Sunday, 7 February 2016

প্ৰশাসকৰ কুঠলীঃ 'কবিৰ মনৰ কথা' (২) / অন্তিম ভাগ / কবিঃ নৱাকাশ

কবিৰ মনৰ কথা' (২) / অন্তিম ভাগঃ

আখৰুৱাঃ সম্প্ৰতি দেখা গৈছে যে- কিছু অসমীয়া কবিয়ে যৌনতাক বিষয় হিচাপে লৈ কবিতা ৰচিছে আৰু সিবোৰ ছপা মাধ্যমতো প্ৰকাশ হৈছে। তেনেধৰণৰ কবিতাক জানো সাহিত্য বুলিব পাৰি?

নৱাকশঃ যৌনতা মানুহৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ বুলি ভাবোঁ। আনপিনে সাহিত্যত জীৱনৰ প্ৰতিফলন ঘটে। 'লাজ' হ'ল মানুহৰ মনৰ সৃষ্টি বা মানসিক অৱস্থা। অন্য কোনো কথাৰ বাবে মানুহৰ মনলৈ লাজ ভাব নাহে। 

আখৰুৱাঃ মানে যৌনতাক বিষয় হিচাপে লৈ ৰচা কবিতাকো সাহিত্যৰ দৃষ্টিৰেই চোৱাটো ভাল বুলি ক'ব খোজা নেকি?

নৱাকশঃ ক'ব খুজিছো যৌনতাৰ কথা লিখা মানেই পৰ্ণগ্ৰাফী (pornography) নহয়। যৌনতা নাথাকিলে সৃষ্টিয়েই নাথাকিব দেখোন আৰু সেই যৌনতাৰ ওপৰতেই মানুহৰ এই লজ্জাবোধ নিৰ্ভৰ কৰে। 

আখৰুৱাঃ বাৰু। আখৰুৱাৰ সদস্য তথা এগৰাকী কবি হিচাপে, আখৰুৱাৰ সতীৰ্থ কবিসকললৈ তুমি কি বাৰ্তা দিব খোজা।

নৱাকশঃ আচলতে মই কবি বা কবিতাৰ সংজ্ঞা নাজানো। অৱশ্যে জানিবলৈ চেষ্টাও কৰা নাই। সেয়ে নিজকে কবি বুলিবলৈ ভাল নালাগে। গতিকে কবি হিচাপে নহয়, কবিতাপ্ৰেমী হিচাপে আখৰুৱাৰ সতীৰ্থ কবিসকলক কেৱল ক'ব খোজো যে- যিসকলে কবিতা লিখিবলৈ আগ্ৰহ কৰে, সেই সকলে কবিতা লিখি থকা ভাল। 

আখৰুৱাঃ তুমি কিয় তেনেকৈ ভাবা?

নৱাকশঃ মই ভাবোঁ আৰু বিশ্বাস কৰোঁ যে- কবিতাই মানুহক প্ৰকৃত মানুহ হ’বলৈ শিকায়। কবিতা লিখা মানে আমি নিজকেই নিজে বুজিবলৈ যত্ন কৰা বা চেষ্টা কৰাটো বুজায়। কবিতাই মানুহক সপোন দেখিবলৈ শিকায়, সপোন কেনেকৈ দেখিব লাগে তাৰ উমান দিয়ে আৰু সেই সপোনে মানুহৰ সাহস, আস্থা বঢ়ায়।

আখৰুৱাঃ আখৰুৱাৰ সামগ্ৰিক উত্তৰণৰ বাবে কেনে ধৰণৰ কৰ্মপন্থা হাতত লোৱাটো ভাল হয় বুলি তুমি ভাবা।

নৱাকশঃ প্ৰথম কথা হ'ল সদস্য সংখ্যাৰ পিনৰ পৰা আখৰুৱা এটি তেনেই সৰু গোট। সেয়ে আখৰুৱাৰ সদস্য সংখ্যা বঢ়াবলৈ চেষ্টা কৰিলে আখৰুৱাৰ উত্তৰণত সহায় হ'ব। 

আখৰুৱাঃ আখৰুৱাৰ সদস্য সংখ্যা বাঢ়িলে কিদৰে ইয়াৰ উত্তৰণত সহায় হ'ব পাৰে বুলি তুমি ভাবা।

নৱাকশঃ সদস্যৰ সংখ্যা বঢ়োৱা মানে অধ্যয়নশীল মানুহৰ সংখ্যা বৃদ্ধিৰ কথা কৈছো। অধ্যয়নপুষ্ট সদস্যৰ সংখ্যা বঢ়া মানে সংবেদনশীল সদস্যৰ সংখ্যা বৃদ্ধি হোৱা। আনপিনে অধ্যয়নহীন সদস্যইও সুবিধা পালে বা পৰিৱেশ দিব পাৰিলে অধ্যয়নলৈ আকৃষ্ট হয় বা হ'ব। যিদৰে মোৰ দৰে নপঢ়া, নিলিখা মানুহ এজনেও পৰিৱেশ পোৱাত কবিতা লিখিবলৈ ল'লে।

আখৰুৱাঃ তেনেদৰে ল'বা জানো কথাটো। কিন্তু পঢ়া মানুহৰ বা অধ্যয়নপুষ্ট মানুহৰ সংখ্যা আখৰুৱাত কেনেকৈ বঢ়াবা?

নৱাকশঃ যিদৰে আমি জানো যে সমুখত যেতিয়া সুস্বাদু খাদ্য থোৱা থাকে, ভোক নলগাৰো ভোক লাগে। যিদৰে ভাল খাদ্যৰ এবাৰ সোৱাদ পোৱাৰ পিছত, বাৰে বাৰে খাবলৈ মন যায়। 

আখৰুৱাঃ পদ্ধতি কি হ'ব?

নৱাকশঃ অৱশ্যে এই সম্বন্ধে ভালদৰে ভাবি-চিন্তি ক'ব লাগিব।

আখৰুৱাঃ আখৰুৱাৰ কাব্য-চৰ্চাৰ উত্তৰণৰ বাবে নিজাববীয়াকৈ কোনো বিশেষ উদ্যোগ তুমি ল'ব খোজা নেকি?

নৱাকশঃ নিজাববীয়াকৈ উদ্যোগ লোৱাৰ কথা এতিয়াই ভবা নাই। কেৱল ক'ব খোজো যে আখৰুৱাই প্ৰেৰণা দিছে মনক জোকাৰি চাবলৈ আৰু সেয়ে আগলৈও কবিতা লিখি থাকিব পাৰিম যেন লাগে।

আখৰুৱাঃ গোটৰ পৰা তেনে কোনো বিশেষ উদ্যোগ লোৱাৰ কথা ক'লে তুমি সহযোগ কৰিবানে?

নৱাকশঃ সাধ্যানুসাৰে নিশ্চয় চেষ্টা কৰি চাম।

আখৰুৱাঃ আমাৰ এই বাৰ্তালাপ তুমি কেনে পালা বাৰু।

নৱাকশঃ এবাৰ ৰেডিঅ' আৰু এবাৰ টি,ভিৰ পৰা মোৰ সাক্ষাৎকাৰ লৈছিল। সেই সময়ত মই কঁপিছিলো, এইবাৰ নকঁপিলো। খুবেই আনন্দ পালোঁ, এক ধৰণৰ আত্মীয়তা অনুভৱ কৰিলোঁ। 

আখৰুৱাঃ ভাল লাগিল জানি। ৰেডিঅ আৰু টি,ভিৰ সাক্ষাৎকাৰৰ উল্লেখযোগ্য দুটামান কথা ক'বা নেকি?

নৱাকশঃ বহুদিন আগতে অসমত থাকোঁতেই অৰ্থাৎ ২০০৫ চনত মোৰ প্ৰথম কবিতা পুথি প্ৰকাশ হয় আৰু সেই সময়তেই মোৰ প্ৰথম একক চিত্ৰ-প্ৰদৰ্শনীও অনুষ্ঠিত হৈছিল 'আৰ্টিষ্ট গীল্ড'ত। তেতিয়াই ৰেডিঅ আৰু টি,ভিয়ে মোৰ সাক্ষাৎকাৰ লৈছিল। সেইখিনি সময়ত মই প্ৰায় একে লেঠাৰিয়ে তিনিটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা পাইছিলো। আৰু তেতিয়া মই 'দৈনিক জনসাধাৰণ' কাকতৰ কাৰ্টুনিষ্ট আছিলো। সাক্ষাৎকাৰত মোক কি সুধিছিল এতিয়া অৱশ্যে পাহৰিছো। 

আখৰুৱাঃ বাৰু, কবিতা সম্পৰ্কে বিষয়ে কিছু পঢ়িব বা অধ্যয়ন কৰিব বিচৰা নেকি?

নৱাকশঃ মই কৈছোৱেই যে মোৰ যি মন যায় মই তাকেই কৰোঁ। আগলৈ যদি কেতিয়াবা পঢ়িবলৈ মন যায়, মই নিশ্চয় পঢ়িম। পিছে মই ভাবোঁ কবিতা লিখা মানুহে কবিতাৰ বিষয়ে বিশেষ নপঢ়াই ভাল। বিশেষকৈ মোৰ ক্ষেত্ৰত কৃত্ৰিমতা আহি যাব বুলি মোৰ ভাব হয়। 

আখৰুৱাঃ নাকচ নকৰোঁ কথাটো। কিন্তু কোৱা হয় যে অধ্যয়নহীনতাত ভাল কবিতা সৃষ্টি নহয়। তুমি কি ভাবা।

নৱাকশঃ এই ক্ষেত্ৰত মই ভাবোঁ যে জীৱনৰ অধ্যয়ন খুবেই জৰুৰী, তত্ব (theory) নহয়। অৰ্থাৎ কেৱল ব্যৱহাৰিক (practical) দিশৰ অধ্যয়ন অত্যন্ত জৰুৰী। বিশিষ্ট কবি গালিৱ (Galib) তাৰ উদাহৰণ।

আখৰুৱাঃ মানে প্ৰয়োগৰ জৰিয়তে অধ্যয়ন ৯৯% হোৱাটো ভাল বুলি ক'ব খোজা নেকি?

নৱাকশঃ হয়। অৱশ্যে মই কেৱল মোৰ কথাহে কৈছো। কোনোবা হয়তো পঢ়া-শুনা কৰিও কবি হৈছে বা কোনোবা তেনেদৰে চেষ্টা কৰিবও পাৰে। কিন্তু মই ভাবোঁ- practical study is better than theory.

আখৰুৱাঃ হয়, আমিও তোমাৰ কথাকেই সুধিছো। পিছে গালিৱ তোমাৰ প্ৰিয় কবি নেকি?

নৱাকশঃ ঠিক তেনে নহয়, গালিৱৰ যি দুই এটা কবিতা পঢ়িছো, সিবোৰ মোৰ ভাল লাগে। 

আখৰুৱাঃ অসমীয়া কবিৰ ভিতৰত তোমাৰ প্ৰিয় কবি কোন বাৰু।

নৱাকশঃ মোৰ ক্ষেত্ৰত মোৰ প্ৰিয় কবি বা অসমীয়া প্ৰিয় কবি বুলিবলৈ কোনো নাই। কাৰণ মই তেনেদৰে কবিতা পঢ়াই নাই। নীলিম কুমাৰৰ কবিতা তপন দাসৰ কন্ঠত শুনি ভাল লাগিছিল। 

আখৰুৱাঃ বুজিছো। তথাপি তোমাৰ প্ৰিয় অসমীয়া কবিতা বুলিলে কোনবাটো কবিতাৰ নাম মনলৈ আহে নেকি?

নৱাকশঃ যদিও ভালকৈ মনত নাই নৱকান্ত বৰুৱাৰ 'দলং' নামৰ কবিতাটো ভাল পাইছিলো। নীলমণি ফুকনৰ 'ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত'।

আখৰুৱাঃ হীৰুদাৰ?

নৱাকশঃ তেখেতৰ 'এটাই মাথো কামিজ' খুবেই হৃদয়স্পৰ্শী কবিতা। আচলতে মই ভাবোঁ- ভাল কবিতা ৰচিবলৈ কবি গৰাকী এটা সুন্দৰ মনৰ গৰাকী হোৱাৰ প্ৰয়োজন হয়।

আখৰুৱাঃ কবিতা সম্বন্ধে যিবোৰ কথা এতিয়ালৈ আমি পাতিলো, তাত তোমাৰ কবি মনৰ কথা সুন্দৰকৈ প্ৰকাশিত হৈছে। কাব্যৰ এই যাত্ৰা মসৃন হয়তো নহয়। তথাপি কাব্যৰ প্ৰতি কবিৰ অনুৰাগ কি কথাৰ ওপৰত নিৰ্ভৰ কৰে বুলি ভাবা?

নৱাকাশঃ নিজক খেপিয়াই চোৱাৰ ওপৰত নিৰ্ভৰ কৰে বুলি ভাবোঁ। কবিতা মানেইতো আত্মানুসন্ধান, আৰুনো কি?

আখৰুৱাঃ কবিয়ে জীৱন, জগতৰ সন্ধান নকৰে জানো কবিতাৰে।

নৱাকাশঃ ক'বলৈ হ'লে- পৃথিৱীৰ প্ৰতি জন ব্যক্তি এই বিশ্ব ব্ৰহ্মাণ্ডৰেই প্ৰতিফলন। আৰু সেয়ে আত্মনুসন্ধান মানেই জীৱন জগতৰ অনুসন্ধান।

আখৰুৱাঃ কিন্তু আত্মানুসন্ধান বুলিলে আত্মদৰ্শন বা আত্মবিশ্লেষণ বুলিহে বুজা যায়।

নৱাকাশঃ যিহেতু আমি প্ৰত্যেকে নিজেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিফলন, গতিকে আমাৰ আত্মানুসন্ধানে সকলো সামৰি লয়।

আখৰুৱাঃ বাৰু। কবিতাত বা কবিৰ একোটি দৰ্শন থকা বুলি কয়। তোমাৰ কবিতাত তেনে কি দৰ্শনৰ প্ৰতিফলন ঘটে বাৰু।

নৱাকাশঃ মই ভাল বুলি ভবা কথাবোৰকেই মই ভাল বুলি ভাবোঁ আৰু তাৰেই প্ৰতিফলন হয়তো মোৰ কবিতাত ঘটে।

আখৰুৱাঃ তুমি ভাল বুলি ভবা কথাবোৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে।

নৱাকাশঃ যিয়ে আনক আঘাত নিদিয়ে বা অন্যায় নকৰে, সেয়াই ভাল বুলি মই বিশ্বাস কৰোঁ। 

আখৰুৱাঃ আৰু তাৰেই সন্ধান তুমি তোমাৰ কবিতাত কৰিব বিচৰা নেকি?

নৱাকাশঃ কি বিচাৰি আছো সঠিককৈ হয়তো নাজানো, কিন্তু কিবা-কিবি নিশ্চয় বিচাৰি আছো। যিদিনা বিচাৰি পাম সিদিনাৰ পৰা কবিতা লিখা বা ছবি অঁকাৰ প্ৰয়োজন নাথাকিব হয়তো।

আখৰুৱাঃ হয়, এই সমস্ত সন্ধান তেতিয়ালৈহে, যেতিয়ালৈ আমি বিচৰাটো বিচাৰি নাপাও। এটা কথা কোৱাচোন- অসমৰ বাহিৰত বা অন্য ৰাজ্যত থাকিলে দিনটোৰ বেছি ভাগ সময় অন্য ভাষাত কথা-বতৰা পাতিব লগা হয়। তেনে স্থলত অসমীয়া ভাষাত কবিতা লিখিবলৈ কিহে তোমাক প্ৰেৰণা দিয়ে?

নৱাকাশঃ অসমীয়া মোৰ সিৰা-উপসিৰাত প্ৰতিনিয়ত বৈ আছে, যি মোৰ আইৰ ভাষা। আইয়ে শিকোৱা ভাষা, মোৰ উশাহৰ ভাষা। হাজাৰ ধুমুহাইও ইয়াক কাঢ়ি নিব নোৱাৰে। আচলতে কবিতা সদায় মাতৃভাষাতেই পঢ়ি বা লিখি ভাল লাগে।

আখৰুৱাঃ কোনো প্ৰকাৰে সমস্যা নহয় জানো? ধৰা, আন ভাষাৰ চাপ এটা নপৰে জানো।

নৱাকাশঃ পৰিলেও চেষ্টা কৰিলে শুধৰাব পাৰি।

আখৰুৱাঃ 'পৰিলেও চেষ্টা কৰিলে শুধৰাব পাৰি'- এইখিনি হিন্দীত কোৱাচোন।

নৱাকাশঃ প্ৰভাৱ পৰ ভি জাতে তো ভি থিক কৰ সক্তে হেইন।

আখৰুৱাঃ সম্প্ৰতি দেখা গৈছে যে অসমত থাকিও অসমীয়া মানুহে তেওঁলোকৰ সন্তানক ইংৰাজী মাধ্যমত শিক্ষা দিয়াত অগ্ৰাধিকাৰ দিছে। এনে অৱস্থাত এই সকল ছাত্ৰ-ছাত্ৰী অসমীয়া ভাষাৰ পৰা স্বাভাৱিক ভাবেই আঁতৰি যায়। ভৱিষ্যতে ইয়াৰ নেতিবাচক প্ৰভাৱ অসমীয়া কাব্য বা সাহিত্যত নপৰিব জানো?

নৱাকাশঃ পৰিবেশ পৰিস্থিতিয়ে তেনে হ'বলৈ মানুহক বাধ্য কৰাইছে বাবে বহুতে ইংৰাজী মাধ্যমত পঢ়াব বা পঢ়িবলগীয়া হৈছে। এইয়া সময়ৰ দাবী বুলিয়েই ক'ব লাগিব।এই ক্ষেত্ৰত অসমীয়া ভাষাক ভাল পোৱা সকলে নজৰ ৰাখিব লাগে যাতে তেওঁলোকে ইংৰাজীৰ লগতে অসমীয়াও শিকিব পাৰে। ওপৰে ওপৰে দেখাত কথাবোৰ নেতিবাচক যেন লাগিলেও, কিন্তু নিজৰ মাতৃভাষাক মানুহে পাহৰা ইমান সহজ নহয়।

আখৰুৱাঃ তোমাৰ দৰে অসমৰ পৰা বাহিৰত বা বিদেশত থকা লোক সকলৰ দ্বাৰা অসমীয়া কাব্য বা সাহিত্য চৰ্চাৰ ক্ষেত্ৰত কি ধৰণৰ অসুবিধা হ'ব পাৰে? তোমাৰ অভিজ্ঞতাই কি কয়?

নৱাকাশঃ অসুবিধা নিশ্চয় বিশেষ নাই আৰু ফেচবুকেই ইয়াৰ প্ৰমাণ। ফেচবুকত অসমীয়া ভাষাত যিমান লিখা-মেলা কৰা হয়, বোধহয় আন কোনো ভাৰতীয় ভাষাত সিমান চৰ্চা নহয়।

আখৰুৱাঃ এইটো সঁচা কথা যেন লাগিল। অসমীয়া ভাষাত ফেচবুকত লিখাৰ দৰে- কেৱল ভাৰতীয় ভাষাতেই নহয়, ইংৰাজী বা আন ভাষাতো ইমান লিখা নহয় চাগে।
বাৰু, বহু সময়ত কাকত বা আলোচনীত কবিতা প্ৰকাশ হোৱাটোকেই অনেক কবিয়ে অগ্ৰাধিকাৰ দিয়া দেখা যায়। এইক্ষেত্ৰত কবিগৰাকীক কিহে আকৃষ্ট কৰে?

নৱাকাশঃ ছপা মাধ্যমত কবিতা প্ৰকাশ হোৱাটো, এটা ভাল কথা। কবিতা এটা ছপা আখৰেৰে দেখি সকলোৰে ভাল লাগে বুলি ক'ব পাৰি। তাতে আলোচনী বা কাকতত প্ৰকাশ হলে বেছি সংখ্যক মানুহে পঢ়ে। নিজৰ সৃষ্টি এটা আনক দেখুৱাব বা পঢাব পাৰিলে সকলোৰে ভাল লাগে নিশ্চয়।

আখৰুৱাঃ দিল্লীত হোৱা অসমীয়া কবিতাৰ কোনো অনুষ্ঠানত কেতিয়াবা তুমি ভাগ লৈছিলা নেকি?

নৱাকাশঃ এতিয়ালৈ তেনে অনুষ্ঠানত মই ভাগ লোৱা নাই।

আখৰুৱাঃ বাৰু। তোমাৰ মতে অসমীয়া কবিতাৰ কোনো অনুষ্ঠান দিল্লীত আয়োজন কৰিব পাৰি নেকি?

নৱাকাশঃ পাৰি নিশ্চয় আৰু মই ভাবোঁ আখৰুৱাই তেনে প্ৰচেষ্টা চলাব পাৰে।

আখৰুৱাঃ নিশ্চয়। কিন্তু আখৰুৱা এতিয়ালৈ ইমান সৱল হৈ উঠা নাই। তথাপি আখৰুৱাৰ সদস্য হিচাপে তোমাৰ আৰু সাম্ভাব্য সকলৰ সহযোগিতা, চিন্তা-চৰ্চাই হয়তো তেনে সুযোগ আনি দিবও পাৰে। 

নৱাকাশঃ নিশ্চয়। সময়ত হয়তো তেনে অনুষ্ঠানৰ আয়োজন কৰাটো সম্ভৱ হৈ উঠিবও পাৰে।

আখৰুৱাঃ এনে উদ্যোগৰ সম্ভাৱনাৰ বাবে বুনিয়াদী কাম কিছু থাকিব। তেনে উদ্যোগ ল'বলৈ যাৱতীয় সম্ভাৱনাবোৰ জুকিয়াই চাবা নেকি?

নৱাকাশঃ চাম বাৰু।

আখৰুৱাঃ তোমাৰ যিবোৰ বন্ধু বা সহকৰ্মী দিল্লীত আছে আৰু যিসকল অসমীয়া ভাষী নহয়, তেওঁলোকে তোমাৰ অসমীয়া কবিতাৰ প্ৰতি কোনো প্ৰকাৰে আগ্ৰহ দেখুৱাই নেকি?

নৱাকাশঃ ইয়াত মানে দিল্লীত বহুতেই কবি, শিল্পী হিচাপে মোক সন্মানকৰে বা ভাল পায়। আগ্ৰহেৰে মোৰ কবিতাৰ ইংৰাজী বা হিন্দী অনুবাদৰ বাবে ৰৈ থাকে।

আখৰুৱাঃ তোমাৰ কবিতাৰ ইংৰাজী বা হিন্দী অনুবাদ কোনে কৰে? 

নৱাকাশঃ মই মাজে সময়ে নিজেই তেনে চেষ্টা কৰোঁ।

আখৰুৱাঃ ভাল লাগিল জানি। তুমি কৰ্মসূত্ৰে দিল্লীত থাকিলেও, ভৱিষ্যতে অসমৰ নতুন প্ৰজন্মৰ কাব্য বা শিল্প চৰ্চাৰ উন্নতিৰ বাবে তোমাৰ সামৰ্থৰে উদ্যোগ ল'বলৈ কোনো প্ৰকাৰৰ পৰিকল্পনা তুমি কৰিছা নেকি? নতুবা তেনে ধৰণে অসমত কোনোবাই তোমাক বিচাৰিলে সহযোগ কৰিব পাৰিবানে?

নৱাকাশঃ মোৰ বহুদিনৰ এটা পৰিকল্পনা আছে এখন ভাল আৰ্ট institute খোলা, য'ত বিনামূলীয়াকৈ সংগীত, শিল্প আদি শিকোৱা হ'ব। কিন্তু কেতিয়ালৈ হৈ উঠিব নাজানো।
অসমত কোনোৱে বিচাৰিলে তথা সম্ভৱ হ'লে সহযোগ নিশ্চয় কৰিম।

আখৰুৱাঃ ভাল লাগিল তোমাৰ পৰিকল্পনা আৰু সহযোগিতাৰ মনোভাৱ।
শেষত তোমাৰ প্ৰিয় স্বৰচিত এটি কবিতা আৰু তাৰ অনুবাদৰ সৈতে আখৰুৱাৰ পাঠকলৈ আগবঢ়াবা নেকি?

নৱাকাশঃ 

বহুদিন একো খোৱা নাই
ভাবিলোঁ আজি আন্ধাৰকে খাওঁ
প্ৰকাণ্ড সুৰুয এটা আনি কাটি কাটি খালো

তেতিয়াৰ পৰা মোৰ গা-ভাৰী

For days i have not eaten anything
thought will eat darkness today 
caught a sun and slice by slice ate it up

now i am pregnant

______________________________সমাপ্তি_______

No comments:

Post a Comment