ৰিয়ম
(অণু-গল্প)
(অণু-গল্প)
'হাই'৷ মই মাতিছিলো তাই নুশুনিলে৷ বেন্সখনৰ এমূৰে তাই আনমূৰত মই৷ তাই নৈখনলৈ চাই চাই গছৰ ঠানি এটাৰে বেন্সখনত কিবাকিবি আঁকিলে৷ মই কাপলবোৰ, নৈখনত চলি থকা ফেৰিবোৰ, পখিলা খেদি ফুৰা শিশুবোৰ চাই সন্ধিয়াটো কটালো৷ এপাকত তাই উঠিল আৰু মোলৈ চাই ক'লে, 'সন্ধিয়া হ'ল৷ যাওঁগৈ ব'লা৷'
No comments:
Post a Comment