Sunday, 7 February 2016

"খনিকৰ " (জানুৱাৰী মাহৰ কবিতা)

"খনিকৰ "
      --- ডঃ বিজিত তালুকদাৰ
কুঁৱলীকেইডোখৰ
আঙুলিত লাগি আহিব বুলি
আঙুলিকেইটা কাটি
ৰ'দত ডুবাই থ’লোঁ,
এতিয়া আঙুলিকেইটাৰ কষ্ট দেখি
কুঁৱলীবোৰে উচপিচাইছে আৰু
বেগাই দৌৰিছে
ৰাতিপুৱাৰ ফালে ৷
****************************
ডঃ বিজিত তালুকদাৰ
মিলন পথ, অম্বিকাগিৰি নগৰ, গুৱাহাটী-৭৮১০২৪
ভ্ৰাম্যভাষ: ৯৭০৬৭-৩১১৫২

No comments:

Post a Comment