"হাজিৰা বহী"
-- উৎপল জোনাক হাজৰিকা
-- উৎপল জোনাক হাজৰিকা
গন্টিত নপৰা দিনবোৰৰ পৰা
উকলা সংখ্যাবোৰ
আকৌ গন্টিত পৰে
উকলা সংখ্যাবোৰ
আকৌ গন্টিত পৰে
এটা গান
এটা গধুলি
এটা নিশা
এচেৰেঙা ৰ'দ
এটা গধুলি
এটা নিশা
এচেৰেঙা ৰ'দ
উকলি গলেও সিহঁতে ওভতে
শিপাৰ নিচা
দুখৰ চিটিপনি
সুখৰ এচাকৰনি
বতাহ
ভৰিৰ পতাত লাগে
শিপাৰ নিচা
দুখৰ চিটিপনি
সুখৰ এচাকৰনি
বতাহ
ভৰিৰ পতাত লাগে
কোনো ক'তো ৰৈ নাথাকে
ভগাও বুলিও ভগাব নোৱাৰে
ভগাও বুলিও ভগাব নোৱাৰে
ভাৱনাৰ ঢৌ খেলা জখলা বগাই
সিহঁতে ঘূৰি আহে
পাহাৰৰ সিপাৰৰ পৰা
সিহঁতে ঘূৰি আহে
পাহাৰৰ সিপাৰৰ পৰা
হাজিৰা বহীত
প্ৰত্যেকৰ নাম উঠোৱা থাকে
প্ৰত্যেকৰ নাম উঠোৱা থাকে
No comments:
Post a Comment