Saturday, 6 February 2016

'আলাপ' শিতানঃ কবিৰ মনৰ কথাঃ কবি- চামচুল হক

আখৰুৱাঃ নমস্কাৰ চামচুল হক ডাঙৰীয়া। আখৰুৱাৰ 'আলাপ' শিতানৰ অন্তৰ্গত 'কবিৰ মনৰ কথা'লৈ আপোনাক স্বাগতম জনালোঁ।

চামচুল হকঃ নমস্কাৰ ৷

আখৰুৱাঃ অসমীয়া ছপা মাধ্যমৰ এগৰাকী বিশিষ্ট কবি হিচাপে আপুনি ইতিমধ্যে পৰিচিত। তেনে এগৰাকী অসমীয়া কবিৰ সৈতে কবিৰ মনৰ কথা পতাৰ এই সুযোগ দিয়া বাবে আপোনালৈ আখৰুৱাৰ পৰা অভিনন্দন জনাইছোঁ।

আপোনাৰ পৰা প্ৰথমেই জানিব বিচাৰিম কাব্য-চৰ্চাৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত।

চামচুল হকঃ আখৰুৱাৰ প্ৰশাসকৰ কুঠলীলৈ অহাৰ সুযোগকণ দিয়া বাবে মাননীয় প্ৰশাসকদ্বয়ৰ ওচৰত ময়ো কৃতজ্ঞ ৷
কবিতা, গীত-পদবোৰ মই সৰুৰে পৰাই ভাল পাওঁ৷ দশম শ্ৰেণীত পঢ়ি থকাৰ পৰা মই কাব্যচৰ্চা কৰিছোঁ ৷

আখৰুৱাঃ দশম শ্ৰেণীত পঢ়ি থকা সময়ত আপুনি লিখা প্ৰথম কবিতাটো এই মুহূৰ্তত আপোনাৰ মনলৈ আহিছে নেকি?

চামচুল হকঃ সেই সময়ত মই ছন্দৰ মিল থকা কবিতা লিখিছিলো ৷ শ্ৰেণীত প্ৰত্যেকজন বন্ধু-বান্ধৱীৰ নামবোৰৰ অৰ্থ প্ৰকাশ হোৱাকৈ খুহুটীয়া কবিতা এটা লিখি কিতাপৰ মাজত থৈ দিছিলো ৷ মোৰ ছাত্ৰ-বন্ধু এজনে পাই ছাৰক সেইটো দি দিলে আৰু ছাৰেও জোৰে জোৰে সেইটো সকলোকে মাতি শুনালে ৷ মই যথেষ্ট উৎসাহিত হৈছিলো৷ কবিতাটো এতিয়া হেৰাই গ'ল ৷

আখৰুৱাঃ হয়। বহুতৰেই তেনেকুৱাই ঘটনা ঘটে প্ৰথম সৃষ্টিৰ ক্ষেত্ৰত। পিছে, আপোনাৰ প্ৰথম কবিতাটো হেৰাই যোৱা কথাই, আপোনাক কিদৰে ভবায় বাৰু। কেতিয়াবা সেই কবিতাটো স্মৃতিৰ আঁত ধৰি নতুনকৈ লিখিবলৈ ইচ্ছা হয় নেকি?

চামচুল হকঃ সেই বন্ধু-বান্ধৱীখিনি আঁতৰি গ'ল যদিও স্মৃতিত এতিয়াও সজীৱ হৈয়ে আছে৷ ইচ্ছা কৰিলেইতো দশম শ্ৰেণীলৈ উভতি যাব নোৱাৰোঁ৷ চাব দেই, মই স্মৃতিকাতৰতাত ভোগা মানুহ ৷ মনৰ মাজত শিশু এটাক লৈ ফুৰিছোঁ যদিও সময়ৰ লগে লগে ৰূঢ় বাস্তৱত তৰল ভাবোচ্ছাসো নাইকিয়া হ'ল৷

আখৰুৱাঃ ৰূঢ় বাস্তৱে ভাবোচ্ছাসো নাইকিয়া কৰে যদিও আপোনাৰ প্ৰথম কবিতাটোৰ স্মৃতি তৰল বুলি কিয় ক'লে, ক'বনে?

চামচুল হকঃ সেইটো খুহুটীয়া কবিতাহে আছিল৷ শিশুৱে শিশুৰ, কিশোৰে কিশোৰৰ আৰু প্ৰৌঢ়ই প্ৰৌঢ়ৰ কবিতাই লিখিব৷বৰ্তমানৰ দৃষ্টিত সেই কবিতাটি তৰল। তাৰ পাছৰ পৰ্বৰ কবিতাত মননশীলতা আহিছে৷

আখৰুৱাঃ বাৰু, কোৱা হয় যে দশম শ্ৰেণী মানৰ বয়সত ল'ৰা-ছোৱালী উভয়ে অলপ ৰোমাণ্টিক, চঞ্চল হৈ থাকে। কবি, গায়ক, বাদ্যযন্ত্ৰী, বিশেষকৈ গীটাৰ বাদকৰ প্ৰতি ছোৱালীবোৰৰ বিশেষ দুৰ্বলতা দেখা যায়। সেয়ে জানিব বিচাৰিছোঁ- আপোনাৰ কবি মনৰ পৰিচয় পোৱাৰ পিছত আপোনাৰ লগৰ কোনোবা ছোৱালীৰ বিশেষ আকৰ্ষণ বা বক্তব্য নিশ্চয় পাইছিল আপুনি। কওকচোন, তাৰ প্ৰভাৱ এতিয়াও আছেনে?

চামচুল হকঃ নাই, নাই৷ আমাৰ স্কুলত সেই সময়ত তেনে পৰিবেশেই নাছিল৷ ছোৱালী জোকোৱা ল'ৰাবোৰ বেয়া পাইছিলো৷ পঢ়াত ভাল লগৰ ছোৱালীবোৰৰ প্ৰতি শ্ৰদ্ধা আছিল৷ কাৰোবাৰ প্ৰতি শিহৰণ অনুভৱ কৰিলেও মুখ খুলি কোৱাৰ সাহস আজিলৈ গোটাব নোৱাৰিলো৷ এই ক্ষেত্ৰত আপুনি কাপুৰুষ বুলি ক'লেও আপত্তি নাই৷

আখৰুৱাঃ কাপুৰুষ নিশ্চয় নহয়। কিন্তু তেনে প্ৰভাৱ হয়তো সকলোৰে জীৱনত নপৰে। আপুনি ওপৰত কৈছে যে তাৰ পাছৰ পৰ্বৰ আপোনাৰ কবিতালৈ মননশীলতা আহিছে৷সেই পৰ্ব কেতিয়া আৰম্ভ হৈছিল?

চামচুল হকঃ মননশীলতা পৰ্যায়ক্ৰমে অহা বুলি ক'ব লাগিব ৷ ই এদিন বা এবছৰৰ কথা নহয়। ১৯৭৮চনত দশম শ্ৰেণীত পঢ়ি থাকোঁতেই স্বৰচিত কবিতাৰ পাণ্ডুলিপি এখন প্ৰস্তুত কৰি থৈ দিয়াতে থাকিল ৷ তাৰ কবিতাবোৰ প্ৰধানতঃ প্ৰকৃতিক লৈ লিখা ছন্দৰ মিল থকা ধৰণৰহে আছিল৷ ১৯৮০ চনৰ জানুৱাৰী মাহৰ প্ৰথম সংখ্যা "তিনিদিনীয়া অগ্ৰদূত" কাকতত পোন প্ৰথমবাৰৰ বাবে কবিতা প্ৰকাশ পায় ৷ তেতিয়া অসম আন্দোলনৰ ভৰপক অৱস্থা ৷ বহু নতুন কাকত-আলোচনীৰো জন্ম হয় ৷ সেইবোৰত ভালে সংখ্যক কবিতা লিখাৰ সুযোগ পাইছিলো ৷

আখৰুৱাঃ বুজিছোঁ। অসম আন্দোলনৰ সময়ৰ আপোনাৰ আৰু সামগ্ৰিক্ভাৱে অসমীয়া কবিতা চৰ্চাৰ বিষয়ে অলপ ক'ব নেকি?

লগতে সেই সময়ত হীৰুদাৰ 'মৃত্যুওতো এটা শিল্প' কবিতা ফাঁকি খুবেই চৰ্চা হৈছিল। আনকি ই আন্দোলনৰ শ্লোগান হৈ পৰিছিল। সেই বিষয়ে আপুনি কি ক'ব বিচাৰিব।

চামচুল হকঃ সেই সময়ত আন্দোলনৰ নামত শ্লোগানধৰ্মী, উগ্ৰ জাতীয়তাবাদৰ গোন্ধ থকা কবিতাই একাংশ কাকতে বেছিকৈ ছপাইছিল ৷ সস্তীয়া জনপ্ৰিয়তাৰ লোভত কিছুদিন আমিও সেই ধৰণৰ কবিতাই লিখিছিলো ৷ প্ৰকাশ হৈ যোৱাৰ পাছতো স্নায়ৱিক উত্তেজনাৰে লিখা কবিতাবোৰ সমুলঞ্চে নাকচ কৰিলো৷

হীৰুদাৰ কবিতাফাঁকি আন্দোলনৰ নেতাসকলে শ্বহীদ বেদীসমূহত ব্যৱহাৰ কৰিলে৷ তাত হীৰুদায়ো মৌন সন্মতি দিলে - মানুহে ভাল পাইছে , লৈছে এই ধৰণৰ ৷

আখৰুৱাঃ হীৰুদাই মৌন সন্মতি দিয়া বুলি ক'ব নোৱাৰি। যদিও তেওঁ ৰাজহুৱাকৈ আপত্তি কৰা নাছিল, বন্ধু মহলত কৈছিল হেনো- 'শ্লোগানৰ দৰে ব্যৱহাৰৰ কথা ভাবি কবিতাটো ৰচা নাছিলোঁ।'
যিহওক, কোৱা হয় কবিতাই সমাজপৰিব্ৱৰ্তনত ভূমিকা লয়। সেয়ে অসমীয়া কবিতাৰ তেনে ধাৰা বা উদাহৰণ আছে বুলি আপুনি ভাবে নেকি?

চামচুল হকঃ কবিতাৰে সমাজ পৰিবৰ্তন কৰা কথাষাৰ মানি ল'বলৈচোন টান লাগে৷ অতি তাকৰীয়া সংখ্যক মানুহেহে কবিতা পঢ়ে বা বুজে ৷ মানুহৰ ওপৰত কবিতাৰ প্ৰভাৱ যৎকিঞ্ছিত পৰিমাণৰ ৷ কোনো সন্দেহ নাই কবিতাই মানুহৰ কথাই কয় ৷ কিন্তু যি কয়, চিধাকৈ নকয় ৷ কবিতাত ব্যঞ্জনা থাকে আৰু ই বাচ্যাৰ্থক চেৰাই যায়৷ কবিতা সৌন্দৰ্য বস্তু ৷ ৰস বস্তু ৷ বিপ্লৱৰ কথা ক'লেও ব্যংগভাৱেহে ক'ব৷ চাওক, য'ত গল্পৰ ভাষাৰে, আন্দোলনৰ নেতাৰ সাৱলীল ভাষণেৰে সমাজ পৰিবৰ্তন কৰিব নোৱাৰে , ত'ত কবিতাৰে সমাজ পৰিবৰ্তন কৰাটো সহজ নহয়৷

অ' চে গুৱেভাৰা, নেৰুদা, নাজিম হিকমত, নজৰুল ইছলাম আদিৰ কথা কোৱা হয়৷ অসমত এতিয়ালৈ সমাজ পৰিবৰ্তন কৰি দিয়া কবি চকুত পৰা নাই৷

________________________আগলৈ_____________________
 



Comment

No comments:

Post a Comment