Sunday, 7 February 2016

"অসামৰিক" (জানুৱাৰী মাহৰ কবিতা)


"অসামৰিক"
     --- চন্দ্ৰামিতা পৰাশৰ 
মৰাশ প্ৰিয় মোৰ
কিন্তু
শগুন নহয় মই
যেনেদৰে ৰঙা মাত্ৰেই
তেজ নহ'বও পাৰে
তুমি ধাৰেলোৱা চকুহাল
এদিনলৈ মোক দিবা
মই চিৰিয়া হৈ কাশ্মীৰত ওলাম
`জয় জোৱান´
` জয় কিষাণ ´
শুনো যদি ক'ৰবাত...
চকুহাল..পশ্চিমলৈ দলিয়াই চিঞৰিম
লাল চালাম
লাল চালাম ||

No comments:

Post a Comment