"আইৰ অসুখ"
--- চন্দ্ৰামিতা পৰাশৰ
--- চন্দ্ৰামিতা পৰাশৰ
আজিকালি
মাতৰ ওপৰত মতা নহয় মাত
বন্ধ বুলিলে বন্ধ নহয় বাট
নিয়মবোৰ গণতান্ত্ৰিক
ধৰ্মবোৰ নিৰপেক্ষ
মাতৰ ওপৰত মতা নহয় মাত
বন্ধ বুলিলে বন্ধ নহয় বাট
নিয়মবোৰ গণতান্ত্ৰিক
ধৰ্মবোৰ নিৰপেক্ষ
সংখ্যালঘু আল্লাৰ জেহাদত
আত্মসমৰ্পিত ঈশ্বৰপুত্ৰ
আত্মসমৰ্পিত ঈশ্বৰপুত্ৰ
পাহাৰৰবুকুত ঘৰ গজিলে
জীয়া শামুক নদীত শুকাব
অহা বাটে ঘুৰি গ'ল বিষ্ণুৰাভা
লুইত কঁপাবলৈ কোনো নাই
জীয়া শামুক নদীত শুকাব
অহা বাটে ঘুৰি গ'ল বিষ্ণুৰাভা
লুইত কঁপাবলৈ কোনো নাই
এতিয়া সময়বোৰ এনেভাবে চলে
ৰংঘৰত বাঘে ছাগে ভাওনা পাতে
ওলোটা হাতৰ বিপুল চাপৰিত জ্যোতিনাটৰ দৰ্শক কমে
ৰংঘৰত বাঘে ছাগে ভাওনা পাতে
ওলোটা হাতৰ বিপুল চাপৰিত জ্যোতিনাটৰ দৰ্শক কমে
চকুবোৰ উদাস
বতাহত উৰিল হেঁপাহৰ আকাশ
অসুখীয়া আইৰ ..ভাঁজলগা কামিহাড়
বতাহত উৰিল হেঁপাহৰ আকাশ
অসুখীয়া আইৰ ..ভাঁজলগা কামিহাড়
তথাপি কিয় জানো
আজিকালি
মাতৰ ওপৰত মতা নহয় মাত
বন্ধ বুলিলে নহয় বন্ধ বাট !!
আজিকালি
মাতৰ ওপৰত মতা নহয় মাত
বন্ধ বুলিলে নহয় বন্ধ বাট !!
No comments:
Post a Comment