বেলা
(অণু-গল্প)
(অণু-গল্প)
'টুপুক৷' পাতখিলাৰ পৰা পানীৰ টোপালটো গছজোপাৰ তলত সৰি পৰা হালধীয়া পাতখিলাত পৰিল৷ পানী টোপালৰ ভৰ এৰি দি মকৰাজালখন লাগি থকা পাতখিলা সামান্য লৰিল৷ মকৰাজনীয়ে গাটো লৰালে৷ 'নাই ক'তো একো নাই৷' তাই যিমান পাৰি নিজকে জোৰ দি জালখন লৰালে৷ ‘টুপ টুপ টুপ৷' জালখনত লাগি থকা টোপালবোৰ তলত হালধীয়া পাতবোৰত পৰিলগৈ৷ নাই লৰচৰ নাই৷ 'আজি লঘোণ পৰিব নেকি?' তাই চিগি থকা জালখনৰ সূতা এডাল জোৰালে৷
No comments:
Post a Comment