আখৰুৱাঃ আপুনি আগৰ আলোচনাত কোৱাৰ দৰে কবিয়ে নিজৰ কবিতাত প্ৰতিফলিত কৰিবৰ বাবেই সত্যানুসন্ধান নিশ্চয় নকৰে। তথাপি আমাৰ লাগে যে সত্যানুসন্ধান এনে এটি বিষয়, যি আমাৰ প্ৰতিটো কৰ্মত কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ পৰে। উদাহৰণ স্বৰূপে আপোনাৰ 'সেই আকাশ, এই আকাশ' কবিতালৈ চালে তেনে প্ৰতিফলন দেখা যায়। ইয়াত মানুহৰ সীমাবদ্ধতাকেই আপুনি চিত্ৰণ কৰিবলৈ যত্ন কৰিছে। সেয়াও আপোনাৰ কবিতাত সত্যাসুসন্ধানৰ প্ৰতিফলন হোৱা যেন অনুভৱ হয়। নহয় জানো ?
চামচুল হকঃ ধন্যবাদ, মোৰ কবিতা পঢ়া বাবে ৷ আপোনালোকেই মোৰ কবিতাৰ সচেতন পাঠক ৷ অকল পাঠকেই নহয়, বিচাৰকো ৷ মোৰ কবিতাৰ কথা মই কেনেকৈ ক'ম? আপোনালোকেই বিচাৰ কৰিব ৷
আখৰুৱাঃ হয়, পাঠকেই কবিতাৰ মূল। মৰমৰ কবি হীৰুদাই কৈছিল-''লেখক সদায় পাঠক অভিমুখী।.....পাঠকেই প্ৰকৃততে লেখকৰ সকলো কৃতিৰ উত্তৰাধিকাৰী।.... জীৱন লৈয়েই কবিতা। সমাজৰ প্ৰতি লেখকৰ দায়-দায়িত্ব আছে। মই লেখকৰ এই দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধাশীল।'' সমাজৰ প্ৰতি লেখকৰ বা কবিৰ যি দায়-দায়িত্বৰ কথা হীৰুদাই কৈছিল, সেয়া বৰ্তমানৰ অসমীয়া সাহিত্যত বা কাব্যত কিমানখিনি সুগভীৰ বুলি আপুনি ভাবে। ঠিক তেনেদৰে ফেচবুকত চলি থকা কাব্য-চৰ্চাত এই দায়িত্ববোধ কিমানখিনি প্ৰতিফলিত হয় বুলি আপুনি ভাবে।
চামচুল হকঃ ব্যক্তিকলৈয়ে সমাজ গঠন হয় য'ত কবিজনো সমাজৰেই অংগ৷ সমাজত ঘটি থকা ঘটনাসমূহে কবিমনক জোকাৰি যোৱাটো স্বাভাৱিক ৷ কবিৰ নিজা অনুভৱ , নিজা অভিজ্ঞানেৰে, নিজা ধৰণেৰে কবিতা লিখে ৷ তাত ব্যক্তিমনন আৰু সামাজিক সচেতনতাৰ শতকৰা পৰিমাণ সঠিককৈ নিৰ্ধাৰণ কৰিব নোৱাৰি ৷ পাঠক ভেদে কবিতাৰ বিচাৰো ভিন্ন হয় ৷ সামাজিক দায়বদ্ধতাৰ ৰচীৰে টানকৈ চৰ্ত আৰোপ কৰিবলৈ গ'লে কবিৰ মনৰ স্বাধীন চেঁকুৰ বাধাগ্ৰস্ত হোৱাৰো আশংকা থাকে৷ সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতাতো সময়োপযোগী সামাজিক কবিতা ৰচনা হৈ আছে ৷ পিছে এইসমূহ কবিতা কবিতাৰ বিচাৰত কিমানখিনি উত্তীৰ্ণ সেইটোহে লক্ষ্যনীয় হ'ব ৷
ফেচবুকৰ কবিৰ কবিতাত সমাজ-চেতনা প্ৰবল৷ কোনো কোনো কবিয়ে বক্তৃতাধৰ্মী কবিতাও লিখিছে ৷ বহুতো কবি আছে যি সমাজত ঘটি থকা ঘটনা এটাৰ তৎকালীন প্ৰতিক্ৰিয়া প্ৰত্যক্ষভাৱে প্ৰকাশ কৰি উত্তেজনাৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰিছে ৷ তাৰ বিপৰীতক্ৰমে ফেচবুকৰ সৰহসংখ্যক কবিতাই ব্যক্তিকেন্দ্ৰিক ৷ তাৰে ভিতৰত ভাল কবিতাখিনিক বাদ দিলে একাংশ কবিয়ে প্ৰেম-প্ৰীতিত লেতু-সেতু হৈ কবিতাৰ আকৃতিত প্ৰেম-পত্ৰ ৰচনা কৰাও দেখা গৈছে ৷ মই ইয়াত বিষয়-বস্তুৰ কথা কোৱা নাই , কৈছোঁ অগভীৰ চিন্তাৰ কথাহে ৷
আখৰুৱাঃ হয়। কবিৰ সামাজিক দায়বদ্ধতাৰ কথা ক'লে স্বাভাৱিকতে দায়বদ্ধতাৰ ৰচীৰে টানকৈ চৰ্ত আৰোপ কৰাৰ কথা হীৰুদাই বা আন কোনোৱে নিশ্চয় নকয়। কিন্তু কবিৰ সামাজিক দায়বদ্ধতা বিষয়টো আপুনি কি ধৰণে গ্ৰহণ কৰে?
চামচুল হকঃ ওপৰৰ কথাখিনি একান্তভাৱে মোৰ নিজা দৃষ্টিভংগীৰে ক'লোৱেই ৷ তাত শ্ৰদ্ধেয় কবি হীৰুদাক কোনোপ্ৰকাৰে সাঙোৰা নাই ৷ এই মুহূৰ্ত্তত আমাৰ মনত দোলা দি যোৱা কথাষাৰ হ'ল - কলা-সাহিত্যত সামাজিক দায়বদ্ধতা এটা মতবিৰোধ থকা বহল বিষয় ৷ কম পৰিসৰত আলোচনা কৰা সম্ভৱ নহয় ৷
আখৰুৱাঃ সামাজিক দায়বদ্ধতা বিষয়টোৰ আলোচনা বহল যদিও, ইয়াক আপুনি কি ধৰণে গ্ৰহণ কৰে সেয়াহে জানিব বিচাৰিছিলো। বাৰু, ওপৰৰ আলোচনাত আপুনি ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই ফাঁকি কথাৰ উল্লেখ কৰিছে - "জীৱনে জ্ঞাত এবং অজ্ঞাতসারে অনেক মিথ্যাচারণ করা যায়, কিন্তু কবিতাই কখনো মিথ্যা কথা বলিনি"। ৰবীন্দ্ৰনাথৰ কাব্যৰ প্ৰতি আকৃষ্ট অসমীয়া কবি সকলৰ ভিতৰত ৰত্নকান্ত বৰকাকতিৰ নাম উল্লেখ কৰিব পাৰি। যদি কোৱা হয় ৰবীন্দ্ৰনাথৰ কাব্যৰ প্ৰতি আপুনি আকৃষ্ট- সেই বিষয়ে আপুনি কি ক'ব?
চামচুল হকঃ মোৰ কবিতাত পৰ্বান্তৰ ঘটা কথাটো আগতে উল্লেখ কৰিছোঁ৷ অসম আন্দোলনৰ প্ৰভাৱত জাতীয়তাবাদী কবিতা যিখিনি লিখিছোঁ পাছলৈ সেইখিনি নাকচ কৰিলো৷ চাবলৈ গ'লে এইখিনিও উদ্দেশ্যধৰ্মী বা সামাজিকভাৱে দায়বদ্ধ কবিতাই আছিল৷ তাৰ পাছত সাম্যবাদী-সমাজবাদী ধাৰাত কবিতা লিখিবলৈ ল'লো৷ মই সাম্যবাদত বিশ্বাসী মানুহ আৰু সেই দৃষ্টিভংগীৰে কবিতা লিখিছোঁ৷ কেবাখনো আগশাৰীৰ আলোচনী-বাতৰিকাকতৰ প্ৰভাৱত "সামাজিক দায়বদ্ধতা" থকা কবিতা লিখিছোঁ ৷ "নতুন সাহিত্য পৰিষদ"ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলো ৷ কিন্তু পলমকৈ হ'লেও বিশ্ববিদ্যালয়ত যেতিয়া play theory পঢ়োঁ তেতিয়া বুজিলো যে শিল্পকলা যথাৰ্থতে মানুহৰ আনন্দৰ বাবেহে ৷
কবিতাৰ কথাই নকওঁ ৰবীন্দ্ৰনাথেতো সাহিত্যত সমূলি উদ্দেশ্য থাকিব নোৱাৰে বুলিয়েই কৈছে৷ তেখেতৰ নিজা ভাষাত , " বিষয়ী লোকে বিষয় খুঁজিয়া মরে ৷ লেখা দেখিলেই বলে , বিষয়টা কি ? কিন্তু লিখিতে হইলে যে বিষয় চাই-ই এমন কোনো কথানাই ৷ বিষয় থাকে তো থাক্ , না থাকে তো নাই থাক্ , সাহিত্যের তাহাতে কিছু আছে যায় না ৷ বিষয় বিশুদ্ধ সাহিত্যের প্রাণ নহে ৷ ……সাহিত্যের উদ্দেশ্য নাই ৷ ……সাহিত্যই সাহিত্যের উদ্দেশ্য৷ সৃষ্টির উদ্দেশ্য পাওয়া যায় না……ফুল কেন ফোটে তাহা কাহার সাধ্য অনুমান করে , সাহিত্য সেইরূপ সৃজনধর্মী "৷
কবিতাৰ সমালোচনাৰ নামত জধে-মধে মাথোঁ "সামাজিক দায়বদ্ধতা"ৰ কথা কোৱা হয় ৷ মাৰ্ক্স-পন্থী কবি-সাহিত্যিকৰ প্ৰভাৱত কবিতাও হৈ পৰিল পাৰ্টি লাইনৰ প্ৰচাৰ ৷
কবি অজিৎ বৰুৱাই আক্ষেপ কৰি কৈছিল , " এতিয়া ছোভিয়েট সংঘ বিলুপ্ত হ'ল৷ কিন্তু সাহিত্যক প্ৰচাৰ মাধ্যম বুলি ভবা চিন্তাৰ এতিয়াও বিলুপ্তি নহ'ল ৷ ৰাজনীতিৰ এনেকুৱা সৰ্বাত্মকতা কোনো সমাজৰ সুস্বাস্থ্যৰ লক্ষণ নহয়৷ ……ৰাজনৈতিক , সমাজনৈতিক মতাদৰ্শ প্ৰচাৰৰ কাৰণে যুক্তিধৰ্মী গদ্য আছে , কল্পনাৰ স্বাধীন বিচৰণৰ কাৰণে আছে কল্পনাত্মক সাহিত্য ৷……এই বিভাজন তৰ্কিব পৰা আৰু মৰ্ম উপলব্ধি কৰাও সকলোৰে এটা সামাজিক দায়বদ্ধতা " ৷
আখৰুৱাঃ নিশ্চয়। কিন্তু ৰবীন্দ্ৰনাথৰ সময়, ৰাচিয়াৰ বিপ্লৱৰ সময় আৰু এতিয়াৰ সময়ৰ পাৰ্থক্য আছে। কোনো বিপ্লৱী পৰিৱৰ্তনে সাহিত্যক প্ৰভাৱিত কৰে যদিও, সেয়া চিৰস্থায়ী হোৱা দেখা নাযায় বা তাৰ প্ৰভাৱ কমি যায়। কিন্তু 'সামাজিক দায়বদ্ধতা' কথাটো এতিয়া বেছি প্ৰাসংগিক বা গুৰুত্বপূৰ্ণ যেন লাগে। যিসময়ত বিশ্বক ব্যৱসায়িক প্ৰক্ৰিয়াৰে বন্ধা হৈছে, তেনে সময়ত সাহিত্যৰ 'সামাজিক দায়বদ্ধতা'ৰ বিষয়টো এৰাই চলিব কেনেকৈ পাৰি, নহয়নে? আৰু যদি সেয়াই হয় তেন্তে সাম্প্ৰতিক কবিতাত প্ৰেম-সৰ্বস্বতা, যৌনতাৰ যি প্ৰভাৱ পৰা দেখা যায়, সিবোৰ ৰুধিবলৈ, সাহিত্যৰ পক্ষে সম্ভৱ হৈ থাকিবনে? আপুনি কি ভাবে বাৰু।
চামচুল হকঃ ৰাচিয়াত বিপ্লৱৰ সময় পাৰ হ'ল , কিন্তু তেওঁলোকৰ চিন্তাধাৰাৰ সৰ্বাত্মক প্ৰভাৱ অসমকে ধৰি আমাৰ সাহিত্য ক্ষেত্ৰত থাকি গ'ল ৷ তেওঁলোকৰ যি প্ৰচাৰমুখী-মাৰ্ক্সবাদী ধাৰাৰ লিখনি তাৰ অনুৰণন আজিও আছে ৷ তেওঁলোকেহে সামাজিক দায়বদ্ধতাৰ কথা বেছিকৈ কৈছিল ৷ যিটো "পাৰ্টিলাইন মাইমেছিছ" বুলি কোৱা হয় ৷ কবিতা হ'ল কল্পনাত্মক সাহিত্য ৷ ইয়াক সমাজ পৰিবৰ্তনৰ হাতিয়াৰ কৰি লোৱা কথাটো গ্ৰহণযোগ্য হ'ব নোৱাৰে ৷ শিল্পকলাৰ উদ্দেশ্য বা সামাজিক দায়বদ্ধতাৰ আঁৰত থকা যুক্তি আৰু তত্ত্ব ভালদৰে অনুধাৱন কৰিব পাৰিব লাগিব , যিয়ে ইয়াক পোনছাটেই নাকচ কৰে ৷ কিন্তু এচাম শিল্পী-সাহিত্যিকে ঢৌটোকে ৰৌটো কৰি তাকেই সমৰ্থন কৰে ৷
আখৰুৱাঃ আপোনাৰ কথাৰ ভিত্তিত সাহিত্যৰ বা কবিৰ সামাজিক দায়বদ্ধতা সম্বন্ধে আৰু অলপ কথা জানিব বিচাৰিছো। হীৰুদাৰ এফাঁকি কবিতা 'মৃত্যুওতো এটা শিল্প, কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য।' যি ফাঁকি কবিতাৰ ব্যাপক প্ৰয়োগ হৈছিল অসম আন্দোলনৰ সময়ত। যাৰ প্ৰয়োগ সম্বন্ধে হীৰুদা সন্তুষ্ট নাছিল আৰু বন্ধুবৰ্গক কৈছিল- কবিতাটো ব্যৱহাৰ হোৱা অৰ্থত তেখেতে কবিতাটো ৰচনা কৰা নাছিলো। অৱশ্যে ৰাজহুৱাকৈ তেখেতে এই বিষয়ে কিবা কৈছিল বুলি নাজানো। কিন্তু তেখেতে আন্দোলনক প্ৰভাৱিত কৰিবলৈযে কবিতাটো ৰচা নাছিল, সেয়া সহজেই জনা কথা। এই কথাৰেই যদি চাওঁ দেখিমযে- হীৰুদাৰ যি সামাজিক দায়বদ্ধতা, তাৰ ওপৰতেই কবিতাটোৰ জন্ম হৈছিল আৰু পিছতহে সেয়া আন্দোলনৰ শ্লোগান হৈ পৰিছিল। গতিকে কাব্য বা কবিৰ সামাজিক দায়বদ্ধতাৰ দিশটোক উলাই কৰিব পাৰি জানো? তেনেদৰে আজিৰ যিসকল কবিক আমি জানো, সেইসকল কবিৰ সকলোৱেই কোনোবা নহয় কোনোবা পাৰ্টি লাইনৰ দ্বাৰা প্ৰভাৱিত বুলি ক'ব নেকি?
চামচুল হকঃ হীৰেন ভট্টাচাৰ্যৰ কথা নতুনকৈ কিনো ক'ম? ইতিমধ্যে তেখেতৰ কবিতাৰ বিচাৰ বিভিন্নজনে কৰিছেই ৷ তেখেতেও প্ৰগতিশীল ধাৰাৰ কবিতাই লিখিছিল ৷ ব্যক্তি জীৱন আৰু সমাজ জীৱন উভয় ক্ষেত্ৰতে তেখেতে কবিতা লিখিছিল ৷
"মৃত্যুওতো এটা শিল্প ……" এই কথাষাৰৰ উপযোগিতা অকল ৰাজহুৱা জীৱনতে আছেনে? ব্যক্তি জীৱনতো ইয়াৰ উপযোগিতা আছে৷ দৰাচলতে ৰাজহুৱা ব্যৱহাৰৰ বাবে সেইফাঁকি কবিতা লিখাই নাছিল ৷
কোনো বিশেষ ৰাজনৈতিক দলৰ প্ৰত্যক্ষ সদস্য নোহোৱাকৈও তাৰ পৰোক্ষ প্ৰভাৱত বহুতে কবিতা লিখে৷এখন আলোচনীৰ সম্পাদকজন যি ধৰণৰ লেখাবোৰো তেনে ধৰণৰ ছপায়৷আগতে উল্লেখ কৰা হৈছে যে কবিসকল সমাজৰেই অংগ৷ গতিকে তেওঁলোকৰ চিন্তা-অনুভূতিত সমাজৰ প্ৰতিফলন ঘটিব পাৰে৷ তাৰমানে এইটো নহয় যে কবিতাৰ দ্বাৰা সমাজ পৰিবৰ্তন কৰিব লাগিব বা সামাজিক দায়বদ্ধতা কবিসকলৰ প্ৰয়োজনীয় চৰ্ত৷
__________________________ আগলৈ______________________ ___

__________________________
No comments:
Post a Comment