আজিৰ পৰা সাত বছৰ মানৰ আগৰ কথা , মই তেতিয়া প্ৰায় ১৩ বছৰীয়া কিশোৰ ৷ ৰাতিপুৱা প্ৰায় ছয় বাজিছিল , সেইদিনা আছিল সৰস্বতী পূজা ৷ শোৱাপাটী এৰি বাথৰুমৰ ফালে গতি কৰিছিলোহে , মায়ে মোক চিঞৰি মাতিলে "বাবা এইটো কি পালো চোৱাহি চোন !" , মই দেখিলো মায়ে পিছফালৰ বৃহৎ পুখুৰীটোৰ পাৰৰ পৰা এটা দীঘল ঠেঙৰ (ঠেং আৰু ডেউকাত আঘাট প্ৰাপ্ত ) অলপ ক'লা - নীলা - মুগা , মূৰত বগা চিন থকা এটা ডাউকৰ নিচিনা চৰাই তুলি আনিছে ৷ মায়ে ক'লে সেইটো হেনো দলপুঙা , যদিও মা এগৰাকী সংস্কৃত বিষয়ৰ শিক্ষয়িত্ৰী তথাপিও মা আছিল প্ৰকৃতিৰ প্ৰতি বিশেষ ভাৱে দায়বদ্ধ সেয়েহে হয়তু মায়ে যথেষ্ট চৰাই আৰু স্তন্যপায়ী জীৱৰ নাম জানিছিল ৷
আঘাট প্ৰাপ্ত দলপুঙাটোক মায়ে নিজ হাতেৰে প্ৰতিপাল কৰা দেখিছিলোঁ ৷ শৰালি হাঁহ আৰু কাছৰ বাহিৰে বেলেগ বনৰীয়া প্ৰাণী আমি আগেয়ে পুহি পোৱা নাছিলো সেয়েহে আমি সেই কেইদিন যথেষ্ট ব্যস্ত হৈ পৰিছিলো কলীয়া ( দলপুঙা) ৰ লগত ৷ আমাৰ ঘৰত এজনী লেব্ৰা আছিল আৰু সেয়েহে ভয় লাগিছিল তাই কলীয়াৰ কিবা অপকাৰ সাধে বুলি কিন্তু মোৰ মৰমৰ চেৰীয়ে মোক নিৰাশ নকৰিলে , বৰঞ্চ কলীয়াৰ ৰক্ষনা বেক্ষনত হে নিযুক্ত কৰা হ'ল ৷ মায়ে কলিয়াক চাপৰ আৰু খলিহৈৰ মিশ্ৰন দানা হিচাপে খোৱাইছিল আৰু সি নিজেও দীঘল দীঘল ঠেঙেৰে পুখুৰীত নামি খাদ্য খাইছিল ৷ তাৰ ঠেংখন খুব কম দিনৰ ভিতৰতে ভাল হৈছিল যদিও ডেউকা খন ভাল হওঁতে কিছু দিন লাগিল ৷ আৰু সেইকিদিনত মই দেখিছিলো মায়ে কিদৰে ব্যস্ত হৈ পৰিছিল তাৰ লগত ! সেইকেইদিনত দেখিছিলো মাৰ সেই চিনাকী সহজ সৰল মমতা ভৰা ৰূপটো , যি ভাৰতীয় নাৰীৰ অলংকাৰ স্বৰূপ ৷
চাওঁতে চাওঁতে কলীয়া সুস্থ হ'ল আৰু তাক এটা নিৰ্দিষ্ট দিনত মই এৰি দি আহিলো কাষৰ বিল খনত ৷ তাক এৰি দিয়াৰ দিনা আমি দুখতে ভাত খাব পৰা নাছিলো , আনকি চেৰীয়েও ৷ বৰ আপোন হৈ পৰিছিল সেই বনৰীয়া চৰাইটো ৷ আক্ৰমনাত্মক(?) চৰাইটো কোনো কাৰণতেই উগ্ৰ যেন নালাগিল আমাৰ ৷
লাহে লাহে ডাঙৰ হৈ আহিলো , সত্ৰীয়া সংস্কৃতিৰে লালিতা পালিতা মায়ে দিলে মোকো জীৱ প্ৰেমৰ সেই সংস্কাৰ আৰু গম পালো মৰমৰ কলীয়াৰ নাম Bronzed winged Jacana বুলি ৷ মই নিজেই কিমান দূৰ কি কৰিব পাৰো নাজানো কিন্তু প্ৰতিজ্ঞাবদ্ধ যে মায়ে মোক সদায়ে কোৱা গুৰুজনাৰ সেই বাণীক সন্মান কৰিম -
" কুক্কুৰ, শৃগাল , গর্দভৰো আত্মাৰাম। / জানিয়া সবাকো কৰিবা প্ৰণাম ।"

No comments:
Post a Comment