Saturday, 6 February 2016

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ পুনৰীক্ষণ-৩১ চতুৰ্থ খণ্ডঃ (প্ৰথম ভাগ) / ২৩ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্ব্বৰ ২০১৫ পৰ্যালোচক- অনিতা গগৈ

আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনাঃ পুনৰীক্ষণ-৩১
চতুৰ্থ খণ্ডঃ (প্ৰথম ভাগ) / ২৩ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্ব্বৰ ২০১৫
পৰ্যালোচক- অনিতা গগৈ

আখৰুৱাৰ ডিচেম্বৰ ২০১৫ৰ ২৩ৰ পৰা ৩১ তাৰিখৰ কবিতাসমূহৰ পুনৰীক্ষকৰ দায়িত্ব আহি পৰাত, কিছু কবিতাৰ আলোচনাৰ বাবে হাতত লৈছো। নিৰ্বাচনৰ ক্ষেত্রত সদায়ে সাবধানী হ’ব লগা হয়। কাৰণ আখৰুৱাৰ প্রতিটো কবিতাই হৃদয়স্পৰ্শী। তথাপিও তাৰমাজৰে কিছু কবিতা অন্তৰ্লীন ভাবৰ চুম্বকত্বক আধাৰ কৰি পুনৰীক্ষণৰ বাবে সাজু হৈছোঁ, আমাৰ যৎসামান্য জ্ঞানক সাৰথি কৰি। পাঠক তথা কবিসকল কিঞ্চিত উপকৃত হ'লে, আমাৰ প্রয়াস কিছু পৰিমাণে হ'লেও স্বীকৃত হ’ব। আলোচনাৰ উল্লেখ কৰা কবিতাৰ ক্রমাংক বিশ্লেষণৰ সুবিধাৰ্থেহে ব্যৱহৃত।

১)

দৌৰ_____________________কবিঃদিবাকৰ ৰেণু

মই দৌৰি আছো
দিন ৰাতি একাকাৰ কৰি
দৌৰি আছো
এটা পথৰ পৰা আন এটা পথ ৰ বুকুয়েদি
মোৰ পিছে পিছে দৌৰি আছে
মলিয়ান কাপোৰ পিন্ধা
কয়লা খনি
শিলৰ কোঁৱেৰীত কাম কৰা
বনুৱা সকলে
মোৰ পিছে পিছে দৌৰি আছে
শিল আৰু পাহাৰ সমূহ
মোৰ পিছে পিছে বৈ
আছে
সেউজীয়া নৈ বোৰ
আৰু
সৰু সৰু ঝউবন বোৰ
মোৰ গতি মন্থৰ নহয়
মোৰ গতিত দপ দপ জুইৰ
লেলিহান
তথাপিও
মই
তথাপিও মই
যে যাৱই
লাগিব
আপোনাক
আপোনালোকক
দিবলৈ কমলাৰঙী সূৰুযটো
যিটো সূৰুযে
পোহৰাই আছে
পশ্চিমৰ আকাশ
মোক এখন আকাশ লাগে
হাঁহিৰ বৰষুণ দিয়া
মোক এখন পথাৰ লাগে
সোনোৱালী আশাৰ
মোক এখন নৈ লাগে
একতাৰ গতিলেখা
মোক হেজাৰখন হাত লাগে
প্ৰতিজনৰ মন একেতাই

‘দৌৰ’ – জীৱনৰ গতি। পৃথিৱীৰ প্রতিজন মানুহেই জীৱনৰ আদিম পুৱাৰ পৰাই সাজু হয় গতিৰ বাবে, যাৰ অবিহনে জীৱন হৈ পৰিব স্থবিৰ। অস্তিত্ববিহীন। কবিতাটোত অস্তিত্ববাদী চেতনা মূৰ্ত হৈছে প্রথমৰ স্তৱকটোত এনেদৰে—
‘ মই দৌৰি আছো /দিন ৰাতি একাকাৰ কৰি /
দৌৰি আছো/এটা পথৰ পৰা আন এটা পথ ৰ বুকুয়েদি’ -যেন নবকান্ত বৰুৱাৰ কবিতাৰ প্রতিধ্বনিঃ- ‘আমি হেনো আহি আছোঁ /যুগে যুগে ৰূপে ৰূপে / সলনিৰ সেতুৰ বুকুৰে/(এন্ধাৰ ৰাতিৰ ইলিজী)‘ -সৰল অভিব্যক্তি অথচ য’ত শুনা যায় এলিয়টীয় জটিল মানসিকতা বিজড়িত ‘জেৰণছন’ৰ স্তৱক__’History has many cunning passages contrived corridors/ And issuses, decives with whispering ambitions’ৰ অনুৰণন।

কবিতাটিত ব্যক্তিগত অনুষংগ বিলীন হৈছে সমূহৰ অনুষংগৰে এইটো পংক্তিত- ‘মোৰ পিছে পিছে দৌৰি আছে/মলিয়ান কাপোৰ পিন্ধা/কয়লা খনি/শিলৰ কোঁৱেৰীত কাম কৰা/বনুৱা সকলে’ -যাৰ জৰিয়তে পৰিষ্ফুত হৈছে আধুনিক প্রযুক্তিবিদ্যা সৰ্বস্ব নাগৰিক কলুষ কালিমা ব্যঞ্জিত জীৱনৰ স্বৰূপ যি নৈসৰ্গিকতাৰ পৰা ক্রমশঃ বিবৰ্জিত প্রতিপল লালায়িত একুৰা লেলিহান অগনিত জাহ যোৱাৰ আত্ম বিধ্বংসী প্রৱণতাৰে। অস্তিত্ববাদী নঞৰ্থকতা ঘনীভূত হৈছে এই স্তৱকটোত- “মোৰ গতিত দপ দপ জুইৰ /লেলিহান/তথাপিও/মই/ তথাপিও মই/যে যাৱই লাগিব/আপোনাক/আপোনালোকক/দিবলৈ কমলাৰঙী সূৰুযটো’’ -কমলাৰঙী সুৰুয যি পোহৰাই আছে পশ্চিমৰ আকাশ –সূৰ্য উঠা দেশৰ সভ্যতা আজি নতশিৰ, পাশ্চাত্যৰ জকমক দপদপনিত। তথাপিও কবিৰ প্রত্যাশা..হৃদয়ৰ গভীৰ আকূতি আত্ম অন্বেষা- ‘মোক এখন আকাশ লাগে/হাঁহিৰ বৰষুণ দিয়া/মোক এখন পথাৰ লাগে/সোনোৱালী আশাৰ/মোক এখন নৈ লাগে
একতাৰ গতিলেখা/মোক হেজাৰখন হাত লাগে/প্ৰতিজনৰ মন একেতাই’ –এই ব্যাপ্তিয়ে আলোড়িত কৰে পাঠকৰ চিত্ত গভীৰ আশাবাদিতাৰে।
কিছু সৰুসুৰা বানান বিভ্রাট তথা শাৰীসমূহৰ সজ্জাৰ সম্পৰ্কে অসচেতনতা পৰিলক্ষিত হৈছে। সামগ্রিকভাবে আমি ক’ব পাৰো কবিৰ এক সাৰ্থক ৰচনা।
_________________________________________

২)
বেহেলা_________________কবিঃ ৰূপম সাউদ

বতাহত মুখ থেকেচা খাই
চিলাখন সৰি থাকিল দূৰণিত
হাতত মাঁথো এডাল ছিগা সূতা
সৰসৰকৈ নামি গৈছে পোহৰ
হাবিতলীয়া বাটটো গৈ য’ত শেষ
তাৰ পৰাই আগুৱাই আহিছে
এটা হেঁলনীয়া ছা
চোতালৰ কোণত বাঁহৰ মুঢ়াটোত অকলশৰে
সন্মুখ আকাশত
কুঁৱলীত মুখ গুঁজি
কঁপি উঠিছে হালধীয়া জোন
ক্ৰমশ:
কোঁচ খাই আহিছে আঙুলিবোৰ…

কবিতাৰ শিৰোনাম ‘বেহেলা‘ই পাঠকক আৰম্ভণিতে সাজু কৰে বিষাদবোধৰ অনুভূতিৰে বিলীন হ’বলৈ। ব্যক্তিগত স্বপ্নভংগৰ ট্রেজিক নৈৰাশ্য বিজড়িত ৰূপকধৰ্মী ভাষাৰে.দুৰন্ত আশাৰ প্রতীক ‘চিলা’ৰ অনুষংগৰে মৰ্মস্পৰ্শী ৰূপকাত্মক প্রকাশেৰে কবিতাৰ আৰম্ভণি হৈছে এনেদৰেঃ-

‘বতাহত মুখ থেকেচা খাই/চিলাখন সৰি থাকিল দূৰণিত/হাতত মাঁথো এডাল ছিগা সূতা’। আশাভংগৰ বেদনাৰে আন্ধাৰ সন্মুখৰ পথ ‘নামি গৈছে পোহৰ’। জলক তবক সেই কল্পোলোকৰ সেই বিষণ্ণ মূহুৰ্তত কথকৰ সোঁৱৰণিত আত্মীয়ৰ ছবি উদ্ভাসিত হৈছে- এই (dream image) স্বপ্ন কল্পচিত্রৰে- ‘হাবিতলীয়া বাটটো গৈ য’ত শেষ/তাৰ পৰাই আগুৱাই আহিছে/এটা হেঁলনীয়া ছা/চোতালৰ কোণত বাঁহৰ মুঢ়াটোত অকলশৰে’—যি ক্রমশঃ বিলীন হৈছে ৰহস্যময়তাৰ অটলত।

‘সন্মুখ আকাশত/কুঁৱলীত মুখ গুঁজি
কঁপি উঠিছে হালধীয়া জোন’
‘হালধীয়া জোন’, ‘কুঁৱলী ‘ আদি দৰ্পন কল্পচিত্রৰ(mirror image)ৰ জৰিয়তে কবিতাটোত বঞ্জিত হৈছে জীৱনৰ ৰহস্যময়তা। লৰ্কাৰ (1898-1936) কবিতাৰাজিতো সঘনে জোনৰ চিত্রকল্পৰ সমাবেশ পৰিলক্ষিত হয়। ‘ক্ৰমশ:/কোঁচ খাই আহিছে আঙুলিবোৰ…’শাৰীটোৰে কবিতাটোৰ সামৰণি পৰ্বত মৃত্যুৰ অভিঘাত সূচনা কৰিছে ‘কোঁচ খাই অহা আঙুলিবোৰ’ৰ ৰূপকেৰে। ৰূপকাত্মক ভাষা শৈলীৰ কবিতাটো পঠনৰ বাবে পাঠক স্বাভাবিকতে আকৃষ্ট হ’ব। কাৰুণ্যতাবোধেৰে সিক্ত কবিতাটিৰ নিৰ্যাসৰ আস্বাদেৰে। কিন্তু কবিতাটোৰ নিহিত অৰ্থৰ প্রতি পাঠকৰ ইতিবাচক সঁহাৰিৰ বাবে কবিতাটোৰ নঞৰ্থক চেতনাপ্রৱাহৰ সদৰ্থক উত্তৰণ বা ব্যাপ্তিৰ কিছু আশানুৰূপ প্রসাৰৰ থল আছিল।
_________________________________________________

৩)
ৰঙা ভালপোৱা নাৰীবোৰ____________কবিঃ আদ্রী হৰিপ্রিয়া
আগকথা :
নাৰীৰ কপাল আৰু সেওতাৰ
ৰঙা খিনিৰ বাবেই
গোমা বতৰ এটাকো কেতিয়াবা ফৰকাল যেন লাগে
ৰঙা পিন্ধি নাৰীয়ে খোজ কাঢ়িলে
ৰঙা আপেল এটা হে যেন ক'ৰবাত সৰে ৰঙা গোলাপ এপাহ ক'ৰবাত ফুলে
ৰঙানো কি
গোটেইবোৰ ফাগুন
তেজাল বেলিৰ দাপোন
ৰঙা ভালপোৱা নাৰীবোৰে বজাৰত
ৰঙা ব্লাউজ কিনে
ৰঙা লিপষ্টিক
ৰঙা নেইল পলিচ
ৰঙা কানফুলি
ৰঙা চেণ্ডেল
ছোৱালীবোৰে কপালত
ৰঙা বেলি এটা আঁকিম বুলি
বৰ আশা কৰে
মন্দিৰে মন্দিৰে সোমবৰীয়া শাৰী পাতে
সকলো নাৰীয়ে সেন্দুৰ নলয়
ৰঙা নিপিন্ধে
তথাপি ৰঙাৰ প্ৰতি
প্ৰায় সকলো নাৰীৰে এক ভালপোৱা আছে
সেন্দুৰ ৰঙা
তেজ ৰঙা
নাৰীয়ে তেজলৈ ভয় কৰে
ৰঙা ভাল পালেও কোনো নাৰীয়ে তেজ ভাল পাব নোৱাৰে
চাব নোৱাৰে
কোনো নাৰীয়েই নিষ্ঠুৰ সত্য এটাৰ বাবে কাৰোৰে সৈতে আপোচ কৰিব নোখোজে
তথাপিও এদিন মাটি, জুই আৰু বেলিৰ ওচৰত
ৰঙা ভালপোৱা নাৰীবোৰে হাৰ মানিব লাগে
খুলি থব লাগে শাখা -চুৰি
আ-অলংকাৰ
আয়তীয়ে মচিদিয়ে
সেন্দুৰৰ ৰঙা ৰঙা ৰঙ
মন গ'লেও ৰঙা ভালপোৱা নাৰীবোৰে ৰঙা চুব নোৱাৰে
শুভ্ৰতাক আকোঁৱালী মন গ'লেই কলৈকো গুচি যাব নোৱাৰে
ৰঙা ভালপোৱা নাৰীবোৰে আৰ্চীত মুখ চাব নোৱাৰে
ৰঙাবোৰে খেদি ফুৰে অহৰহ...

‘’ৰঙা ভালপোৱা নাৰীবোৰে’’ প্রতিনিধিত্ব কৰিছে প্রধানকৈ সধৱা হিন্দু নাৰীক। যিসকলে আশৈশৱ এটা সপোন পুহি ৰাখে কঁপাল আৰু সেওঁতাত মাংগল্যৰ প্রতীক ৰঙা ৰঙৰ সেন্দুৰ পিন্ধাৰ। যি সেন্দুৰ বিভিন্ন বৈদিক কাজ-কৰ্ম, পূজা-সেৱা বা বিগ্রহৰ অৰ্চনাৰ বাবেও ব্যৱহৃত হৈ আহিছে হিন্দু সভ্যতাৰ পাতনিৰে পৰা। সেন্দুৰ পিন্ধা বিবাহিতা হিন্দু সধবাসকলক কবিয়ে ‘গছৰ পৰা সৰি পৰা এটা ৰঙা আপেল’ , ‘এপাহ সদ্য প্রষ্ফুতিত ৰঙা গোলাপ’ৰ উপমাৰে তুলি ধৰিছে, যি পাঠকৰ মনক দোলায়িত কৰে সমৃদ্ধি তথা সৌন্দৰ্যৰ স্বৰূপ ..প্রেমৰ অনন্য অনুভূতিৰে। ‘গোটেইবোৰ ফাগুন’,’তেজাল বেলিৰ দাপোন’ বাক্যাংশৰে অনুভৱক দৃঢ়তাৰে প্রক্ষেপনৰ প্রয়াস। প্রতিজনী ছোৱালীৰ মনৰ সুপ্ত ভাৱনাৰ সূচক এই শাৰীকেইটা-- ‘’ছোৱালীবোৰে কপালত/
ৰঙা বেলি এটা আঁকিম বুলি/বৰ আশা কৰে/মন্দিৰে মন্দিৰে সোমবৰীয়া শাৰী পাতে’’। কিন্তু ‘সকলো নাৰীয়ে সেন্দুৰ নিপিন্ধে ’শাৰীটোৱে কবিতাৰ ভাৱৰ বিন্যাস ঘটাইছে পৃথক দৃষ্টিকোণেৰে। য’ত ব্যঞ্জনাত্মক অভিঘাট সূচনা কৰিছে এই শাৰীকেইটাই ‘সেন্দুৰ ৰঙা/তেজ ৰঙা’।‘ৰঙা ভাল পালেও কোনো নাৰীয়ে তেজ ভাল পাব নোৱাৰে’—শাৰীটোত ধ্বনিত হৈছে কোনো বিশেষ অনুভূতি যি আকস্মিক কোনো অভব্য সংঘটনৰ জৰিয়তে নাৰীমনক জোকাৰি যায়। ‘কোনো নাৰীয়েই নিষ্ঠুৰ সত্য এটাৰ বাবে কাৰোৰে সৈতে আপোচ কৰিব নোখোজে’— নাৰীচৈতন্যৰ চিৰন্তন দূৰ্বলতা প্রকাশ পাইছে এই শাৰীটোত। পূৰ্বাপৰ প্রচলিত সামাজিক ৰীতিৰ প্রতি নিৰুপায় সমৰ্পনজনিত ক্ষোভ অথচ মন গহনত নিৰন্তৰ লালিত অহৈতুক বিষাদৰ অনুভূতিৰ তীব্রতা প্রকাশ হৈছে এনেদৰে- ‘তথাপিও এদিন মাটি, জুই আৰু বেলিৰ ওচৰত/ৰঙা ভালপোৱা নাৰীবোৰে হাৰ মানিব লাগে’ আৰু যাৰ জৰিয়তে কবিয়ে পাঠকক সাজু কৰিছে ভাগ্যৰ পাকচক্রত বৈধব্যক আকোঁৱালি ল’বলগীয়া নাৰীৰ এই দৰ্পন কল্পচিত্রৰ বাবে—‘খুলি থব লাগে শাখা –চুৰি/আ-অলংকাৰ/আয়তীয়ে মচিদিয়ে/

সেন্দুৰৰ ৰঙা ৰঙা ৰঙ/মন গ'লেও ৰঙা ভালপোৱা নাৰীবোৰে ৰঙা চুব নোৱাৰে।’—
কবিতাটিৰ জৰিয়তে কবিয়ে নাৰীমনৰ উচ্ছ্বাস, সামাজিক অৱদমনত পিষ্ট তথা নিয়মৰ গণ্ডীৰে আবদ্ধ নাৰীৰ কাৰুণ্যৰ চিত্র অংকণ কৰিছে, যাৰ জৰিয়তে কবিতাটিত কিছুপৰিমাণে বিদ্রোহ আৰু বিতৃষ্ণাৰ সুৰ অনুৰণিত হৈছে, যিটো সাম্প্রতিক সময়ৰ কবিতাৰ বৈশিষ্ট্য -পিছে প্রতিবাদৰ স্পষ্ট প্রকাশ পৰিলক্ষিত নহ’ল।কবিতাটোৰৰ উপস্থাপন শৈলী কিছু অধিক শক্তিশালী, ব্যঞ্জনাঘন তথা আটিল হোৱাৰ থল আছিল।
_______________________________________________

৪)
বনভোজ______________কবিঃ হীৰকজ্যোতি বৈশ্য
.
খুটিতালখনৰ ৰছীডাল আজি কেনিনো খুলি গ'ল
ওজা-পালিৰ গান বন্ধ হ'ল
.
টিলিং টালাং শব্দ কৰি খুটিতাল গৰুগাড়ীৰ চকা হ'ল
মৈয়াই গ'ল কপিলীৰ বালি৷
হেজাৰ আমৰলুৱে অগা-দেৱা কৰিলে খুটিতালৰ ভিতৰ বাহিৰ
হেজাৰ পানী-পৰুৱাই দিলে হেজাৰ ছেও
.
পয়াৰ-দুলড়ী ইচাট-বিচাত হৈ ভ্ৰমি ফুৰিলে কপিলীৰ আকাশত
কাইলৈৰ দিনটোত কি তালে শুৱাব
সৰু চৰাই এটা আহি কৈ গ'ল খুটিতালৰ ধাতুক
.
ধাতুৱে অধাতুৱে খুন্দা খাই লীন গ'ল
জাতিস্মৰ অন্তৰ্লীন তাল৷
ধাতুত জীপ থাকিলে তালক কৰিব পাৰি বেতাল
বেতালক তাল,
.
দুৰ্গন্ধক সুগন্ধ কৰিব পৰাকৈ বলী যি ফুল
সুগন্ধক দুৰ্গন্ধ কৰিব পৰাকৈ বলী যি বিষ্ঠা
.
সিবোৰৰ জীপ লৈ ডেউকা মেলি দিছে
সেউজীয়া যত আতচবাজী৷
.
কি এই বাস্তৱিক সপোন?
বনভোজ
আৰু বনভোজ৷
.
‘খুটিতাল’ -কাঁহ ধাতুৰে নিৰ্মিত এবিধ যুৰীয়া বাদ্য যিযোৰ সাধাৰণতে ‘ওজাপালি’ অনুষ্ঠানৰ মূখ্যবাদ্য। প্রাচীন অসমীয়া সাংস্কৃতিক জীৱনৰে ওতপ্ৰোতভাবে জড়িত এই বাদ্য তথা ‘ওজাপালি’ৰ উল্লেখেৰে কবিতাৰ আৰম্ভণিতেই কবিয়ে পাঠকৰ চৈতন্যক উজ্জীৱিত কৰিছে, এলিয়টীয় ইতিহাস চেতনাৰে আৰু বাস্তৱৰ সন্ধানত সময়ৰ ধাৰণাৰে মূৰ্ত গভীৰ অভিনিৱেশ স্থাপনৰ হেতু –‘খুটিতালখনৰ ৰছীডাল আজি কেনিনো খুলি গ'ল/ওজা-পালিৰ গান বন্ধ হ'ল’— এই শাৰীকেইটাৰে যথাৰ্থ ব্যঞ্জনাত্মক প্রকাশ ঘণীভূত কৰিছে। ‘ভাবৰ ঘনত্ব উপস্থাপনৰ বাবে ‘টিলিং টালাং শব্দ কৰি খুটিতাল গৰুগাড়ীৰ চকা হ'ল/মৈয়াই গ'ল কপিলীৰ বালি৷’ -- শাৰীটোত ধ্বনিময়তাৰ আৱহ ৰচনাৰে সময়ৰ সোঁতত বিলীন হৈ সোঁৱৰণি হোৱা ‘গৰুগাড়ী’ৰ চকাৰ উপমাৰে খুটিতালৰ ৰিজনি। প্রথমৰ স্তৱকটোৰ এই শাৰীকেইটাতে নিহিত হৈ আছে কবিতাৰ আয়ৰণি..। আই এ ৰিচাৰ্ডছ, ক্লীয়েন্থ ব্রুকচ আৰু ৰবাৰ্ট ব্রুকছ আদি বিজ্ঞ মহলে কবিতাত আয়ৰণি নিহিত থকাটো ভাল কবিতাৰ লক্ষণ বুলি উল্লেখ কৰিছে। ‘হেজাৰ আমৰলুৱে (আমৰলি পৰুৱা)অগাদেৱা কৰা’, ’পানী পৰুৱাই হেজাৰ ছেও দিয়া’ আদি বাক্যাংশৰ জৰিয়তে অতীতৰে বৰ্তমানৰ বিচ্ছিন্নতাবোধ বাংময় হৈ উঠিছে..যি অধিক দৃঢ়তাৰে ভাস্বৰ হৈছে ‘পয়াৰ-দুলড়ী ইচাট-বিচাত হৈ ভ্ৰমি ফুৰিলে কপিলীৰ আকাশত’ শাৰীটোৰ মাধ্যমেৰে। ‘সৰু চৰাই‘ আধুনিক সময়ৰ পৰিবৰ্তনৰ দ্যোতক যি কথকৰ ৰূপত আবিৰ্ভুত হৈছে কবিতাৰ পশ্চাদপটত। কাব্যিকতাক ঘনত্ব প্রদানৰ হেতু কবিতাত এলিয়টীয় শৈলীৰে পৰোক্ষ উল্লেখ পৰিলক্ষিত হয় -- ‘ধাতুৱে অধাতুৱে খুন্দা খাই লীন গ'ল/জাতিস্মৰ অন্তৰ্লীন তাল৷’;’ধাতুত জীপ থাকিলে তালক কৰিব পাৰি /বেতাল/বেতালক তাল’, আদি বাক্যাংশৰ জৰিয়তে।

‘দুৰ্গন্ধক সুগন্ধ কৰিব পৰাকৈ বলী যি ফুল/সুগন্ধক দুৰ্গন্ধ কৰিব পৰাকৈ বলী যি বিষ্ঠা/’ – শাৰীকেইটাত কবিতাৰ ভাষা পৰিবৰ্তিত হৈছে সাধাৰণ কথোপকথনৰ ভাষালৈ ..যি পাঠকৰ মনোযোগ কিছু বিকৰ্ষণ কৰাৰ থল বিদ্যমান। পিছে, সামৰণিত পুনৰ ৰূপকাত্মক ভাষাশৈলীৰে ‘কাব্যিকতা’ৰ অৱস্থান লক্ষণীয়- ‘সিবোৰৰ জীপ লৈ ডেউকা মেলি দিছে/সেউজীয়া যত আতচবাজী৷’পুনশ্চঃ ‘কি এই বাস্তৱিক সপোন?’—লাফোৰ্গৰ আৰ্হিৰে পৰিহাসমিশ্রিত কাৰুণ্যৰ প্রকাশ। ‘বনভোজ / আৰু বনভোজ’ ..যি কংক্রিটৰ পৃথিৱীৰ বাসিন্দাৰ জীৱন যাত্রালৈ সাময়িকভাবে কঢ়িয়াই নিসৰ্গৰে নিবিড়তা; যি তেনেই খন্তেকীয়া.. অস্থায়ী। প্রত্যাশিতৰ পৰিবৰ্তে অপ্রত্যাশিতৰে সহাৱস্থান য’ত সঁচাৰ কাঠি। কবিতাৰ সুগভীৰ ভাবৰ আয়ৰণিঘণ ভাষাৰে ব্যঞ্জনাত্মক উপস্থাপন তথা সমান্তৰালভাবে সাধাৰণ কথোপকথনৰ ভাষাশৈলীৰ পৰীক্ষামূলক প্রয়োগ, পৰোক্ষ উল্লেখৰ সূচনা, ধ্বনিময়তাৰে প্রতীকী অৰ্থৰ মূৰ্ত প্রকাশ সম্বলিত কবিতাটি বহুপৰিমাণে কবিৰ এক সফল সৃষ্টি বুলি ক’ব পাৰি.. য’ত পূৰ্বসূৰী জেংৰাইৰ কবি খ্যাত অজিত বৰুৱাৰ চাপ পৰিষ্ফুত হয়। অৱশ্যে স্ব-উত্তৰণৰ হেতু সাধনালব্ধ নিৰন্তৰ প্রয়াস কবিৰ পৰা আশা কৰা যায়, যাৰ জৰিয়তে অনাগত সময়ত অধিক সাৰ্থক ৰচনা আমি পাবলৈ সক্ষম হ’ম।
__________________________________________________

৫)
কথাবোৰ কাকোৱে কোৱা নহ'ল____________কবিঃ নৱাকাশ
কথাবোৰ কাকোৱে কোৱা নহ'ল
কথাছবিৰ ছবিৰ দৰে গৈ থাকিল সময়
হাজাৰটা হেঁপাহ হাজাৰটা সপোন
মোক এনেকৈয়ে থাকিব দিয়া
সপোন সাৱটি আলফুলে
মৰম আকলুৱা মন মোৰ
মৰম আকলুৱা দেহা মোৰ
চোৱাচোন চুই এবাৰ
চোৱাচোন চুই এবাৰ
একুৰা জুই বুকুৰ কোঁহত
তোমাৰ দুখত দুখী
তোমাৰ সুখত সুখী
কোৱানা কোৱানা
তোমাৰ দুখত দুখী
তোমাৰ সুখত সুখী
সপোনবোৰৰ মৃত্যু নোহোৱালৈকে
মৃত্যু নহয় জীৱন
নিতান্তই কোমল কৰুণ এটি সুৰ যেন এই কবিতাৰ আৱহ। ব্যক্তিগত এটি অনুভৱৰ প্রকাশে সপোনসনা ভাবালুতাৰে কবিতাৰ সাজ পিন্ধি যেন চুই চাইছে পাঠকৰ হৃদয়। ‘কথাবোৰ কাকোৱে কোৱা নহ'ল/কথাছবিৰ ছবিৰ দৰে গৈ থাকিল সময়/হাজাৰটা হেঁপাহ হাজাৰটা সপোন’ ক’ম ক’ম বুলিও কাকো ক’ব নোৱাৰা কিছু কথা হৃদয়ৰ নিভৃতত সংগোপন হৈয়ে ৰ’ল ‘কথাছবিৰ’ উপমাৰে চলমান অথচ নিৰ্ধাৰিত লগনৰ সময়সীমাৰ বাহিৰত। কিন্তু কবিমনৰ স্থিতি সেই সপোনৰ সাঁচতিতে- ‘মোক এনেকৈয়ে থাকিব দিয়া/সপোন সাৱটি আলফুলে’ কবি যতীন দুৱৰাৰ কবিতা শূন্য পৰিচয়ৰ যেন ৰিণি ৰিণি প্রতিধ্বনি.. ‘মোৰ এই হিয়াখনি জেতুকাপাতৰ দৰে/সেউজীয়া বননিৰ বৰণেৰে ঢকা/অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ/বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা’...বুকুৰ তেজেৰে আছে অতীততে অঁকা’। একান্ত ব্যক্তিগত অনুভূতিৰে সিক্ত হ’লেও কাৰুণ্যই পাঠকক অভিভূত কৰে। কাৰণ বেদনাৰ স্বৰ সংযোজিত হয় হৃদয়ৰ তন্ত্রীত যদি আমি সামৰণিত উল্লেখিত ‘তোমাৰ দুখত দুখী/তোমাৰ সুখত সুখী’ শাৰীকেইটাৰ ‘তুমি’ সমূহৰ প্রতিনিধি বুলি পতিয়ন যাওঁ..। সান্তনাৰ বাণীৰে স্বপ্রত্যয়ৰে দীপ্ত কবিয়ে ‘সপোনবোৰৰ মৃত্যু নোহোৱালৈকে/মৃত্যু নহয় জীৱন’ বুলি আশাব্যঞ্জক প্রলেপ সানিছে। কবিতাৰ ভাৱ ভাষা সৰল।উপস্থাপন যথাযথ।

প্রতিগৰাকী কবি আত্মকৰ্ষণেৰে ক্রমাগতভাৱে অধিক উজলি উঠক স্বসাধনালব্ধ প্রজ্ঞাৰে। আমাৰ অলেখ শুভকামনা।

ধন্যবাদেৰে ----
অনিতা গগৈ।
২৭ জানুৱাৰী ২০১৬
__________

No comments:

Post a Comment