প্ৰশাসকৰ কুঠলীঃ 'কবিৰ মনৰ কথা' (২) / কবিঃ নৱাকাশ / ২৬ জুলাই ২০১৫
'আখৰুৱা : literati' গোটৰ সদস্য কবি সকলৰ সৈতে 'প্ৰশাসকৰ কুঠলী'ৰ পৰা পৰ্যায়ক্ৰমে সম্ভৱপৰ আৰু আগ্ৰহী সদস্য 'কবিৰ মনৰ কথা' জনাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰয়াসৰ জৰিয়তে গোটৰ কবিৰ বিষয়ে পাঠকসকলে জনাৰ সুযোগ পাব বুলি ভবা হৈছে। আমাৰ এই প্ৰয়াসৰ প্ৰথমটো 'কবিৰ মনৰ কথা' যুগুতোৱা হৈছিল গোটৰ নিষ্ঠাৱান সদস্য তথা কবি অনিতা গগৈৰ সৈতে হোৱা বাৰ্তালাপৰভিত্তিত। ইতিমধ্যে প্ৰকাশিত খণ্ডটোলৈ অহা সঁহাৰিয়ে আমাক উৎসাহিত কৰিছে।
এইবাৰ আমি উপস্থাপন কৰিবলৈ লৈছো আখৰুৱাৰ আন এগৰাকী সদস্য তথা কবি নৱাকাশৰ সৈতে হোৱা বাৰ্তালাপৰ আধাৰত যুগুতোৱা 'কবিৰ মনৰ কথা' (২) শীৰ্ষক লিখনিটো। আশাকৰোঁ 'কবিৰ মনৰ কথা' (২)- মাননীয় সদস্যসকলে আদৰি ল'ব।
অসমৰ কামৰূপ (গ্ৰাম্য) জিলাৰ ছয়গাওঁৰ সন্তান তথা শান্তি নিকেতনৰ ছাত্ৰ নৱাকাশ- এগৰাকী চিত্ৰশিল্পী, কবি আৰু সংগীত শিল্পী। নানান বাধা বিঘিনি নেওচি নিজৰ প্ৰচেষ্টাৰে বৰ্তমান দিল্লীত কৰ্মৰত নৱাকাশৰ বৃত্তি হ'ল চিত্ৰশিল্প। সততে আখৰুৱাত সঘনাই কবিতা লিখা এই গৰাকী কবি সদস্যৰ প্ৰতি গোটৰ সদস্যৰ মাজত যেনেকৈ কিছু আকৰ্ষণ আছে, তেনেকৈ আছে কিছু অভিযোগ। সেয়ে যিমানদূৰ সম্ভৱ আমি তেওঁৰ সৈতে মুকলি ভাবে কথা পতাৰ যত্ন কৰিছো আৰু বিশেষ ধৰণৰ সম্পাদনা নকাৰাকৈয়ে এই লেখা যুগুতোৱাৰ চেষ্টা কৰা হৈছে। কবিগৰাকীৰ বক্তব্যত তেওঁৰ কাব্য-চৰ্চাৰ কিছু দিশ প্ৰতিফলিত হৈছে আৰু কবিতা সম্বন্ধে তেওঁৰ ধাৰণা সহজ-সৰল ৰূপত প্ৰকাশিত হৈছে।
ধন্যবাদ,
প্ৰশাসকবৃন্দ,
মনোহৰ দত্ত
মালৱিকা বৰা ব্ৰহ্ম
'আখৰুৱা : literati' গোট।
২৬ জুলাই ২০১৫
__________________________ _______________________
আখৰুৱাঃ তোমাৰ ’মেঘৰ চকুপানী আঁকি থকা” কবিতাটো ভাল হৈছে। পিছে এনে ধৰণৰ কবিতাৰ বাহিৰেও তুমি কিছু কবিতা লিখিছা, যিবোৰ সকলোৱে আদৰি ল'ব নোৱাৰে। তেনে কবিতা আগলৈ লিখাটো নিবিচাৰোঁ। যিহওক, অলপতে তুমি কোনো এটা কবিতাত 'সূৰ্যৰ আন্ধাৰ' বুলি কৈছিলা নেকি?
নৱাকাশঃ হয় কৈছিলো
আখৰুৱাঃ এই লৈ কৰ'বাত বিতৰ্ক হৈছিল নেকি?
নৱাকাশঃ মই কাৰো কাৰণে কবিতা নিলিখো, বোধহয় নিজৰ কাৰণেও নহয়। কেৱল কবিতাৰ কাৰণে কবিতা, কবিতাই নিজৰ স্বাৰ্থত মোক ব্যৱহাৰ কৰে। কবিতাই যি লিখিবলৈ বাধ্য কৰাই মই তাকেই লিখো। হয়, মই 'স্পন্দন' গোটত তেনে এটি বিতৰ্ক হৈছিল।
আখৰুৱাঃ কি হৈছিল বাৰু। আৰু কেতিয়া?
নৱাকাশঃ 'স্পন্দন' গোটৰ 'ভোকত সূৰ্য খোৱা' কবিতাটো বিচাৰিলেই সেই বিতৰ্কখিনি পাব।
আখৰুৱাঃ বাৰু। কিন্তু 'সূৰ্যৰ আন্ধাৰ' থাকে জানো?
নৱাকাশঃ নিশ্চয় থাকে।
আখৰুৱাঃ ক'ত আৰু কেনেকৈ?
নৱাকাশঃ দিল্লীৰ ৰাস্তাত ৫০ ডিগ্ৰী ৰ'দত এঘন্টা ঘূৰি চাবচোন
আখৰুৱাঃ বুজিছো। তেন্তে হ'ব লাগিব- 'দিল্লীৰ ৰাস্তাত পঞ্চাশ ডিগ্ৰী ৰ'দ/দুচকুত এন্ধাৰ'। আনপিনে তুমি কবিতাটোত কৈছা 'ইমান দিনে সুৰুযৰ আন্ধাৰত'। যদি কোৱা হয়- ’ইমান দিনে জোনাকৰ আন্ধাৰ”- কথাটো শুদ্ধ হ'বনে?
নৱাকাশঃ নিৰ্ভৰ কৰে কবিৰ মানসিক স্থিতিৰ ওপৰত। তেওঁ লিখা মুহুৰ্তত আত্মাত কিহৰ স্পন্দন হৈছে সূৰ্য নে জোন। ইয়াত সূৰ্যৰ আন্ধাৰ মানে সূৰ্যৰ ৰ'দৰ পোহৰত উৎপন্ন হোৱা শাৰীৰিক কষ্ট।
আখৰুৱাঃ ৰাতিৰ ৰ'দত তিতিল বুকুখন- শুদ্ধ হ'বনে?
নৱাকাশঃ ’ৰাতিৰ ৰ'দত তিতিল বুকুখন’ বুলি কোৱাটো নিৰ্ভৰ কৰে, ক'বলৈ কি ভাবিছে।
আখৰুৱাঃ বাৰু। পিছে কথাবোৰ কাব্যিক ভাবে ক'লেই কবিতা হৈ যায় নেকি?
নৱাকাশঃ নাজানো। কবিতা এক কলা, কলাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা থাকিব নোৱাৰে। ই নদীৰ দৰে গতিশীল।
আখৰুৱাঃ কলাৰ সংজ্ঞা বা কাব্যৰ সংজ্ঞা থাকক বা নাথাকক, শিল্পী বা কবিৰ সামাজিক দায়বদ্ধতা থাকে। নহয়জানো?
নৱাকাশঃ কিছু বৈ থাকে, কিছু পাৰত আহি শুকায়। যিদৰে 'কলা'ক বন্ধা নাযায় কবিতাকো সমাজৰ ৰক্ষণশীলতাই বান্ধিব নোৱাৰে। বন্ধা অনুচিত। কোনো কলাই কাৰো অনিষ্ট নকৰে, বৰং কলাৰ দ্বাৰা সত্যৰ আত্মপ্ৰকাশ হয়।
আখৰুৱাঃ কলাৰ সংজ্ঞা বা কাব্যৰ সংজ্ঞা থাকক বা নাথাকক, শিল্পী বা কবিৰ সামাজিক দায়বদ্ধতা থাকেনে?
নৱাকাশঃ কলাৰ দ্বাৰা যদি সমাজ স্খলিত হয়, তেতিয়া হ’লে আমি হয়তো কবিতা বা ছবি অঁকা ব্যক্তি নহৈ চোৰ বা ডকাইত হ’লোহেঁতেন- টি,ভি বা ভি,ডি,অ’-ত হিন্দী, ইংৰাজী চিনেমা চায়, চায়। পৃথিৱীৰ সকলো বস্তুতেই ইতিবাচক, নেতিবাচক দুয়োটা ৰূপেই আপুনি চাব পাৰে। ৰূপটো নিৰ্ভৰ কৰে মানুহৰ মানসিকতাৰ ওপৰত। যিদৰে চুটি কাপোৰ পিন্ধিলেই ছোৱালী নষ্ট হৈ নাযায়। সমাজত বেয়া তেতিয়া হয়, যেতিয়া এজনী ছোৱালীক বা মানুহক দমন কৰি ৰখা হয়। দমন কৰিলেই প্ৰতিভা বিকাশ নহয়। মানুহ স্বাধীন ভাবে জন্ম হয়, জন্ম পায়। সমাজে বন্দী কৰি পংগু কৰে, একমাত্ৰ বলিয়ান সকলৰ স্বাৰ্থ পূৰণৰ বাবে। সমাজ মানে কি বুলি ক'বলৈ হ'লে- এটা নিৰ্দিষ্ট এলেকাৰ কিছুমান মানুহে বনাই লোৱা কিছুমান নিয়ম। যিটো পূৰণি কালৰ পৰাই চলি আহিছে। পুৰণি কালৰ পৰা চলি অহা ঘটনা এটা যে সদায় একেই থাকিব, তাৰ কি মানে আছে? সেই কাৰণেই পুৰণি গুছি নতুন হয়। নতুন প্ৰজন্মই কথাবোৰ নতুনকৈ ভাবিবলৈ শিকে। পুৰণি আৰু নতুনৰ সংঘাত হয়। সেই সংঘাত সদায় চলি থাকে। জয়-পৰাজয় কাৰো নহয়। এজন কবি বা শিল্পী ক্ষুদ্ৰ অংশৰ হৈ নাথাকে। এটা সময়ত কথাবোৰ বৃহ্ৎ পৰিসৰলৈ যায়। তেনে স্তৰত কবি বা শিল্পীয়ে সকলো ক্ষুদ্ৰ স্বাৰ্থৰ উৰ্ধত কেৱল মানুহৰ কথা দেখে, দেশ-বিদেশৰ সীমাৰেখা পাহৰি।
আখৰুৱাঃ নতুন আৰু পুৰণিৰ সংঘাত হয় ঠিকেই। কিন্তু প্ৰমূল্যবোৰ কি হয়? সেই সংঘাতত প্ৰমূল্য বিনষ্ট হৈ যায় নেকি? আৰু সত্য কি? মানুহে, শিল্পই বা কাব্যই সময়ে সময়ে সত্যক সলনি কৰিব পাৰে নেকি?
নৱাকাশঃ প্ৰমুল্য সলনি হয়। যেনেকৈ আগতে কৈছিল ডাঙৰে কথা পাতিলে, সৰুৱে মাত মতাটো অপৰাধ। নতুবা সৰুৱে একো নাজানে বুলি ভাবিছিল। এতিয়া কথাবোৰ বেলেগ হ’ল। আগতে ডাঙৰক সন্মান কৰিবা বা ভয় কৰিবা বুলি কৈছিল। এতিয়া সৰুক সন্মান কৰিলেহে ডাঙৰক সন্মান কৰে।
আখৰুৱাঃ এয়া সময়ৰ পৰিৱৰ্তন। বাৰু 'সূৰ্যৰ আন্ধাৰ' বিতৰ্কই তোমাক কি দিলে- উৎসাহ নে নিৰুৎসাহ?
নৱাকাশঃ বিতৰ্ক কেতিয়াবা সৃষ্টিৰ উৎস হৈ পৰে। আচলতে 'সূৰ্যৰ আন্ধাৰ' বিতৰ্কই মোৰ মনত সেই সময়ত যিবোৰ ভাবৰ বা উপলব্ধিৰ সৃষ্টি কৰিছিল, সেইখিনি কবিতা দুটাৰ ৰূপত ওলায় আহিছিল। ক'বলৈ গ'লে পৰোক্ষ ভাবে সেই বিতৰ্কই দুটা কবিতাৰ সৃষ্টি কৰিলে। মোৰ সেই কবিতা দুটা হ'ল-
(১) নক'বা মোক মোৰ কবিতা আৰু ছবিৰ সাঁথৰ ভাঙিব : নৱাকাশ
নক'বা মোক মোৰ কবিতা আৰু ছবিৰ
সাঁথৰ ভাঙিব
আত্মা মোৰ অতি স্পৰ্শকাতৰ
চুই দিলেই যেন লেৰেলি যাব
হাজাৰ বছৰৰ লাজ
নক'বা মোক মোৰ কবিতা আৰু ছবিৰ
সাঁথৰ ভাঙিব
আত্মা অতি জটিল
যিমানেই সোমাই সিমানেই ঘন
নক'বা মোক মোৰ কবিতা আৰু ছবিৰ
সাঁথৰ ভাঙিব
বুকুৰে গোটাই হাতেৰে নিগৰাই
ভৰি দুখন মোৰ দীঘল শিপা
উৰিলেও মাটিতে বগায়
নক'বা মোক মোৰ কবিতা আৰু ছবিৰ
সাঁথৰ ভাঙিব
বান্ধিবলৈ চেষ্টা নকৰাই ভাল ছবি কবিতাৰ
ভৰি আৰু হাত
সৰু এটা জীৱন হাতত
গাই যোৱা কবি জীৱনৰ জটিল গান
নুসুধিবা মোক মোৰ কবিতা আৰু ছবিৰ
অৰ্থ
ছবিখনে কবিতাটোৱে মূখ ওফন্দাব
নক'বা মোক মোৰ কবিতা আৰু ছবিৰ
সাঁথৰ ভাঙিব
কবিয়েও নাজানে কি লিখিব কি আঁকিব
আত্মাৰহে আছুতীয়া সম্পদ ছবি আৰু কবিতা
শিশুতকৈও কোমল বতাহতকৈও সুক্ষ্ম
সপোনকৈও জটিল
আন্ধাৰ আৰু পোহৰেইতো লীলা খেলা সকলো
দুৱাৰখনত মাত্ৰ এটাই ফুটা অস্পষ্ট
ভিতৰত অনেক
আস! এটা মাখি পৰিছে নামাৰিবা
বা লগাই দিয়া হাতেৰে
_________________________ _
(২) চৰাই পখিলা কাকোৱেই কোৱা হোৱা নাই : নৱাকাশ
চৰাই পখিলা কাকোৱেই কোৱা হোৱা নাই
কথাটো
আনকি প্ৰেমিক মাছবোৰকো
যদিও সকলোৱে জানে অঘটনটোৰ কথা
বতাহত বিয়পিছে
আকাশত উৰিছে
পানীত ওপঙিছে
মাটিত মিহলিছে
এতিয়া সুৰ্য্য বিচাৰি হাহাকাৰ সকলোতে
ব্ৰহ্ম বিষ্ণু মহেশ্বৰ সকলো নাৰাজ
কবিয়ে কাটি কাটি খালে সুৰুয
আন্ধাৰ খোৱাৰ কথা আছিল ভোকৰ খঙত
আন্ধাৰ ভয়ত পলাল
সুৰুযক জানো এৰি দিম
আন্ধাৰৰো সিয়েই মূল
পোহৰৰো সিয়েই মূল
পেটত সোমাল সূৰ্য্য
বন্দী সুৰ্য্য হা হা হা
আকাশতো কবি পাতালতো কবি
য'ত নাযায় ৰবি তাতো যায় কবি
প্ৰসৱ বেদনা মোৰ
জন্ম হওঁক এক
অজেয় সুৰুয
__________________________ _আগলৈ_____________________ ________
'আখৰুৱা : literati' গোটৰ সদস্য কবি সকলৰ সৈতে 'প্ৰশাসকৰ কুঠলী'ৰ পৰা পৰ্যায়ক্ৰমে সম্ভৱপৰ আৰু আগ্ৰহী সদস্য 'কবিৰ মনৰ কথা' জনাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰয়াসৰ জৰিয়তে গোটৰ কবিৰ বিষয়ে পাঠকসকলে জনাৰ সুযোগ পাব বুলি ভবা হৈছে। আমাৰ এই প্ৰয়াসৰ প্ৰথমটো 'কবিৰ মনৰ কথা' যুগুতোৱা হৈছিল গোটৰ নিষ্ঠাৱান সদস্য তথা কবি অনিতা গগৈৰ সৈতে হোৱা বাৰ্তালাপৰভিত্তিত। ইতিমধ্যে প্ৰকাশিত খণ্ডটোলৈ অহা সঁহাৰিয়ে আমাক উৎসাহিত কৰিছে।
এইবাৰ আমি উপস্থাপন কৰিবলৈ লৈছো আখৰুৱাৰ আন এগৰাকী সদস্য তথা কবি নৱাকাশৰ সৈতে হোৱা বাৰ্তালাপৰ আধাৰত যুগুতোৱা 'কবিৰ মনৰ কথা' (২) শীৰ্ষক লিখনিটো। আশাকৰোঁ 'কবিৰ মনৰ কথা' (২)- মাননীয় সদস্যসকলে আদৰি ল'ব।
অসমৰ কামৰূপ (গ্ৰাম্য) জিলাৰ ছয়গাওঁৰ সন্তান তথা শান্তি নিকেতনৰ ছাত্ৰ নৱাকাশ- এগৰাকী চিত্ৰশিল্পী, কবি আৰু সংগীত শিল্পী। নানান বাধা বিঘিনি নেওচি নিজৰ প্ৰচেষ্টাৰে বৰ্তমান দিল্লীত কৰ্মৰত নৱাকাশৰ বৃত্তি হ'ল চিত্ৰশিল্প। সততে আখৰুৱাত সঘনাই কবিতা লিখা এই গৰাকী কবি সদস্যৰ প্ৰতি গোটৰ সদস্যৰ মাজত যেনেকৈ কিছু আকৰ্ষণ আছে, তেনেকৈ আছে কিছু অভিযোগ। সেয়ে যিমানদূৰ সম্ভৱ আমি তেওঁৰ সৈতে মুকলি ভাবে কথা পতাৰ যত্ন কৰিছো আৰু বিশেষ ধৰণৰ সম্পাদনা নকাৰাকৈয়ে এই লেখা যুগুতোৱাৰ চেষ্টা কৰা হৈছে। কবিগৰাকীৰ বক্তব্যত তেওঁৰ কাব্য-চৰ্চাৰ কিছু দিশ প্ৰতিফলিত হৈছে আৰু কবিতা সম্বন্ধে তেওঁৰ ধাৰণা সহজ-সৰল ৰূপত প্ৰকাশিত হৈছে।
ধন্যবাদ,
প্ৰশাসকবৃন্দ,
মনোহৰ দত্ত
মালৱিকা বৰা ব্ৰহ্ম
'আখৰুৱা : literati' গোট।
২৬ জুলাই ২০১৫
__________________________
আখৰুৱাঃ তোমাৰ ’মেঘৰ চকুপানী আঁকি থকা” কবিতাটো ভাল হৈছে। পিছে এনে ধৰণৰ কবিতাৰ বাহিৰেও তুমি কিছু কবিতা লিখিছা, যিবোৰ সকলোৱে আদৰি ল'ব নোৱাৰে। তেনে কবিতা আগলৈ লিখাটো নিবিচাৰোঁ। যিহওক, অলপতে তুমি কোনো এটা কবিতাত 'সূৰ্যৰ আন্ধাৰ' বুলি কৈছিলা নেকি?
নৱাকাশঃ হয় কৈছিলো
আখৰুৱাঃ এই লৈ কৰ'বাত বিতৰ্ক হৈছিল নেকি?
নৱাকাশঃ মই কাৰো কাৰণে কবিতা নিলিখো, বোধহয় নিজৰ কাৰণেও নহয়। কেৱল কবিতাৰ কাৰণে কবিতা, কবিতাই নিজৰ স্বাৰ্থত মোক ব্যৱহাৰ কৰে। কবিতাই যি লিখিবলৈ বাধ্য কৰাই মই তাকেই লিখো। হয়, মই 'স্পন্দন' গোটত তেনে এটি বিতৰ্ক হৈছিল।
আখৰুৱাঃ কি হৈছিল বাৰু। আৰু কেতিয়া?
নৱাকাশঃ 'স্পন্দন' গোটৰ 'ভোকত সূৰ্য খোৱা' কবিতাটো বিচাৰিলেই সেই বিতৰ্কখিনি পাব।
আখৰুৱাঃ বাৰু। কিন্তু 'সূৰ্যৰ আন্ধাৰ' থাকে জানো?
নৱাকাশঃ নিশ্চয় থাকে।
আখৰুৱাঃ ক'ত আৰু কেনেকৈ?
নৱাকাশঃ দিল্লীৰ ৰাস্তাত ৫০ ডিগ্ৰী ৰ'দত এঘন্টা ঘূৰি চাবচোন
আখৰুৱাঃ বুজিছো। তেন্তে হ'ব লাগিব- 'দিল্লীৰ ৰাস্তাত পঞ্চাশ ডিগ্ৰী ৰ'দ/দুচকুত এন্ধাৰ'। আনপিনে তুমি কবিতাটোত কৈছা 'ইমান দিনে সুৰুযৰ আন্ধাৰত'। যদি কোৱা হয়- ’ইমান দিনে জোনাকৰ আন্ধাৰ”- কথাটো শুদ্ধ হ'বনে?
নৱাকাশঃ নিৰ্ভৰ কৰে কবিৰ মানসিক স্থিতিৰ ওপৰত। তেওঁ লিখা মুহুৰ্তত আত্মাত কিহৰ স্পন্দন হৈছে সূৰ্য নে জোন। ইয়াত সূৰ্যৰ আন্ধাৰ মানে সূৰ্যৰ ৰ'দৰ পোহৰত উৎপন্ন হোৱা শাৰীৰিক কষ্ট।
আখৰুৱাঃ ৰাতিৰ ৰ'দত তিতিল বুকুখন- শুদ্ধ হ'বনে?
নৱাকাশঃ ’ৰাতিৰ ৰ'দত তিতিল বুকুখন’ বুলি কোৱাটো নিৰ্ভৰ কৰে, ক'বলৈ কি ভাবিছে।
আখৰুৱাঃ বাৰু। পিছে কথাবোৰ কাব্যিক ভাবে ক'লেই কবিতা হৈ যায় নেকি?
নৱাকাশঃ নাজানো। কবিতা এক কলা, কলাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা থাকিব নোৱাৰে। ই নদীৰ দৰে গতিশীল।
আখৰুৱাঃ কলাৰ সংজ্ঞা বা কাব্যৰ সংজ্ঞা থাকক বা নাথাকক, শিল্পী বা কবিৰ সামাজিক দায়বদ্ধতা থাকে। নহয়জানো?
নৱাকাশঃ কিছু বৈ থাকে, কিছু পাৰত আহি শুকায়। যিদৰে 'কলা'ক বন্ধা নাযায় কবিতাকো সমাজৰ ৰক্ষণশীলতাই বান্ধিব নোৱাৰে। বন্ধা অনুচিত। কোনো কলাই কাৰো অনিষ্ট নকৰে, বৰং কলাৰ দ্বাৰা সত্যৰ আত্মপ্ৰকাশ হয়।
আখৰুৱাঃ কলাৰ সংজ্ঞা বা কাব্যৰ সংজ্ঞা থাকক বা নাথাকক, শিল্পী বা কবিৰ সামাজিক দায়বদ্ধতা থাকেনে?
নৱাকাশঃ কলাৰ দ্বাৰা যদি সমাজ স্খলিত হয়, তেতিয়া হ’লে আমি হয়তো কবিতা বা ছবি অঁকা ব্যক্তি নহৈ চোৰ বা ডকাইত হ’লোহেঁতেন- টি,ভি বা ভি,ডি,অ’-ত হিন্দী, ইংৰাজী চিনেমা চায়, চায়। পৃথিৱীৰ সকলো বস্তুতেই ইতিবাচক, নেতিবাচক দুয়োটা ৰূপেই আপুনি চাব পাৰে। ৰূপটো নিৰ্ভৰ কৰে মানুহৰ মানসিকতাৰ ওপৰত। যিদৰে চুটি কাপোৰ পিন্ধিলেই ছোৱালী নষ্ট হৈ নাযায়। সমাজত বেয়া তেতিয়া হয়, যেতিয়া এজনী ছোৱালীক বা মানুহক দমন কৰি ৰখা হয়। দমন কৰিলেই প্ৰতিভা বিকাশ নহয়। মানুহ স্বাধীন ভাবে জন্ম হয়, জন্ম পায়। সমাজে বন্দী কৰি পংগু কৰে, একমাত্ৰ বলিয়ান সকলৰ স্বাৰ্থ পূৰণৰ বাবে। সমাজ মানে কি বুলি ক'বলৈ হ'লে- এটা নিৰ্দিষ্ট এলেকাৰ কিছুমান মানুহে বনাই লোৱা কিছুমান নিয়ম। যিটো পূৰণি কালৰ পৰাই চলি আহিছে। পুৰণি কালৰ পৰা চলি অহা ঘটনা এটা যে সদায় একেই থাকিব, তাৰ কি মানে আছে? সেই কাৰণেই পুৰণি গুছি নতুন হয়। নতুন প্ৰজন্মই কথাবোৰ নতুনকৈ ভাবিবলৈ শিকে। পুৰণি আৰু নতুনৰ সংঘাত হয়। সেই সংঘাত সদায় চলি থাকে। জয়-পৰাজয় কাৰো নহয়। এজন কবি বা শিল্পী ক্ষুদ্ৰ অংশৰ হৈ নাথাকে। এটা সময়ত কথাবোৰ বৃহ্ৎ পৰিসৰলৈ যায়। তেনে স্তৰত কবি বা শিল্পীয়ে সকলো ক্ষুদ্ৰ স্বাৰ্থৰ উৰ্ধত কেৱল মানুহৰ কথা দেখে, দেশ-বিদেশৰ সীমাৰেখা পাহৰি।
আখৰুৱাঃ নতুন আৰু পুৰণিৰ সংঘাত হয় ঠিকেই। কিন্তু প্ৰমূল্যবোৰ কি হয়? সেই সংঘাতত প্ৰমূল্য বিনষ্ট হৈ যায় নেকি? আৰু সত্য কি? মানুহে, শিল্পই বা কাব্যই সময়ে সময়ে সত্যক সলনি কৰিব পাৰে নেকি?
নৱাকাশঃ প্ৰমুল্য সলনি হয়। যেনেকৈ আগতে কৈছিল ডাঙৰে কথা পাতিলে, সৰুৱে মাত মতাটো অপৰাধ। নতুবা সৰুৱে একো নাজানে বুলি ভাবিছিল। এতিয়া কথাবোৰ বেলেগ হ’ল। আগতে ডাঙৰক সন্মান কৰিবা বা ভয় কৰিবা বুলি কৈছিল। এতিয়া সৰুক সন্মান কৰিলেহে ডাঙৰক সন্মান কৰে।
আখৰুৱাঃ এয়া সময়ৰ পৰিৱৰ্তন। বাৰু 'সূৰ্যৰ আন্ধাৰ' বিতৰ্কই তোমাক কি দিলে- উৎসাহ নে নিৰুৎসাহ?
নৱাকাশঃ বিতৰ্ক কেতিয়াবা সৃষ্টিৰ উৎস হৈ পৰে। আচলতে 'সূৰ্যৰ আন্ধাৰ' বিতৰ্কই মোৰ মনত সেই সময়ত যিবোৰ ভাবৰ বা উপলব্ধিৰ সৃষ্টি কৰিছিল, সেইখিনি কবিতা দুটাৰ ৰূপত ওলায় আহিছিল। ক'বলৈ গ'লে পৰোক্ষ ভাবে সেই বিতৰ্কই দুটা কবিতাৰ সৃষ্টি কৰিলে। মোৰ সেই কবিতা দুটা হ'ল-
(১) নক'বা মোক মোৰ কবিতা আৰু ছবিৰ সাঁথৰ ভাঙিব : নৱাকাশ
নক'বা মোক মোৰ কবিতা আৰু ছবিৰ
সাঁথৰ ভাঙিব
আত্মা মোৰ অতি স্পৰ্শকাতৰ
চুই দিলেই যেন লেৰেলি যাব
হাজাৰ বছৰৰ লাজ
নক'বা মোক মোৰ কবিতা আৰু ছবিৰ
সাঁথৰ ভাঙিব
আত্মা অতি জটিল
যিমানেই সোমাই সিমানেই ঘন
নক'বা মোক মোৰ কবিতা আৰু ছবিৰ
সাঁথৰ ভাঙিব
বুকুৰে গোটাই হাতেৰে নিগৰাই
ভৰি দুখন মোৰ দীঘল শিপা
উৰিলেও মাটিতে বগায়
নক'বা মোক মোৰ কবিতা আৰু ছবিৰ
সাঁথৰ ভাঙিব
বান্ধিবলৈ চেষ্টা নকৰাই ভাল ছবি কবিতাৰ
ভৰি আৰু হাত
সৰু এটা জীৱন হাতত
গাই যোৱা কবি জীৱনৰ জটিল গান
নুসুধিবা মোক মোৰ কবিতা আৰু ছবিৰ
অৰ্থ
ছবিখনে কবিতাটোৱে মূখ ওফন্দাব
নক'বা মোক মোৰ কবিতা আৰু ছবিৰ
সাঁথৰ ভাঙিব
কবিয়েও নাজানে কি লিখিব কি আঁকিব
আত্মাৰহে আছুতীয়া সম্পদ ছবি আৰু কবিতা
শিশুতকৈও কোমল বতাহতকৈও সুক্ষ্ম
সপোনকৈও জটিল
আন্ধাৰ আৰু পোহৰেইতো লীলা খেলা সকলো
দুৱাৰখনত মাত্ৰ এটাই ফুটা অস্পষ্ট
ভিতৰত অনেক
আস! এটা মাখি পৰিছে নামাৰিবা
বা লগাই দিয়া হাতেৰে
_________________________
(২) চৰাই পখিলা কাকোৱেই কোৱা হোৱা নাই : নৱাকাশ
চৰাই পখিলা কাকোৱেই কোৱা হোৱা নাই
কথাটো
আনকি প্ৰেমিক মাছবোৰকো
যদিও সকলোৱে জানে অঘটনটোৰ কথা
বতাহত বিয়পিছে
আকাশত উৰিছে
পানীত ওপঙিছে
মাটিত মিহলিছে
এতিয়া সুৰ্য্য বিচাৰি হাহাকাৰ সকলোতে
ব্ৰহ্ম বিষ্ণু মহেশ্বৰ সকলো নাৰাজ
কবিয়ে কাটি কাটি খালে সুৰুয
আন্ধাৰ খোৱাৰ কথা আছিল ভোকৰ খঙত
আন্ধাৰ ভয়ত পলাল
সুৰুযক জানো এৰি দিম
আন্ধাৰৰো সিয়েই মূল
পোহৰৰো সিয়েই মূল
পেটত সোমাল সূৰ্য্য
বন্দী সুৰ্য্য হা হা হা
আকাশতো কবি পাতালতো কবি
য'ত নাযায় ৰবি তাতো যায় কবি
প্ৰসৱ বেদনা মোৰ
জন্ম হওঁক এক
অজেয় সুৰুয
__________________________
No comments:
Post a Comment