Saturday, 6 February 2016

'আলাপ' শিতানঃ (৩) বিষয়ঃ কবিৰ মনৰ কথাঃ কবি- নিশাংক মিলন

আখৰুৱাঃ স্বাগতম নিশাংক মিলন। গোটৰ সক্ৰিয়, নিষ্ঠাৱান সদস্য তথা এগৰাকী কবি হিচাপে তুমি আখৰুৱাৰ সদস্যসকলৰ মাজত ভালদৰে পৰিচিত। তোমাৰ সৈতে আমাৰ এই বাৰ্তালাপ কবিতাৰ উত্তৰণৰ বাবে এক আন্তৰিক প্ৰয়াসহে। সেয়ে আমি কবিতা সম্বন্ধে আমি মন খুলি কথা পাতিম।

নিশাংক মিলনঃ ধন্যবাদ। যিখিনি পাৰোঁ নিশ্চয় সহযোগ কৰিম।

আখৰুৱাঃ ধন্যবাদ। অন্য অৰ্থত আমাৰ এই বাৰ্তালাপ অনানুষ্ঠানিক হ'ব আৰু সময়ত আমি এই বাৰ্তালাপৰ আধাৰত 'কবিৰ মনৰ কথা' যুগুতাম।

বাৰু, তুমি কেতিয়াৰ পৰা কবিতাৰ সৈতে যুক্ত।

নিশাংক মিলনঃ স্কুলীয়া দিনৰ পৰাই কবিতাৰ সৈতে চিনাকি। হায়াৰচেকেণ্ডাৰীৰ পৰা অলপ বেছিকে কবিতাৰ প্ৰতি আকৰ্ষিত হৈছিলো। মাজে মাজে এটা দুটা কবিতা লিখিব ল'লো। তাৰ পিছত ২০০৪ মানৰ পৰা ২০০৯-১০ মানলৈ প্ৰায় একেবাৰে কবিতাৰ পৰা আঁতৰি পৰিলোঁ। আচলতে ফেচবুকলৈ অহাৰ পৰা আকৌ দুই এটাকৈ কবিতা লিখিব ধৰিলোঁ, ২০১১ চন মানৰ পৰা।

আখৰুৱাঃ ফেচবুকত প্ৰথমতেই তুমি ক'ত লিখিছিলা। মানে টাইমলাইনৰ উপৰিও, কোনবোৰ গোটত তুমি লিখিছিলা।

নিশাংক মিলনঃ মই টাইমলাইনত খুব কম কবিতা প'ষ্ট কৰোঁ। খুব সম্ভৱ আজিলৈ দুটা কবিতাহে প'ষ্ট কৰিছো চাগে। মই পোন প্ৰথমে 'খিড়িকি' নামৰ কবিতাৰ গোট এটাত লিখিছিলো। তাৰ পিছত 'স্পন্দন' আৰু 'আখৰুৱা'ত লিখিবলৈ আৰম্ভ কৰিলোঁ। মাজে মাজে দুই এটা অ,ক,ব গোটত দিওঁ।

আখৰুৱাঃ তুমি টাইমলাইনত নিলিখাটো এটা ব্যতিক্ৰম হিচাপে চকুত পৰিল। ইয়াৰ বিশেষ কাৰণ কিবা আছে নেকি?

নিশাংক মিলনঃ তেনেকুৱা বিশেষ কাৰণ একো নাই। মোৰ বন্ধু তালিকাত থকা সকলোৱে কবিতা নপঢ়ে। যিখিনিয়ে পঢ়ে তেওঁলোকৰ প্ৰায়ভাগ গোটকেইটাত আছেই। সেয়ে গোটকেটাতেই মোৰ কবিতা দিওঁ। অন্ততঃ কবিতা ভাল নোপোৱা বন্ধুখিনি বিৰক্ত নহয় তেতিয়া।

আখৰুৱাঃ স্কুলীয়া দিনৰ পৰাই তুমি কবিতা লিখিছিলা নেকি? যদি লিখিছিলা, এই মুহুৰ্তত মনত পৰিছে নেকি তেতিয়াই লিখা কোনো কবিতা।

নিশাংক মিলনঃ হয় লিখিছিলো। কিন্তু এতিয়া একেবাৰেই মনলৈ নাহে সেইবোৰ কবিতা। অৱশ্যে সেই সময়ত ঘাইকৈ গণেশ গগৈ, মফিজুদ্দিন আহমেদ, দেৱকান্ত বৰুৱা আদি কবিসকলৰ কবিতা ভাল পাইছিলো। সেয়ে সেই ঠাঁচতেই লিখাৰ চেষ্টা কৰিছিলো।

আখৰুৱাঃ তোমাৰ সংগ্ৰহত তেনে ঠাঁচত লিখা কবিতা আছে যদি পিছলৈ আমাক দিব পাৰিবানে।

নিশাংক মিলনঃ হয় কিছুসংখ্যক কবিতা ঘৰত আছে। দিম বাৰু।

আখৰুৱাঃ ফেচবুকৰ গোটত তুমি কবিতা লিখিবলৈ কিয় আগ্ৰহ কৰিছিলা বা কি কথাই তোমাৰ কাব্য-চৰ্চাক ফেচবুকলৈ টানি আনিলে?

নিশাংক মিলনঃ মাজতে মোৰ কবিতাৰ চৰ্চা নোহোৱা হৈছিল যদিও, আচলতে কবিতাৰ প্ৰতি টান সদায়ে আছিল। ফেচবুকত কবিতাৰ গোটসমূহত কবিতা চৰ্চাৰ সুন্দৰ পৰিবেশ এটা পোৱা যায়। সেয়েহে সেই পুৰণি উকমুকনিটোৱে আকৌ সাৰ পাই উঠিল ফেচবুকৰ পথাৰত। লাহে লাহে এটা দুটাকৈ আকৌ লিখিবলৈ ধৰিলোঁ। পাঠকৰ সঁহাৰিয়ে বহু উৎসাহ যোগালে আৰু নিয়মিতভাৱে লিখিবলৈ আৰম্ভ কৰিলোঁ।

আখৰুৱাঃ সাধাৰণতে বহুতেই কয় যে ফেচবুকত লিখা কবিতালৈ মানুহে বিশেষ সঁহাৰি নিদিয়ে, আনকি কবিতাৰ গোট সমূহতো। তোমাৰ অভিজ্ঞতা কি?

নিশাংক মিলনঃ মোৰ কেতিয়াও তেনে অনুভৱ হোৱা নাইচোন। বৰঞ্চ পাঠকৰ সঁহাৰিৰ ইন্ধনেই মোৰ কবিতাৰ চালিকা শক্তি।

আখৰুৱাঃ কবিতাৰ প্ৰতি তোমাৰ আকৰ্ষণৰ মূল উৎস কি?

নিশাংক মিলনঃ কবিতাৰ সৌন্দৰ্য। ভাল কবিতা এটা পঢ়ি এনে লাগে- যিখিনি কথা কবিতাটোৱে কৈ গ'ল তাতকৈ যেন বহু বেছিকৈ ক'ব খুজিছিল। এক ধৰণৰ বুজা-নুবুজা ৰহস্যময়তা। ইয়ে মোক আকৰ্ষণ কৰে।

আখৰুৱাঃ হয়, কবিতা এক ধৰণৰ বুজা-নুবুজা ৰহস্যময়তা। এই ৰহস্যৰ সিপাৰে কি আছে বাৰু?

নিশাংক মিলনঃ এই 'কি'-ৰ অনুসন্ধানেই কবিতা।

আখৰুৱাঃ এই 'কি'-ৰ অনুসন্ধানে তোমাক কিদৰে আমন্ত্ৰণ জনায়।

নিশাংক মিলনঃ Deep inside, নিজৰ গভীৰতম স্বকীয়তাত প্ৰতিজনেই আমি শূন্যতাৰ পালক। এই শূন্যতাই আচলতে মানুহক যুক্ত কৰি ৰাখে সৃষ্টিশীলতাৰ সৈতে। আৰু এই শূন্যতাৰ পৰা পূৰ্ণতালৈ যি যাত্ৰা, এই যাত্ৰাক প্ৰতিজনে সম্পূৰ্ণ নিজস্ব অনুভৱেৰে অনুভৱ কৰি চায়। যাৰ প্ৰকাশ ঘটে কবিতা, গদ্য, ছবি, সংগীত ইত্যাদিৰ ৰূপত। ই মোকো নিজস্ব আকৰ্ষণেৰে আকৰ্ষিত কৰে, যাক ঠিক শব্দৰে মই প্ৰকাশ কৰিব নোৱাৰিম।

আখৰুৱাঃ ই মানুহৰ অক্ষমতা বুলিয়েই ভাব হয়। যাৰ সাধনা বা সন্ধান হাজাৰ হাজাৰ বছৰ ধৰি চলিছে, চলি থাকিব। কোনোবাই কৈছিল প্ৰতিভাৰে যি স্তৰলৈ মানুহ যাব পাৰে, সেই স্তৰলৈ গৈহে বুজে যে- যি বাটেৰে আগুৱাব লাগিছিল, সেয়া জনা নহ'ল, বুজা নহ'ল, আনকি শিকোৱা নহ'ল। তুমি কি ভাবা বাৰু?

নিশাংক মিলনঃ হয় ঠিকেই কৈছে ।
"আকৌ এবাৰ নিজক পালোঁ বুলি মানুহে পাহৰি যায় অলেখ ঠিকনাৰ বৰ্তমান ।"-মোৰ প্ৰিয় কবিতা এশাৰী ।

আখৰুৱাঃ কবিতাটো হাততে পোৱাকৈ আছে নেকি?

নিশাংক মিলনঃ চাও ৰব দেই। দুঃখিত, ক'ত আছে বিছাৰি পোৱা নাই এতিয়া।

আখৰুৱাঃ হয়। "আকৌ এবাৰ নিজক পালো বুলি মানুহে পাহৰি যায় অলেখ ঠিকনাৰ বৰ্তমান ।"- এই শাৰী কবিতাৰে তুমি কি ক'ব বিচাৰিছিলা।

নিশাংক মিলনঃ এইশাৰী কবিতা মোৰ নহয় । বিপুলজ্যোতি শইকীয়াৰহে।

আখৰুৱাঃ বাৰু, কবি বিপুলজ্যোতি শইকীয়াই এই শাৰী কথাৰে কি ক'ব বিচাৰিছে। যি কথাটো তোমাৰ ভাল লাগে।

নিশাংক মিলনঃ এই যেন পোৱা নোপোৱাৰ মাজৰ কিবা এটা, এই mysticism বা ৰহস্যবাদটো মোৰ ভাল লাগে।

(আগলৈ)
 —
Com

No comments:

Post a Comment