"প্রেমৰ পখী"
--- জ্যোতিষ কুমাৰ দেৱ
--- জ্যোতিষ কুমাৰ দেৱ
ফুলৰে মৌ চুমি পখীটিয়ে কলে
গৈ আছিল অথলে জীৱন
তোমাক কাষলে পাই
অনুভৱৰ এটি সঁহাৰি পালো
জীৱনত আহিলে দুনাই
সেই হেৰোৱা বসন্ত
দিনবোৰ তেনে যোৱা নাই বিফলে
আকৌ মধুবন
মুকুলিত যৌৱন
মাৰ যোৱা সুৰৰ জেউতি
স্মৃতিৰ আকাশত পালোঁ হৰাই
হেৰা মনোময়
যদি এয়ে হয়
মৰমৰ এটি চিত্রলেখা
বাৰে বাৰে মই যাবলে সাজু
প্রেমৰ মহলত প্রিয়
লিখিম কাহিনী অনন্ত
গৈ আছিল অথলে জীৱন
তোমাক কাষলে পাই
অনুভৱৰ এটি সঁহাৰি পালো
জীৱনত আহিলে দুনাই
সেই হেৰোৱা বসন্ত
দিনবোৰ তেনে যোৱা নাই বিফলে
আকৌ মধুবন
মুকুলিত যৌৱন
মাৰ যোৱা সুৰৰ জেউতি
স্মৃতিৰ আকাশত পালোঁ হৰাই
হেৰা মনোময়
যদি এয়ে হয়
মৰমৰ এটি চিত্রলেখা
বাৰে বাৰে মই যাবলে সাজু
প্রেমৰ মহলত প্রিয়
লিখিম কাহিনী অনন্ত
- জ্যোতিষ ( ৩১/০১/২০১৬)
No comments:
Post a Comment