আখৰুৱাঃ হক ডাঙৰীয়া, আগৰ খণ্ডত আপুনি কৈছিল- 'এইটো নহয় যে কবিতাৰ দ্বাৰা সমাজ পৰিবৰ্তন কৰিব লাগিব বা সামাজিক দায়বদ্ধতা কবিসকলৰ প্ৰয়োজনীয় চৰ্ত'৷আমিও 'সামাজিক দায়বদ্ধতা কবিসকলৰ প্ৰয়োজনীয় চৰ্ত' বুলি ক'ব খোজা নাই। কিন্তু সামাজিক দায়বদ্ধতা অবিহনে কবি, সাহিত্যিকে নিজৰ ভূমিকা সঠিকভাৱে পালন কৰিবলৈ ব্যৰ্থ হয় যেন লাগে। যিদৰে ভূপেন হাজৰিকাই নিজৰ সামাজিক দায়বদ্ধতাৰে আমাক বহুখিনি দিলে, তেনে ধৰণে কবিয়ে সামাজিক দায়িত্বৰ প্ৰতি সজাগ হৈ, নিজৰ ধৰণে কাব্য চৰ্চা কৰাটো প্ৰয়োজনীয় বুলি অনুভৱ হয়। ৰবীন্দ্ৰ নাথ ঠাকুৰে কৈছিল- 'বাঙালী জাতিয়ে মোক বুজাহেঁতেন, নোবেল পুৰস্কাৰ নাপালেও চলিলহেঁতেন।' নহয়জানো।
চামচুল হকঃ মোৰ এনে লাগিছে আমি যেন একেটা কথালৈ পুনৰ ঘূৰি আহিছোঁ ৷ মোৰ দৃষ্টিভংগীৰে ওপৰত উত্তৰ দিছোঁৱেই ৷ অৱশ্যে সকলোৰে দৃষ্টিভংগী মোৰ লগত নিমিলিবও পাৰে ৷ অানৰ দৃষ্টিভংগীক মই সন্মান কৰিও কওঁ যে কবিতাত সমাজ চেতনা আৰু সামাজিক দায়বদ্ধতা সম্পূৰ্ণ পৃথক বস্তু ৷ কবিসকল সামাজিক জীৱ হিচাপে সমাজ চেতনা থাকিবই ৷ সেইটো কবিজনৰ ভিতৰত ফল্গুৰ দৰে বৈ থকা আৰু সামাজিক দায়বদ্ধতা হ'ল বাহিৰৰ পৰা আৰোপিত ৷ বাহিৰৰ পৰা আৰোপিত চেতনা কৃত্ৰিম নহয়নে ? মই আজি সমাজ পৰিবৰ্তনৰহে কবিতা লিখিম বুলি কল্পনাত্মক সাহিত্যৰ আশ্ৰয় লোৱাতকৈ যুক্তিধৰ্মী গদ্য নিলিখে কিয় ? বেছি মানুহে বুজিব ৷ প্ৰতীক , চিত্ৰকল্প , বক্ৰোক্তি , শ্লেষ আদি অলংকাৰৰ ধুঁৱলী-কুঁৱলী ভাবো নাথাকিব ৷
সৃষ্টি এটা সুন্দৰ হয় কবিমনৰ মুক্ত বিচৰণৰ পৰাহে ৷ ঘোঁৰাৰ দৰে চেঁকুৰিব পাৰিব লাগিব , চৰাইৰ দৰে উৰিব পাৰিব লাগিব ৷
আখৰুৱাঃ কবি বা কবিতাকলৈ সামাজিক দায়বদ্ধতাৰ বিষয়ে সম্প্ৰতি কিছুমান চৰ্চা হৈ থকা দেখা যায়। আপোনাৰ পৰা এই ক্ষেত্ৰত আমি কিছু স্পষ্ট ধাৰণা লোৱাৰ প্ৰয়াসেৰে তেনে এটি যত্নহে কৰিছিলো।
বাৰু, এতিয়া অন্য এটি বিষয়লৈ যাব বিচাৰিছো। আমি ইতিমধ্যে ফেচবুকৰ কবিৰ কথা পাতিলোঁ। দেখা যায় যে ফেচবুকত কবিতা চৰ্চা কৰা সকলক ছপা মাধ্যম বা ফেচবুকতো 'ফেচবুকৰ কবি' বুলি কোৱা হয়। এই সম্পৰ্কে আখৰুৱাৰ সদস্য তথা কবি নিশাংক মিলনৰ 'কবিৰ মনৰ কথা'-ত অলপতে হোৱা আলোচনাত নৱাকাশ, অনিতা গগৈ আৰু নিশাংক মিলনে কৈছে যে- 'ফেচবুকৰ কবি' বোলাতকৈ 'কবি' বুলি কোৱাই ভাল। আপোনাৰ মতামত কি বাৰু?
চামচুল হকঃ দ্ব্যৰ্থহীনভাৱে সত্য ৷ "ফেচবুকৰ কবি" বুলি বেলেগ এবিধ প্ৰাণী নাই ৷ কবি কবিয়েই ৷ সৰু কবি - ডাঙৰ কবি বুলিও কথা নাই ৷ অ , বয়সৰ মাপেৰে অগ্ৰজ বা অনুজ কবি বুলি কোৱা যায় ৷ নবীন , প্ৰবীণ এনেকৈয়ো কয় ৷
আখৰুৱাঃ নিশ্চয়।
আপোনাৰ প্ৰিয় কবিৰ তালিকাখনৰ পৰা আপোনাৰ প্ৰিয় এটি কবিতাৰ কথা ওপৰত সোধোঁতে, আপুনি নীলমণি ফুকনৰ " অলপ আগতে আমি কি কথা পাতি আছিলোঁ " কাব্যগ্ৰন্থখনৰ পৰা "এজন কবিয়ে কৈছিল" শীৰ্ষক কবিতাটোৰ উল্লেখ কৰিছিল। এই কবিতাটো কিয় আপোনাৰ প্ৰিয় সেই বিষয়ে অলপ ক'ব নেকি।
চামচুল হকঃ এই কবিতাটো পঢ়িলে আজিও মই পুলক অনুভৱ কৰোঁ ৷ বহুবাৰ পঢ়িছোঁ৷ প্ৰত্যেকবাৰ পঢ়িলেই তাৰ মাজেৰে এখন নতুন দিগন্ত বিচাৰি পাওঁ ৷ চেতন আৰু অচেতন মন নিস্ক্ৰিয় হৈ পৰাৰ দৰে লাগে আৰু পাছত নতুন চেতনাৰ উন্মেষ ঘটে ৷ চিৰনতুন চেতনাৰে মনত এক অনিৰ্বচনীয় আনন্দৰ উদ্ৰেক কৰে৷ কবিতা পঢ়িলে এনে ভাব প্ৰায়ে হয় , যাৰ বাবে কবিতা পঢ়োঁ৷
আখৰুৱাঃ আপুনি কোৱা 'চেতন আৰু অচেতন মন নিস্ক্ৰিয় হৈ পৰাৰ' কথাটো খুবেই ভাল লাগিল আৰু ই কবিতা পাঠৰ জৰিয়তে আপুনি পোৱা এটি গুৰুত্বপূৰ্ণ উপলব্ধি।
আপুনি যিদৰে এগৰাকী মননশীল কবি, সেইদৰে কবিতাৰ এগৰাকী সচেতন পাঠক। আমি জানো যে পাঠেই কবিতাৰ পূৰ্ণতা আনে। গতিকে কবিতা পাঠৰ কিটিপ বা কোনো পদ্ধতি আপুনি অনুসৰণ কৰে নেকি? নে কবিতা পাঠ বিষয়টো পাঠকৰ অনুভৱ আৰু চিন্তা-চেতনাৰ ওপৰত নিৰ্ভৰ কৰে? এগৰাকী সচেতন পাঠক বুলিলে কেনো বিশেষ ধৰণে কবিতা পাঠ কৰাৰ আৰু তাক হৃদয়ঙ্গম কৰাৰ প্ৰয়োজন হয় নেকি? আখৰুৱাৰ সাধাৰণ পাঠকে কবিতা পাঠৰ বিষয়ে অনুভৱ কৰিব পৰাকৈ আভাস দিলে ভাল হয়।
চামচুল হকঃ আপুনি যিটো "কিটিপ"ৰ কথা ক'লে সেইটো বাহ্যিকভাৱে আহৰিত ৷ শিক্ষকে ছাত্ৰ-ছাত্ৰীক শিকোৱাদি কবিতাটো পাঠ কৰিব পাৰি ৷ কিন্তু কবিতাৰ আদৰ্শ পাঠ তাৰ পৰা দূৰৈত ব্যক্তিসত্বাৰ লগত জড়িত ৷ কবিতাৰ আদৰ্শ পাঠক হ'ব লাগিলে তেওঁ এজন আদৰ্শ ব্যক্তিও হ'ব লাগিব ৷
প্ৰথমতে কিটিপৰ কথালৈ যাওঁ ৷ এই সম্পৰীক্ষাটো কৰি চাব পাৰি ৷ কিমান দূৰ ফলৱতী হয় সেইটো পাছৰ কথা ৷ প্ৰথমে নীৰৱ পঠন , তাৰ পাছত সৰৱ পঠন ৷ নীৰৱ পঠনত ৰূপক , চিত্ৰকল্প আদিৰ মাজেদি গোটেই কবিতাটো পঢ়িব লাগিব ৷ কবিয়েনো কবিতাটোৰ মাজেদি কিহৰ ইংগিত দিছে তাৰ লগত একাত্মবোধ গঢ়িবলৈ নিজকে প্ৰস্তুত কৰিব লাগে ৷ কবিৰ কলিজাৰ ঢপঢপনি আৰু পাঠকৰ কলিজাৰ ঢপঢপনি এক হৈ পৰিব লাগিব ৷
তাৰ পাছত সৰৱ পঠনত কবিতাটোৰ ধ্বনি-মাধুৰ্য ফুটি উঠিব আৰু কবিতা পাঠ পূৰ্ণতাৰ ফালে যাব ৷ কোনো কবিতা পাঠেই সমাপ্ত নহয় ৷ বাৰে বাৰে পঢ়িবলগীয়া হয় ৷ প্ৰত্যেকবাৰতে দি যায় অনন্য মাদকতা ৷
শেষত , সকলোৱে আধ্যাত্মিক ক্ষমতাৰে সঁচা ব্যক্তি হ'ব নোৱাৰে ৷ এনে মুখা পিন্ধা মানুহে কবিতাৰ আচল পাঠক হ'ব নোৱাৰে ৷ সত্যৰ প্ৰতি যাৰ গভীৰ আকূতি থাকে , যাৰ হৃদয় বীণাৰ তাঁৰ কেইডাল টানকৈ বন্ধা তেনে লোকেহে কবিতাৰ আদৰ্শ পাঠক হ'ব পাৰে ৷ আৰু বহুত কথা আছে…থক বাৰু ৷
আখৰুৱা: খুব মনোগ্ৰাহীকৈ আপুনি ক'লে। আগ্ৰহী পাঠক উপকৃত হোৱাকৈ পঠনৰ বিষয়ে আৰু কিছু গভীৰৰ কথা ক'ব নেকি?
চামচুল হকঃ আমি কবিতা এটাত নতুন শব্দ এটা পালে বা শব্দাৰ্থ নাজানিলে লৰালৰিকৈ অভিধানখন মেলি লওঁ ৷ এনে কৰিলে বহুত সময়ত আমি ভুল পথে যোৱাৰো সম্ভাৱনা থাকে ৷ কিয়নো কবিতাত থকা শব্দ বহুত সময়ত বাচ্যাৰ্থ নহয় , শ্লেষযুক্ত ৷ প্ৰতীক , অনুষংগ আদিৰ অৰ্থ জানিলোৱেইবা , কোনটো কবিতাত কিভাবে ব্যৱহাৰ কৰা হৈছে সেইটো টং কৰি চাওঁতে সময় লাগিব ৷ একেটা শব্দৰে বেলেগ বেলেগ কবিতাত বেলেগ বেলেগ অৰ্থ প্ৰকাশ হোৱা দেখা যায় ৷ শুদ্ধ উচ্চাৰণেৰে কৰা সৰৱ পঠন প্ৰতিধ্বনিত হৈ আমাৰ কৰ্ণকুহৰত ভিন ভিন সময়ত ভিন ভিন অৰ্থ কৰিব পাৰে ৷ ধ্বনিপুঞ্জ , ছন্দ , লয় আদিৰ প্ৰতি আমাৰ এটা সহজাত প্ৰৱণতাতো আছেই ৷ দুবাৰ , তিনিবাৰ এইদৰে আবৃত্তি কৰি পঢ়িলে কবিতাটোৰ সৌন্দৰ্য উপলব্ধি কৰাত সহজ হয় ৷
এটা কথা মন কৰিব লাগে যে কবিতাটো পঢ়িয়েই অৰ্থ অৰ্থ কৰি হাহাকাৰ কৰিব নালাগে ৷ হৃদয়ৰ দুৱাৰখন কাণি-দুৱৰীকৈ মেলি থ'ব লাগে ৷ হৃদয়ত প্ৰতিধ্বনিত হ'বলৈ মধুক্ষণ এটাৰ অপেক্ষাত কবিতাটো ৰৈ থাকে ৷ লগতে কবিজনৰ প্ৰতি পাঠকজন সহৃদয় আৰু সহানুভূতিশীল হ'ব লাগিব ৷
আখৰুৱাঃ সুন্দৰকৈ কথাখিনি আপুনি জনাইছে।
ওপৰত আপুনি কৈছে- 'কবিজনৰ প্ৰতি পাঠকজন সহৃদয় আৰু সহানুভূতিশীল হ'ব লাগিব'- এই কথাটো কিয় জৰুৰী? আনপিনে কবিগৰাকীৰ প্ৰতি পাঠকজন সহৃদয় আৰু সহানুভূতিশীল হোৱা মানে কবিতাৰ ৰসচ্ছাদন বাধাগ্ৰস্ত নহ'ব জানো? এনে কথাই কবিকহে পাঠকৰ সমুখলৈ আনিব, কবিতাক নহয় তেনে লাগিল কথাটো। গতিকে এই বিষয়ে কিছু কথা জনাব নেকি?
চামচুল হকঃ কবিতাৰ প্ৰকৃত পাঠকজনে কবিতাটো সৃষ্টিৰ আঁৰত লুকাই থকা কবিৰ বুকুৰ জুইকুৰাৰ উমান পাব লাগিব ৷ কবিজনৰ মানসিতাৰ লগত পাঠকজনৰ মানসিকতা এক হৈ পৰিব লাগিব ৷ অন্য অৰ্থত পাঠকজনৰো সৃষ্টিধৰ্মী মানসিকতা এটা লাগে ৷ ইমানখিনি আয়ত্ত কৰিবলৈ পাঠকে কবিতাটোৰ মাজেৰে কবিৰ ভাবানুভূতিৰ কাষ চাপিব লাগিব ৷ বাহ্যিকভাবে কবিতাটোক বাদ দি কবিজনৰ প্ৰতি সদয় হোৱাৰ কথা কোৱা নাই ৷
আখৰুৱাঃ কবিতা পাঠ সমন্ধে আপুনি কোৱা কথাই আগ্ৰহী পাঠকক পাঠকক নিশ্চয় খোৰাক দিব।
আমি জানো যে সমালোচনা সাহিত্যিই সাহিত্যৰ উত্তৰণ ঘটায়। প্ৰতিটো ভাষাৰ দৰে অসমীয়া সাহিত্যতো সমালোচনা সাহিত্যৰ চৰ্চা দেখা যায় যদিও সদ্যহতে অসমীয়া সাহিত্যৰ, বিশেষকৈ অসমীয়া কাব্য সাহিত্যৰ ক্ষেত্ৰত সমালোচনাত্মক আলোচনাৰ দিশটো দুৰ্বল বুলি কোৱা হয়। এই ক্ষেত্ৰত আপুনি কি ভাবে বাৰু।
চামচুল হকঃ সমালোচনাত্মক আলোচনাৰ দিশটো কোনো কাৰণতে দুৰ্বল বুলি ক'ব নোৱাৰি ৷ অসমীয়া কাব্য সাহিত্যৰ সমালোচনা যথেষ্ট উন্নত মানৰ ৷ অৱশ্যে বহুত কম পৰিমাণৰ আৰু যিখিনি সমালোচনা হৈছে সেইখিনিৰো পাঠকৰ অভাৱ পৰিলক্ষিত হয় ৷ সাহিত্যৰ অইন শাখাসমূহৰ তুলনাত সমালোচনাৰ কিতাপ খুব কম মানুহেহে পঢ়ে আৰু বুজনসংখ্যক মানুহৰ বৌদ্ধিক কচৰৎ বুলি ভাবে ৷ বহুত ক্ষেত্ৰত এনে হয় যে আন কবিৰ কবিতাহে আলোচিত হৈছে মইনো কিয় পঢ়োঁ - এনে ধৰণৰ ৷ অৰ্থাৎ নিজৰ কবিতাৰ বাহিৰে সমকালৰ আন এজন কবিৰ কবিতা পঢ়াত বা আলোচনা শুনাত মুঠেও আগ্ৰহী নহয় ৷ গতিকে কবিসকলেই যদি সমালোচনা নপঢ়ে কোনে পঢ়িব৷

No comments:
Post a Comment