চানেকি শিতান: : “সাতসৰী" আলোচনীৰ জানুৱাৰী সংখ্যা’২০১৫-ৰ কবিতা: মৌচুমী বৰি
Mousumee Bori
January 28 at 2:07pm · Edited
“চানেকি শিতান : জানুৱাৰী সংখ্যা, সাতসৰী"
চানেকি শিতানৰ বাবে জানুৱাৰী সংখ্যা, সাতসৰীৰ পৰা, সাহিত্য একাদেমী বঁটা আৰু ২০১৪ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰাপ্ত স্বনামধন্য কবি হীৰেন্দ্ৰনাথ দত্তৰ কবিতা “পেঁপা-লহৰি” কবিতাটি বাচি লোৱা হৈছে ৷ কবিতাটিৰ বিষয়ে কোৱাৰ আগতে কবিতাটি তলত তুলি দিয়া হ’ল-
“পেঁপা-লহৰি”
কবি : হীৰেন্দ্ৰনাথ দত্ত
সেই আনন্দমুখৰ উৎসৱৰ দিনটোত বৰ্ষীয়ান পেঁপাবাদকজনে
হালিজালি নাচি-বাগি দীঘলীয়া পেঁপা এটা
তেজ উঠি যোৱা তালত বজাই আছিল আপোনপাহৰা হৈ
মই তেওঁৰ সৈতে ভৰিৰে তাল মিলোৱাৰ চেষ্টা কৰিছিলোঁ
আচলতে মোৰ এপাক নাচোঁ নাচোঁ লাগিছিল,
এনে সন্মোহনৰ ক্ষণ সততে নেপাওঁ যদিও
তেতিয়া জানিছিলো যে জীৱনৰ উত্তাপ এতিয়াও মোৰ পূৰাদমে আছে;
***************
বহুতো বিপদ-ক্ষুৰৰ সাঁকো বগাই পাৰ হৈছোঁ
বিহপৰুৱা-কামোৰ অনেক লাঞ্ছনা
চতুৰ দালালৰ বহুবাৰৰ ফুচুলনি-বঞ্চনা
ঘোপাচকুৱা দাদাগিৰিৰ ৰোষত পৰি ত্ৰাস,
অহৈতুক উদ্বেগৰ অন্ধকাৰ-ৰজনী-সংকট পাৰ হৈ
এয়া ক্ষন্তেকত প্ৰমোদ-বিৰতি
***************
ভাবি ভাল লাগিল যে আতংকৰ পদ
মই মাজে-মধ্যে ৰচোঁ যদিও
মোৰ মনৰ সহজাত সৰলতা জহি-খহি যোৱা নাই
মই এতিয়াও দহজনৰ মাজৰ এজন হৈ আছোঁ
কিয়নো দহজনৰ মাজৰ এজন হোৱাটো মোৰ বাঞ্ছা ৷
***************
এতিয়া দিনদিয়েক দূৰলৈ আহি নিজকে সুধিছোঁ;
সেইদিনাৰ উন্মেষিত ভাবৰ লহৰি
এক কিচিমৰ আত্মছলনা নাছিলতো ?
--- কবিতাটি পঢ়ি গ'লে কবিয়ে কি ক'ব বিচাৰিছে সেইকথা বুজি পাবৰ বাবে বিশেষ কচৰৎ কৰিব নালাগে ৷ কিন্তু কবিতাটিত ব্যৱহাৰ কৰা যৌগ শব্দৰ প্ৰয়োগ মনকৰিবলগীয়া ৷ যৌগ শব্দৰ অৰ্থ হৈছে দুটা শব্দক সাঙুৰা অৰ্থাৎ দুটা শব্দৰ যৌগক এটা শব্দ কৰি ক্ৰিয়া-বিশেষণ ৰূপে ব্যৱহাৰ কৰা হৈছে ৷ ইয়াত কবিতাটিৰ নামটোৱেই এটা যৌগ শব্দ “পেঁপা-লহৰি” ; পেঁপাৰ মাতে সকলোৰে মন-প্ৰাণ হৰি নিয়ে, মনত আনন্দময় তৰংগৰ সৃষ্টি হয় ৷ কবিকো পেঁপাৰ মাতে এটা ক্ষণৰ বাবে সন্মোহিত কৰিছে আৰু আপোনপাহৰা হৈ কবিয়ে ভৰিৰে তাল মিলাইছে, এপাক নাচোঁ নাচোঁ লাগিছে ৷ এনে এক আনন্দময় মুহুৰ্তত কবিয়ে অনুভৱ কৰিছে যে বয়স যিমানেই নহওক জীৱনৰ উত্তাপ এতিয়াও তেওঁৰ পূৰাদমে আছে ৷ কবিতাটিৰ প্ৰথম স্তৱকত এইখিনি কথাই ফুটি উঠা যেন লাগে ৷
দ্বিতীয় স্তৱকত “বিপদ-ক্ষুৰ”, “বিহপৰুৱা-কামোৰ”, “ফুচুলনি-বঞ্চনা”, “অন্ধকাৰ-ৰজনী-সংকট”, “প্ৰমোদ-বিৰতি” আদিৰ দৰে যৌগ শব্দৰ ব্যৱহাৰ দেখা যায় ৷ ইয়াত কবিয়ে জীৱন-সংগ্ৰামৰ কথা কৈছে ৷ জীৱনটো যে কেৱল ফুলৰ পাপৰি নহয়, কাঁইটেৰে আৱৰা ; জীৱনটো সৰল-ৰেখা নহয়, খলা বমা বাটেৰে ভৰা …তেনে এক জীৱনৰ মাজতে কবিৰ বাবে এই আনন্দৰ লহৰ ক্ষন্তেকৰ প্ৰমোদ-বিৰতি যেন৷
তৃতীয় স্তৱকত কবিয়ে নিজৰ উপলব্ধিৰ কথা কৈছে ৷ তেওঁ উপলব্ধি কৰিছে যে তেওঁৰ মনৰ সহজাত সৰলতাখিনি এতিয়াও জহি-খহি যোৱা নাই ৷ তেওঁ এতিয়াও মানুহৰ মাজত মানুহ হিচাপে জীয়াই আছে ৷
চতুৰ্থ স্তৱকত কবিৰ মনত প্রশ্ন হৈছে, এই মুহুৰ্তৰ আনন্দৰ লহমা “আত্মছলনা” নহয়তো !
কবিতাটোত ঘোপাচকুৱা, মাজে-মধ্যে, কিচিম আদি ঘৰুৱা শব্দৰ ব্যৱহাৰ মন কৰিবলগীয়া আৰু এইটো তেখেতৰ কবিতাৰ এক বিশেষ বৈশিষ্ট। কবিতাটি সৰল, হৃদয় জুৰোৱা আৰু সুখপাঠ্য ৷ কবিতাটি নিঃসন্দেহে অসমীয়া সাহিত্যৰ মূল্যৱান চানেকিস্বৰূপ ।
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
ৰংপুৰ, শিৱসাগৰ
বি:দ্ৰ: স্বনামধন্য কবিগৰাকীৰ কবিতাৰ বিষয়ে লিখিবলৈ যোৱাতো মোৰ বাবে ধৃষ্টতাহে মাথোঁ ৷ অজানিতে হ'ব পৰা ভুলৰ বাবে সকলোৰে ওচৰত সদায়ে ক্ষমাপ্ৰাৰ্থী ৷ সদায় পৰামৰ্শৰে উৎসাহিত কৰা Manohar Dutta দাদালৈ বিশেষ কৃতজ্ঞতা জনালোঁ৷
“চানেকি শিতান : জানুৱাৰী সংখ্যা, সাতসৰী"
চানেকি শিতানৰ বাবে জানুৱাৰী সংখ্যা, সাতসৰীৰ পৰা সাহিত্য একাদেমী বঁটা আৰু ২০১৪ বৰ্ষৰ অসম উপত্যকা সাহিত্য বঁটা প্ৰাপ্ত কবি হীৰেন্দ্ৰনাথ দত্তৰ কবিতা “পেঁপা-লহৰি” কবিতাটি বাচি লোৱা হৈছে ৷ কবিতাটিৰ বিষয়ে কোৱাৰ আগতে কবিতাটি তলত তুলি দিয়া হ’ল-
“পেঁপা-লহৰি”
কবি : হীৰেন্দ্ৰনাথ দত্ত
সেই আনন্দমুখৰ উৎসৱৰ দিনটোত বৰ্ষীয়ান পেঁপাবাদকজনে
হালিজালি নাচি-বাগি দীঘলীয়া পেঁপা এটা
তেজ উঠি যোৱা তালত বজাই আছিল আপোনপাহৰা হৈ
মই তেওঁৰ সৈতে ভৰিৰে তাল মিলোৱাৰ চেষ্টা কৰিছিলোঁ
আচলতে মোৰ এপাক নাচোঁ নাচোঁ লাগিছিল,
এনে সন্মোহনৰ ক্ষণ সততে নেপাওঁ যদিও
তেতিয়া জানিছিলো যে জীৱনৰ উত্তাপ এতিয়াও মোৰ পূৰাদমে আছে;
***************
বহুতো বিপদ-ক্ষুৰৰ সাঁকো বগাই পাৰ হৈছোঁ
বিহপৰুৱা-কামোৰ অনেক লাঞ্ছনা
চতুৰ দালালৰ বহুবাৰৰ ফুচুলনি-বঞ্চনা
ঘোপাচকুৱা দাদাগিৰিৰ ৰোষত পৰি ত্ৰাস,
অহৈতুক উদ্বেগৰ অন্ধকাৰ-ৰজনী-সংকট পাৰ হৈ
এয়া ক্ষন্তেকত প্ৰমোদ-বিৰতি
***************
ভাবি ভাল লাগিল যে আতংকৰ পদ
মই মাজে-মধ্যে ৰচোঁ যদিও
মোৰ মনৰ সহজাত সৰলতা জহি-খহি যোৱা নাই
মই এতিয়াও দহজনৰ মাজৰ এজন হৈ আছোঁ
কিয়নো দহজনৰ মাজৰ এজন হোৱাটো মোৰ বাঞ্ছা ৷
***************
এতিয়া দিনদিয়েক দূৰলৈ আহি নিজকে সুধিছোঁ;
সেইদিনাৰ উন্মেষিত ভাবৰ লহৰি
এক কিচিমৰ আত্মছলনা নাছিলতো ?
--- কবিতাটি পঢ়ি গ'লে কবিয়ে কি ক'ব বিচাৰিছে সেইকথা বুজি পাবৰ বাবে বিশেষ কচৰৎ কৰিব নালাগে ৷ কিন্তু কবিতাটিত ব্যৱহাৰ কৰা যৌগ শব্দৰ প্ৰয়োগ মনকৰিবলগীয়া ৷ যৌগ শব্দৰ অৰ্থ হৈছে দুটা শব্দক সাঙুৰা অৰ্থাৎ দুটা শব্দৰ যৌগক এটা শব্দ কৰি ক্ৰিয়া-বিশেষণ ৰূপে ব্যৱহাৰ কৰা হৈছে ৷ ইয়াত কবিতাটিৰ নামটোৱেই এটা যৌগ শব্দ “পেঁপা-লহৰি” ; পেঁপাৰ মাতে সকলোৰে মন-প্ৰাণ হৰি নিয়ে, মনত আনন্দময় তৰংগৰ সৃষ্টি হয় ৷ কবিকো পেঁপাৰ মাতে এটা ক্ষণৰ বাবে সন্মোহিত কৰিছে আৰু আপোনপাহৰা হৈ কবিয়ে ভৰিৰে তাল মিলাইছে, এপাক নাচোঁ নাচোঁ লাগিছে ৷ এনে এক আনন্দময় মুহুৰ্তত কবিয়ে অনুভৱ কৰিছে যে বয়স যিমানেই নহওক জীৱনৰ উত্তাপ এতিয়াও তেওঁৰ পূৰাদমে আছে ৷ কবিতাটিৰ প্ৰথম স্তৱকত এইখিনি কথাই ফুটি উঠা যেন লাগে ৷
দ্বিতীয় স্তৱকত “বিপদ-ক্ষুৰ”, “বিহপৰুৱা-কামোৰ”, “ফুচুলনি-বঞ্চনা”, “অন্ধকাৰ-ৰজনী-সংকট”, “প্ৰমোদ-বিৰতি” আদিৰ দৰে যৌগ শব্দৰ ব্যৱহাৰ দেখা যায় ৷ ইয়াত কবিয়ে জীৱন-সংগ্ৰামৰ কথা কৈছে ৷ জীৱনটো যে কেৱল ফুলৰ পাপৰি নহয়, কাঁইটেৰে আৱৰা ; জীৱনটো সৰল-ৰেখা নহয়, খলা বমা বাটেৰে ভৰা …তেনে এক জীৱনৰ মাজতে কবিৰ বাবে এই আনন্দৰ লহৰ ক্ষন্তেকৰ প্ৰমোদ-বিৰতি যেন৷
তৃতীয় স্তৱকত কবিয়ে নিজৰ উপলব্ধিৰ কথা কৈছে ৷ তেওঁ উপলব্ধি কৰিছে যে তেওঁৰ মনৰ সহজাত সৰলতাখিনি এতিয়াও জহি-খহি যোৱা নাই ৷ তেওঁ এতিয়াও মানুহৰ মাজত মানুহ হিচাপে জীয়াই আছে ৷
চতুৰ্থ স্তৱকত কবিৰ মনত প্রশ্ন হৈছে, এই মুহুৰ্তৰ আনন্দৰ লহমা “আত্মছলনা” নহয়তো !
কবিতাটোত ঘোপাচকুৱা, মাজে-মধ্যে, কিচিম আদি ঘৰুৱা শব্দৰ ব্যৱহাৰ মন কৰিবলগীয়া আৰু এইটো তেখেতৰ কবিতাৰ এক বিশেষ বৈশিষ্ট। কবিতাটি সৰল, হৃদয় জুৰোৱা আৰু সুখপাঠ্য ৷ কবিতাটি নিঃসন্দেহে অসমীয়া সাহিত্যৰ মূল্যৱান চানেকিস্বৰূপ ।
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
ৰংপুৰ, শিৱসাগৰ
No comments:
Post a Comment