বিগত বৰ্ষত আখৰুৱাঃ এক অৱলোকন
মাননীয় সদস্যবৃন্দ,
আখৰুৱা : literati গোট।
আখৰুৱা : literati গোট।
নতুন বছৰৰ আন্তৰিক শুভেচ্ছা গ্ৰহণ কৰিব।
আখৰুৱা গোটৰ বাবে ২০১৫ বৰ্ষটো এক গতিশীল বৰ্ষ হিচাপে চিহ্নিত হৈ ৰ'ব। মূলতঃ কবিতাৰ গোট হিচাপে ফেচবুকত ইতিমধ্যে পৰিচিত হৈ পৰা আখৰুৱা গোটৰ কবি সকলৰ অৰিহণাক আখৰুৱাৰ অগ্ৰগতিৰ মূল বুলি আমি স্বীকাৰ কৰিবই লাগিব। সেইদৰে গল্প, প্ৰবন্ধ, পুৱাৰ সমীৰণ, অনুগল্প, ৰস-ৰচনা আদিয়েও আখৰুৱাক অলংকৃত কৰিছে। তদুপৰি এই উদ্যোগ সমূহক অধিক ব্যাপ্তি দিবলৈ বিগত বৰ্ষত আখৰুৱাই যিবোৰ উল্লেখযোগ্য উদ্যোগ লৈছিল, সিবোৰ বিষয়ে থোৰতে উল্লেখ কৰিব বিচাৰিছোঁ।
আখৰুৱা গোটৰ বিগত বৰ্ষৰ উল্লেখযোগ্য উদ্যোগ সমূহঃ
মাৰ্চ ২০১৫ঃ
আখৰুৱাৰ নতুন শিতান :আখৰুৱা গোটত 'অনুভৱৰ শতদল' নামৰ এক শিতান মুকলি কৰা হয়। এই শিতানত একোটি নিৰ্দিষ্ট বিষয়ত সদস্যৰ পৰা কবিতা বিচৰা হয় আৰু ঘোষিত সময়ৰ ভিতৰত আগ্ৰহী সদস্যই একোটি কবিতাৰে শিতানটোত অংশ লয়। দুটিকৈ খণ্ডৰ আয়োজন সুকলমে কৰা হয় আৰু সঁহাৰিও আহে। অৱশ্যে শিতানটোৰ ক্ষেত্ৰত কিছু পৰিমাণে দ্বিধাগ্ৰস্ততাৰ সন্মুখীন হোৱাত শিতানটো পিছলৈ আৰু আয়োজন কৰা হোৱা নাই। সেয়ে নতুন বছৰত শিতানটো আকৌ গতিশীল কৰি তুলিব পাৰি নেকি ভাবি চাব লাগিব।
জুলাই ২০১৫ঃ
আখৰুৱা গোটত 'আলাপ' শিতানৰ অন্তৰ্গত 'কবিৰ মনৰ কথা' যুগুতোৱাৰ দিহা কৰা হয়। এই শিতানত এতিয়ালৈ গোটৰ চাৰি গৰাকী কবিৰ সৈতে হোৱা বাৰ্তালাপৰ ভিত্তিত চাৰিটা খণ্ড প্ৰকাশ হৈছে আৰু মাননীয় সদস্যসকলৰ পৰা আশাপ্ৰদ সঁহাৰি পোৱা গৈছে। আগন্তুক বৰ্ষত এই শিতানত গোটৰ কিছু কবিৰ সৈতে বাৰ্তালাপৰ আয়োজনৰ প্ৰয়াস কৰা হ'ব আৰু সকলোৰে সহযোগিতাৰে শিতানটো আগুৱাই নিবলৈ যত্ন কৰা হ'ব।
মে' ২০১৫ঃ
আখৰুৱাৰ মজিয়াত 'মোৰ প্ৰিয় কবিতা' শীৰ্ষক শিতান মুকলি কৰাৰ ব্যৱস্থা কৰা হয়। এই শিতানটোৰ দুটি খণ্ড সুন্দৰকৈ প্ৰকাশ হয় যদিও পিছলৈ ইয়াক আগুৱাব পৰা হোৱা নাই। সেয়ে নতুন বছৰত এই শিতানটো কিদৰে গতিশীল কৰিব পাৰি তাৰ কথাও আমি সকলোৱে ভাবিব লাগিব।
জুন ২০১৫ঃ
আখৰুৱা : literati গোটৰ সাহিত্য বিষয়ক ‘সম্পাদনা সমিতি’ গঠনৰ প্ৰস্তাৱ কৰা হয় আৰু সেইমতে 'আখৰুৱা : literati : সম্পাদনা সমিতি’ গঠন কৰা হয়। সমিতিৰ তত্বাৱধানত দুটি মাহৰ গোটলৈ অহা কবিতা, প্ৰবন্ধ, গল্প আদিৰ বাছনি আৰু সম্পাদনা কৰি, সিবোৰ 'আখৰুৱা : literati' পেজ আৰু ব্লগত প্ৰকাশ কৰা হয়। অৱশ্যে এই উদ্যোগ চলি আছে যদিও ভিন্ন কাৰণত সেয়া নিৰৱচ্ছিন্নভাৱে আগুৱাব পৰা নাই। এই দিশতো নতুন বছৰত আমি এক ফলপ্ৰসু ব্যৱস্থা গঢ়িবলৈ যত্ন কৰিব লাগিব।
নবেম্বৰ ২০১৫ঃ
আখৰুৱাৰ শেহতীয়া শিতানটো হ'ল 'শব্দ-সন্ধান' আৰু এই শিতানৰ এতিয়ালৈ মাত্ৰ দুটি খণ্ড প্ৰকাশ কৰা হৈছে। 'শব্দ-সন্ধান' শিতানত অসমীয়া ভাষাৰ শব্দৰাজি, তাৰ ব্যৱহাৰ আৰু ব্যাকৰণ আদিৰ আলোচনা কৰাৰ যত্ন কৰা হৈছে আৰু সদস্যসকলৰ সঁহাৰিয়ে শিতানটো যুগুতোৱাৰ ক্ষেত্ৰত উৎসাহ যোগাইছে। এই শিতানটোকো আগন্তুক বৰ্ষত অধিক গতিশীল কৰাৰ প্ৰয়াস আমি কৰিব লাগিব। আমি ভাবোঁ যে 'শব্দ-সন্ধান' শিতানে আখৰুৱাক সমৃদ্ধ কৰিব।
তেনেদৰে গোটৰ প্ৰথমটো শিতান 'পুনৰীক্ষণ' আখৰুৱা গোটত নিয়মীয়াকৈ প্ৰকাশ কৰি অহা হৈছে। আপোনালোকে জানে যে এই শিতানটোৱে আখৰুৱাক ফেচবুকৰ এটি অনন্য গোট হিচাপে তুলি ধৰিছে। অৱশ্যে সময়ে সময়ে শিতানটোৱে ভিন্ন আপত্তিৰ মুখামুখি হৈ আহিছে যদিও গোটৰ সদস্যৰ আগ্ৰহৰ বলতেই এতিয়ালৈ শিতানটো নিয়মীয়াকৈ যুগুতাই অহা হৈছে। আমি আশা ৰাখিছো আগন্তুক বৰ্ষত শিতানটোক অধিক সুন্দৰ আৰু উন্নত মানৰ কৰিব পৰা যাব।
তেনেকৈ আখৰুৱাৰ 'চানেকি' আৰু 'সন্ধান' শিতান যুগুতাই অহা হৈছে। 'সাতসৰী' আৰু 'প্ৰকাশ' আলোচনীৰ প্ৰতিমাহৰ কবিতাৰ পৰা একোটিকৈ কবিতা বাছনি কৰি, গোটৰ সদস্যৰ দ্বাৰা সেই কবিতাৰ আলোচনাৰে 'চানেকি' শিতান প্ৰকাশ কৰি অহা হৈছে। শিতানটোৱে সদস্য তথা পাঠকৰ সঁহাৰিও পাই আহিছে। আনটো শিতান হ'ল অনুবাদ কবিতাৰ শিতান 'সন্ধান', য'ত অনুবাদ কবিতা প্ৰকাশ কৰা হয়। এই শিতানটো নিয়মীয়াকৈ প্ৰকাশ কৰিব পৰা হোৱা নাই যদিও যি কেইটা খণ্ড প্ৰকাশ হৈছে তালৈ সদস্যসকলৰ সঁহাৰি পোৱা গৈছে। এই দুয়োটি শিতানক আগন্তুক বৰ্ষত আৰু অধিক গতিশীল কৰিবলৈ আমি যত্ন কৰিব লাগিব।
উল্লেখ্য যে ছেপ্টেম্বৰ ২০১৫ত আখৰুৱাৰ অধীনত 'পুনৰীক্ষণঃ আখৰুৱা : literati' নামৰ এটি গোট সৃষ্টি কৰা হয় আৰু এতিয়ালৈ গোটটোত আখৰুৱাৰ ২৭ গৰাকী সদস্যক যুক্ত কৰা হৈছে। এই গোটত 'পুনৰীক্ষণ' শিতানটোৰ উত্তৰণৰ বাবে ভিন্ন উদ্যোগ লোৱাৰ যত্ন কৰা হৈছে। অৱশ্যে এতিয়ালৈ গোটটোৱে ভবা ধৰণে 'পুনৰীক্ষণ' শিতানৰ উত্তৰণত বিশেষ ভূমিকা ল'ব পৰা নাই যদিও আগন্তুক বৰ্ষত এই গোটৰ পৰা আমি সুফল পাম বুলি আশা কৰিব পাৰি।
আপোনালোকে জানে যে আখৰুৱাৰ প্ৰতিমাহৰ কবিতাৰ ডক-ফাইল কৰা হয়। এই কামৰ বাবে গঠিত 'ডাকবাকচ' গোটে সুন্দৰকৈ কবিতা সমূহ নথিভুক্ত কৰি আহিছে আৰু ইয়ে 'পুনৰীক্ষণ' শিতানটো চলাই নিয়াত বিশেষ ভূমিকা পালন কৰিছে। এই গোটটো আখৰুৱাৰ বাবে এক ভঁৰাল সদৃশ গোট হৈ পৰিছে।
যিহওঁক, উল্লিখিত শিতান, গোট, পেজ তথা ব্লগ আদিৰ অৰিহণাই আখৰুৱাক সমৃদ্ধ কৰিছে। এই প্ৰক্ৰিয়াত অনেক সদস্যই যি কষ্ট আৰু ত্যাগ কৰিছে, সেয়া কেৱল আখৰুৱাৰেই নহয়, অসমীয়া সাহিত্যলৈ এক সশ্ৰদ্ধ সেৱা হিচাপে বিবেচনা কৰিব পাৰি। সেয়ে সমূহ শিতান তথা অন্যান্য সামূহিক উদ্যোগসমুহক আগন্তুক বৰ্ষত অধিক ক্ৰিয়াশীল কেনেকৈ কৰিব পৰা যায় তাৰ বাবে আমি যত্নৱান হ'ব লাগিব। আমি ভাবোঁ যে আগন্তুক বৰ্ষত আখৰুৱাৰ দায়িত্বশীল সদস্যসকলৰ ইতিবাচক ভূমিকাই সিবোৰক সঠিক দিশলৈ আগুৱাই নিব। সেয়ে মাননীয় সদস্যসকলৰ পৰামৰ্শ তথা সহযোগ আমাৰ একান্তই কাম্য।
পুনৰ নতুন বছৰৰ আন্তৰিক শুভেচ্ছাৰে সামৰিছো।
'জয়তু আখৰুৱা'
ধন্যবাদ,
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati' গোট।
৩১ ডিচেম্বৰ ২০১৫
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati' গোট।
৩১ ডিচেম্বৰ ২০১৫
মনোহৰ দত্ত
মালৱিকা বৰা
No comments:
Post a Comment