আখৰুৱাঃ সাধাৰণতে দেখা যায় যে ফেচবুকৰ কবি সকলৰ অধিক অংশই বানানৰ প্ৰতি গুৰুত্ব দিব নোখোজে। ইয়াৰ মূল কাৰণ কি হ'ব পাৰে বুলি ভাবা।
নিশাংক মিলনঃ ইয়াৰ মূল কাৰণ হয়তো অজ্ঞতা ।
আখৰুৱাঃ বানানৰ শুদ্ধতাক প্ৰয়োজনীয় বুলি নভবাটোও আন এটা কাৰণ হব পাৰে. কিন্তু ভুল বানানে কবিতাৰ ক্ষতি নকৰে জানো।
নিশাংক মিলনঃ হয়, ক্ষতি কৰে।
আখৰুৱাঃ বাৰু। আমি আগতে কবিতাৰ সম্পাদনাৰ কথা পাতিছিলো। সেই প্ৰসংগত সুধিব খোজো যে ইতিমধ্যে 'আখৰুৱা : literati সম্পাদনা সমিতি' গঠন কৰা হৈছে, আখৰুৱাৰ উৎকৃষ্ট সাহিত্যৰাজি ব্লগ আৰু পেজত সংৰক্ষণৰ বাবে। সমিতিয়ে কবিতাৰ ক্ষেত্ৰত কেৱল মানদণ্ড সম্পন্ন কবিতাৰ নিৰ্বাচন, বৰ্ণশুদ্ধি, যতি চিহ্ন আদিত গুৰুত্ব দিব নে প্ৰয়োজন হ'লে সম্পাদনা কৰাটো ভাল হ'ব। তুমি কি ভাবা।
নিশাংক মিলনঃ মোৰ হিচাপত পোনতেই সম্পাদনা নকৰাই ভাল। তাতকৈ কবিগৰাকীক সেই সম্পৰ্কে জনোৱা হওক। যদি তেওঁৰ আপত্তি নাথাকে তেতিয়াহে কৰা যাওঁক।
আখৰুৱাঃ ফেচবুকৰ কবিতা চৰ্চাৰ অন্যতম গুৰুত্বপূৰ্ণ এটি গোট হ'ল- 'স্পন্দন'। 'স্পন্দন...শব্দৰ পৰা হৃদয়লৈ' গোটৰ 'স্পন্দন বঁটা' এইবাৰ কৌস্তুভমণি শইকীয়া দত্তৰ সৈতে যুটীয়াভাৱে তোমাক প্ৰদান কৰা হৈছে। যিহওঁক, সম্ভৱতঃ 'স্পন্দন বঁটা' ফেচবুকৰ কবিলৈ আগবঢ়োৱা একমাত্ৰ বঁটা। তেনে এটি বঁটা লাভ কৰি তোমাৰ কেনেকুৱা অনুভৱ হৈছে।
নিশাংক মিলনঃ হয়, এইবাৰ 'স্পন্দন' বঁটা লাভ কৰিছোঁ। স্পন্দন বঁটা লাভ কৰি মই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। 'স্পন্দন বঁটা' মোৰ বাবে এক প্ৰেৰণাৰ আকৰ হৈ ৰ'ব।
আখৰুৱাঃ এইখিনিতে 'স্পন্দন বঁঁটা' প্ৰাপক হিচাপে 'আখৰুৱা : literati' গোটৰ পৰা তোমালৈ আৰু কবি কৌস্তুভমণি শইকীয়া দত্তলৈ অভিনন্দন থাকিল। এই প্ৰসংগতেই আমি তোমাৰ পৰা জানিব বিচাৰিম- বঁঁটা প্ৰাপ্তিয়ে কবিৰ কবিতাক কি ধৰণে প্ৰভাৱিত বা উন্নত কৰে।
নিশাংক মিলনঃ ধন্যবাদ। বঁটাপ্ৰাপ্তিয়ে যথেষ্ট উৎসাহ যোগায়। নিজকে আৰু উন্নত কৰিবলৈ প্ৰেৰণা দিয়ে।
আখৰুৱাঃ অসমীয়া কবিতাত কবি নীলমণি ফুকনৰ কবিতাৰ গুৰুত্ব অপৰীসিম। কবিয়ে তেখেতৰ কবিতাত যি ৰহস্যবাদৰ সন্ধান কৰিছে তাত কবি নলিনীবালা দেৱীৰ অতীন্দ্ৰিয়তাবাদী কবিতাৰ ভাবৰ যি গভীৰতা বা দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাৰ গভীৰ দাৰ্শানিকতাৰ ক্ষীণ প্ৰতিধ্বনিহে দেখা যায় বুলি সমালোচক ড° নন্দ তালুকদাৰে কৈছে। কোনোৱে আকৌ এনেকৈয়ে অসমীয়া ভাষাৰ কবি সকলৰ দাৰ্শনিক চিন্তাধাৰা সমূহ অনুশীলনৰ স্তৰতেই ৰৈ গৈছে বুলিও কয়। তুমি কি ভাবা বাৰু।
নিশাংক মিলনঃ কথাষাৰক একেবাৰে উলাই কৰিব নোৱাৰি। কবিতাৰ এই ৰহস্যবাদী ধাৰাটোৰ চৰ্চা বা অসমীয়া কবিতাত ইয়াৰ প্ৰয়োগ আনবোৰতৈ বহু কম যেন বোধ হয়।
আখৰুৱাঃ বাৰু। তেনেদৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ ঘাইকৈ ৰহস্যবাদী কবি হিচাপে পৰিচিত। তেনে দিশত চিন্তাচৰ্চা কৰা আৰু সেই চিন্তা চৰ্চাক কাব্যিক দৰ্শনৰ স্তৰলৈ লৈ যাবলৈ সক্ষম হোৱা কোনো অসমীয়া কবি তোমাৰ দৃষ্টিত আছে নেকি।
নিশাংক মিলনঃ হয়। নীলমণি ফুকন দেৱৰ পিছত কোনো কবিয়ে যদি এই ধাৰাৰ চৰ্চা কৰিছে মই গম পোৱা নাই।
আখৰুৱাঃ তুমি কৈছা যে তেনে কবি আছে। তেন্তে তেনে কবিয়ে ৰবীন্দ্ৰনাথৰ পৰ্যায়লৈ গৈ ৰহস্যবাদক উপলব্ধি কৰি বা তাক বুজি আমাৰ জাতীয় জীৱনক প্ৰভাৱিত কৰিব পাৰিছে বুলি ভাবা নেকি?
নিশাংক মিলনঃ নিশ্চয়। নীলমণি ফুকন আৰু নলীনিবালা দেৱীৰ কবিতাই নিশ্চয়কৈ আমাক প্ৰভাৱিত কৰে কিছুদূৰলৈ।
আখৰুৱাঃ তেন্তে তেখেত সকলে আমাৰ জাতীয় জীৱনক প্ৰভাৱিত কৰিব পাৰিছে বুলি ভাবা।
নিশাংক মিলনঃ আচলতে কবিতাই আমাৰ জাতীয় জীৱনক প্ৰভাৱিত কৰিব পৰাকৈ মোৰ হিচাপত অসমত ইমান শক্তিশালী মাধ্যম হৈ উঠা নাইগৈ।
আখৰুৱাঃ এইটো এটা গুৰুত্বপূৰ্ণ কথা। বাৰু, আমাৰ জাতীয় জীৱনক প্ৰভাৱিত কৰিব পৰাকৈ অসমীয়া কবিতা ইমান শক্তিশালী মাধ্যম হৈ উঠা নাই যদি, আমাৰ জাতীয় চৰিত্ৰত কিবা কেৰোণ আছে নেকি? বা সাংস্কৃতিক ভাবে আমাৰ কিবা প্ৰতিবন্ধকতা আছে নেকি।
নিশাংক মিলনঃ নহয় আমাৰ জাতীয় চৰিত্ৰত কেৰোণ নাই। আচলতে কবিতা বা যিকোনো কলাৰ চৰ্চা বা ৰস ল'বলৈ হলে আমাৰ সাধাৰণ প্ৰয়োজনীয়তাসমূহ সম্পূৰ্ণ হৈ থাকিব লাগিব। কালিদাসৰ কাহিনী এটা আছে- কালিদাসক ৰাজসভাত তৰ্কত কোনেও হৰুৱাব নোৱাৰিছিল। সেইকাৰণে কালিদাস বাকীবোৰতকৈ ৰজাৰ অধিক প্ৰিয়পাত্ৰ আছিদ। এদিন ৰাজসভাৰ বাকী পণ্ডিতবোৰে কালিদাসৰ মাকক গৈ ক'লে যে পিছদিনা কালিদাস যেতিয়া ৰাজসভালৈ যাবলৈ ওলাব, তেতিয়া কালিদাসক যাতে কয় যে- ঘৰত সেইদিনা বনাবলে এটাও চাউল নাই। সেইমতেই মাকে পিছদিনা কালিদাসক ক'লে। কালিদাস ৰাজসভালৈ গ'ল যদিও বাৰে বাৰে মাকৰ কথাই মনলৈ আহিল। ঘৰত মাক আজি লঘোণে থাকিব, ইফালে কালিদাসৰ হাতত এটকাও নাই। কি কৰিব কি নকৰিব এই বিলাক চিন্তা কৰি থাকোঁতেই সেইদিনা কালিদাস তৰ্কত হাৰি থাকিল।
আমাৰ অসমতো বৰ্তমানৰ পৰিস্থিতিবোৰ কালিদাসৰ সিদিনাৰ মনৰ নিচিনা হৈ আছে। মানুহৰ সাধাৰণ প্ৰয়োজনৰ চিন্তাই শেষ নহয়, কবিতা বা কলাৰ কথাই কি চুব তেওঁলোকক?
আখৰুৱাঃ বুজিছো। তেন্তে আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত কবিতাৰ শ্ৰীবৃদ্ধি কিদৰে সম্ভৱ হৈছিল বা হৈ আছে।
নিশাংক মিলনঃ পশ্চিমবঙ্গৰ লগত আমাৰ তুলনা নহয় বুলিয়েই ক'ব পাৰি। পশ্চিমবঙ্গৰ এক সুন্দৰ সাংস্কৃতিক ইতিহাস আছে। এটা সময়ত পশ্চিমবঙ্গ ভাৰতৰ সাংস্কৃতিক ৰাজনৈতিক আৰু বৌদ্ধিক চিন্তাৰ প্ৰাণকেন্দ্ৰ আছিল।
আখৰুৱাঃ তেন্তে আমাৰ সাংস্কৃতিক ইতিহাসত কিবা প্ৰকাৰে কেৰোণ থাকি গ'ল বুলি ভবাৰ থল আছে নেকি?
নিশাংক মিলনঃ নহয় ইতিহাসত কেৰোণ আছে বুলি কলে ভূল কোৱা হ'ব।
আখৰুৱাঃ ক'ৰবাত কেৰোণ নাই জানো।
নিশাংক মিলনঃ ঠিক কেৰোণ বুলি ক'ব নোৱাৰি। আমাৰ চিন্তাধাৰাহে পিছ পৰি আছে চাগে। ৰাজনৈতিক আৰু অৰ্থনৈতিক দূৰাৱস্থাই আমাক জুৰুলা কৰি ৰাখিছে আজিও ।
আখৰুৱাঃ কেৰোণ বুলি ক'লে ধৰা এতিয়াও পশ্চিমবংগত প্ৰবীণ কবিয়ে নতুন চাম কবিক হেনো কমেও তিনি ঘণ্টামান সময় দিয়ে, কাব্য আলোচনাৰ বাবে। সেই পৰম্পৰা বা তেনে অভ্যাস আমাৰ কাব্যিক জীৱনযাত্ৰাত আছে জানো?
নিশাংক মিলনঃ এনেবোৰ কাৰণতেই আমাৰ ইমান ওচৰতে থাকিও তেওলোক আমাতকৈ ইমান আগত। এইবোৰ আমাৰ মানসিকতাৰ দৈন্যতা।
আখৰুৱাঃ সেয়ে এয়া আমাৰ জাতীয় চৰিত্ৰত কিবা কেৰোণ ৰৈ গৈছে বুলি ধাৰণা এটা মনলৈ অহাটো স্বাভাৱিক নহয় জানো।
নিশাংক মিলনঃ ইয়াক যদি কেৰোণ বুলি কৈছে তেন্তে এনে কেৰোণ নিশ্চয়কৈ আছে ।
আখৰুৱাঃ আমাৰ কলেজীয়া জীৱনৰ সময়ত আমি প্ৰায়েই শুনিছিলো যে আমাৰ সামাজিক জীৱনত বিৰাট এটা generation gap ৰৈ গৈছে। তেনে অনুভৱ এতিয়াও আছে বুলি ভাব হয়। তাৰেই প্ৰভাৱ আমাৰ ফেচবুকৰ সাম্প্ৰতিক চৰ্চাত পৰিছে যেন লাগে। কাৰো যেন দায়িত্ব নাই, ইয়াত কি হৈছে সিবোৰলৈ যেন ঘূৰি চোৱাৰ প্ৰয়োজন নাই। তেনে ভাব এটা মনলৈ নাহে জানো?
নিশাংক মিলনঃ হয় ঠিকেই কৈছে । আমি আমাৰ ব্যক্তিগত স্বাৰ্থৰ উৰ্দ্ধলৈ যেন উঠিবই পৰা নাই।
আখৰুৱাঃ হয়। এইখিনিতে ওপৰৰ এটি প্ৰসংগলৈ ঘূৰি যাব বিচাৰিছোঁ। তুমি ইতিমধ্যে কৈছা যে নীলমণি ফুকন দেৱৰ কবিতাই ৰহস্যবাদক কাব্যিক স্তৰলৈ নিব পাৰিছে। তুমি এনেকৈ ভবাৰ ভিত্তি বা কাৰণ কি বাৰু।
নিশাংক মিলনঃ বুজিবলৈ কিছুক্ষেত্ৰত জটিল হয় যদিও তেখেতৰ কবিতাই পাঠকক স্পৰ্শ কৰিব পাৰে। এক দুৰ্বোধ্যতাৰ পিছতো তেখেত এজন পাঠকৰ অন্যতম প্ৰিয় আৰু শ্ৰদ্ধাৰ কবি। সেয়ে তেখেতৰ কবিতাই ৰহস্যবাদক কাব্যিক স্তৰলৈ নিব পাৰিছে বুলি নিসন্দেহে কব পাৰি।
আখৰুৱাঃ বাৰু। ৰবীন্দ্ৰ নাথে হেনো কৈছিল যে- 'বাঙালী সকলে মোক বুজাহেঁতেন মই নবেল বঁটা লাভ নকৰিলেও চলিলহেঁতেন।' কবিৰ এই উক্তিৰ অন্তৰালত কি ধ্যান-ধাৰণা বিদ্যমান বুলি ভাবা।
নিশাংক মিলনঃ আচলতে ৰবীন্দ্ৰনাথে জীৱনত নিজৰ বঙালীলোক কিছুমানৰ পৰাই ইমান কঠোৰ সমালোচনাৰ সমুখীন হৈছিল যে কোনো কোনো মুহুৰ্তত তেৱো হতাশ হৈ পৰিছিল। এনেধৰণৰ উক্তিসমূহ তেনে হতাশাৰেই বহিঃপ্ৰকাশ ।
আখৰুৱাঃ বিপৰীতে এয়া তেওঁৰ জাতীয়তাবোধৰ চানেকি হিচাপে ল'ব নোৱাৰি জানো।
নিশাংক মিলনঃ নিশ্চয় পাৰি ।
আখৰুৱাঃ তুমি কোনটোক প্ৰধান বুলি ল'বা- হতাশা নে জাতীয়তাবোধ।
নিশাংক মিলনঃ দুয়োটা ইটো সিটোৰ সমাৰ্থক বুলিব পাৰি। গোটেই পৃথিৱীৰ স্বীকৃতি পাইও তেওঁ তাক নিজৰ মানুহখিনিৰ স্বীকৃতিতকৈ কম বুলি বিবেচনা কৰিছে। এয়া তেওঁৰ জাতীয়তাবোধ। আৰু এই স্বীকৃতি নোপোৱা বাবে তেওঁ হতাশ হৈছে।
আখৰুৱাঃ এই ধৰণৰ স্বীকৃতি নাপায় তেওঁ হতাশ হৈছে মানে নিজৰ জাতিয়ে তেওঁক নুবুজাৰ কথাটো বুজাইছা নেকি।
নিশাংক মিলনঃ জাতিয়ে নুবুজা বুলি ক'ব নোৱাৰি। কিন্তু সমসাময়িক বঙালী সমালোচকসকলৰ পৰা তেওঁ প্ৰাপ্য স্বীকৃতি যেন পোৱা নাছিল, তেওঁৰ কথাৰ পৰা তেনে অনুমান হয়।

No comments:
Post a Comment