আখৰুৱাঃ আগৰ আলোচনাত আপুনি কৈছিল যে- অসমীয়া সাহিত্যত 'সমালোচনাত্মক আলোচনাৰ দিশটো কোনো কাৰণতে দুৰ্বল বুলি ক'ব নোৱাৰি' কিন্তু দেখা যায় যে- অসমীয়া কাব্য সাহিত্যৰ সমালোচনা যথেষ্ট উন্নত মানৰ বুলি ক'ব নোৱাৰি। উদাহৰণ স্বৰূপে অলপতে এখন আগশাৰীৰ আলোচনীত প্ৰকাশিত এটা আলোচনাত এগৰাকী জনপ্ৰিয় কবিক তুলি ধৰাহে দেখা গ'ল, বিপৰীতে কবিগৰাকীৰ কবিতাৰ দুৰ্বল দিশ আঙুলিয়াই দিয়া নহ'ল। যিটো প্ৰকৃত সমালোচনা হ'ব নোৱাৰে। দৰাচলতে সমালোচনা সাহিত্যৰ প্ৰতি পাঠকৰ আকৰ্ষণ সৃষ্টি কৰিবলৈ, সমালোচকৰ দায়বদ্ধতা থাকে। সেই দিশত আমাৰ ইয়াত সমালোচনা সাহিত্য সৱল মুঠেই নহয় বুলি ক'ব পাৰি। এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি?
চামচুল হকঃ মই ভাবোঁ এইদৰে কোৱাটো মুঠেও সমীচিন নহ'ব ৷ কোনো এখন আলোচনীত এটা লেখাৰ ওপৰত ভিত্তি কৰি অসমৰ সামগ্ৰিক কাব্য সাহিত্যৰ সমালোচনা মুঠেও সবল নহয় বুলি সৰলীকৰণ কৰা কথাটোত মই একমত হ'ব নোৱাৰিলো ৷ ক্ষমা কৰিব ৷
আখৰুৱাঃ সৰলীকৰণ কৰা নাই। এই বিষয়ে বহু সময়ত বিজ্ঞজনে আলোচনা কৰিছে। তাৰ ভিতৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি ড° হীৰেন গোঁহাইৰ কথা। 'সাম্প্ৰতিক অৱস্থাত অসমীয়া সাহিত্যত সমালোচনা হোৱাই নাই বুলি ক'ব পাৰি।'- ইছমাইল হুছেইনে সোধা এক প্ৰশ্নৰ উত্তৰত ড° হীৰেন গোঁহাইয়ে কৈছে-
'সমালোচক সকলে জনপ্ৰিয়তাৰ ওপৰত খুউব গুৰুত্ব দিয়ে কিয় নাজানো। বহুতে স্তাৱকতাৰ যোগেদিয়েই জনপ্ৰিয়তা সৃষ্টি কৰিব খোজে। কাৰো অপ্ৰিয় হ'ব নোখোজে। কিন্তু সাহিত্যৰ ভিতৰত যদি ভাল বা বেয়া বিচাৰ কৰিব লগা হয় তেনেহ'লে সাময়িক জনপ্ৰিয়তাৰ অভাৱ সমালোচক সকলে সহ্য কৰিব লাগিব। কিন্তু সেইটো আমাৰ ইয়াত বহুতে এৰাই চলে। এইটো এক নম্বৰ কথা। দুই নম্বৰ কথা হৈছে, কিছুমান গোষ্ঠী হৈছে। কেইখনমান কাগজ কেইজনমানে দখল কৰি লৈছে। তেওঁলোকৰ বন্ধু-বান্ধৱেই সাহিত্যিক, বাকীবোৰ সাহিত্যিক নহয়। আনকি বাকীবিলাক হয়তো সাহিত্যৰ ধ্বংসকাৰীও হ'ব পাৰে। তেওঁলোকৰ বিচাৰত। এনেকুৱা কথাত কিছুমানে অসুবিধা পাইছে আৰু এটা কথা হৈছে। আগৰ দিনত সাহিত্যিকসকলে একো নাপাইছিল। আজিকালি টকা পায়, বঁটা পায়, পেঞ্চন পায়। বঁটাৰ নামত একলাখ, দুই লাখ, তিনি লাখ, মৰ্যাদাও কিছু পায়। গতিকে সাহিত্য কিছু পৰিমাণে স্বাৰ্থৰ বস্তু, ঠিকা-ঠুকুলিৰ নিচিনা বস্তু হৈ পৰিছে।' গতিকে এয়া এক সমস্যা নহয় বুলি ক'বও নোৱাৰি। তথাপি এই সম্বন্ধে সকলোৰে নিজা অভিমত থাকে। আপোনাৰ মতামত সম্বন্ধেও জানিলো।
বাৰু, এইবাৰ অন্য এটা বিষয়লৈ আহিছো। সাধাৰণতে প্ৰথম অৱস্থাত কোনোৱে কবিতা লিখিবলৈ ল'লে কিদৰে অভ্যাস কৰা ভাল। সেই বিষয়ে নতুন চাম কবিৰ সহায় হোৱাকৈ কিছু কথা ক'ব নেকি?
চামচুল হকঃ মোৰেই বুজাত কিবা ভুল হ'ল নেকি ? আগৰ প্ৰশ্নটোত "আমাৰ ইয়াত" বুলি কওঁতে মই ভাবিছিলো স্বনামধন্য কিছু ব্যক্তিত্ব ভবেন বৰুৱা , ড· হীৰেন গোহাঁই, ড· আনন্দ বৰমুদৈ, প্ৰদীপ আচাৰ্য, ড· ৰঞ্জিত কুমাৰ দেৱ গোস্বামী , নলিনীধৰ ভট্টাচাৰ্য, কবীন ফুকন আৰু অনেকজন জ্ঞানী-গুণী সমালোচকৰ কথা ৷ তেওঁলোকৰ গাত চেকা লাগে বুলিহে কৈছিলো ৷
যি কি নহওক, এফালৰ পৰা চাবলৈ গ'লে কবিতা লিখাৰ কোনো নিৰ্দিষ্ট পাঠ্যক্ৰম নাই নেকি ? নহ'লে সুকুমাৰ কলাৰ পাঠ্যক্ৰমৰ অন্তত স্নাতক উপাধি পোৱাৰ দৰে কবিতাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিও স্নাতক ডিগ্ৰী লাভ কৰিব পাৰিলেহেঁতেন ৷ স্বভাৱ কবিসকলৰ ক্ষেত্ৰত একা? তেওঁলোককতো কোনেও প্ৰশিক্ষণ দিয়া নাই ৷ জীবনানন্দ দাশৰ উক্তিটোও সঁচা - "সবাইতো কবি নয়, কেউ কেউ কবি "
অৱশ্যে যিসকল ইতিমধ্যেই কবি তেওঁলোকে কবিতা নিৰ্মাণ কৰাৰ সময়ত আমাৰ সমাজৰ পৌৰাণিক ৰূপকথা, বুঢ়ী আইৰ সাধু, জতুৱা ঠাচ, ফকৰা যোজনা আদিৰ কথা নিশ্চয়কৈ নাপাহৰে ৷ সৃজনশীলতাৰ জুইকুৰাত দগ্ধ হৈ দিনৰ পাছত দিন অন্তৰত কঢ়িয়াই লৈ ফুৰে এক ধৰণৰ অস্থিৰতা ৷ পাৰিলে শব্দালঙ্কাৰ,
অৰ্থালঙ্কাৰৰৰ কিতাপ দুই-এখন পঢ়িব লাগে ৷ কবিতাৰ সমালোচনা বেছিকৈ পঢ়িব লাগে ৷ কবিতাটো লিখিয়েই প্ৰকাশ কৰিব নালাগে ৷ কিছুদিন এনেয়ে থৈ দিব লাগে ৷ তাৰ পাছ়ত সমালোচকৰ দৃষ্টিৰে কবিতাটো পাঠ কৰি দৰকাৰী শুধৰণি কৰি দিব লাগে ৷
আখৰুৱাঃ হয়, আমাৰ ইয়াত বুলি কওতে অসমীয়া সাহিত্যৰ সমালোচনাৰ দিশটোৰ কথাই কৈছিলো। যিটো সঁচাকৈ দুৰ্বল। যিসকল সমালোচক আছে, তেখেতসকলে নিশ্চয় বেছিভাগ কবিৰ কবিতা সমালোচনা কৰা নাই। আনকি বহু সময়ত সমালোচনাৰ ক্ষেত্ৰত পক্ষপাতিত্বৰ অভিযোগ শুনাও যায়। গতিকে আখৰুৱাই 'পুনৰীক্ষণ'ৰ মাজেৰে নতুন সমালোচক সৃষ্টিৰ পৰিৱেশ গঢ়িব খুজিছো। কামটো কঠিন যদিও প্ৰয়াস চলাই থকা হৈছে। ইতিমধ্যে আপুনি নিজেও এটি 'পুনৰীক্ষণ' যুগুতাইছে। সেয়ে পৰ্যালোচকৰ দৃষ্টিৰে আখৰুৱাৰ কবিতাৰ সামগ্ৰিক স্তৰ সম্বন্ধে কিছু কথা ক'ব নেকি?
চামচুল হকঃ অকল আখৰুৱাৰ কবিতা বুলি ক'লে আকৌ পক্ষপাতিত্ব কৰা হয় নেকি? একেটা কবিতা আখৰুৱাত দিয়াৰ লগে লগে আন আন গোটতো আপলোড কৰা যায়৷ ফেচবুকৰ ৱালতো দিয়ে ৷
মই মুঠেই এক মাহৰ কবিতাহে (আগষ্ট, ২০১৫) পৰ্যালোচনা কৰিছোঁ ৷ সেই সামান্য পৰ্যালোচনাৰ গুৰুত্ব কিমান সেইটোও সন্দেহজনক ৷ তাত কোৱা কথাখিনি ইয়াত পুনৰ উল্লেখ কৰিবলৈ মন যোৱা নাই ৷ এটা কথাই ক'ব খোজোঁ যে কবিসকলে নিজৰ কবিতা আপলোড কৰাৰ সময়ত ভালদৰে জুকিয়াই চাওক, সংশোধন কৰক৷
আখৰুৱাঃ ফেচবুকৰ ভিন্ন উৎসত কবিতাসমূহ দিয়ে যদিও, যিখিনি কবিতা আখৰুৱালৈ আহিছে সেইখিনিকেই আখৰুৱাৰ কবিতা বুলি ভবা হৈছে।
অন্য এটি বিষয়লৈ আহিছো। আখৰুৱাই ইতিমধ্যে ‘আখৰুৱা : literati : সম্পাদনা সমিতি' গঠন কৰিছে। সমিতিৰ মুখ্য সম্পাদক হিচাপে আখৰুৱাৰ গল্প, কবিতা, প্ৰবন্ধ আদিক উন্নত পৰ্যায়লৈ নিবলৈ কেনে ধৰণৰ আঁচনি বা উদ্যোগ সমিতিৰ পৰা আপোনালোকে ল'ব বিচাৰিছে। সেইদৰে মুখ্য সম্পাদক হিচাপে আপুনি কি ধৰণৰ পৰিকল্পনা কৰিছে, সেই বিষয়ে অলপ ক'ব নেকি?
চামচুল হকঃ মুখ্য সম্পাদকে কি পৰিকল্পনা কৰে সেইটো নিৰ্ভৰ কৰে তেওঁৰ সহকৰ্মী অইন সদস্যসকলৰ সহযোগৰ ওপৰত ৷ এইটো এটা দলীয় কাৰ্য ৷ তদুপৰি তেওঁৰ সেইখিনি কৰাৰ স্বাধীনতা থাকিব লাগিব ৷ তদুপৰি মুখ্য সম্পাদক হিচাপে মোৰ যোগ্যতা আছে নে নাই সেইটোও সন্দেহজনক ৷ মই সপোন দেখা মানুহ ৷ নিশা শুই শুই নহয় ৷ সাৰে থাকোঁতে সপোন দেখোঁ ৷ আখৰুৱা: literati ক গল্প , কবিতা, প্ৰবন্ধৰ এটা উন্নত পৰ্যায়ৰ চৰ্চাৰ থলী হিচাপে গঢ় দি তোলাৰ সপোন দেখোঁ ৷ তাৰ বাবে ইতিমধ্যেই গোটৰ তৰফৰ পৰা সময়ে সময়ে নতুন নতুন পদক্ষেপ লোৱা হৈছে আৰু হৈ থাকিব ৷ এই ক্ষেত্ৰত আখৰুৱাৰ সমূহ সদস্যৰ অৰিহণা আমাৰ কাম্য ৷
আখৰুৱাঃ সম্পাদনা সমিতিৰ লগতে আপোনাৰ ওপৰতো আখৰুৱাৰ আস্থা আছে, থাকিব। এই ছেগতে আপোনালৈ আৰু ‘আখৰুৱা : literati : সম্পাদনা সমিতি'ৰ সমূহ সদস্যলৈ, তেখেত সকলে ইতিমধ্যে আগবঢ়োৱা সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ।

No comments:
Post a Comment