চানেকি শিতান / জানুৱাৰী ২০১৬
চানেকি শিতানত ২০১৬ৰ জানুৱাৰী মাহৰ 'প্ৰকাশ' আলোচনীখনৰ পৰা ধ্ৰুৱ কুমাৰ তালুকদাৰৰ 'গছৰ ছাঁত' শীৰ্ষক কবিতাটো আলোচনাৰ বাবে লোৱা হৈছে।আলোচনা বা সমালোচনাৰ ক্ষেত্ৰখনত পৰ্যালোচকৰ হাত তেনেই কেঁচা স্বত্বেও হাত বুলোৱাৰ ধৃষ্টতা কৰিছো। অনিচ্ছাকৃত আৰু অজানিতে হোৱা ভুলৰ বাবে পৰ্যালোচক নিতান্তই ক্ষমা প্ৰাৰ্থী। এতিয়া থূলমূল তথা যথাসম্ভৱ চুটিকৈ কবিতাটোৰ সম্পৰ্কত এক পৰ্যালোচনা আগবঢ়াবলৈ লৈছোঁ।
কবিতাৰ শিৰোনামা 'গছৰ ছাত' / কবিঃ-ধ্ৰুৱ কুমাৰ তালুকদাৰ---
.
'গছৰ ছাঁত'
.
গছৰ ছাঁটোকে ভূত বুলি ভয়ত পেুঁপুৱা লাগি থাকিলো
মাজবাটত
আগুৱাবলৈ বাট বিচাৰি নাপাওঁ
পিছুৱাইও হয়তো নাপামগৈ ঘৰ---
.
সন্ধ্যা আমাৰ জীৱনলৈ এনেকৈয়ে নামিছে
ছাঁৰ সিপাৰে কি আছে ধৰিবলৈ টান
.
সপোনত দেখা নদীখন কোনখিনিত আছিল
কাৰ গান শুনি দৌৰি ওলাই আহিছিলো
এই ভূমিত ৰুই থ'বলৈ ঔষধি শইচ
.
শৰীৰত তেজৰ সোঁত বৈ আছেনে
ৰৈ গৈছে
চকুৰ পোহৰৰ ৰং সলনি হৈছে
মানুহ বুলি মানুহৰ মাজত থিয় হৈ থাকোতেই
পশুৰ দৰে মৰি আহিছো
প্ৰতিদিন...
.
গছৰ ছাঁটোকে ভূত বুলি ভয়ত পেঁপুৱা লাগি থাকিলো
তোমালোকৰ মাজবাটত
কোনখন হাতত তুলি দিছিলা বাটৰ নক্সা
আগুৱাবলৈ দেখোন বাট বিচাৰি নাপাওঁ...
.
প্ৰথম দৃষ্টিত কবিতাটোৰ গঠনলৈ লক্ষ্য কৰিলে খুবেই সহজ সৰল শব্দ সংযোজনেৰে নিৰ্মিত এটি সৰল ভাৱধাৰাৰ কবিতা বুলি বোধ হয়। যদিহে আমি কবিতাটো পাঠৰ মাধ্যমেৰে ইয়াৰ আভ্যন্তৰলৈ সোমোৱাৰ প্ৰয়াস কৰোঁ, তেনেহ'লে আমি আন এখন ছবি উন্মোচনৰ দিশলৈ আগবাঢ়িম। কবিতাটোৰ প্ৰতিটো স্তবকেই যেন মূখ্য বিষয়বস্তুৰ দুৱাৰলৈ পাঠকৰ মনক কঢ়িয়াই নিয়া একোটা চিৰি। গছৰ ছাঁ বুলিলে সাধাৰণ পাঠকৰ মনলৈ এটা যি ধৰণৰ ধাৰণা আহে সেই ধাৰণাটোৰ ওপৰত ভেজা দিয়েই কবিয়ে অন্য এখন ছবিৰ দ্বাৰ উন্মোচন কৰাৰ চেষ্টা কৰিছে। প্ৰকাশভংগীৰ অনন্য বৈশিষ্ট্যই পাঠকৰ অনুসন্ধিৎসু মনক কৰায়ত্ব কৰি কবিতাটোৰ আভ্যন্তৰলৈ যোৱাৰ প্ৰৱণতা বঢ়াই তোলে।
.
কবিতাটোত কবিয়ে বিপৰ্যস্ত সময়ৰ ছবি এখন খুবেই সতৰ্কতাৰে আৰু সুক্ষ্মভাৱে অংকণ কৰিছে। যিটো কাম এজন অধ্যয়নপুষ্ট পৈণত কবিৰ বাবেহে সম্ভৱ।
প্ৰথম আৰু দ্বিতীয় স্তৱক দুটা 'গছৰ ছাঁটোকে ভূত বুলি ভয়ত পেঁপুৱা লাগি থাকিলো/মাজবাটত/আগুৱাবলৈ বাট বিচাৰি নাপাওঁ/পিছুৱাইও হয়তো ঘৰ নাপামগৈ--,সন্ধ্যা আমাৰ জীৱনলৈ এনেকৈয়ে নামিছে/ছাঁৰ সিপাৰে কি আছে ধৰিবলৈ টান' এই দুই স্তবকৰ মাধ্যমেৰে কবিয়ে সামগ্ৰিকভাৱে এখন বিপৰ্যস্ত সময়ৰ ছবিৰ ৰেখাংকণ কৰিছে আৰু ইয়াক এটা ৰূপ দিয়াৰ হেতু কবিয়ে এটা বিশেষ সন্ধ্যাৰ সময়ছোৱাক অৱলম্বন হিচাপে লোৱা দেখা গৈছে। সন্ধ্যাৰ সময়খিনিত কানিমুণি পোহৰ-এন্ধাৰত সাধাৰণতে আমাৰ সন্মুখৰ বস্তুবোৰ আমাৰ দৃষ্টিৰ ক্ষমতাৰে ঠাৱৰ কৰিবলৈ কঠিন হয় আৰু এই সময়খিনি যেন আমাৰ দৈনন্দিন জীৱনবোধৰ সৈতে সংপৃক্ত হৈ পৰিছে। দৈনন্দিন জীৱন যাত্ৰাত যেন আমাৰ উৱাদিহ হেৰাই যোৱাৰ উপক্ৰম হৈছে।
তৃতীয় স্তৱক 'সপোনত দেখা নদীখন কোনখিনিত আছিল.....এই ভূমিত ৰুই থ'বলৈ ঔষধি শইচ'ৰ যোগেদি কবিৰ মানৱীয় গুণেৰে সমৃদ্ধ চেতনাৰ প্ৰকাশ ঘটিছে।
চতুৰ্থ স্তৱকৰ মাজেদি কবিয়ে দেখুৱাবলৈ চেষ্টা কৰিছে মানবীয়তাৰ স্খলিত দৃশ্য ক্ৰমশঃ মানুহৰ পৰা হেৰাবলৈ ধৰা মানুহৰ আত্মীয় উষ্ণতা।
পঞ্চম স্তৱক 'গছৰ ছাঁটোকে ভূত বুলি ভয়ত পেঁপুৱা লাগি থাকিলো....আগুৱাবলৈ দেখোন বাট বিচাৰি নাপাওঁ...'আমাৰ পূৰ্বপুৰুষৰ পৰা আমি মানুহৰ চিন্তাধাৰাৰেই বহু বাট অতিক্ৰমি সময়ৰ যি ঘাটত উপস্থিত হ'লোঁ তাত মানবীয়তাৰ অনুপস্থিতি দেখি কবি দোদুল্যমান অৱস্থাত পৰাৰ কথাখিনিকেই সূচাইছে।
সদৌ শেষত ক'ব পাৰি কবিতাটো অনুভুতি আৰু পৰিপক্ক হাতৰ এক কৌশলী সমাহাৰ। এক সুন্দৰ আৰু সাৰ্থক কবিতা।

No comments:
Post a Comment