ গৈছে, সমাজৰ ওচৰলৈ লৈ গৈছে ৷

ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথাফাঁকি মনলৈ আহিছে - "জীৱনে জ্ঞাত এবং অজ্ঞাতসারে অনেক মিথ্যাচারণ করা যায়, কিন্তু কবিতাই কখনো মিথ্যা কথা বলিনি" ৷ এই কথাফাঁকি প্ৰত্যেকজন প্ৰকৃত কবি আৰু পাঠকৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি ভাবোঁ ৷

আখৰুৱাঃ আপুনি কৈছে যে- কবিতাই আপোনাৰ বাবে সত্যানুসন্ধান আৰু আত্মোপলব্ধিৰ মাৰ্গ৷আপোনাৰ এই চিন্তা-চেতনাক আপুনি নিশ্চয় আপোনাৰ কবিতাত প্ৰতিফলিত হোৱাটো বিচাৰে। সেই বিষয়ে ক'ব নেকি?

চামচুল হকঃ কিয়েইবা লিখিছোঁ ইমান দিনে, কিয়েইবা দিব পাৰিছোঁ কাক কি ৷ মাথোঁ কবিতাৰ মাজেৰে বিচাৰি ফুৰিছোঁ জীৱন, জগৎ, মানুহ, প্ৰকৃতি, প্ৰেম-প্ৰীতি, ফুল-কাঁইট, বিচাৰ-অবিচাৰ ইত্যাদি৷

কবিতাত কোৱাতকৈ নোকোৱাখিনিৰ গুৰুত্ব বহু বেছি বুলি ভাবোঁ৷ সত্যানুসন্ধান আৰু আত্মোপলব্ধিও তাতেই লুকাই থাকে৷ নিজৰ কবিতাত প্ৰতিফলিত হোৱাৰ বাবেই সত্যানুসন্ধান কৰা নাযায়৷ প্ৰথম কথা কবি নিজেই সঁচা ব্যক্তিমানৱ হ'ব লাগিব ৷ ই বাহ্যিকভাৱে আৰোপিত নহয়, ই একান্তভাৱে অন্তৰ্নিহিত গুণ, আন্তৰিক প্ৰৱণতা বুলি ভাবোঁ৷

যি কৈছোঁ কবিতাত সঁচা অনুভূতি, সঁচা উপলব্ধিৰ পৰাই কৈছোঁ৷ক'তো মিথ্যাচাৰণ কৰা নাই৷ মোৰ কবিতাবোৰত শুনিব পাৰে নিয়ৰৰ টোপ টোপ শব্দ, দোতাৰাৰ পিছল সুৰ, ঝন ঝন নূপুৰধ্বনি, গীটাৰ এখনৰ ঝংকাৰ, কেতেকী চৰাইৰ মাত৷ সময় পালে কাষ চাপি আহি শুনিবচোন৷

__________________________আগলৈ__________________________
 
Comme

No comments:

Post a Comment