Sunday, 7 February 2016

"মোৰ জীৱন" (জানুৱাৰী মাহৰ কবিতা)

"মোৰ জীৱন"
    -- চালেকিন হাছান বাপ্পি

সৌ আহঁত গছজোপা চোৱা
তাৰ তলত থকা জুপুৰিটোৱেই
আমাৰ স্বৰ্গ
.
তিতো বুলি তিতি নাথাকো
ধাৰাসাৰ বৰষুণত
ৰ'দত পোৰে বুলি জানিও পৰি থাকো
প্ৰখৰ ৰ'দত
.
ৰ'দত ক'লা নহয় আমাৰ ছাল
ঠাণ্ডাত কঁপি নাথাকে আমাৰ শৰীৰ
.
ঘিণ নালাগে আৱৰ্জনাৰ গোন্ধ
অভ্যাস হৈ গ'ল
কাৰণ
তাতেই আমাৰ জীৱন পৰি থাকে ।

No comments:

Post a Comment