আখৰুৱা বা অন্য সাহিত্য গোটবোৰত প্ৰকাশিত কবিতাবোৰত কবিসকলে গুণ বা স্বভাৱ বুজাবলৈ সততে ব্যৱহাৰ কৰা শব্দ কেইটামান আজিৰ শব্দ - সম্ভাৰত আলোচনা কৰিবলৈ লোৱা হৈছে ৷ শব্দবোৰ হ'ল -- ব্যৰ্থতা, দৈন্যতা, মাধুৰ্যতা, প্ৰাচুৰ্যতা আদি ৷
উল্লিখিত শব্দকেইটাৰ ভিতৰত প্ৰথমটোৰ বাহিৰে বাকীকেইটা ভুল অথচ আমি স্বচ্ছন্দে এইবিলাক ব্যৱহাৰ কৰি থাকোঁ ৷ এইখিনিতে মনত ৰাখিব লাগিব যে অসমীয়া ভাষাটো সংস্কৃতমূলীয় আৰু অনেক তৎসম ( অৰ্থাৎ অবিকল সংস্কৃত) শব্দ আমি অসমীয়াত ব্যৱহাৰ কৰি থাকোঁ ৷ গুণ বা স্বভাৱবাচক - তা আৰু - য প্ৰত্যয়ৰ সংযোগত সিদ্ধ হোৱা এনে শব্দ কিছুমানৰ প্ৰয়োগৰ ক্ষেত্ৰত প্ৰায়ে ভুল হোৱা পৰিলক্ষিত হয় ৷ যেনে -- সৌন্দৰ্যতা, দৈন্যতা, প্ৰাচুৰ্যতা, ধৈৰ্যতা আদি ৷ এই আটাইকেইটা শব্দই ভুল ৷ ইহঁতৰ মূল ৰূপ ক্ৰমে -- সুন্দৰ, দীন, প্ৰচুৰ আৰু ধীৰ ৷ এই মূল শব্দকেইটাৰ লগত গুণ বা স্বভাৱবাচক - য তদ্ধিতপ্ৰত্যয় সংযোগ হৈ সিদ্ধ হোৱা শব্দবোৰ হ'ল ---
সুন্দৰ + য = সৌন্দৰ্য
দীন + য = দৈন্য
প্ৰচুৰ + য = প্ৰাচুৰ্য
ধীৰ + য = ধৈৰ্য
এনেবোৰ শব্দৰ পাচত পুনৰ গুণবাচক -তা প্ৰত্যয় যোগ নহয় ৷ কৰিলে ভুল হয় ৷ যদি - তা প্ৰত্যয় সংযোগ কৰিব খোজে তেনেহলে শব্দবোৰ হব -- সুন্দৰতা, দীনতা, প্ৰচুৰতা, ধীৰতা আদি ৷ কিন্তু 'ব্যৰ্থতা' হলে শুদ্ধ ৷ মূল শব্দ ব্যৰ্থ + গুণবাচক প্ৰত্যয় - তা = ব্যৰ্থতা ৷ একেদৰে যোগ্যতা, শূন্যতা আদি ৷
এই আলোচনাই লেখকসকলক কিছু হলেও সহায় কৰিলে আমাৰ লেখা সাৰ্থক হব ৷
( ব্যক্তিগত কাৰণত সময়মতে শব্দ - সন্ধান শিতানটি প্ৰকাশ কৰিব নোৱাৰাৰ বাবে মাৰ্জনা বিচাৰিলোঁ ৷)

No comments:
Post a Comment