Sunday, 7 February 2016

"চকু" (জানুৱাৰী মাহৰ কবিতা)

"চকু"
   -- মনোহৰ দত্ত
ব্যস্ততাৰ অৱসাদ কিম্বা জিৰণিৰ স্বাদ
শব্দবোৰে ওমলে সিহঁতৰ ধৰণে।
প্ৰতিটো শব্দ বিচিত্ৰ, স্বাধীন।
একেটা শব্দই একেই ধৰণৰ অৰ্থ
বহন নকৰে সময়ে সময়ে।
সেইযে মানুহজন পুৱাবেলাতেই
হাটলৈ গৈছিল
দুহাতত লৈ পাচলিৰ মোনা
তেওঁৰ চকুত চকু থৈ যি ভাবিছিলোঁ,
সন্ধিয়া ঘৰলৈ ওভতাৰ সময়ত
তেওঁৰ দুচকুত একেই ছবি দেখা নাছিলোঁ।
কিন্তু একেজনেই মানুহ, একেই দুটি চকু।
চকু শব্দটোকেই যদি চাব বিচাৰোঁ
কতযে ৰূপ কতনা প্ৰকাশ তাৰ
কিমানযে অৰ্থ তাৰ!
এৰা, চকু।
চকু মোৰ আইৰ বা মোৰ পিতাৰ
মোৰ ভাই নতুবা ভনীৰ
কিম্বা মোৰ প্ৰেয়সীৰ চকুযুৰি
চকুবোৰ একেই যদিও
তাৰ ৰূপ, তাৰ প্ৰকাশ, তাৰ অৰ্থৰ
বিৰাট প্ৰভেদ।
চকুৱে হাঁহিব জানে
জানে কান্দিব
চকুৱে মৰম বিলাই দিব পাৰে
অগ্নিপিণ্ডহৈ জ্বলি উঠে
চকু।
চকু এটা ধাৰণা নহয়
চকু এটা গল্প কিম্বা কবিতা নহয়
মাত্ৰ এটা শব্দ বুলি ক'লেও ভুল হ'ব
চকু।
৩০ জানুৱাৰী ২০১৬

No comments:

Post a Comment