"অজুহাত - এটি কাহিনী"
.
.
কাহিনী কওঁ শুনক,কাহিনী…য'ত ৰজা নাই,ৰাণী নাই।নাই কোনো স্বপ্নৰ কোঁৱৰ অথবা কুঁৱৰী।
যদি কাহিনীবোৰ কাহানিবা সঁচা হ'ব পাৰে,যদি কাহিনীয়ে ক'ব মনৰ কথা ; তেন্তে কাহিনীবোৰ কাহিনী হৈ নাথাকিব।সেই কাহিনীয়ে হ'ব আপোনাৰো অনুভৱ।

কাহিনীটো আৰম্ভ হৈছিল সেইদিনাই,যিদিনা নীলা বুৰ গৈছিল আকাশত।চৌদিশ সেউজীয়া,চৌদিশে কেৱল বতাহ।কিন্তু… !! নাটকীয় ভংগীমা, চিনেমাৰ ডায়ল'গৰ দৰে… উফ্ ! একেই কাহিনী।শেষ।নিমিষতে শূন্য।সেইদিনাৰপৰাই কাহিনীবোৰ কাহিনী হৈ থকা নাছিল,হৈ পৰিছিল জীৱন্ত।
.
.
১১ নৱেম্বৰ ' ২০১২ ইং
.
-মই নোৱাৰোঁ আৰু…
-কি ? কিয় নোৱাৰা আকাশ ?
-মই নাজানোঁ।মোক বান্ধোন নালাগে।
-আৰু মই?
( তাইৰ চকুপানী ওলাবলৈ ধৰে। )
-তুমি কি??
-মোৰ কি হ'ব?
-তুমিও পাৰিবা।এইচব মোৰদ্বাৰা নহ'ব।মোক স্বাধীনতা লাগে,অবাধ স্বাধীনতা।
.
চকুৰ পচাৰতে সলনি হয় দৃশ্য।আস্ ! জীৱনত দুখৰ প্ৰয়োজন।তেতিয়া হে সেয়া জীৱন।নহ'লে কি ?
.
২ জুলাই ' ২০১৩ ইং
.
-কিয় এনেকৈ ফোন কৰি থাকা মোক?
-তুমি মোৰ কথাবোৰ এবাৰ শুণা।
( তাইৰ কন্ঠত আকুলতা !)
-নুশুনো মই কাৰো কথা।মই ব্যস্ত।
-আজৰি হৈ পাতিম তেনেহ'লে?
-উফ্ ! কি ক'ব আছে কোৱা।
-সম্পৰ্কটোৰ কথা ভাৱা আকাশ।বন্ধুত্বৰ দাবীত মই আছোঁ,কিন্ত…
-এইবোৰ কথা নুলিয়াবা বুলি কিমানবাৰ ক'ম ?
( ফোনটো থৈ দিয়ে সি। )
-হেল্ল'…হেল্ল'…
( উচুপনি ! কেৱল উচুপনি ! )
.
১০ ফেব্ৰুৱাৰী ' ২০১৪ ইং
.
-মোৰ কবিতা এটা শুনিবা নীলা?
( উৎসাহিত হৈ সি নিজেই ফোন কৰে তাইক। )
-শুনোৱা।সুধিব লাগে নে !
( তাইৰ গালে মুখে হাঁহি বিয়পে।)
সি পঢ়ি গ'ল কবিতাটো।
-বাহঃ বহুত ধুনীয়া।কিন্তু এই চৰিত্ৰটো…বাস্তৱৰ লগত যেন সাদৃশ্য আছে !
-………………
-নক'লা যে ?
(হাঁহি বিয়পিছে কিজানি তাৰ মুখতো ! )
-ও নীলা।বাস্তৱ।সেই যে মোৰ বান্ধৱী প্ৰিয়ম।তাইক লৈ…
-……………
.
হাঁহে।তাই হাঁহিতে চিৎকাৰ কৰি উঠে।মইয়ে সৰল,গোটেই দুনীয়াখন জটিল নে মইয়ে জটিল গোটেই দুনীয়াখন সৰল?? কাক সুধিব ! হাঁহি হাঁহি কান্দোনত শেষ হয়।
এতিয়া হয়তো আপুনি ভাবিছে,কাহিনীটো ইয়াতেই শেষ।সেই ভুল মইও কৰিছিলো।নীলাইও ভাবিছিল।হয়তো আৰু নাই…একো নাই।

২২ আগষ্ট ' ২০১৪ ইং
.
-ব'লা , ফুৰিব যাওঁ।
-মোৰ লগত যাবা?
-তোমাকেই লগ ধৰিছোঁ, নিশ্চয় তোমাৰ লগতেই যাম।
-নাযাওঁ দিয়া।
( তাইক এক অচিন অজানা দুখবোধে চানি ধৰে।)
-কোনেও পাত্তাই নিদিয়ে আজিকালি মোক !!
(তাৰ কন্ঠত যেন অভিমান ! )
-তেনে কথা নহয়।আচলতে…
ঠিক আছে ওলাম বাৰু।
.
৬ জানুৱাৰী ' ২০১৫ ইং
.
-জানা , যোৱাৰাতি সপোনত তোমাক দেখিছোঁ।
-ও…
-কি ও? কিবাতো কোৱা।
-ঠিকে আছে দেখিছা।মই কি কৰিম? আৰু এইবোৰ মোক কিয় কৈ আছা।
.
নীলাই ভাবে,সপোনটো জানো অকল তাইৰেই ! ভাবি ভাবি তাই নিজৰ ওচৰতেই খং কৰে,নিজকেই বুজনি দিয়ে,নিজকেই আকৌ প্ৰস্তুত কৰে।কিন্তু সকলো ক্ষন্তেকীয়া।তাই হাৰি যায়।
.
১৭ জুলাই ' ২০১৫ ইং
.
-আমি দুয়ো একেলগে কিয় থাকিব নোৱাৰোঁ?
-এনেকৈ থকাত তোমাৰ আপত্তি কি?
-……………
-এইবোৰ চিন্তাত মই নোসোমাওঁ।নুলিয়াবা দুনাই।
-……………
( নীলাৰ ভালপোৱাবোৰ জহি খহি যাব ধৰে যেন ! )
.
২০ নৱেম্বৰ ' ২০১৫ ইং
.
-তুমি ৰঙা পিন্ধিবা।ধুনীয়া লাগিব।
-ৰঙা? ওমম…
(তাইৰ ওঁঠত লাজ ! )
-তুমি মোক ভাল নপোৱা আকাশ?
-নাজানোঁ।
-…………
-প্ৰেমৰ কথা নানিবা।আগতেই কৈছো।যদি নোৱাৰা থাকিব গুছি যোৱা।
-…………
.
৫ ডিচেম্বৰ ' ২০১৫ ইং
.
-মই আৰু নোৱাৰিছোঁ ! মোৰ যুঁজিবলৈ ধৈৰ্য্য নাই।
.
মোৰ দৰে কিজানি আপুনিও হৈ পৰিছে,অধৈৰ্য্য।মোৰ প্ৰচণ্ড খং উপজিছিল নীলাৰ প্ৰতি।কিয় কৰিছে তাই এই অন্যায়,নিজকে জানো ইমান কষ্ট দিব পাৰে কোনোবাই? আউলি বাউলি চুলিৰে,চকু ৰঙা…মোৰ ফালে নাচায় তাই।মোৰ উপস্থিতিকো গ্ৰাহ্য নকৰি তাই প্ৰস্তৰ মূৰ্তি হৈ বহি আছে।আকৌ দেখিছোঁ,বলিয়াৰ দৰে তাই চিঞৰিছে,কান্দিছে,কান্দোনত একো ক'ব নোৱাৰা হৈ শুই পৰিছে… আৰু নোৱাৰিলোঁ মই।
বৰ কষ্ট হৈছে,তাইক এনেকৈ দেখি থাকিবলৈ বৰ কষ্ট হৈছে।

১৪ ডিচেম্বৰ ' ২০১৫ ইং
.
.
-মোৰ জীৱনটোৰ প্ৰতি মোহ নাইকীয়া হৈ গৈছে জানা।নিজকে বলীয়া যেন লাগে।
-দুখ অকল তোমাৰেই নাই।
-মই সঁচাকৈ কৈছোঁ,মই তোমাক বিচাৰোঁ।আমি আকৌ ভালদৰে থাকোঁ ?
.
২৩ ডিচেম্বৰ ' ২০১৫ ইং
.
-তুমি কিয় এনে কৰিলা?
-কি কৰিলোঁ মই? তুমিহে মোক আমনি কৰিছা।তুমি মানসিকভাবে সুস্থিৰ নহয়।নিজকে স্বাভাৱিক কৰি লোৱা নীলা,তাৰপিছত সম্পৰ্কৰ কথা আনিবা।
.
.
কাট্ । কি হ'ব পাৰে ইয়াৰ পিছৰ অংশ? আকাশ য'ত নাই,তাত জোৰকৈ কেনেকৈ বহুৱাও তাক।নীলাৰ ভাৱনাৰ সেই আকাশ কাহানিবাই নিৰুদ্বেষ।
হয়তো আপুনি ভাবিছে কাহিনীটো ইয়াতেই শেষ।যদি এনেকৈ কাহিনীটো শেষ হয়,পৰাজয় হ'ব চাৰি বছৰৰ নীলাৰ অপেক্ষাৰ।আপুনি হয়তো ভাবিছে, নীলা হাৰি গ'ল বুলি…
মই কওঁ শুনক, ওহো…নীলা হাৰিব নোৱাৰে।অন্তত মই তাইক হাৰিব দিব নোৱাৰোঁ।
নীলা অপৰাজেয়।
নীলাক মই জগালোঁ টোপনিৰপৰা।সৰু ছোৱালীৰ লেখীয়া তাই মোক সাৱটি ধৰিলে।তাইৰ মূৰত হাত বুলাইছোঁ।তাই আজি কন্দা নাই।আৰু…
কাহিনীটো আগবাঢ়ে আকৌ………

নতুন বছৰৰ নতুন দিনত নতুন ডায়েৰীখনত তাই লিখিবলৈ বহে।মোৰ দৰে কিজানি আপুনিও এতিয়াহে সুখী হ'ব।কাৰণ,কাহিনীটো শেষ কৰি তাতেই যে নীলাই আৰম্ভ কৰিলে আন এক কাহিনীৰ।আজি তাই অপৰাজেয়।তাইৰ নাম মইয়ে দিলো,নীলা হৈ পৰিল অপৰাজিতা।
.
১ জানুৱাৰী ' ২০১৬ ইং
.
"জীৱনটো সুন্দৰ।নিৰ্ভৰ কৰে মাথো আমি তাক কেনেদৰে গ্ৰহণ কৰোঁ।যদি এই সপোনবোৰ মোৰ, যদি এই সপোনবোৰৰ একমাত্ৰ অধিকাৰিণী মই ; সুখ অথবা দুখবোৰো মোৰেই হ'ব।"-নীলাই ডায়েৰীখন জপালে।তাইৰ চকুত অকণো অভিযোগ নাই,দুঃচিন্তা নাই,যন্ত্ৰণাও নাই।নীলা বাহিৰলৈ ওলাই গৈছে।আমি আটায়ে তাইলৈ দূৰৰপৰা চাইছোঁ।সৌৱা,তাই খোজকাঢ়িছে।অকলেই।হয়তো কাইলৈ দৌৰিবও…আপুনিও প্ৰতীক্ষাত ৰওঁক,মোৰ দৰেই।
.
-সুব্ৰতা গোস্বামী
১০ জানুৱাৰী,২০১৬ ইং

No comments:
Post a Comment