Saturday, 6 February 2016

'আলাপ' শিতানঃ কবিৰ মনৰ কথাঃ (অন্তিম খণ্ড):- কবি- চামচুল হক

আখৰুৱাঃ সাধাৰণতে লেখক বা কবিসকলৰ জীৱনত এনে বহু ঘটনা ঘটে যিবোৰ স্মৰণীয় হৈ ৰয় আৰু আনৰ বাবেও উৎসাহজক হয়। সেয়ে আপোনাৰ কবি জীৱনৰ কোনো এটি স্মৰণীয় দিনৰ কথা ক'ব নেকি?

চামচুল হকঃ কবি জীৱন প্ৰস্ফুটিত নৌ হওঁতেই তাৰ কলিটোৰ কথা এষাৰ মই কেতিয়াও নাপাহৰোঁ ৷ মই তেতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৷ তেতিয়া গুৱাহাটী মহানগৰীত চিটিবাছৰ ন্যুনতম ভাড়া আছিল ১০ পইচা ৷ মই স্কুলত ছাৰ এজনৰ মুখত গম পালো যে সকলোবোৰ অসমীয়া শব্দৰ অৰ্থ চাব পৰাকৈ অভিধান পোৱা যায় ৷ আন এদিনাখন গম পালো যে মুঠেই ১০ পইচাত " পক্ষীপুৰাণ " বুলি চৰাইবোৰৰ ওপৰত আমোদজনক পদ্যৰ পুথি পোৱা যায় ৷ আনকি দোকানখনৰ নামো কৈ দিলে ৷ মই নিজা জমা পইচাৰে স্কুলৰ পৰা ঘূৰি আহোঁতে দোকানখনত সোমাই অভিধানখন বিচাৰিলো ৷ তেতিয়া দোকানখনত বিক্ৰেতাজনৰ লগত এজনী ধুনীয়া ছোৱালীও আছিল ৷ মই প্ৰশ্ন কৰিছিলো যে কিতাপখনৰ ছপা দাম দেখোন ৯· ৫০ টকা ৷ স্টিকাৰ লগোৱা দামটো কিয় ১২: ০০ টকা ৷ অভিধানখনৰ নাম " গিৰিধৰ শৰ্মা অসমীয়া অভিধান " ৷ মোক মৰমেৰে কথাটো বুজায় দিলে আৰু দুয়ো কিবা ইংগিতেৰে ক'লে ৷

ঘৰলৈ পৰম উৎসাহেৰে ঘূৰি আহোঁতে দুয়োখন হাতত কিতাপৰ বোজা দাঙিব নোৱাৰি মাজবাটতে পৰিষ্কাৰ ঠাইত অভিধানখন থ'লো ৷ কিতাপখন আছিল মস্ত ডাঙৰ ৷ ইতিমধ্যে মোৰ হাতখন ৰঙা পৰি বিষাবলৈ ধৰিছিল ৷ এইদৰে দুই কিলোমিটাৰ বাট খোজকাঢ়ি আহি ঘৰ পাইছিলোহি ৷ নজনা শব্দ জনাৰ আগ্ৰহ মোৰ সৰুৰে পৰাই আছিল ৷

আখৰুৱাঃ বৰ ভাল লাগিল জানি। পিছে কবি জীৱন প্ৰস্ফুটিত হোৱাৰ পিছৰ কোনো স্মৰণীয় দিনৰ কথা ক'ব নেকি?

চামচুল হকঃ ছপা ক'লা-বগা আখৰত আলোচনীত পৰিপাটীকৈ কবিতা প্ৰকাশ পালে, দহজন পাঠকৰ ওচৰ চাপিলে সেয়াই কবিৰ বাবে প্ৰথম পুৰস্কাৰ ৷ মই যিটো ঘটনা ক'বলৈ ওলাইছোঁ সেইটো অকল স্মৰণীয়ই নহয়, বৰং শিহৰণকাৰীও ৷ 

এদিনাখন ডিচেম্বৰ মাহৰ শীতৰ মাজনিশা লেপৰ তলত শুই থাকোঁতে হঠাৎ ফোনটো বাজি উঠিল ৷ মই দেখিলো যে স্হানীয় আৰক্ষী থানাৰ লেণ্ডলাইনৰ পৰা ফোনকল ৷ মই ফোনটো লগে লগে নুঠালো এই ভাবি যে কোনোবা ভাৰাতীয়া লোকে বাহিৰত কিবা গণ্ডগোল লগালে হ'ব পায় ৷ দিন-কাল বৰ ভাল নহয় ৷ এতিয়া থানালৈ মাতি পঠিয়ালেও যাব নোৱাৰোঁ৷ পিছদিনাখন ৰাতিপুৱা বজাৰলৈ যাওঁতে মই ম'বাইল ফোনটো ঘৰতে এৰি থৈ গৈছিলো ৷ তেতিয়াও অচিনাকি ম'বাইল নম্বৰ এটাৰ পৰা ফোন আহিছিল আৰু মোৰ কণমানি ছোৱালীজনীয়ে ধৰিছিল ৷ ঘৰলৈ আহি মই কোনেনো ফোন কৰিছিল জানিব বিচৰাত সিফালৰ পৰা ক'লে যে তেওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাহুল আমিন ডাঙৰীয়া ৷ ' প্ৰান্তিক ' আলোচনীত সদ্য প্ৰকাশিত মোৰ কবিতাটো পঢ়ি ভাল পাইছে হেনো ৷ গতিকে পৰিচয় হ'বৰ বাবে তেখেতে মোক এটা সময়ত মাতিলে ৷ সেইমতে মই গৈ ওলোৱাত বাহিৰতে তেখেতে হাত জোকাৰি মোক সম্ভাষণ জনালে , লগতে আলিংগনো কৰিলে ৷ তাৰ পাছত ভিতৰত তেখেতৰ বহা কোঠালীলৈ লৈ গৈ যিটোহে আপ্যায়ণ কৰিলে মই কেতিয়াও পাহৰিব নোৱাৰোঁ ৷ তেখেতে টেবুলৰ তলৰ ৰেকটো খুলি জাপ জাপ কবিতা আৰু চিত্ৰকলাৰ কিতাপ উলিয়াই দেখুৱালে ৷ মই লোভ সামৰিব নোৱাৰি দুখনমান পঢ়িবলৈ বিচৰাত আনিবলৈ দিলে ৷ সেইমতে মই কিতাপ কেইখন পঢ়ি এমাহমানৰ পাছত ঘূৰাই দিলো ৷ তেখেত বৰ্তমানে অসম আৰক্ষীৰ এজন উচ্চ পদস্থ বিষয়া ৷ ' অসমীয়া খবৰ ' কাকতৰ স্তম্ভ লেখক হিচাপে এটা সময়ত তেখেতৰ লিখনি পঢ়িছিলো ৷

আখৰুৱাঃ ভাল লাগিল আপোনাৰ আৰক্ষীৰ সৈতে হোৱা অভিজ্ঞতাৰ কথা জানি। বাৰু, আপুনি ৭০ দশকৰ পৰা গভীৰভাৱে কাব্য চৰ্চা কৰিছিল আৰু অসমীয়া ভাষাৰ এগৰাকী আগশাৰীৰ কবি হিচাপে পৰিচিত হৈছিল। কিন্তু কিছু বছৰ আগৰ পৰা আপোনাৰ কাব্য-চৰ্চালৈ স্থবিৰতা অহা বুলি আপোনাৰ কবিতাৰ পাঠকে কয়। সেই সকল পাঠকে আপোনাৰ পৰা জানিব বিচাৰিছে- আপোনাৰ এই স্থবিৰতাৰ কাৰণসমূহ কি ক'ব নেকি?

চামচুল হকঃ মই আগতে উল্লেখ কৰিছোঁ যে ছপা আখৰত মোৰ প্ৰথম কবিতা ওলাইছিল ১৯৮০ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ৷ মই আগশাৰীৰ কবিতো নাছিলোৱেই, এনেকি কবি হওঁ নে নহওঁ মোৰ নিজৰেই সন্দেহ আছে ৷

অকল মোৰ ক্ষেত্রতে নহয়, বহুতৰে ক্ষেত্ৰত এনে স্থবিৰতা আহে ৷ তাতেই সৃষ্টিৰ ৰহস্য লুকাই আছে ৷ বয়স হ'লে মহিলাৰ মেন'পজ আৰু পুৰুষৰ টেষ্টোষ্টেৰণ গ্ৰন্থি কমি আহে ৷ হতাশা - নিৰাশা বাঢ়ে, সোনকালে খং উঠে ইত্যাদি ইত্যাদি ৷ কবিতা অবিৰতভাৱে লিখি থকা এটা টান কাম৷ সময় দিব পাৰিব লাগিব ৷ নিৰ্জনতাৰ প্ৰয়োজন য'ত গভীৰ অৱলোকনেৰে মাথোঁ আত্মকথন ৷ অৰ্থৰ তলিত লুকাই থকা অইন এটা অৰ্থ বিচাৰিব লাগিব ৷ সফল কবিতা লিখিব পাৰিছোঁ নে নাই সন্দেহ থাকিলেও অৰ্থৰ সন্ধান চলি আছে ৷ মই ক'ব খোজোঁ , কবিতা হ'ল সঞ্চিত অভিজ্ঞতাৰ এক ৰসায়ন ৷

আখৰুৱাঃ আপুনি কোৱাৰ দৰে সকলো কবিৰেই কাব্য-চৰ্চাৰ ক্ষেত্ৰত এনে ধৰণৰ যতি নেকি? নে ইয়াৰ ব্যতিক্ৰম হয় বা ব্যতিক্ৰমী উদাহৰণ আছে জানো? যদি আছে তেখেতসকলে এনে পৰিৱেশৰ পৰা নিজকে কিদৰে মুক্ত কৰি ৰাখিব পাৰে বুলি ভাবে।

চামচুল হকঃ মন কৰিব যে মই বহুতৰে ক্ষেত্ৰত বুলিহে কৈছোঁ, আটাইৰে ক্ষেত্ৰত নহয় ৷ খুব কম সংখ্যক কবিয়েহে অবিৰতভাৱে কবিতা লিখি যাব পাৰে ৷ মই নাম উল্লেখ কৰি শ্ৰদ্ধেয় কবিসকলৰ দুটা ভাগ কৰিব নোখোজোঁ ৷ কেতিয়াবা চাৰিটামান মানবিশিষ্ট কবিতা লিখিও অসমীয়া সাহিত্যত নিগাজীকৈ নাম থৈ যাব পাৰিছে ৷ স্থবিৰতা আহিলে বা মাজতে কেইবছৰমান নিলিখিলে কবিৰ কবি সত্তা হেৰাই নাযায়৷ আৰু এটা কথা দেখিবলৈ পোৱা যায় যে বহুত ডাঙৰ গীতিকাৰ সুৰকাৰৰো পিছৰ কালৰ সৃষ্টিসমূহত নতুনত্ব নাথাকে ; একঘেয়ামী হৈ পৰে ৷ তদুপৰি সৃজনশীলতা বহুমুখী ৷ বহুতো কাৰক থাকে ৷সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ ৷

আখৰুৱাঃ যিহওক, ইতিমধ্যে আপোনাৰ সৈতে 'কবিৰ মনৰ কথা' পাতি আমি খুবেই আনন্দিত আৰু উপকৃত হৈছোঁ। 'কবিৰ মনৰ কথা'-ত ভাগ লৈ আপোনাৰ কেনে অনুভৱ হ'ল আৰু এই শিতানটোৰ ইতিবাচক বা নেতিবাচক দিশৰ বিষয়ে অলপ ক'ব নেকি?
চামচুল হকঃ মই খুব কম কথা কোৱা মানুহ আছিলো ৷ মোৰ মনৰ কথাখিনি প্ৰকাশ কৰাৰ সুযোগ পাই ভালতো লাগিছেই, পিছে বেছিকৈ কিবা ক'লো নেকি বা নক'বলগীয়া কিবা ক'লো নেকি এনে সংশয়ো হৈছে ৷ মানুহে মানুহৰ লগত ভাব বিনিময় কৰাত নেতিবাচক দিশ মোৰ বোধেৰে থাকিব নালাগে ৷ বৰঞ্চ ইয়াৰ ইতিবাচক দিশটোক শলাগ ল'ব লাগিব ৷

আখৰুৱাঃ হয়, মানুহৰ কথাই ইতিবাচক ৰূপ লোৱাটোৱেই কাম্য। তথাপি এটি গোট হিচাপে আখৰুৱাৰ প্ৰতিটো কামৰ ইতিবাচক দিশটোলৈ লক্ষ্য ৰখাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব বুলি ভাবোঁ। 

কবিতাৰ কথা পাতি থাকিলে শেষ কৰিবলৈ মনেই নাযায়। তথাপি এই বাৰ্তালাপৰ শেষ পৰ্যায়ত আমি উপণীত হৈছো। সেয়ে এগৰাকী কবি হিচাপে আখৰুৱাত যুক্ত হৈ আপুনি কেনে অনুভৱ কৰিছে আৰু আখৰুৱাৰ প্ৰতি আপোনাৰ কোনো পৰামৰ্শ আছে যদি ক'ব নেকি?

চামচুল হকঃ ভিন্ন পৰিস্থিতিত আখৰুৱাক সুস্থিৰভাৱে ধৰি ৰাখিব পৰা ক্ষমতা দুয়োজন প্ৰশাসকৰে আছে ৷ সেইটো আখৰুৱাৰ বাবে এটা ডাঙৰ যোগাত্মক দিশ ৷ মই আখৰুৱাত যুক্ত হৈ উৎসাহিত হৈছোঁ ৷ মোৰ আজৰি সময়খিনিৰ সুব্যৱহাৰ হৈছে বুলি ভাবোঁ ৷ আনকি বাছত যাত্ৰা কৰি থাকোঁতেও গোটটোৰ লগত জড়িত হৈ থাকোঁ যদিহে নেটৰ সমস্যা নাথাকে ৷

আখৰুৱাৰ সমূহ সদস্যই সক্ৰিয়ভাৱে গোটটোলৈ লিখনি প্ৰেৰণ কৰি সহযোগিতা আগবঢ়াওক ৷ নিজেও পঢ়ক আৰু আনকো যোগদানৰ বাবে আহ্বান জনাওক ৷ লিখনিৰ মানদণ্ডৰ ওপৰত নজৰ দিলে ভাল ৷

আখৰুৱাঃ আখৰুৱালৈ থকা স্নেহ আৰু দায়িত্বশীলতাৰ বাবে অশেষ ধন্যবাদ থাকিল। আকৌ কেতিয়াবা এনেদৰে আমি লগ হ'ম, কথা পাতিম। সেই আশাৰে সামৰিবলৈ লৈছো। সেয়ে আপোনাৰ স্বৰচিত এটি কবিতাৰে সামৰিব বিচাৰিছো। তেনে এটি কবিতা আখৰুৱালৈ আগবঢ়াবলৈ আপোনাক অনুৰোধ কৰিলোঁ।

চামচুল হকঃ 

কিনো সাঁচিলি অ' জৰৌৰৱা

সাঁচি থৈ ৰাখি থৈ অতদিনে

জৌ জৌ কৰি সৰকি যাবলৈকে

ফুটি পৰুৱাৰ দুপাখিৰে

কোন কুমাৰে কলহ গঢ়ে

জুইত সুমুৱাই দি হাত

মাটিৰহে পাত্ৰ

কোনো বীমাকাৰকে মূৰ পাতি নলয়

সময়ত হ'বগৈ পৰা ক্ষতি

এনেকৈ হাজাৰটা ফুটা ওলোৱাৰ কথা

আছিলেই যদি

কিয়নো সাঁচিছিলি আঠাঘন মিঠৈ

কিয়নো সাজিছিলি খোলাকটিৰ ভঁৰাল

পোৰা মাটিৰ কলহ তোৰ

মাজে মাজে ফুটা ওলায়ে থাকে

লেও দি ৰাখিব নাজানিলি

ৰোমান্টিক কুমাৰসকলে আজিও

জোৰা-টালি মৰা দেখিলে

অব্যয়ৰ ব্যাকৰণ পঢ়া

মনত পৰেনে তোৰ৷

আখৰুৱাঃ আপোনাৰ সৈতে হোৱা কথোপকথনে 'কবিৰ মনৰ কথা' শিতানটোলৈ আমাৰ মনত পুনৰবাৰ আস্থাৰ ভাব সৃষ্টি কৰিলে আৰু তাৰ বাবে আপোনাৰ শলাগ লৈছো। 'কবিৰ মনৰ কথা'ত আপুনি যি ক'লে, আমি যি সুধিলো- সেয়া কিমান উপযোগী হৈছে তাৰ বিচাৰৰ ভাৰ আখৰুৱাৰ সুধী সমাজৰ ওপৰত এৰি এই কথোপকথন ইয়াতেই সামৰিলোঁ।

চামচুল হক : ধন্যবাদ৷

No comments:

Post a Comment